তালিবান সন্ত্রাসবাদীৰ পৰা ভাৰতৰ বিপদ

4756
  • শিৱ প্ৰসাদ শৰ্মা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


বিপদত পৰা আফগানী মুছলমান সকলৰ বাবে তুৰ্কীয়ে সীমাত বেৰ দিছে যাতে কোনো শৰণাৰ্থী হৈ আহিব নোৱাৰে। পাকিস্থানৰ ৯০% তকৈও বেছি লোক তালিবান সমৰ্থক। ভাৰতৰো কিছু সংখ্যক  মুছলমান লোকে তালিবানক মুক্ত ভাবে সমৰ্থন দি গ্ৰেপ্তাৰো হৈছে । বেছিভাগ মুছলমানৰ মুখত তালিবানৰ বিৰোধিতা দেখিলেও তাৰ মাজৰে কিছুমানে নিজৰ ‘বডি লেঙ্গুৱেজ’ত তালিবানী বিজয়ৰ চমকনী লুকুৱাব পৰা নাই । দুতলীয়া ব্যক্তিত্ব সকলোৱে লক্ষ্য কৰিছে। তদুপৰি পাকিস্থানৰ শাসক মণ্ডলীয়ে মুক্ত ভাবেই তালিবানৰ জয়যাত্ৰাত উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। জাফৰ আলী হিলালীৰ দৰে অভিজ্ঞ ৰাষ্ট্ৰদূতৰ লেখীয়া শিক্ষিত লোকে তালিবানৰ সমৰ্থনত পাকিস্তানৰ পৰা ট্ৰাকে ট্ৰাকে খাদ্য সম্ভাৰ পঠিওৱাৰ দিহা দিছে। পাকিস্তানী টিভি চেনেলবোৰৰ টকশ্বো বোৰত শিক্ষিত পাকিস্তানীক তালিবানৰ বিজয়ক লৈ উৎফুল্লিত হোৱা দেখা গৈছে। এই সকল লোকেই হামাচৰ পৰা ইজৰাইললৈ অবিৰাম মিছাইল পঠিয়াই আছিল, তেতিয়া হামাছৰ বীৰত্বৰ গৰিমাত পঞ্চমুখ হৈছিল আৰু অধীৰ আগ্ৰহেৰে ইজৰাইলৰ মৃত্যু বাঞ্ছা কৰিছিল । কিন্তু দুদিনৰ মিছাইল বৰ্ষণৰ পিছত ইজৰাইলে হামাচক ওলোটাই নাস্তা নাবুদ কৰিলে তেতিয়া বিশ্ব সম্প্ৰদায়ে কিয় মানবতাৰ জয়ধ্বজা উৰুৱাবলৈ ইজৰাইলৰ বিপক্ষে মাৰ নাবান্ধে তাৰ  বাবে চেৰেউ ফেৰেউ কৰিবলৈ লাগিল। পাকিস্তানে সেয়ে তালিবান সমৰ্থকৰ বাহিৰে আফঘানিস্তানত উদ্বাস্তু হোৱা বেলেগ মুছলমানক তেওঁলোকে শৰণ নিদিয়ে। চীনে ইছলাম সহ্য নকৰে। পাকিস্থানক  পোহনীয়া ‘ভতুৱা কুকুৰ’তকৈ অধিক মৰ্য্যদা চীনে নিদিয়ে। তেনেস্থলত ভাৰতেই বাকী ৰ’ল। আচৰিত কথাটো হৈছে যি ‘ইছলাম’ৰ কট্টৰতাৰ বাবে যি সকল আফগানীয়ে স্বদেশ ত্যাগ কৰিব লগীয়া হৈছে তেওঁলোকৰ কোনোৱেই