তবলিগী জামাত: মিৰেল কুদ্দুছৰ পৰা চাহিদ আফ্ৰিদীলৈ

6501
  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


চীনৰ পৰা অহা বা চীনত সৃষ্টি হোৱা কৰ’না ভাইৰাছ বিধে সমগ্ৰ বিশ্বক ক্ষতিগ্ৰস্ত কৰিলে । জনবহুল চীনতকৈ  ভাইৰাছ বিধৰ সংক্ৰমণ ইউৰোপ আৰু আমেৰিকাত অধিক গুৰুতৰ হৈছে । চীনৰ পৰা ভাইৰাছ বিধে আন দেশত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত অন্য দেশে চীনক সন্দেহৰ চকুৰে চাইছে । এই ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সন্থাক কঠোৰ সমালোচনা কৰিছে আমেৰিকাই । চীনৰ তথ্য গোপন কৰি ৰাখি বিশ্ব স্বাস্থ্য সন্থাই  অপৰাধ কৰা বুলি আমেৰিকাই অভিযোগ আনিছে আনকি আমেৰিকাই পুঁজি যোগানো বন্ধ কৰি দিছে । ভাৰতত কৰ’না বিয়পি পৰাত নিজামুদ্দিন মাৰ্কাজৰ ভুমিকাক সৰ্বত্ৰে সমালোচিত হৈছে ।

দিল্লী আৰক্ষীয়ে (কথোপকথনৰ ভিডিঅ’ আৰক্ষীয়ে মিডিয়াত প্ৰকাশ কৰিছে )নিজামুদ্দিন মাৰ্কাজৰ দায়িত্বত থকা ইছলামিক ধৰ্মগুৰুৰ সৈতে এক আলোচনাত মিলিত হৈছিল । আৰক্ষীয়ে তেওঁলোকক অতি সোনকালেই মাৰ্কাজ খালী কৰিবলৈ নিৰ্দেশ দিয়ে । ধৰ্মগুৰু কেইজনে আৰক্ষীক জনালে যে আগৰ দিনাখন (২২ তাৰিখ ) ১৫০০ জামাতীয়ে মাৰ্কাজ এৰিছে আৰু ১০০০ হাজাৰ জামাতী মছজিদত আশ্ৰয় লৈ আছে ।  ২৫ মাৰ্চত এটা মেডিকেল দলে মছজিদৰ  কিছু জামাতীক পৰীক্ষা কৰে । ইয়াৰ পিছৰ দিনা  ২৬ মাৰ্চত  শ্ৰীনগৰত কোভিদ ১৯ ধনাত্মক ব্যক্তি এজনৰ মৃত্যু হয় , যিজন ব্যক্তিয়ে নিজামুদ্দিন মাৰ্কাজত জামাতী হৈ আহিছিল  । ইয়াৰ পিছতেই মাৰ্কাজত থকা ৬ জন জামাতীক হাৰিয়ানাত কোৱেৰন্টিন কৰা হ’ল । ২৮ মাৰ্চত তেত্ৰিশ জন জামাতীক দিল্লীৰ এখন হস্পিতল লৈ স্থানা্তৰ কৰা হয় । ইয়াৰ পিছ দিনাখন চৰকাৰে অপাৰেচন আৰম্ভ কৰে নিজামুদ্দিন মাৰ্কজত , কাৰণ চৰকাৰে উপলব্ধি কৰিলে যে মাৰ্কাজত হাজাৰতকৈ বেছি মানুহ আছে ।ইছলাম ধৰ্মগুৰু সকলৰ কথা মিছা প্ৰমাণিত হ’ল যেতিয়া পিছৰ সময়ত প্ৰশাসনে ২৩৪৬ জন জামাতীক নিজামুদ্দিন মছজিদৰ মাৰ্কাজত উদ্ধাৰ কৰে ।লক্ষণীয় ভাবে এই ২৩৪৬ জন জামাতীৰ ৫৩৬ জনৰেই  কৰ’নাৰ লক্ষণ দেখা দিয়ে ।

