গান্ধী পৰিয়ালে তিনি তালাক বিৰোধ কৰিব নোৱাৰে

1918

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


মুছলমান ধৰ্মৰ মানুহৰ  পৰিয়াল কেন্দ্ৰীক ওজৰ আপত্তিসমুহৰ  সমাধান আৰু ন্যায়ৰ বাবে বৃটিছ চৰকাৰে মুছলমান পাৰচ’নেল আইন( শ্বৰিয়ত) , ১৯৩৭ বলবৎ কৰিছিল ।  এই আইনখনৰ বিভিন্ন দিশৰ ওপৰত উলেমাসকলে ভিন ভিন মত পোষণ কৰিছিল । হানাফি চুন্নী উলেমা পন্থাটোৱে  তিনি তালকৰ নিয়মক সমৰ্থন দিছিল যদিও আন আন উলেমাসকলে ইয়াক বিৰোধ কৰিছিল । বিংশ শতিকাৰ মাজ ভাগৰ পৰা আধুনিক আৰু যুক্তিবাদী ভাবধাৰাৰ  পৃথিবীত ভাৰতৰ পৰা দ্বিখণ্ডিত পাকিস্তান আৰু বাংলাদেশত তাৎক্ষনিক তিনি তালক প্ৰথাক নিষিদ্ধ কৰি নতুন বিবাহ আইন প্ৰনয়ন কৰে । চৌদি আৰৱ , থাইলেণ্ড আদি কৰি আন প্ৰায় ২০ খনৰো অধিক ইছলামিক ৰাষ্ট্ৰই  তালাক ই বিদ্দাত ( তাৎক্ষনিক তিনি তালাক )প্ৰথাক নিষিদ্ধ  কৰে ।  কিন্তু ভাৰতত মুছলমান বিবাহক এতিয়াও ব্যক্তিগত অনুষ্ঠান হিচাপে ধৰা হৈ আছে ; মুছলমানে বিবাহ পঞ্জিয়ন কৰিবলৈ বাধ্য নহয় । কিন্তু যিসকলে বিচাৰে তেওঁলোকে স্পেছিয়েল বিবাহ আইন, ১৯৫৪ ৰ আধাৰত বিবাহ পঞ্জিয়ন কৰিব পাৰে । বৃটিছে বনোৱা মুছলমান পাৰ্চনেল আইন ১৯৩৭ ক  অধিক সুদৃঢ় কৰিবলৈ ইন্দিৰা গান্ধীৰ নেতৃত্বত ১৯৭৩ চনত গঠিত হয় অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল’ বোৰ্ড । গোটেই আইন কানুনৰ বিষয়ে নজৰ ৰাখিবলৈ এই বোৰ্ডখন গঠন কৰি দিয়া হয় ।  আহমদি মুছলমানসকলক এই আইনৰ আওঁতাত আনিব দিয়া নহয় কাৰণ এই বোৰ্ডে আহমদি মুছলমান ইছলামৰ অধীন বুলি নধৰে ।
পুৰুষজনে বিবাহ বিচ্ছেদ কৰিলে তালাক ,  মহিলাই কৰিলে খুল্লা আৰু দুয়োপক্ষৰ সন্মতিত হ’লে মুবাৰত বুলি কয় । শ্বৰিয়তৰ মতে একমাত্ৰ পুৰুষে তালাক দিব পাৰে আৰু ইয়াৰ কাৰণে কোনো কাৰণ দৰ্শোৱাৰ  প্ৰয়োজন নাই । কিন্তু মহিলাৰ ফালৰ পৰা বিবাহ বিচ্ছেদ হ’বলৈ হ’লে কিছুমান বিশেষ  নীতি নিয়মৰ মাজেৰেহে সম্ভৱ ।
