ডাৰ্ক হৰ্চঃ ২০১৯ৰ প্ৰধানমন্ত্রী

2553

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২০১৯ লোকসভা নিৰ্বাচনত কোনে কিমান আসন পাব সেইবিষয়ে বিভিন্ন সংস্হাই অ’পিনিয়ন প’ল প্ৰকাশ কৰিছে। সৰহসংখ্যক অ’পিনিয়ন প’লে বিজেপি নেতৃত্বাধীন এন.ডি.এক এদভান্টেজ দিছে। এন.ডি.এ ই ২৫০ ৰ ওচৰা ওচৰি আসন পাব বুলি এওলোকে অনুমান কৰিছে। বৈচিত্ৰ্যৰে ভৰা ভাৰতবৰ্ষৰ নিচিনা এখন দেশত লোকসভা নিৰ্বাচনৰ পূৰ্বানুমান কৰা সহজ কাম নহয়। ২০০৪ চনত বাজপেয়ীৰ পৰাজয় ইয়াৰ এক জ্বলন্ত উদাহৰণ। ২০১৪ত আকৌ বিজেপিয়ে অকলে সংখ্যাগৰিষ্ঠতা পাব বুলি কোনেও কল্পনাই কৰা নাছিল। ২৯ খন ৰাজ্যৰ ৫৪৩ টা সমষ্টিত ৰাজনৈতিক দলবিলাকৰ জাত পাত, ধৰ্ম আদিৰ সমীকৰণ অনুধাবন কৰি কোন দলে কিমান আসন পাব সেই কথাটো কৈ দিয়াটো একপ্ৰকাৰ অসম্ভব। তৎসত্বেও প্ৰায় সকলোবোৰ ৰাজনৈতিক বিশেষজ্ঞ এই কথাত একমত যে বিজেপি একক সংখ্যাগৰিষ্ঠ দল হ’ব। যদি এন.ডি.এ ই ২৫০তকৈ অধিক আসন পায় তেন্তে নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্রী হোৱাৰ পৰা কোনেও বাধা দিব নোৱাৰে। কিন্তু এন.ডি.এ যদি ২৫০ বা ২০০ তকৈ কম আসন পায়, তেন্তে ভাৰতৰ প্ৰধানমন্ত্রী কোন হ’ব? দেৱে গৌড়া বা ইন্দৰ কুমাৰ গুজৰালৰ দৰে কাৰোবাৰ ভাগ্য ফুলিব নেকি? আমাৰ দৃষ্টিত ২০১৯ৰ প্ৰধানমন্ত্রী পদৰ বাবে এওলোক হ’ল ডাৰ্ক হৰ্চঃ
 ১) নিতিন গাদকাৰীঃ যদি এন.ডি.এ ২২০-২৫০ খন আসন  পায় তেন্তে বিজেপিক চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হ’ব এন.ডি.এৰ বাহিৰৰ সহযোগী দলৰ। এই ক্ষেত্রত এন.ডি.এক সহায় কৰাৰ সম্ভাবনা আছে তিনিটা দলে। এই কেইটা হ’ল বিজু জনতা দল, জগন মোহন ৰেড্ডীৰ YSR কংগ্ৰেছ আৰু চন্দ্ৰশেখৰ ৰাওৰ TRS। কিন্ত এওলোকে এটা চৰ্ততহে বিজেপিক সহায় কৰিব পাৰে আৰু সেইটো হ’ল প্ৰধানমন্ত্রী সলনি। যিহেতু এই তিনিটা দলে সংখ্যালঘু ভোটৰ ওপৰত নিৰ্ভৰশীল তেনে ক্ষেত্রত তেওঁলোকে মোডীক প্ৰধানমন্ত্রী পদৰ বাবে নিবিচাৰিবও পাৰে। তেতিয়া ভাগ্য উদয় হ’ব নিতিনি গাদকাৰীৰ। মোডী চৰকাৰৰ সকলোতকৈ পাৰদৰ্শী মন্ত্রী গাদকাৰীৰ সকলো দলৰ নেতাৰ লগত সুসম্পৰ্ক আছে। গাদকাৰীক প্ৰধানমন্ত্রী পাতিলে এই তিনিটা দলৰ কোনো অসুবিধা নাথাকিব যেন অনুমান হয়।
 ২) প্ৰণৱ মুখাৰ্জীঃ এন.ডি.এৰ আসনৰ সংখ্যা যদি ১৮০ ৰ পৰা ২২০ ৰ ভিতৰত থাকে তেন্তে বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন নোহোৱাটো প্ৰায় নিশ্চিত। যিহেতু এন.ডি.এক চৰকাৰ গঠন কৰিবলৈ ৫৩ ৰ পৰা ৯৩ খন আসনৰ প্ৰয়োজন হ’ব তেনে ক্ষেত্রত আন কিছুমান ক্ষেত্রীয় দলক লগত লৈ বিজেপিয়ে এখন মৰ্চা চৰকাৰ বনোৱাৰ কুচ-কাবাজ চলোৱাৰ সম্ভাবনাই প্ৰবল। আন আন ক্ষেত্রীয় দল যেনে ডি.এম.কে , টি.ডি.পি আদিয়ে যিহেতু বিজেপি দলক প্ৰধানমন্ত্রী পদটো এৰি দিয়াৰ সম্ভাবনা নাই সেয়েহে এজন সৰ্বগ্ৰহণযোগ্য তৃতীয় পক্ষৰ ব্যক্তিক প্ৰধানমন্ত্রী পদটো দিয়া হ’ব পাৰে। তেনেকুৱা হ’লে প্ৰণৱ মুখাৰ্জীৰ বাহিৰে আন কোনো নেতাৰ কথা মনলৈ নাহে। প্ৰাক্তন ৰাষ্ট্ৰপতি মুখাৰ্জীক বিজেপি তথা আন ক্ষেত্রীয় দলৰো আপত্তি কৰিবলগীয়া বিশেষ নাথাকে।
৩) মায়াৱতীঃ এন.ডি.এ আৰু ইউ.পি.এ সমান সংখ্যক আসন (১৫০-১৮০) পালে , তৃতীয় মৰ্চাৰ পৰা প্ৰধানমন্ত্রী হোৱাটো প্ৰায় নিশ্চিত। ইউ.পি.এৰ সমৰ্থনত চৰকাৰ হ’লে প্ৰধানমন্ত্রীৰ দৌৰত সকলোতকৈ আগত থাকিব দলিত নেত্রী মায়াৱতী। দলিত সম্প্ৰদায়ৰ হোৱাৰ উপৰিও মায়াৱতীয়ে সকলোতকৈ ডাঙৰ ৰাজ্য (আসনৰ ক্ষেত্রত) উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰে। এনেকুৱা হ’লে প্ৰথমবাৰৰ বাবে ভাৰতত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্রী দুয়ো হ’ব দলিত সম্প্ৰদায়ৰ।
ইয়াৰ উপৰিও প্ৰধানমন্ত্রী পদৰ বাবে ডাৰ্ক হৰ্চৰ তালিকাত আছে বিদেশ মন্ত্রী সুষমা স্বৰাজ, দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল, উৰিষ্যাৰ মুখ্যমন্ত্রী নৱীন পাটনায়ক, বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জী আৰু টেলেংগানাৰ মুখ্যমন্ত্রী চন্দ্ৰশেখৰ ৰাও। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ’ব পাৰে যদিয়ে এন.দি.এই ২০০ৰ কম আসন পায় তথা নিজ নিজ ৰাজ্যত ভাল প্ৰদৰ্শন কৰিব পাৰে।