ঘটনাৰ আৰম্ভনী হৈছিল ১৭ মাৰ্চত । স্থান তেলেংগানা , এজন ইণ্ডোনেছিয়াৰ ব্যক্তি কৰ’না আক্ৰান্ত বুলি স্বাস্থ্য বিভাগে  পৰীক্ষা কৰি গম পায় । সেইজন আছিল ভাৰতৰ কৰ’নাৰ ১৪১ নম্বৰ ৰোগী । লগে লগে ইণ্ডোনেছিয়াৰ পৰা অহা ৭ জন ধৰ্ম প্ৰচাৰকৰো টেষ্ট পজিটিভ আহে । কিন্তু এই দলটোৱে স্বাস্থ্য বিভাগক নজানলে যে তেওঁলোক নিজামুদ্দিন মাৰ্কাজৰ জামাতত অংশ লৈছিল । এই  দলটোৱে টুৰিষ্ট ভিছা লৈ ভাৰতত প্ৰবেশ কৰিছিল যদিও আচল উদ্দেশ্য আছিল তবলিগী জামাতত অংশগ্ৰহণ । এওঁলোকে আছল কথা কৈ দিয়া হেঁতেন কৰ’নাৰ প্ৰাদুৰ্ভাব ইমান নহ’লহেঁতেন । মৌলানা চাদ কান্ধলবি , নিজামমুদ্দিন মাৰ্কাজৰ মুৰব্বী জন ২৮ মাৰ্চৰ পৰা পলাতক হৈ আছে ; যিদিনা দিল্লী আৰক্ষীয়ে তেওঁলৈ নোটিচ পঠায় । অকল মৌলানা চাদেই নহয় , অধিকাংশ জামাতীয়ে ( বিদেশী নাগৰিক আৰু ভাৰতীয় ) আত্মগোপন কৰিলে । ৰাজ্য চৰকাৰ সমুহে বাৰম্বাৰ আহ্বান দি থকা স্বত্তেও বহু শ শ জামাতীয়ে আত্মগোপন কৰিয়ে থাকিল । পিছত বিভিন্ন স্থানৰ পৰা প্ৰশাসন আৰু আৰক্ষীয়ে তেওঁলোকক বিচাৰি উলিয়ায় । এতিয়া প্ৰায় এমাহ পাৰ হৈ যোৱাৰ পিছত ইছলাম ধৰ্মগুৰু মৌলানা চাদ পলাতক হৈ আছে । পলাতক মৌলানা চাদ কান্ধলবি হৈছে তবলিগী জামাতৰ জন্মদাতা মৌলানা ইলিয়াচ কান্ধলবিৰ পো-নাতি । ইলিয়াচ কান্ধলবিয়ে ১৯২৬ তবলিগী জামাতৰ জন্ম দিছিল হাৰিয়ানাৰ মেৱাত অঞ্চললত । মেৱাত অঞ্চলটো মুছলমান প্ৰধান অঞ্চল আৰু  এই অঞ্চলৰ মানুহ খিনিয়ে হিন্দু ধৰ্মৰ হোলী , দিপাৱলী উৎসৱ পালন কৰিছিল । ইতিহাসত উল্লেখ থকা মতে ইয়াৰ মানুহ খিনিয়ে বিভিন্ন কাৰণত হিন্দু ধৰ্ম ত্যাগ কৰি মুছলমান হৈছিল যদিও হিন্দু ৰীতি-নীতি খিনি পালন কৰে । বিভিন্ন সু্ত্ৰই প্ৰকাশ কৰা মতে মেৱাতৰ মুছলমানৰ মাজত হিন্দু সংস্কৃতিৰ প্ৰভাবক বাধা দিবলৈ মৌলানা ইলিয়াচ কান্ধলবিয়ে তবলিগী জামাতৰ জন্ম দিছিল ।’ কান্ধলবি ‘ উপাধিটো আহিছে উত্তৰ প্ৰদেশৰ ‘কান্ধলা ‘ চহৰৰ পৰা , কান্ধলাৰ নিবাসী বহু পৰিয়ালে কান্ধলবি উপাধি ব্যৱহাৰ কৰে । মুৰব্বী জনক কোৱা হয় ‘ আমিৰ ‘ । এই পদটো পৰিয়াল কেন্দ্ৰীক সেয়ে মৌলানা ইলিয়াচে আৰম্ভ কৰা তবলিগী জামাতৰ দায়িত্ব এতিয়া লৈ আছে একেটা পৰিয়ালৰ মৌলানা চাদে । বিশেষকৈ দক্ষিন এচিয়াত তবলিগী জামাতৰ প্ৰভাব অধিক দেখা যায় যদিও লণ্ডন আদি কিছুমান ইউৰোপীয় দেশতো তবলিগী জামতে প্ৰভাৱ বিস্তাৰ কৰিছে ।