   উচ্চতম ন্যায়ালয়ত তাৎক্ষণিক তিনি-তালাকৰ বিৰুদ্ধে লেখ আবেদন কৰা এগৰাকী আবেদনকাৰী পশ্চিম বংগৰ ইছৰত জাহানক চুবুৰীয়া কিছুলোকে হাৰশাস্তি কৰা ঘটনাও সংঘটিত হৈছে  । ইছৰত জাহানে ইতিমধ্যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক নিৰপত্তা বিচাৰি আবেদন জনাইছে । মুছলমান মহিলাৰ বাবে বৈষম্যমূলক তাৎক্ষনিক তিনি-তালাক প্ৰথাক অসংবিধানিক বুলি উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত দিয়া ৰায়ৰ পিছত কেন্দ্ৰৰ চৰকাৰে ইয়াৰ পৰিৱৰ্তে নতুন আইন এখন আনিবলৈ কোৰ্টৰ নিৰ্দেশ অনুযায়ী চেষ্টা কৰি আছে । লোকসভাত
The Muslim Women (Protection of Rights on Marriage) Ordinance, 2019 খন উত্থাপন কৰিছে ।
    উচ্চতম ন্যায়ালয়ৰ উক্ত ৰায়ক সৰ্বসাধাৰণ মুছলমান সমাজ বিশেষকৈ মুছলমান নাৰী সমাজেও আদৰণি জনাইছে । কিন্তু ইয়াৰ মাজতে এচাম বিৰোধী দলে  ইয়াৰ বিৰোধিতা কৰাও পৰিলক্ষিত হৈছে ।
     উচ্চতম ন্যায়ালয়ৰ পাচঁজনীয়া বিচাৰপীঠে তাৎক্ষণিক তিনি-তালাক প্ৰথাৰ সকলো দিশ সামৰি বিচাৰ কৰি উক্ত প্ৰথা দেশৰ সংবিধানৰ ১৪, ১৫ আৰু ২১ ধাৰা প্ৰদত্ত সমানাধিকাৰ, বৈষম্যৰ বিৰুদ্ধে নিৰাপত্তা আৰু জীৱন আৰু ব্যক্তি স্বাধীনতাৰ পৰিপন্থী বুলি মত প্ৰকাশ কৰিছে ।
      ইছলামিক শ্বৰীয়তৰ ভাষাত ‘তালাক-ই-বিদ্দত’ নামেৰে পৰিচিত উক্ত প্ৰথাৰ কোৰাণত কোনো উল্লেখ নাই বুলি মুছলমানৰ সচেতন আৰু বৌদ্ধিক মহলে দীৰ্ঘদিনৰ পৰা কৰি অহা দাবীক উচ্চতম ন্যায়ালয়ৰ উক্ত ৰায়ে মান্যতা প্ৰদান কৰিছে । শ্বৰীয়তত উল্লেখ থকাৰ বিষয়টো উনুকিয়াই দুগৰাকী ন্যায়াধীশ যথাক্ৰমে মুখ্যন্যায়াধীশ জে এছ খেহাৰ আৰু ন্যায়াধীশ এছ আব্দুল নজিৰে উক্ত প্ৰথাক সংবিধান বিৰোধী বুলি উল্লেখ কৰিবলৈ বিধিগত আপত্তি প্ৰদৰ্শণ কৰিছে যদিও উক্ত প্ৰথা বৈষম্যমূলক বুলি আটাইকেইগৰাকী ন্যায়াধীশে ঐক্যমত প্ৰকাশ কৰিছে আৰু উক্ত প্ৰথা ছমাহৰ বাবে নিষিদ্ধ কৰি উক্ত সময় সীমাৰ ভিতৰত নতুন আইন প্ৰণয়ন কৰাৰ বাবেও আটাইকেইগৰাকী ন্যায়াধীশে সহমত পোষণ কৰিছে ।
    এই প্ৰথাই বিবাদিত স্বামী-স্ত্ৰীৰ মাজত পুনৰ মিলনৰ সুযোগকো নস্যাৎ কৰিছিল ।  উত্তেজনাৰ বশৱৰ্তী হৈ তাৎক্ষণিকভাৱে তিনি-তালাক প্ৰদানকাৰী অনুতপ্ত স্বামীয়ে পত্নীক পুণৰ গ্ৰহণ কৰিবলৈ হ’লে স্ত্ৰীগৰাকী আন এক অমৰ্য্যদাপূৰ্ণ, অমানৱীয় প্ৰথা হালালাৰ মাজেৰে যাব লগীয়া হয় । উচ্চতম ন্যায়ালয়ত তাৎক্ষণিক তিনি-তালাক প্ৰথাৰ বিৰুদ্ধে প্ৰথমে প্ৰত্যাহ্বান জনোৱা আবেদনকাৰী উত্তৰাখণ্ডৰ শ্বায়েৰা বাণুৱেও নাৰীৰ মৰ্যাদাহানিকাৰক উক্ত হালালা প্ৰথাৰ বিলুপ্তিৰ বাবেও আবেদন জনাইছিল ।
