ড: হীৰেণ গোঁহাইৰ গেৰুৱা ফ’বিয়া

1121
  • প্ৰিয়াংকু নাৰায়ণ বৰুৱা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


“গ্ৰুপিং আচনিৰ পৰা অসমক ৰক্ষা কৰাৰ শ্ৰেয়(কৃতিত্ব) লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নহয় ছাৰ ছৈয়দ মহম্মদ চাদুল্লাৰহে প্ৰাপ্য:ড: হীৰেণ গোঁহাই।।”
মনত পৰে গোঁহাই চাৰে কৈছিল উচ্চতম ন্যায়ালয়ৰ ৰায়দান CAAৰ সপক্ষে গ’লেও নামানে। তদুপৰি প্ৰফেছনেল শিল্পীৰ যাৰ কৌটি কৌটি উপাৰ্জন তেওঁলোকৰ পৰা জি এছ টি আদায় হেনো চৰকাৰৰ শোষণ নীতি।এনেবোৰ মন্তব্যক কেনেধৰণে গ্ৰহণ কৰিব ৰাইজে বিচাৰ কৰক।উচ্চতম ন্যায়ালয়ৰ ৰায় অথবা চৰকাৰৰ ন্যায়সংগত জি এছ টি নীতি আদি লেঠু দেখুৱাই দিম বুলিলেই দিব পৰা যায়নে অথবা তেনে চিন্তা প্ৰাসংগিকনে?
এইজন  ড° হীৰেণ গোহাই ডাঙৰীয়াই আকৌ কৈছিল সৌ সিদিনা কৈছে হেনো  -” উপাচাৰ্যৰ পদটো উচ্চ শ্ৰেণীৰ কেৰাণীৰ কাম “……
এনেদৰে কৈ তেওঁ উপাচাৰ্য পদটোৰ গৰিমা , মৰ্যদাক ন্যায় প্ৰদান কৰিছেনে? কথাষাৰ তেখেতে বিৰাট ইতিবাচক চিন্তাৰেই ক’লে বুলি ধৰিলেও প্ৰশ্ন হয় কি প্ৰসংগত সৰ্বসাধাৰণৰ বোধৰ বাহিৰ হোৱাকৈ কৌশলেৰে ক’লে?এনেকৈ কিয় নকলে উপাচাৰ্যৰ পদটো বৰ দায়িত্ব পূৰ্ণ বুলি?
তেৰাই টেৰা কথাৰেই তাহানিৰ পৰাই অসম খেচি আছে আৰু তেখেত সকলেই অসমৰ স্বয়ম্ভূ ৰক্ষক বুলি প্ৰতিপন্ন কৰিব বিচাৰে অথচ এতিয়ালৈকে কোনো লক্ষণীয় ফলাফল এখেতৰ মন্তব্য বা বক্তব্যৰ ফচল ৰূপে উৎপাদন হোৱা নাই।হৈছে জানো??
গোঁহাই চাৰৰ দৰে পণ্ডিত সকলক পণ্ডিত হিচাপেই ভাল লাগিলহেতেন।অসুস্থ আদৰ্শবাহী একাংশৰ গাত উঠি ফোঁপাই থকা পৰজীৱি ৰাজনৈতিক ব্যক্তিত্বৰূপে গ্ৰহণ কৰিব নোৱাৰি।ৰাজনীতি যদি কৰো ভাবিছেই আনন্দৰ কথা।মুকলি পৰিচয়ৰে খেল পথাৰত নামিব পাৰে সুস্থভাৱে!চিন্তাবিদ আৰু মিছাকৈ নিৰপেক্ষতাৰ দোঁহাই দি ৰাইজৰ পুতৌ লাভৰ খেল খেলা হয় কিয় বাৰে বাৰে?  গোঁহাই চাৰক সৰ্ববিদ্যা বিশাৰদ বুলি উচটাই জোল খোৱা সকল জানো কম?
