তেল, টেলিকমৰ পিছৰ ৰিলায়েন্সৰ শিক্ষা

1905
  • অগ্নিভ দত্ত

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


“গুৰু” চিনেমাখন কিমানবাৰ চাইছো ঠিক নাই ৷ আৰু কিমান চাম ঠিক নাই ৷ প্ৰত্যেকবাৰ চিনেমাখন চাঁওতে এক বেলেগ অনুভূতি উপলদ্ধি কৰো ৷ এজন মানুহে এটা জীৱনত কি কৰিব পাৰে কৰো বুলিলে সাহস, বিচক্ষনতা থাকিলে তাকেই যেন বাৰে বাৰে চাবলৈ হাবিয়াস হয় চিনেমাখন চাই থাকিলে ৷

গুৰু চিনেমাখনৰ নায়কজন গুৰুনাথ দেশাইৰ ৰূপত ভাৰতৰ অন্যতম সফল উদ্যোগী ধীৰুভাই আম্বানিৰ জীৱনকেই ডাঙি ধৰাৰ চেষ্টা কৰা হৈছে ৷ ধীৰুভাই আম্বানিৰ জীৱনৰ এটা অধ্যায় আৰম্ভ হৈছিল য়েমেনত,  অপাৰেটৰৰ ৰূপত ৷ আৰু তাৰ পৰা হাতত কেই হাজাৰমান টকা গোটাই ঘুৰি আহিছিল ভাৰতলৈ ৷ ভাৰতলৈ ঘুৰি আহিয়েই আৰম্ভ কৰিছিল নিজৰ ব্যৱসায় ৷ পলিয়েষ্টাৰৰ পৰা আৰম্ভ হৈছিল ব্যৱসায় ৷ সেইয়া আছিল আৰম্ভনি ৷ তাৰ পৰা নিজৰ বুদ্ধি,  সাহস, বিচক্ষণতাৰ জোৰত এটাৰ পাছত এটাকৈ গঢ়ি তুলিছিল নিজা উদ্যোগ ৷ আৰু তাৰ ভিতৰত সকলোতকৈ উজলি উঠিছিল ৰিলায়েন্সৰ 33 এম এম পি পি এ ৰ ৰিফাইনেৰীটো ৷

মই যেতিয়া মুম্বাইত চাকৰি কৰি আছিলো,  মোৰ লগত ৰিলায়েন্সৰ পৰা অহা বহুজন সহকৰ্মী আছিল যাৰ সেইটো ৰিফাইনেৰীৰ প্ৰতিষ্ঠাৰ সময়ত কাম কৰাৰ অভিজ্ঞতা হৈছিল ৷  সাধাৰণতে সৰু সুৰা ৰিফাইনেৰী এটা  স্থাপন কৰোতে 5-6 বছৰমান অন্তত লাগে ৷ কিন্তু ৰিলায়েন্সে সেই বৃহৎ ৰিফাইনেৰীটো স্থাপন কৰিছিল মাত্ৰ তিনিটা বছৰত,  তাকো ৱৰ্ল্ড ক্লাছ এটা প্ৰতিষ্ঠান ৷ কেনেকৈ ইমান ডাঙৰ ৰিফাইনেৰী এটা তিনি বছৰত স্থাপন কৰিছিল ?  চৰকাৰ, ৰাজনৈতিক নেতাৰ সহযোগত ??  নাই নহয়,  সেইয়া সম্ভৱ হৈছিল ধীৰুভাই আম্বানি,মুকেশ আম্বানিৰ বিচক্ষণতাৰ ফলত ৷ আগতে কিছুমান উদাহৰণ লিখিছিলো,  কৰবাত আছে বিচাৰিব লাগিব ৷

ঠিক তেনেকৈয়ে তাৰ পাছতো সিমান ডাঙৰ দ্বিতীয় ৰিফাইনেৰী এটাও তাতোতকৈ কম দিনত স্থাপন কৰিছিল, আৰু তৈল অন্বেষনৰ কাৰণে কে জি বেচিনত যিটো প্ৰকল্প স্থাপন কৰিছিল সেইটোৰ দৰে প্ৰকল্প পৃথিৱীৰ কতো ইমান কম সময়ৰ ভিতৰত গঢ়ি তুলিব পৰা নগৈছিল ( যিমান দুৰ মনত আছে)৷ মুঠতে প্ৰতিটো প্ৰকল্পই ভাৰতক এক নতুন ৰূপত বিশ্বৰ আগত তুলি ধৰিবলৈ সক্ষম হৈ আহিছে ৷