ৰছিয়া , উজবেকিস্তান , কাজাগাস্তান আদি দেশত তবললিগী জামাত নিষিদ্ধ যদিও সেই দেশৰ বহু মানুহে টুৰিষ্ট ভিছা লৈ নিজামুদ্দিনত জামাত কৰিব আহিছিল । উল্লেখ্য যে চৌদি আৰবত তবলিগী জামাত নাই । মুছলমান মানুহ খিনিৰ পৰিধান , ধৰ্ম আচৰণ আৰু ব্যৱহাৰত প্ৰধান গুৰুত্ব দিয়া হয় । ইছলামৰ নীতি বিৰু্দ্ধ কামৰ পৰা আতৰি থাকি শুদ্ধ অৰ্থত ইছলাম মানি চলিবলৈ শিকোৱাটো তবলিগী জামাতৰ মুল উদ্দেশ্য বুলি বাখ্যা কৰা হয় ।
ভাৰত , পাকিস্তান , বাংলাদেশ , ইণ্ডোনেছিয়া , মালায়েছিয়াতকে সামৰি প্ৰায় দুই শৰ অধিক দেশত নিজামুদ্দিন মাৰ্কাজৰ অন্তৰ্গত তবলিগী জামাত হয় । প্ৰথম জন আমিৰ মৌলানা ইলিয়াচৰ মৃত্যু হৈছিল লাহোৰত । তবলিগী জামাত সংক্ৰান্তিয় ধৰ্মীয় সভাত ভাষণ দিয়া শেষ কৰাৰ  পিছতেই অসুস্থ হৈ পাকিস্তানতে মৃত্যু হয় তেওঁৰ । ১৯৪৬ চনৰ পৰা তবলিগী জামাতৰ প্ৰসাৰ বিদেশত আৰম্ভ হয় । ভাৰত বিভাজনৰ পিছত পাকিস্তানত থকা তবলিগী জামাতৰ শাখাটো বৃহৎ আছিল । কিন্তু ১৯৭১ ত বাংলাদেশ পৃথক ৰাষ্ট্ৰ হোৱাৰ পিছত পাকিস্তানৰ স্থান লৈছে বাংলাদেশে । তবলিগী জামতে প্ৰত্যক্ষ বা পৰোক্ষ ৰাজনীতিত অংশ নলয় আৰু সম্পু্ৰ্ণ অহিংস নীতিৰে ইছলাম প্ৰচাৰ কৰে । কিন্তু আমেৰিকাৰ চেপ্তেম্বৰ ১১ আক্ৰমণত জড়িত তিনিজন সন্ত্ৰাসবাদী পুৰ্বতে তবলিগীত জড়িত আছিল বুলি তথ্য প্ৰকাশ পাইছিল । লণ্ডনত ২০০৭ ত হোৱা আক্ৰমনটো তবলিগী জামাতৰ লগত সম্পৰ্ক থকা সন্ত্ৰাসবাদীৰ নাম পোহৰলৈ আহিছে । কিন্তু তবলিগী জামাতক আমেৰিকা চৰকাৰে দোষী সাব্যস্ত কৰা নাই । কিন্তু বহু দেশত হোৱা ইছলামিক সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত তদন্তকাৰী সংস্থা বিলাকে মত প্ৰকাশ কৰিছে যে সন্ত্ৰাসবাদী সংগঠন তবলিগী জামাতৰ প্ৰসাৰ আৰু ভাৰতৰ দিল্লীস্থিত নিজামুদ্দিন মাৰ্কাজ যে আন্তৰাষ্ট্ৰীয় ৰাজধানী সেই কথা কৰ’না মহামাৰী নোহোৱা হেঁতেন বিশ্বই নেজানিলেহেঁতেন । সদস্য ভৰ্তি কৰোতে তবলিগী জামাতত যোৱা যুবকক নিজৰ চিকাৰ কৰি লয় ।মালায়েছিয়াত নিজামুদ্দিন মাৰ্কাজৰ অধীনত এখন ইনটাৰনেচনেল জামাত হয় কুৱালালাম্পুৰৰ এটা মছজিদত । ফেব্ৰুৱাৰী ২৭ তাৰিখৰ পৰা মাৰ্চৰ ১ তাৰিখলৈ জামাতৰ কাম চলে । প্ৰায় ১৬ হাজাৰ দেশ বিদেশৰ জামাতীয়ে অংশ লোৱা তবলিগী জামাতৰ খৱৰ কিন্তু মালায়েছিয়া চৰকাৰে পায় ৯ মাৰ্চ তাৰিখে । মালায়েছিয়াৰ স্বাস্থ্য মন্ত্ৰী নুৰ হাচানে জনোৱা মতে তবলিগী জামাতৰ খৱৰ যদি আগতে পালে হেঁতেন তেন্তে মালায়েছিয়াত কৰ’না সংক্ৰমণ অতি বেছি নহ’লহেঁতেন ।