     উচ্চতম ন্যায়ালয়ৰ উক্ত ৰায়ৰ দ্বাৰা যিসকলে ন্যায় লাভ কৰিব সেই সকল হ’ল মুছলমান নাৰী, যি সামগ্ৰিক মুছলমান সমাজৰ  অবিচ্ছেদ্য অংগ । উচ্চতম ন্যায়ালয়ত আবেদনকাৰী শ্বায়েৰা বাণুক ৩৬ বছৰ বয়সত এখন চিঠিৰ দ্বাৰা স্বামীয়ে তাৎক্ষণিক তিনি-তালাক প্ৰদান কৰিছিল । তালাকৰ পূৰ্বে স্বামীৰ নিৰ্দেশত পোন্ধৰ বছৰীয়া বৈবাহিক জীৱনত সাতবাৰকৈ গৰ্ভপাত কৰিব লগীয়া হৈছিল আৰু বৰ্তমান দুটা সন্তানৰ সৈতে এক নিৰাপত্তাহীন জীৱনযাপন কৰিবলগীয়া হৈছে । একেদৰে, আন এগৰাকী আবেদনকাৰী, চাৰিটা সন্তানৰ মাতৃ ইছৰত জাহানক স্বামীয়ে টেলিফোনৰ জৰিয়তে তাৎক্ষণিক তালাক প্ৰদান কৰিছিল ।আন কেইগৰাকী আবেদনকাৰী যথাক্ৰমে গুলছন পাৰ্ৱিন, আফ্ৰিণ ৰহমান আৰু আতিয়া চাব্ৰিয়েও অনুৰূপ সময়ৰ মাজেৰে আদালতৰ কাষ চাপিবলৈ বাধ্য হৈছিল।
      একে সময়তে,  তালাকপ্ৰাপ্ত মুছলমান মহিলাৰ মৰ্যাদা সহকাৰে ভৰণ-পোষণৰ আধিকাৰৰ প্ৰসংগ। তাৎক্ষণিক তিনি-তালাক নিষিদ্ধ হ’লেও তালাক প্ৰথাৰ বিলোপ সাধন সম্ভৱ নহয় । তেনে অৱস্থাত বহু ক্ষেত্ৰত তালাকপ্ৰাপ্ত মুছলমান মহিলাই ভৰণ-পোষণ আৰু মৰ্যাদা ৰক্ষাৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মূখীন হ’বলগীয়া হয় । বৰ্তমান সময়ত ই এক গুৰুতৰ সমস্যা ৰূপে দেখা দিছে ।  ১৯৮৫ চনত বিখ্যাত শ্বাহ বানু (Mohd. Ahmed Khan v. Shah Bano Begum[1985 (1) SCALE 767 = 1985 (3) SCR 844 = 1985 (2) SCC 556 = AIR 1985 SC 945 ) গোচৰত উচ্চতম ন্যায়ালযে ভৰণ পোষনৰ দায়িত্ব শ্বাহ বানুৰ স্বামীক অৰ্পন কৰে । কিন্তু সেই ৰায়ক গুৰুত্বহীন কৰি সেইসময়ৰ ৰাজীব গান্ধী নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে, মুছলমান কিছুমান ধৰ্মগুৰু আৰু নেতাৰ  চাপত পৰি নতুন আইন এখন প্ৰনয়ন কৰে Muslim Women (Protection of Rights on Divorce) Act, 1986 , ৰাজীব গান্ধীৰ এই আচৰণে মুছলমান চিভিল সমাজ আৰু আন বিভিন্ন পক্ষৰ সমালোচনাৰ সন্মুখিন হয় । ৰাজীৱ গান্ধী চাপত পৰা কাৰণ হ’ল  সাধাৰণ নিৰ্বাচন চমু চাপি আহিছিল ।