এই প্ৰকল্পসমুহ কেৱল কম সময়ত গঢ়ি তোলা হৈছিল সেইটো নহয়, এইবোৰ আছিল পৃথিৱীক চমক খুৱাই দিব পৰা একো একোটা প্ৰকল্প ৷ সেইয়াই আছিল ৰিলায়েন্স ব্ৰেণ্ড ৷ সেইটো ব্ৰেণ্ড কোনো ৰাজনৈতিক নেতা বা আৱেগত গঢ়ি উঠা নাছিল ৷ সেই ব্ৰেণ্ড আম্বানিৰ লগতে তাত কাম কৰা লাখ লাখ কৰ্মচাৰীৰ প্ৰচেষ্টাত গঢ়ি উঠিছিল বা উঠিছে ৷

সেই ৰিলায়েন্সৰেই এটা প্ৰকল্প আছিল জিঅ’ টেলিকম ৷ আকৌ এবাৰ সমগ্ৰ টেলিকম ইণ্ড্ৰাষ্টিটোৰেই ৰূপ সলাই দিবলৈ সক্ষম হৈছে ৷ ৰিলায়েন্স কেৱল এটা ব্ৰেণ্ড নহয় ই হৈ পৰিছে সফলতাৰ চিম্বল  ৷ ৰিলায়েন্স মানেই যেন হৈ পৰিছে এক ভৰষা ৷ এপ’লৰ প্ৰদাক্ট মানেই যিদৰে এক ভৰষা ৷ এপ’ল ৰ কিবা প্ৰদাক্ট বজাৰলৈ অহাৰ আগতেই তাৰ কাৰণে মানুহ উৎবাউলহৈ পৰে ৷ সেইবোৰ এদিনত হোৱা বস্তু নহয়,  সেইয়া কৰিবলৈ বহু কষ্ট কৰিব লগা হৈছে বহুজনে ৷

আজি কিছুদিন আগতে এটা ভাষণত  মুকেশ আম্বানিয়ে কৈছিল ভাৰতৰ শিক্ষা ক্ষেত্ৰত নামিব ৰিলায়েন্স উদ্যোগ ৷ তাৰ পাছত মই বৰ একো ট্ৰেক ৰখা নাছিলো খবৰটোৰ, নিজৰ ক্ষেত্ৰৰো একো নহয়, গতিকে থাকিল তেনেকৈ ৷ কালি পৰহি আকৌ শুনিলো সেই কথা ৷ এইবাৰ বহুতে বিশেষকৈ বাঁওপন্থী ,কংগ্ৰেছীসকলে খুব হুলস্থূল কৰিছে ৷ কথাটোৰ কাৰণ হ’ল ৰিলায়েন্সনৰ জিঅ’ বিশ্ববিদ্যালয়ক চৰকাৰে আগতীয়াকৈ Institution of eminence প্ৰদান কৰিছে ৷ কথাটো শুনিবলৈ আচহুৱা,  কেনেকৈ দিলে বিশ্ববিদ্যালয়খন নথকাকৈ ?  সেই বিষয়ে চৰকাৰে ইতিমধ্যে ক্লিয়েৰিফাই কৰিছে যে সেইয়া লেটাৰ অৱ ইনটেন্টহে আৰু চৰকাৰৰ ওচৰত কৰা এক আৱেদনক পৰীক্ষা কৰি কেইবাটাও অনুষ্ঠানৰ মাজৰ পৰা জিঅ’ ক বাচি উলিওৱা হৈছে ৷

এইবোৰ কথা যি হল হল বাৰু,  কিন্তু এই বাতৰিটোৰ পাছত মোৰ ফূৰ্তি লাগিছে আন কাৰণতহে ৷ বাতৰিটো পঢ়ি গম পালো জিঅ বিশ্ববিদ্যালয়ৰ কাৰণে ৰিলায়েন্সে  9500 কোটি টকা খৰছ কৰাৰ কথা উল্লেখ কৰিছে ৷ পৃথিৱীৰ বিভিন্ন  দেশৰ পৰা কৃতি শিক্ষকক অনাৰ কথা কৈছে ৷ ৰিলায়েন্স মানেই কথা মতে কাম ৷ হয়তো অতি সোনকালেই উচ্চ শিক্ষাৰ ক্ষেত্ৰটো ভাৰত হৈ পৰিব আন এক উজ্জ্বল নক্ষত্ৰ ৷ আমাৰ দেশৰেই বিভিন্নজন কৃতি শিক্ষকৰ কাৰণে হয়তো হৈ পৰিব জিঅ’ বিশ্ববিদ্যালয় এক নতুন স্থান ৷ মই ৰিলায়েন্সৰ এই নতুন প্ৰকল্পটো লৈ অতি আশাবাদী হৈ পৰিছো দেখোন আনে কি ভাবিছে নাজানো  ৷ মোৰ কাৰণে এনেকুৱাবোৰ ভাৰতৰ কাৰণেই সুখবৰ  !!


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)