তেলেংগানা ২০১৮: চন্দ্ৰগ্ৰহণৰ নাই কোনো সম্ভাবনা

2200

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২ চেপ্তেম্বৰ ২০১৮:  ভাৰতৰ কনিষ্ঠতম ৰাজ্য তেলেংগানাৰ মুখ্যমন্ত্রী কে চন্দ্ৰশেখৰে কৃষকৰ এখন ডাঙৰ ৰেলীত বিধানসভা ভংগ কৰি নিৰ্বাচন আগুৱাই অনাৰ কথা ঘোষণা কৰিলে। ” দিল্লীৰ দলৰ দাস নহ’বা ।তেলেংগানাৰ সিদ্ধান্ত তেলেংগানাৰ জনতাই ল’ব লাগিব । ” এনেদৰে গৰজি উঠিল তেলেংগানাৰ প্ৰথম মুখ্যমন্ত্রী ৰাওঁ।
৩ চেপ্তম্বৰ ২০১৮: আমি যাত্রা কৰিলো তেলেংগানাৰ ৰাজধানী হায়দৰাবাদলৈ। উদ্দেশ্য আছিল _ গ্ৰাউন্ড জিৰো ৰিপ’ৰ্ট সংগ্ৰহ কৰা ।  দুদিনত প্ৰায় ১০০ জন মানুহৰ লগত কথা পাতিলো। অ’লা-উবেৰৰ ড্ৰাইভাৰ, আই.টি ইঞ্জিনিয়াৰ, শিক্ষক, দোকানী আদিকে ধৰি বিভিন্ন পেচাৰ লগত জড়িত লোকৰ সৈতে মত বিনিময় কৰিছিলো ।
তেলেংগানাৰ ইতিহাসঃ 
ঐতিহাসিক ভাবে পৃথক তেলেংগানা আৰু সীমান্ধ্ৰক স্বাধীনতাৰ পিছত  সংযুক্ত কৰি অন্ধ্ৰপ্ৰদেশ গঠন কৰা হয়। মাটি মিলিলেও কিন্তু মন মিলা নাছিল। তেলেংগানাক উপেক্ষা কৰাৰ প্ৰতিবাদ আৰু পৃথক ৰাজ্যৰ দাবী উত্থাপিত হবলৈ ধৰে। এই আন্দোলনত বহু মানুহে নিজৰ প্ৰাণ বিসৰ্জন দিব লগা হয়। অবশেষত ২০১৪ চনত গঠিত হয় তেলেংগানা ৰাজ্য। কে চন্দ্ৰশেখৰে তেলেংগানা গঠনৰ ক্ষেত্রত গ্ৰহণ কৰা ভূমিকাৰ বাবে ৰাইজে তেখেতক এই ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্রীৰ আসনত বহুৱাই। ১১৯ খন আসন থকা তেলেংগানা বিধানসভাত ৰাওঁৰ তেলেংগানা ৰাষ্ট্ৰীয় সমিতিয়ে লাভ কৰে ৬৩ খন আসন। যদিও দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে তথাপিও তেলেংগানা ৰাজ্য গঠনৰ নায়ক হিচাপে প্ৰদৰ্শন আৰু উন্নত হোৱাৰ থল আছিল।
২০১৮ বিধানসভা নিৰ্বাচনত কি হ’ব?
আমি কথা পতা মানুহবোৰৰ সকলোৱে এটা কথাত একমত যে ২০১৮ত কে.চন্দ্ৰশেখৰ ৰাওঁ নিৰ্বাচনত বিজয়ী হৈ পুনৰ তেলেংগানাৰ মুখ্যমন্ত্রী হ’ব। দুই- চাৰিজনে আনকি এনেকৈও ক’লে যে অহা বিশ বছৰলৈ ৰাওঁক পৰাজিত কৰা সম্ভব নহয়। তেলেংগানা ৰাজ্য গঠনৰ নায়ক হিচাপে তেওঁৰ ভাৱমুৰ্তি আজিও উজ্জ্বল। ইয়াৰ উপৰিও কৃষকৰ ঋণ মাফ তথা ২৪ ঘন্টা বিজুলী যোগানৰ বাবে কৰা প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে। হৰিথ হাৰাম, ৰাইথু বন্ধু, মিচন ভাগিৰথ, মিচন কাকতিয়া আদি আচনি যথেষ্ট জনপ্ৰিয় হৈছে। অবশ্যে বাট-পথৰ উন্নতি সাধন কৰাৰ বাবে চৰকাৰে যিখিনি কৰিছে তাত  সন্তুষ্ট নহয় ৰাইজ। মুঠৰ ওপৰত কব পাৰি যে ২০১৮ ত তেলেংগানাত চন্দ্ৰগ্ৰহণৰ কোনো সম্ভাবনা নাই।