তামিলনাডুত পৰিবৰ্তন, কেৰালাত পুনৰ বিজয়ন

919
  • পি বাসুদেৱন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


দুমাহ পিছত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আছে। তাৰ ভিতৰত মোৰ গৃহ ৰাজ্য তামিলনাডু অন্যতম। তামিলনাডুৰ মাদুৰাই চহৰত মোৰ ঘৰ। ৰাজনীতি বুজিব পৰা দিনৰ পৰা ইয়াত দুজন নেতাৰ প্ৰতিযোগিতা দেখি আহিছো। ডি.এম.কেৰ এম কৰুণানিধী আৰু এ.আই.এ.ডি.এম.কেৰ জয়াললিতা। এইবাৰ দুয়োজনৰ এজনো নাই। সেইবাবে এইবাৰৰ নিৰ্বাচন কিছু পৃথক হ’ব। এইবাৰ চেহেৰাৰ যুঁজ নহয়। এইবাৰ যুদ্ধ হ’ব মাটিত। ডি.এম.কেৰ ষ্টেলিনে গাওঁ সভা পাতি প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে। মুখ্যমন্ত্রী পলানীছামীয়ে খেতি পথাৰত হাল বাই খেতিয়কৰ মন জয় কৰাৰ চেষ্টা চলাইছে। নেতা সলনি হ’লেও মুখ্য প্ৰতিদ্বন্দ্বিতা হ’ব পুৰণি ডি.এম.কে মিত্রজোঁট আৰু এ.আই.এ.ডি.এম.কে মিত্রজোঁটৰ মাজত। ডি.এম.কেৰ নেতা কৰুণানিধীৰ পুত্র ষ্টেলিন। লগত আছে কংগ্ৰেছ , এম.ডিএম.কে ইত্যাদি। এ.আই.এ.ডি.এম.কেক সংগ দিছে বিজেপি, পি.এম.কে আদি বহু সৰু বৰ দলে। জয়ললিতাৰ মৃত্যুৰ পিছত তেওঁৰ দলটো থৰক বৰক হৈ পৰিছে। বিজেপিৰ অক্সিজেনহে কেনেবাকৈ চৰকাৰ চলি আছে। সেয়েহে ৰাইজ চৰকাৰখনকলৈ সন্ত্তষ্ট নহয়। দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক শশীকলাই চাৰিবছৰ জেল খাটি কেইদিনমান আগতে বাহিৰ ওলাইছে। শশীকলাই নিজৰ পুত্র দিনাকৰণৰ নতুন দলত যোগদান কৰিছে। শশীকলাই নিজে জিকিব নোৱাৰিলও বিজেপি মিত্রজোঁটৰ ভোট ভাঙিব পাৰে। খৱৰ ওলোৱা মতে শশীকলাৰ ওপৰত বিজেপিৰ হেচা অব্যাহত আছে আৰু শশীকলাই শীঘ্ৰে নিজৰ পুৰণি দলৰ লগত পুত্রৰ দলৰ বিলয় ঘটাব পাৰে। ৰজনীকান্তে কিছুদিন সভা সমিতি পাতি ৰাজনীতিৰ পৰা ছত্রভংগ দিলে। তেওঁৰ ওপৰত বিজেপিৰ বহু আশা আছিল কিন্তু তেওঁ ৰাইজৰ লগত সংযোগ স্থাপন কৰাত ব্যৰ্থ হ’ল। কামাল হাচানে ভাল কথা কয় যদিও নিৰ্বাচনত তেওঁৰ দলৰ সম্ভাবনা কেবল চাৰি পাছখন আসনত। ১৯৮৯ চনৰ পৰা চলি অহা পৰম্পৰা সলনি কৰি জয়ললিতা একেবাৰে দুবাৰ জয়ী হৈ ২০১৬ চনত মুখ্যমন্ত্রী হৈছিল। এ.আই.ডি.এম.কেৰ ওপৰত ইতিমধ্যে ১০বছৰৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে। শক্তিশালী নেতাৰ অভাবে দলটোলৈ বেছি বিপদ মাতিছে। বিজেপিৰ লগত মিত্র হোৱাৰ ফলত ১১% মুছলমান আৰু খ্ৰীষ্টানে দলটোক ভোট নিদিয়ে। এই তিনিটা কাৰণত বিজেপি- এ.আই.এ.ডি.এমকেৰ পৰাজয় নিশ্চিত। ষ্টেলিনে হ’ব তামিলনাডুৰ পৰবৰ্তী মুখ্যমন্ত্রী।
কেৰালাত পুনৰ বিজয়ন
আমাৰ চুবুৰীয়া ৰাজ্য কেৰালাটো যুদ্ধ সদায় দুটা ফ্ৰন্টৰ মাজত। এফালে যদি কংগ্ৰেছ নেতৃত্বাধীন ইউ.দি.এফ আনফালে চিপিএম নেতৃত্বত এল.দি.এফ। তামিলনাডুৰ নিচিনা কেৰালাটো ৫ বছৰত চৰকাৰ সলনি হয়। ১৯৮১ চনৰ পৰা এই পৰম্পৰা চলি আহিছে। এবাৰ যদি কংগ্ৰেছৰ মুখ্যমন্ত্রী আনবাৰ চি.পি.এমৰ মুখ্যমন্ত্রী। কেৰালত প্ৰায় ৫৫% হিন্দু, ২৭% মুছলমান আৰু ১৮% খ্ৰীষ্টান লোক আছে। খ্ৰীষ্টান সকলে চকু মুদি কংগ্ৰেছক ভোট দিয়ে। সেইবাবে কেৰেলাত কংগ্ৰেছে কেৰেলাত এ.কে এন্টনী, ওমান চেন্দীৰ নিচিনা নেতাক মুখ্যমন্ত্রীৰ পদ দিছিল। মুছলমান সকলৰ দল মুছলিম লীগ কংগ্ৰেছৰ মিত্রদল। কমসংখ্যক মুছলমানৰ ভোট চি.পিএমেও পায়। হিন্দুসলৰ ভোট বিলাক বহুধা বিভক্ত। জাতি ভেদে পচন্দ বেলেগ বেলেগ। বিজেপিয়ে বহু চেষ্টা কৰিও কেৰেলেত তৃতীয় শক্তি হ’ব পৰা নাই। ভোটৰ শতাংশ প্ৰত্যেক নিৰ্বাচনত বাঢ়িছে যদিও সি পৰ্য্যাপ্ত নহয়। কেৰেলাৰ কেবল দুখত জিলাতহে বিজেপিৰ অলপ প্ৰভাব আছে। অহা নিৰ্বাচনত হয়তো দহখনমান আসনত কিছু ভোট পাব বিজেপিয়ে। কেইদিনমান আগতে হৈ যোৱা স্থানীয় নিকায়ৰ নিৰ্বাচনত এল.দি.এফ জয়ী হৈছিল। কৰোণাৰ সময়ত চৰকাৰৰ বলিষ্ঠ পদক্ষেপৰ বাবে চৰকাৰখনে ৰাইজৰ মন জিনিছে। বিভিন্ন এগজিট প’লক বিশ্বাস কৰিলে পুনৰ পিনাৰাই বিজয়ন কেৰালাৰ মুখ্যমন্ত্রী হোৱাটো নিশ্চিত।