     বৰ্তমান সময়ত  উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা উক্ত ৰায় আৰু লোকসভাত বিলখন পাচ হোৱাৰ কৃতিত্ব অকল বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে দাবী কৰিবলৈ বিচৰা কাৰ্য্য  কিন্তু সমৰ্থন যোগ্য নহয় । যিসকল  পীড়িত মহিলাই কঠোৰ পুৰুষতান্ত্ৰিক সমাজৰ চাৰি বেৰৰ মাজত থাকিয়েই  সাহস আৰু ধৈৰ্যৰে উক্ত প্ৰথাক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ল, তেওঁলোকেই এই কৃতিত্বৰ  প্ৰধান দাবীদাৰ । একে সময়তে এক বিৰাট সংখ্যক সচেতন, প্ৰগতিশীল মুছলমন পুৰুষ-মহিলাই উক্ত পচঁগৰাকী পীড়িত মহিলাৰ প্ৰতি যি দৃঢ়তাৰে সমৰ্থন আৰু সহমৰ্মিতা প্ৰদৰ্শণ কৰি থাকিল, তেওঁলোকো এই অসামান্য কৃতিত্বৰ অংশীদাৰ । বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে কৃতিত্ব দাবী কৰিবলৈ হিন্দু আৰু মুছলমান নাৰী সমাজৰ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ অধিকাৰৰ প্ৰশ্নকলৈ সুযোগ গ্ৰহণ কৰিব পাৰিব । ভাৰতত বহু লক্ষাধিক বিবাহ বিচ্ছেদ লাভ নকৰা নাৰী আছে, বহু বিধৱা মহিলা স্বামীৰ পৰিয়ালৰ দ্বাৰা পৰিত্যক্ত হৈ মঠ, মন্দিৰ, আশ্ৰয় গৃহত নাৰকীয় জীৱন কটাবলগীয়া হৈ আছে । তেওঁলোকৰ এই  জীৱনৰ বিষয়টোও  চৰ্চাৰ  লৈ আনিবলৈ হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ সচেতন মহল আগবাঢ়ি আহিব লাগিব ।
লোকসভাত বিলখন পাছ হোৱাৰ পিছৰ পৰ্য্যায় হ’ব ৰাজ্যসভাত । আজিৰ পৰিস্থিতিত বিজেপিয়ে বিলখন ৰাজ্যসভাত পাচ কৰাব নোৱাৰে । কাৰণ প্ৰধান বিৰোধী দল কংগ্ৰেছে তাৎক্ষনিক তিনি তালাক প্ৰথাটো সমৰ্থন দি আছে । ইন্দিৰা গান্ধীৰ সময়ত গঠন হৈছিল মুছলমান পাৰ্চনেল আইন বোৰ্ড , ৰাজীৱ গান্ধীৰ সময়ত উচ্চতম ন্যায়ালয়ৰ শ্বাহ বানু ৰায়ক বিৰোধ কৰি নতুন আইন প্ৰনয়ন কৰিছিল আৰু আজিৰ সময়তো ৰাহুল গান্ধীয়ে সংসদত নিজৰ পুৰ্বপুৰুষৰ স্থিতি গ্ৰহণ কৰিছে । কিন্তু  ৰাহুল গান্ধীৰ স্থিতি যদিও ৰাজনৈতিক , তথাপি ভাৰতৰ সাধাৰণ মুছলমান মানুহৰ ( দল-সংগঠন নহয় ) স্থিতিৰ ওপৰতেই নিৰ্ভৰ কৰিব তিনি তালাকৰ ভৱিষ্যত । গণভোট নথকা গণতন্ত্ৰত সংসদতেই সমাধান হ’ব লাগিব এই বিষয়টো ।