ড্ৰাইভাৰে দিব ৰাজনীতিৰ ব্ৰেকিং নিউজ

3198

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)

  • চবিন বসুমতাৰী

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


বাপুকণে গুৱাহাটীৰ এটা ব্যক্তিগত টেলিভিছন চেনেলত কাম কৰে। আজি ৫ বছৰ মানেই হ’ল। পৰ্দাৰ পিছফালে ভিডিঅ’ এডিটিং, ব্ৰেকিং নিউজ টাইপ কৰা ইত্যাদি কাম সি নিয়াৰিকৈ কৰি গৈছিল। দৰমহা খুব বেছি নহলেও  সুন্দৰ ভাবে চলিব পাৰে । সদায় অন্যই দিয়া ব্ৰেকিং নিউজ টাইপ কৰি হঠাৎ তাৰ মনত আহিল ‘ময়ো দেখোন আমাৰ সম্পাদক মহোদয়ক কেইটামান ব্ৰেকিং যোগাৰ কৰি দিব পাৰো। চাব্বাচিটো পামেই , দৰমহাও অলপ বাঢ়ি যাব পাৰে।’ ব্ৰেকিং নিউজ কেনেকৈ যোগাৰ কৰিব পাৰি সেই বিষয়ে বহু চিন্তা চৰ্চা কৰিলে। পেপাৰ এখনৰ পাখী বৰাৰ হত্যাৰ কাহিনীটোৱে তাক এটা আইডিয়া দিলে। ড্ৰাইভাৰ বিলাকৰ হাতত সব খবৰ থাকে। নেতাবিলাক কলৈ যায়, কি কৰে, কি কথা পাতে আদি অন্যই নাজানিলেও ড্ৰাইভাৰে সব জানে।

সচিবালয়ৰ পাছ এখন লৈ বাপুকণে  মন্ত্রী-বিধায়কৰ গাড়ী ৰখোৱা ঠাইত উপস্হিত হ’ল। কাণত মোবাইলটো লৈ কথা পতাৰ চলেৰে ড্ৰাইভাৰ বিলাকৰ কথা শুনাৰ চেষ্টা কৰিলে সি…
ড্ৰাইভাৰ ১ঃ মোৰ দুখৰ কথা শুনিলে তোমালোকৰ চকুপানী ওলাব। পুহ মাহত ৰাতিপুৱা ৫ বজাত গা ধুই পাইছা? আজি বোলে বৰপেটা , কালি বোলে  মন্দিৰ, পৰহি বোলে দেৱালয়। মুখ্যমন্ত্রী হোৱাৰ পিছৰে পৰা চাৰৰ বেছি হৈছে এইবিলাক। ফোনত সকলোকে কৈ থাকে ”গুৰুৱে সব চাব।” ডিচেম্বৰ মাহত দীঘলীয়া চুটি লম বুলি ভাবি থৈছো।
ড্ৰাইভাৰ ২: আমাৰ চাৰৰ কিন্তু অসমৰ বাহিৰৰ মন্দিৰতহে বেছি আস্হা আছে । পুৰী, তিৰুপতি আনকি বাংলাদেশ পৰ্য্যন্ত গৈ থাকে। যজ্ঞ খনতো উত্তৰ প্ৰদেশৰ গৰু আৰু পুৰোহিত আনিছে। ফোনতো বেছিকৈ ইংৰাজী আৰু হিন্দীত কথা কোৱা আৰম্ভ কৰিছে।
ড্ৰাইভাৰ ৩: মোৰ কিন্তু সেইবোৰ সমস্যা নাই। মোৰ ডিউটি আৰম্ভ হয় দিনৰ ১১ বজাত। কেতিয়াবা ২ ঘন্টামান ৰখি বিৰক্ত হৈ নিজে চাৰক টোপনিৰ পৰা জগাই দিও। অবশ্যে অধিবেশন চলি থাকিলে চাৰৰ মুডটো অলপ বেয়া হৈ থাকে। চাৰে হেনো বহু প্ৰশ্নৰ উত্তৰ দিব লাগে। তহঁত  দুজনৰ চাৰহ’তক অলপ বুজাবিচোন ।
ড্ৰাইভাৰ ৪: মোৰ চাৰৰ আকৌ ৰাতি টোপনি নাই। ৰাতি ৰাতি মোক নগাওঁৰ কোনোবা গলিত এৰি দি খোজ কাঢ়ি ঘুৰি ফুৰিছিল। সুধিলে কৈছিল যে প্ৰভু ৰামচন্দ্ৰৰ নিচিনা চদ্মবেশত প্ৰজাৰ খবৰ লবলৈ যায় হেনো। ঘটনাতো হোৱাৰ পিছত এতিয়া প্ৰজাৰ খবৰ লবলৈ এৰি বেজৰ খবৰ লৈ ফুৰিছে। চাৰক অলপ জৰা পানী আনি দিব পাৰিবি নেকি?
ড্ৰাইভাৰ ৫ঃ নাই নাই …যোৱা মাহত মই আমাৰ চাহাবৰ তাত কেই বটলমান পানী লৈ গৈছিলো, মোৰ গাল দুখন আজিও বিষাই আছে। কি কৰিম আমাৰ গাওঁৰ মানুহখিনিৰ মোৰ ওঁপৰত বহু আশা। চাহাবৰ আজিকালি এইবিলাক নিলে খং উঠে। মই দহটা বটল নিছিলো, মোক ২০ টা চৰ সোধালে। চাহাব কিন্তু আগতে এনেকুৱা নাছিলে।
ড্ৰাইভাৰ ৬ঃ মোক কিন্তু আমাৰ চাৰে নিজৰ ল’ৰাৰ দৰে মৰম কৰে। এই পাল বোলা জনৰ আৰু এমাহমান চাকৰি থাকিলে মই আজি বিষয়াৰ আসনত বহি থাকিলো হেতেন। কি কৰিবা  ঈশ্বৰৰ মায়া। চাৰৰ জী – জোৱাঁই হালৰ কম লটি-ঘটি খন হ’লনে? চাৰ অলপ সাহসী মানুহ কাৰণে হাৰ্টত নালাগি এটেকতো কিডনিত লাগিল।
ড্ৰাইভাৰ ৭ঃ আমাৰ বাইদেউৰ সাহসো মানিব লাগিব। প্ৰথম বাৰৰ বাবে বিধায়িকা হৈও চিএম চাৰক সদায় ফোন কৰি কেতিয়া মন্ত্রী বনাব সুধি থাকে। গিৰিয়েকে বুজায় কিন্তু লাভ নাই। বাইদেউৱে ওলোটাকৈ গালি দি কয় ‘মনে মনে থাকা..তুমি ইমান গুণ্ডা’
ড্ৰাইভাৰ ৮ঃ আমাৰ চাৰ কিন্তু সকলোতকৈ সাহসী নেতা। বদমান হোৱাৰ ভয়ত ইমান কষ্টৰে উপাৰ্জন কৰা টকা-খৰ্গৰ ভাগ ৰজাক দিব নোৱাৰি নহয় ! চাৰ আৰু মই ভিতৰি  মেনেজ কৰি থৈছিলো। পুলিচ , মিলিটাৰিয়েও পাট্টা নাপায়। মোৰ নামতো কেইবিঘামান আছে।
বাপুকণঃ চাৰ…অফিচ পাইচেনে? অলপ কথা আছিল…