আশ্চৰ্যজনকভাৱে তেখেতৰ অতি অনুৰাগী সকলৰ একাংশই তেখেতৰ ভুলবোৰ সমালোচনাৰে তেখেতৰ ব্যক্তিত্ব ৰক্ষাৰ চেষ্টাৰ সলনি তেখেতক ব্যৱহাৰ কৰি নিজকে সন্মুখলৈ অনাৰ চেষ্টাত কেনেকৈ লিপ্ত হ’বলৈ ধৃষ্টতা কৰিছে??শিয়াণ সকলে অপ্ৰাপ্তিৰ ক্ষোভত অস্থিৰ আচৰণ কৰাৰ কথা শুনিছিলো কিন্তু স্বয়ম্ভূ অসম ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ চৰকাৰ বিৰোধী বিশেষত: বিজেপি বিৰোধী পণ্ডিত সকলে দ পানীৰ গভীৰতা বুজিও অসহিষ্ণু আচৰণ কৰাটো স্ব জ্ঞান বিলাই দিয়া জ্ঞান জ্যোতি নহয় বৰঞ্চ স্ব সন্মান জ্বলাই দি হ’লেও আপোন দেশ,ৰাজ্য,জিলা বা পঞ্চায়তৰ বিনাশ সূত্ৰ তৈয়াৰত অৰিহণা যোগোৱাৰ দৃঢ় উন্মাদ পণ যেন অনুভৱ হয়।এইবাৰ আকৌ শেনৰ এজাত!এটাৰ পিছত এটা বিতৰ্ক তৈয়াৰ কৰি অস্থিৰ বাতাৱৰণৰ অনুঘটক হোৱা এনে আচৰণ নি:সন্দেহে গৰ্হিত আৰু পুতৌজনক।।তেখেতৰ পাণ্ডিত্যত আমাৰ সন্দেহ নাই।প্ৰথমে স্পষ্ট কৰিছো।
প্ৰসংগত আমাৰ মনলৈ আহে কেতবোৰ প্ৰশ্ন-
ড.হীৰেণ গোঁহাই RSS বিৰোধী কিয়?তেখেতৰ বক্তব্য পক্ষপাতিত্বমূলক নেকি?ড.গোঁহাই হিন্দু জীৱন ধাৰা বিৰোধী নেকি?
বিচ্ছিন্নতাকামী আৰ্শ্বাদ মাদানীৰ প্ৰতি গোঁহাইৰ সমমৰ্মীতা বা তোষামোদৰ স্বৰূপ কি?
ড.হীৰেণ গোঁহাই চাৰৰ মতে গ্ৰুপিং আচনিৰ পৰা অসমক ৰক্ষা কৰাৰ শ্ৰেয়(কৃতিত্ব) লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নহয় ছাৰ ছৈয়দ মহম্মদ চাদুল্লাৰহে প্ৰাপ্য বোলে।এইষাৰ কথাৰ ঐতিহাসিক ভিত্তি কি?প্ৰমাণ কৰি দেখুৱাব পৰাকৈ তথ্যসমূহ গ্ৰহণযোগ্যনে?গ্ৰুপিং আচনিৰ জৰিয়তে অসম পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা কৰাত যদি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সিংহভাগ অৱদান নাছিলেই তেন্তে ইমানদিনে বিভিন্ন মহলাৰ পাঠ্যক্ৰমত চাৰ ছাদুল্লাৰহে কৃতিত্ব বুলি অন্তৰ্ভুক্ত নহ’ল কিয়?শ্ৰদ্ধাৰ গোঁহাই চাৰৰ দৰে পণ্ডিত শ্ৰেষ্ঠসকল পূৰ্বে মৌন আছিল কিয়? আমি ইমানদিনে বিষয়টো সম্পূৰ্ণ ওলোটাকৈহে শিকি আহিলো নেকি?ইমান দিনৰ মৌনতাৰ বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছৰপৰা হঠাৎ সন্ঢালনিৰ বিচিত্ৰ কাৰণ বা কি?
