তোষামোদকাৰীৰ পৰা সাবধান মুখ্যমন্ত্ৰী

1289
  • অগ্নিভ দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


এই যে জালুকবাৰী চকটোৰ নাম ৰাজীৱ নে ইন্দিৰা গান্ধী, চোনিয়া বা ৰাহুল গান্ধীয়ে নিজে আহি কাৰোবাক কৈ নামটো দিয়াইছিল নেকি? নিশ্চয় নহয়, আনকি ৰাহুল গান্ধী বা চোনিয়া গান্ধীয়ে হয়তো গমেই নাপায় জালুকবাৰী চকটোৰ নাম কোনোবা গান্ধীৰ নামত আছে বুলি ৷ বা জানিলেও হয়তো মনত নাই এই নামটোত এটা চক আছে বুলি ৷
তেনেহলে কোনে কৰে এইবোৰ কাম ? এইবোৰ কাম কৰে একাংশ তোষামোদকাৰীয়ে যাৰ কাম হল সেইসকলক বিভিন্ন প্ৰকাৰে তোষামোদেৰে ভৰাই  নিজৰ স্বাৰ্থ বা অন্য কিবা স্বাৰ্থত বা স্বাৰ্থ নোহোৱাকৈ হলেও ৷ এক সহজ অৰ্থত তেল মাৰি থকা ৷ এই যে আজি কিছুদিনৰ পৰা গান্ধী পৰিয়ালৰ নামত থকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দীঘলীয়া লিষ্ট এখন ছছিয়েল মিডিয়াত ঘুৰি ফুৰিছিল সেইয়াও খুব সম্ভৱ তোষামোদকাৰীৰ তোষামোদৰ ফলশ্ৰুতি ৷ সেই দীঘলীয়া লিষ্টখনৰ নামাকৰণো হয়তো গান্ধী পৰিয়ালে নিজে কোৱাত কৰা নহয় ৷সেইবোৰো তোষামোদকাৰীৰ তোষামোদৰ ফলাফল মাথো ৷এইখিনিতে উল্লেখ কৰা ভাল হব বিজেপিৰ যিসকলে এইখন লিষ্ট দৌৰাই ফুৰিছিল, সেইসকলে হয়তো গমেই নাপাই তাৰ দ্বাৰা ৰাইজক জনোৱা হলে কংগ্ৰেছে কিমান কাম কৰিছিল, যদিও কংগ্ৰেছে লিষ্টখনৰ সুবিধা লোৱা দেখা নগল বা লব পৰাৰ কথা গমেই নাপালে ৷
এই তোষামোদ কৰে কিয় ? ইয়াৰ দ্বাৰা হয়তো কাৰোবাক তেল মৰা বা সন্তুষ্ট কৰা বা আন বিভিন্ন কাৰণো হব পাৰে আৰু এই বিশেষ সংস্কৃতিটোৰ কাৰণেই কংগ্ৰেছ বিখ্যাত ।এটা পৰিয়ালক সন্তুষ্ট কৰি ৰখা বা তেল মাৰি থকা ৷ আৰু সেইকাৰণেই এই সংস্কৃতিকেই কংগ্ৰেছী সংস্কৃতি বুলি জনা যায় ৷ মোডী ডাঙৰীয়া গুজৰাটৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰী হৈছিল, তাৰ পাছত দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী ৷ কিন্তু আজি দিনটোলৈ কোনোবাই জানেনে বা দেখিছেনে তেখেতৰ পৰিয়ালৰ কাৰোবাক বিশেষভাবে কৰবাত? তেখেতৰ ৰাজনৈতিক জীৱনত দেখিছেনে কৰবাত তেখেতৰ পৰিয়ালৰ নাম সাঙোৰ খাই পৰা, নাই দেখা কাৰণ হয়তো তেখেতে দক্ষতাৰে নিজৰ পৰিয়ালক এইবোৰৰ মাজলৈ টানি আনি তেখেতক তোষামোদ কৰিবলৈ সুবিধা কোনোদিন দিয়া নাই ৷
মোডী ডাঙৰীয়াৰ কথা এক বেলেগ পৰ্য্যায়ৰ, কিন্তু অসমৰেই সৌ সিদিনাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়াৰ কথাই চাঁওক ৷ তেখেত এবাৰ নহয় দুবাৰ কেন্দ্ৰীয় মন্ত্ৰী, অসমৰ আজিৰ দিনটোলৈকে সকলোতকৈ সফল মুখ্যমন্ত্ৰী, কিন্তু তেখেতৰ পৰিয়ালৰ কাৰোবাক তেখেতৰ ৰাজনৈতিক জীৱনত ব্যৱহাৰ কৰাৰ সুযোগ দিলেনে? কৰবাত দেখিলেনে ? আচল কথা হল তেখেতেও হয়তো সেই তোষামোদৰ সুযোগ কাকো নিদিলে ৷
এই কথাখিনি কলো, আজি নে কালি ভাইৰেল হোৱা ফটো এখনৰ আঁত ধৰি ৷ ফটোখন দেখিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াও বৰ এটা সুখী নহব সেইটো খাটাং ৷ আজি কিছুদিন আগত লাভলিনা বৰগোহাইৰ সম্বৰ্ধণাৰ ফটোক লৈ বিতৰ্ক আৰু হাস্যৰস অসমৰ মানুহে প্ৰত্যক্ষ কৰিছিল । আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তোষামোদৰ নামত যে একাংশই মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনমানসত হেয় প্ৰতিপন্ন কৰিব ধৰিছে সেই কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুভৱ নকৰাকৈ নিশ্চয় থকা নাই ৷ আমিও ভাবো মুখ্যমন্ত্ৰী ডাঙৰীয়াই একাংশ তোষামোদকাৰীক নাকি লগাই নিজৰ কামবোৰ সুচাৰূৰূপে কৰি যাব পাৰিব ৷ কংগ্ৰেছী সংস্কৃতিৰ শেষ ৰূপটো সকলোৰেই চকুৰ আগত আজি ৷