মালায়েছিয়াত প্ৰায় ৭০% শতাংশ কৰ’না আক্ৰান্ত তবলিগীৰ লগত জড়িত । কিন্তু ইণ্ডোনেছিয়াত প্ৰশাসনে তবলিগী জামাতৰ কাৰ্য্যক্ৰম সঠিক সময়ত গম পায় আৰু ১৮ মাৰ্চত পৰা হ’ব লগা জামাত বন্ধ কৰি দিয়ে । কাৰণ ইণ্ডোনেছিয়াটো কৰ’নাক আওকান কৰি ১৮ মাৰ্চৰ পৰা তবলিগী জামাত অনুষ্ঠিত কৰাৰ কথা আছিল । পাকিস্তানৰ লাহোৰত থকা মাৰ্কাজত মাৰ্চৰ ১০ তাৰিখে প্ৰায়্ ৪০ খন দেশৰ পৰা অহা আঢ়ৈ লাখ জামাতীয়ে তবলিগী জামাতৰ কাৰণে অংশ লয় । প্ৰথম দিনাখনৰ পৰীক্ষাত ৪০ জন জামাতীৰ কৰ’না ধৰা পৰে আৰু ইয়াৰে এজন নাইজেৰিয়ান নাগৰিকো আছিল । চৰকাৰে জৰুৰী অৱস্থা ঘোষণা কৰে আৰু প্ৰায় ২০ হাজাৰ জামাতীক কোৰেন্টিন কৰে । লাহোৰ , সিন্ধ প্ৰদেশত থকা তবলিগী জামাতৰ নেতা সকলক প্ৰশাসনে আটক কৰে আৰু পলায় যোৱা জামাতীক বিচৰাৰ কাম আৰম্ভ কৰে । পাকিস্তানৰ বাতৰি কাকত ‘ড’ন ‘ ত প্ৰকাশিত বাতৰি মতে প্ৰশাসনৰ নিয়ম উলংঘা কৰি তবলিগী জামাতৰ কাৰ্য্যসুচী লোৱা হৈছিল । আজিৰ সময়ত প্ৰশাসনৰ নিয়ম নামানি মছজিদত নামাজ পঢ়িব যোৱা মানুহক নিয়ন্ত্ৰণ কৰিব নোৱাৰা এটা অৱস্থা আৰু অন্যফালে বিভিন্ন স্থানত লুকাই থকা জামাতীৰ সন্ধান নোপোৱা পৰিবেশত পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে সেনাৰ হাতত বহু খিনি দায়িত্ব অৰ্পণ কৰিছে । দিল্লীত মুখ্য কাৰ্য্যলয় থকা তবলিগী জামাতত অসমৰ বিখ্যাত কৌতুক অভিনেতা মিৰল কুদ্দুছৰ উপৰিও  ক্ৰিকেটাৰ শ্বাহীদ আফ্ৰিদী , চাকলেইন মুস্তাক , ইনজামাম উল হক , চৈয়দ আনোৱাৰ আদি বিখ্যাত মানুহবোৰ জড়িত । পাকিস্তানৰ আই এচ আইৰ প্ৰাক্তন প্ৰধান জাভেদ নিচাৰো নিজৰ কাৰ্য্যকালৰ সময়ত তবলিগী জামাতৰ জামাতী আছিল ।এই সময়ছোৱাত তামিল নাডুৰ কোভিদ পজিটিভ জামাতী ফাৰুক বাচা আৰু তেওঁৰ দহ জন সংগীয়ে কৰ’না প্ৰতিৰোধী ভেকচিন তৈয়াৰ কৰাৰ গৱেষনাত সহায়ক হ’ব পৰাকৈ তেজৰ প্লাজমা স্ব-ইচ্ছাই দান কৰিছে । প্ৰায় ৩০০-৪০০ কৰ’না আক্ৰান্ত জামাতীয়ে সুস্থ হোৱাৰ পিছত গৱেষণাৰ কাৰণে স্ব-ইচ্ছাই তেজ দান কৰিব বুলি যিটো বাতৰি ওলাইছে সেই খৱৰে সকলোকে উৎসাহিত কৰিব ।