অগ্রজসকল আমাৰ আদর্শ স্বৰূপ।অসমৰ সমসাময়িক পৰিস্থিতিত অসমৰ ৰাইজক ইজনে সিজনৰ প্রতি সন্দেহ সৃষ্টিত কাৰক হ’ব পৰা মন্তব্য বিশিষ্ট ৰাজনৈতিক নেতা,সাহিত্যিক বুদ্ধিজীৱি সকলে কৰা অনুচিত।বাক সংযম আৰু কৌশলগত ভাৱে জাতি টোক এক কৰি ৰখাহে প্রকৃত শুভাকাংখীৰ দায়িত্ব।পক্ষপাত বিহীন নিৰ্মোহ সমালোচনা জৰুৰী কিন্তু পক্ষপাতদুষ্ট আচৰণ হকে বিহকে কৰা অনুচিত। “
প্রসংগক্ৰমে গোঁহাই চাৰেই কৈছিল,“ইতিহাসৰ গতিশীল প্রভাৱত ভাসমান জাতীয় সত্বা পাৰৰ কোনো এটা বিন্দুত জাঁজীৰ দৰে লাগি নাথাকে।ধাৰাবাহিকতাৰ লগতে পৰিৱর্তনো তাৰ ধর্ম।সেয়ে আজি আমাৰ জীৱনত যিবোৰ অৱহেলিত উপাদান,ভৱিষ্যতেসময়ৰ কোনো বিচিত্ৰ মূহুর্তত সুঁতি সলনি আহি পৰিলে সেইবোৰেই প্রাধান্য লাভ কৰিব পাৰে।”(ড০ হীৰেণ গোঁহাই)
দেখা যায় আজিৰ তাৰিখতো আমাৰ দেশৰ যিসকল
বুদ্ধিজীৱি ,ইতিহাসবিদ,সমাজতাত্বিক ইত্যাদি তথাকথিত সমাজ সচেতক আছে সেই সকলৰ অধিকাংশই যেন মেকলেৰ ডিজাইন বেবী নতুবা মার্ক্সৰ তথাকথিত অনুগামী।সাম্যবাদৰ আৰত গণতন্ত্রক গণিকা সজাইছে কোনে?
ই সত্য যে স্বাথান্বেষী শক্তিবোৰে ৰাইজৰ আৱেগক বিপথে পৰিচালিত কৰি সমাজ জীৱনৰ ধর্মীয় তথা উগ্রজাতীয়তাবাদী উত্তেজনাৰ সৃষ্টি কৰিছে।ধর্মীয় মৌলবাদ আৰু উগ্রজাতীয়তাবাদক অতি চতুৰ ভাৱে ব্যৱহাৰ কৰা হৈছে ন্যস্ত স্বার্থপূৰণত।এনে প্রেক্ষাপটত ভাই-ভাই দোষী সাব্যস্ত কৰা সমিচীন নে সকলো পক্ষই সহিষ্ণু হৈ আগবঢ়া উচিত? কেৱল ৰাজনীতিৰ বাবেই ৰাজনীতি কিয়?তথ্য,প্রমান নোহোৱাকৈ কেৱল কুটনীতিৰ প্রভাৱত সমস্যা সমাধানৰ প্রয়াস কিয়? উপযুক্ত সামাজিক নৈতিক চেতনা সম্পন্ন প্রেক্ষাপট তৈয়াৰ কৰি সুবিধাবাদী সকলক চিনাক্ত কৰাৰ প্রতি বিভিন্ন পক্ষ আগ্রহী হ’ব কেতিয়া?আমাৰ দৃষ্টিত এই আদর্শশূণ্য,সুবিধাবাদী,শ্রেণীটো অতি ভয়াবহ। আমি আশাহত হওঁ,যেতিয়া দিগগজ,মহিৰূহ সকলেই সস্তীয়া বিতৰ্কৰ আৱৰ্তত স্বত:স্ফূৰ্ত ভাৱে সোমাই পৰে? কিন্তু কিয়?
সন্মানীয় গোঁহাই চাৰে য’তে  ত’তে RSS অৰ ভূত দেখা আৰু গেৰুৱা ৰং ফবিয়া হোৱা কথাটো সত্য তেনেহ’লে!অসমৰ পৰিৱৰ্তন আৰু বিকাশৰ সপোন দেখা নতুন প্ৰজন্মক উৎকৃষ্ট দিক নিৰ্দেশ কৰাৰ সলনি হিন্দু বুলি কৈ  গৌৰৱ কৰাৰ সমান্তৰাল কৈ অন্যৰ প্ৰতি সহনশীল সেই সকলৰ মগজুৰ সন্তুলন কিয় ব্যাঘাত কৰিব বিচাৰিছে?
