তাজ হোটেল আক্ৰমণ আৰু মুম্বাইত মোৰ সেই দুইদিন…..

1707
  • অগ্নিভ দত্ত

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


মুম্বাইত আছিলো সেই সময়খিনিত ৷ অফিচ ছুটিৰ পাছত ঘৰ সোমাইছো মাথো ৷ টিভিটো খুলি দেখো এক হাঁহাকাৰ পৰিস্থিতি ৷ মুম্বাইত পাকিস্থান সমৰ্থিত ইছলামিক  সন্ত্ৰাসবাদীৰ আক্ৰমণ ৷ আচৰিত _ হোটেল তাজত নগ’লেও সেইখিনি ঠাই চি এচ টি ( ভিটি ষ্টেচন) আদিলৈ যিকোনো সময়তেই যোৱা হয় ৷ ঘটনাবোৰ টিভিত দেখি তন মন কঁপি উঠিছে ৷ খংত জ্বলি উঠিছো ৷ ইমান সাহস ৷ আমাৰ ঘৰৰ ভিতৰত আহি আমাৰ ওপৰত
আক্ৰমণ ৷
খঙে দুখে গোটেই ৰাতি টিভিৰ আগত বহি ৰলো ৷ ৰাতিপুৱা অফিচলৈ যাম নে নাযাম ভাবি  লগৰীয়া দুজনলৈ ফোন কৰিলো ৷ আমাৰ অফিচ আছিল বান্দ্ৰা কুৰ্লা কমপ্লেক্সৰ ওচৰত ৷ লগৰ দুজনে ক’লে , ” অফিচ যাম ।” কোনোবাই কয় এইয়া মুম্বাইৰ স্পিৰিট ৷ আগদিনা হৈ যোৱা গুলী চালনাৰ পাছতো চি এচ টিত ৰাতিপুৱা ৰেল চলিল ৷  মুম্বাই স্পিৰিট নে জীৱন সংগ্ৰামৰ তাড়না _ বুজি নেপালো ।
আমাৰ চৰকাৰে সৰ্বদলীয় সভা পাতিলে ,পাকিস্তানক দোষাৰোপ কৰিলে,  দচিয়াৰ বনালে ৷ সেই সময়খিনিত যেতিয়াই তেতিয়াই সন্ত্ৰাসবাদীৰ আক্ৰমণ ৷ দিল্লী, মুম্বাই,বাংগালোৰ, পুনে, জয়পুৰ  বহু ঠাইত  সন্ত্ৰাসবাদীৰ আক্ৰমণবোৰ ৷ ৰাতিপুৱা অফিচ,কাছাৰী,ব্যৱসায় কৰিবলৈ ওলাই যোৱা মানুহ গধুলীলৈ সোঁ শৰীৰেৰে ঘৰ সোমাব পৰাটো যেন হৈ পৰিছিল ভগৱানৰ কৃপা ৷
ভয়, সন্ত্ৰাসৰ জীৱন হৈ পৰিছিল আমাৰবোৰৰ জীৱনৰ অংগ ৷ মুম্বাই আক্ৰমণৰ পাছতেই কৰ্মৰ তাড়নাত বেলেগ দেশলৈ আহিব লগা হল যদিও দেখি থাকিলো শুনি থাকিলো পাকিস্তানৰ সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদীৰ ভাৰতৰ ওপৰত আক্ৰমণ ৷ আমি নিৰৱ ৷ আমি কেৱল সহ্য কৰি গ’লো পাকিস্তানৰ সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদীৰ সন্ত্ৰাস ৷ তাৰ পাছত তেনেকৈয়ে চলি থকাৰ পাছত এটা সময়ত মোডী চৰকাৰ আহিল ৷ কথা বিলাক যেন হঠাৎ সলনি হব ধৰিলে ৷ পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱা দেখা গ’ল ৷ মানুহৰ মাজৰ পৰা ভয় শংকাৰ পৰিৱৰ্তে সাহস ঘুৰি আহিব ধৰিলে ৷
তেনে সময়তেই শুনিলো এদিন পাকিস্তানৰ সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদীৰ সেনা শিবৰত আক্ৰমণ _
 ‘ উৰি ‘ ত  ৷ সেইবাৰ অলপো ভয় শংকা নাছিল, আছিল পাকিস্থান সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদীৰ ওপৰত প্ৰতিশোধৰ চিন্তা ৷  তাৰেই পৰিণতিত হ’ল ‘ ছাৰ্জিকেল ষ্ট্ৰাইক ‘৷ পাকিস্থানৰ ভিতৰত সোমায় পাক অধিকৃত কাশ্মীৰ ( POK) ত  ইছলামিক সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণ চলাই ধ্বংস কৰি আহিল সন্ত্ৰাসবাদীৰ ঘাটী ।
ভাৰতীয় হিচাবে বুকু গৌৰৱেৰে ভৰি পৰিছিল সেইদিনা ৷ ইমানদিনে আমি আমেৰিকা,ইজৰাইল আদি দেশৰ সেনাৰ গৌৰৱৰ ইতিহাসৰ বিষয়ে শুনি আছিলো, কিন্তু এইবাৰ ইয়াত সংযোগ ঘটিল ভাৰতৰ নাম ৷
ভাৰতক আমেৰিকা বা ইজৰাইলৰ দৰে গঢ়ি তুলিব পাৰিব বুলি বিশ্বাস
জন্মিল ।