কিন্তু ইছলামক দোষ দিয়া নাই। ইৰাক ,চিৰিয়াত আইচিচৰ চুড়ান্ত আৰু নিৰ্মম উদভণ্ডালীত অতিস্থ হৈ যেতিয়া পৈত্ৰিক ভেটি এৰি প্ৰাণৰ মমতাত ইউৰোপত শৰণ লৈছিল তেতিয়াও গাতে লাগি থকা মধ্যপ্ৰাচ্যৰ চহকী দেশ সমুহ বা চাহাৰা মৰুভূমিৰ সীমনাৰ উত্তৰ আফ্ৰিকাৰ মুছলমান দেশ সমুহে “ভাইজান”বুলি আকোৱালী ল’বলৈ কোনো আগবাঢ়ি অহা নাছিল। তেওঁলোকক আকোৱলী লৈছিল বাল্টিক বা স্কাণ্ডিনেভিয়ান দেশ সমুহকে ধৰি ভুমধ্য সাগৰীয় খৃষ্টীয়ান দেশ সমুহে। অহৰহ মুছলমান “উম্মা”ৰ খলিফা হোৱাৰ দিবাস্বপ্নত উটিবুৰি থকা তুৰ্কীয়েও আশ্ৰয় দিয়া নাছিল। ধৰ্মীয় ভাবাবেগৰ আতিশয্যতে সকলো এৰি আইচিচৰ আতংকত ভগনীয়া হোৱা সকলৰ বুজন সংখ্যকেও কিন্তু মানি লোৱা নাছিল যে তেওঁলোকৰ দুৰ্দশাৰ গুৰিতে তেওঁলোকৰ গোড়া ধৰ্মীয় বিশ্বাস। তালিবানৰ অত্যাচাৰত আতংকিত হৈও তেওঁলোকে পাকিস্থানী টিভি এংকৰৰ সন্মুখত কৈছে “ইছলামৰ দোষ নাই। দোষ তালিবানৰ। তালিবান সকল প্ৰকৃত মুছলমান নহয়”। তালিবান সকল যে মুছলমান নহয় তাৰ সমৰ্থনত তেওঁলোকে কোৰানৰ এটি আয়াতৰ উদ্ধৃতি দিছে-“যি এজনো নিৰপৰাধী লোকক হত্যা কৰিছে সি সমগ্ৰ মানৱতাকে হত্যা কৰিছে” ।
অসমৰ পোন্ধৰজন তালিবানৰ সমৰ্থক ধৰা পৰিছে; সামাজিক মাধ্যমত পোষ্ট দিছে এই পোন্ধৰজন নিৰ্বোধ যুবকে। কিন্তু প্ৰকাশ নকৰা বা মৌন থকা আৰু বহুতজন থাকিব পাৰে  । তালিবানৰ সামান্যতম জয়েও এওঁলোকক উৎসাহিত কৰে, তাৰ বিপৰীতে তালিবানৰ মৃত্যুত এওঁলোক মৃয়মান হয়। এইটো এক প্ৰকাৰ বিকাৰ  । আইচিচে কৰা চিৰিয়া ইৰাকৰ যুজত বেচৰকাৰী হিচাপত ছয়লাখ ত্ৰিশ হাজাৰ লোক মৰা গ’ল। এই মৃতক সকলৰ ভিতৰত ত্ৰিশ হাজাৰ মান অমুছলমান হোৱাৰ বিপৰীতে ছয় লাখেই মুছলমান আছিল। থিক তেনেকৈ ইৰাক চিৰিয়াৰ দহ হাজাৰতকৈও কম সংখ্যক অমুছলমানে নিজৰ দেশ এৰি বিদেশত শৰণাৰ্থী হোৱাৰ বিপৰীতে প্ৰায় ৬৭ লাখ চিৰিয়ান বিদেশত শৰণাৰ্থী হৈছে। সৰ্ব্বদায় কাফেৰ বুলি ঘিণোৱা খৃষ্টিয়ান ইউৰোপত, এই ৬৭ লাখ আন দেশত ভগনীয়া হোৱাৰ বিপৰীতে আন ৬২ লাখ চিৰিয়াৰ লোক নিজা দেশতে নিজৰ ঘৰ বাৰী এৰি বিভিন্ন নিৰাপদ ঠাইত আশ্ৰয় লৈছে।  