অসমৰ চুকে কোণে আনকি প্ৰৱাসী অথবা জংগলতো অসমৰ মংগল চিন্তা কৰা মানুহ আছে বাবেই অসমৰ একো হীন দেঢ়ি নহয় কিন্তু সংযমহীন পক্ষক অসমে গ্ৰহণ নকৰে।
অসমৰ ভাগ্য অসমীয়াই নিয়ন্ত্ৰণ কৰিব বাস্তৱ প্ৰেক্ষাপটত।কেৱল আৱেগত নজ্বলে আজিৰ অসম।কি যুক্তিত নিৰপেক্ষ বুদ্ধিজীৱি বুলি স্বয়ম্ভূ দাবী কৰা সকল দিল্লীলৈ গৈ এজন উগ্ৰ সাম্প্ৰদায়িক নেতাৰ সৈতে একে শাৰীত উপৱিষ্ট হ’ল?যি মাদানীয়ে ভাৰতজুৰি সাম্প্ৰদায়িক বিষ ছটিয়াই আহিছে তেখেতক দেখিও আপুনি তথা আন সতীৰ্থই কি মহান উদ্দেশ্যত তাত ৰৈ থাকিল?
বয়সৰ অভিজ্ঞতাৰ জোখাৰে এইসকল পূৰঠ ব্যক্তিয়ে অসমৰ NRCলৈ দিল্লীত মাদানিৰ কাষত বহি অসমত কোলাহল সৃষ্টিৰ মহান কলা শিকা আৰু শিকোৱাত ব্যস্ত হৈ পৰিছে?”অসমক ভাগ কৰি দিয়ক”বুলি টিভিৰ মজিয়াত চিঞৰাসকলক কাৰ দূত বা পিয়াদা বুলি অনুভৱ কৰিব পাৰো?
ৰাজনীতি সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ।ৰাজনীতিৰ পৰা পলাই ফুৰিব কোনে?কেনেকৈ?কিন্তু ৰাজনীতি অথবা সমাজনীতিৰ নামত বনিয়াগিৰি কৰা তথাকথিত ৰাজনীতিবিদ,বুদ্ধিজীৱি সকলেহে দুয়োখন পথাৰ অস্বাস্থ্যকৰ কৰি তুলিছে?চাফা কৰি লবলৈ আগুৱাই আহিব লাগিব ।।কথা হ’ল,জাতিটোৰ স্ব স্বার্থত আত্ম সমালোচনা কৰি অসমৰ সমাজখনে সংর্কীণ চিন্তা পৰিহাৰি এক হ’ব নোৱাৰেনে?সামাজিক ৰাজনৈতিক শিক্ষা আহৰণেহে প্রকৃত অর্থত জনতাৰ শাসন জনতাৰ বাবে জনতাৰ দ্বাৰা প্রতিষ্ঠা কৰিবলৈ সক্ষম হ’ব।ইয়াৰ বিপৰীতে প্ৰতিষ্ঠিত বুদ্ধিজীৱিৰ মতৰ স্ব বিৰোধী স্থিতি গ্ৰহণযোগ্যনে?আক্ষেপেৰে কওঁ প্রতিষ্ঠিত আৰু সমাজত বিশিষ্ট বুদ্ধিজীৱি শ্রেণীটোৰ একাংশই পৰজীৱিৰ শাৰীত স্থান পুৰাইছেহি কিয়?ভোটাবুদ্ধিত শান দি যথাসময়ত সঠিক পথত আৰোহন কৰাৰ মানসিকতা গ্রহণ কৰিব নোৱাৰিলে সময়ৰ পাশাখেলত কেতিয়া বিধ্বস্ত হৈ মস্তিস্ক কঙাল হৈ পৰিব সেয়া চাগে নিজৰেই ভাবিবলৈ আহৰি নহ’ব।