সেয়ে চিৰিয়াৰ জনসংখ্যাৰ অৰ্দ্ধেক লোক নিগৃহীত হৈছে। ইউৰোপত আশ্ৰয় লোৱা বহুতে নাগৰিকত্ব পোৱাৰ আশাত খৃষ্টান ধৰ্মত শৰণ লৈছে।
তালিবানৰ সমৰ্থক মুৰ্খবোৰে ভাবিব নোৱাৰে যে আইচিচ ধ্বংস হোৱাৰ দৰেই তালিবান ধ্বংস হ’ব। আফগানিস্থানৰ আধাতকৈও বেছি মানুহ চিৰিয়াৰ দৰে নিগৃহীত হ’ব। চিৰিয়াতকৈ আফগানিস্থানত অধিক লোক মৰিব। দাৰিদ্ৰতাই চেপা মাৰি ধৰিব আফগানিস্থানক । আৰু পাকিস্থান ?? পাকিস্থানক লৈ আমাৰ দুৰ্ভাৱনাৰ অন্ত নাই। পাকিস্থানত “বিচমিল্লা হি ৰহমানিৰ ৰহিম” নোকোৱাকৈ কোনো পাৰ্লিয়ামেণ্টেৰিয়ান, টিভি টক শ্বৰ বুদ্ধিজীবীৰ ভাষণ আৰম্ভ নহয়। দেশ খনলৈ অভাৱনীয় দাৰিদ্ৰতায় হাতবাউলী দি আছে।  হিংসাৰ দাবানলে প্ৰায় সকলো পাকিস্থানীকে ভাৰত হিংসুক কৰি তুলিছে। তেওঁলোকৰ সকলো অক্ষমতাৰ বাবে ভাৰতকে দোষাৰোপ কৰাটো স্বভাৱ হৈ পৰিছে। দিনে দিনে দেশখন দাৰিদ্ৰতাৰ দিশে ধাৱমান হৈছে। দৰিদ্ৰ পাকিস্থান ভাৰতৰ বাবে অধিক বিপজ্জনক। নব্বৈৰ দশকৰ চোমালীয়া, নাইজেৰিয়াৰ দৰে হ’বলৈ গৈ আছে পাকিস্থান। আফগানিস্থানৰ পৰা ব্যাপক ভগনীয়া অহাৰ পিছত দেশখনত চুৰি ডকাইতি বাঢ়িব। ৰাজনৈতিক অস্থিৰতা ব্যাপক হ’ব। চৌদী আৰৱ, আমিৰশ্বাহী আদি চহকী মিতিৰবোৰে ইতিমধ্যে পাকিস্তানক গা এৰা দিছে।
কথা হ’ল, আফগানিস্থানত নিগৃহীত হোৱা লোকক ভাৰতে মানবীয় দৃষ্টিকোনেৰে আশ্ৰয় দিয়া উচিত হ’বনে ? মোৰ কথা উচিত নহ’ব। চিৰিয়াৰ পৰা যোৱা ভগনীয়া সকলক আশ্ৰয় দিয়া দেশবোৰত অপৰাধৰ মাত্ৰা বাঢ়িছে-ইউৰোপৰ বহু অপৰাধ শূন্য দেশত অপৰাধ বঢ়াৰ মুল কাৰণ এই শৰণাৰ্থী সকল। বাংলাদেশৰ মুক্তি যুঁজত অহা শৰণাৰ্থী সকলৰ মাজতেই ভাৰতৰ অপৰাধীৰ সংখ্যা বেছি। সেয়ে আফগানিস্থানৰ যুদ্ধ বিধ্বস্ত লোকক শৰণাৰ্থী কৰাৰ প্ৰশ্ন নুঠে।