তৰুণ গগৈৰ পিছত অসমৰ ৰাজনীতি

1483
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


১৯৯৬ চনৰ পৰা ২০০১ চনৰ অসম। মুখ্যমন্ত্রীৰ আসনত আছিল প্ৰফুল্ল কুমাৰ মহন্ত। ৰাতিপুৱা বাতৰি কাকত খুলিলেই গুপ্তহত্যাৰ খৱৰ। চৰকাৰী কৰ্মচাৰীয়ে দৰমহা নাপায়, ঠিকাদাৰে লাভ নকৰে বিল। তাৰ মাজতে কেবিনেট মন্ত্রী নগেন শৰ্মাক হত্যা। মুঠতে সন্ত্রাসবাদীয়ে দপ দপাই থকা এখন ৰাজ্য। সচেনত অসমৰ ৰাইজে ২০০১ চনত  চিৰদিনৰ বাবে অগপক দিছপুৰৰ পৰা বিদায় দিলে। তৰুণ গগৈৰ নেতৃত্বত অসমত আৰম্ভ হ’ল শান্তি আৰু বিকাশৰ এক নতুন যাত্রা। ২০০৪ চনত কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ পিছত বেছি সুবিধা হ’ল গগৈৰ। কেন্দ্ৰৰ বিভিন্ন আচনি সফল ভাবে ৰূপায়নৰ লগতে আৰম্ভ কৰিলে তিনিখন মেডিকেল কলেজ। ছাত্র ছাত্রীয়ে পালে কম্পিউটাৰ, কলেজ শিক্ষকে পালে পেনচন। মাহৰ এক তাৰিখে কৰ্মচাৰীয়ে দৰমহা পোৱা হ’ল। ৰাইজেও তৰুণ গগৈ ডাঙৰীয়াক দিলে হিয়া ভৰি আশীৰ্বাদ। ২০০৬ আৰু ২০০৯ চনৰ নিৰ্বাচনত জয়ী হৈ ৰচিলে দীৰ্ঘতম সময়ৰ বাবে মুখ্যমন্ত্রী হৈ থকাৰ অভিলেখ। আজি সেইজন মহান নেতাৰ প্ৰয়াণত শোকস্তদ্ধ সমগ্ৰ ৰাজ্য। তেখেতক শেষ শ্ৰদ্ধা জনাই ৰাজ্যবাসীয়ে তেখেতক বিদায় জনালে।
বিচক্ষণ ৰাজনীতিবিদ তৰুণ গগৈ
এজন হোজা মানুহো যে ৰাজনৈতিক ভাবে ইমান বিচক্ষণ হ’ব পাৰে সেয়ে তৰুণ গগৈক নেদেখিলে অনুমান কৰিব নোৱাৰি। তেখেতে জানিছিল যে কংগ্ৰেছক দিছপুৰত বৰ্তাই ৰাখিবলৈ হ’লে ৰাইজৰ উন্নয়ন সাধিবই লাগিব। অসমীয়া মুলসুতিৰ মানুহৰ অন্তৰ জয় কৰিছিল তেখেতে ‘who is Badaruddin’ বুলি কৈ। তেখেতে নিজৰ মন্ত্রীসভাত স্থান দিছিল কিছুমান উপযুক্ত নেতাক। অজন্তা নেওগ আৰু প্ৰয়াত অঞ্জন দত্তই নিজৰ বিভাগত সফলতাৰ পৰিচয় দিছিল। ড° হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ পৰাই পাইছিল কাম কৰাৰ প্ৰেৰণা। নিজৰ কামৰ জড়িয়তে শৰ্মা তৰুণ গগৈৰ সকলোতকৈ বিশ্বাসভাজন হৈ পৰিছিল। ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দি ২০১১ চনৰ নিৰ্বাচনত সেনাপতিৰ দায়িত্ব দিছিল শৰ্মাক।  ৰাজনৈতিক ভাবে ইমান পৰিপক্ক নেতাজনে এটা মাত্র ভুল সিদ্ধান্ত লৈ পেলালে। তৰুণ গগৈয়ে ভাবিছিল যে বিজেপিয়ে হিমন্ত বিশ্বক দলত নলয়। সেয়েহে শৰ্মাৰ লগত মত বিৰোধ হোৱাৰ পিছত তেওঁৰ লগত বুজা পৰা কৰাৰ প্ৰচেষ্টা নকৰিলে। তেওঁ ধৰি লৈছিল যে হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছত থকাৰ বাদে গত্যন্তৰ নাই। একসময়ত নিজৰ সকলোতকৈ আপোন মানুহজনেই তৰুণ গগৈৰ পৰাজয়ৰ কাৰণ হ’ল। নহ’লে হয়তো চতুৰ্থবাৰৰ বাবে তৰুণ গগৈ অসমৰ মুখ্যমন্ত্রীৰ আসনখন শুৱনি কৰিলেহেতেন।
তৰুণ গগৈৰ পিছত অসমৰ ৰাজনীতি
তৰুণ গগৈৰ দেৱৰ মৃত্যুৰ পিছত অসমৰ ৰাজনীতি আগৰ দৰে নাথাকে। নকলেও হ’ব যে সকলোতকৈ ক্ষতিগ্ৰস্থ হ’ল কংগ্ৰেছ দল।অসমত দলটোৰ সকলোতকৈ প্ৰভাবশালী নেতা আছিল তেখেত। ৰাইজৰ মাজতো তেখেতৰ জনপ্ৰিয়তা আছিল সৰ্বাধিক। মৃত্যুৰ আগতে তেখেতে নিজৰ পুত্রক ৰাজনৈতিক পথাৰখনত সংস্থাপিত কৰি থৈ গ’ল। গৌৰৱ গগৈয়ে লোকসভাৰ মজিয়াত ভাল ভাষণ দিয়ে যদিও তেওঁ কেতিয়াও তৰুণ গগৈৰ সমকক্ষ হ’ব পাৰিব বুলি মনে নধৰে। বহুদিন অসমৰ বায়ু পানীৰ লগত তেখেতৰ সম্পৰ্ক নাছিল। নেতা হ’ব লগিলে অকল নিৰ্বাচনৰ সময়ত আহিলে নহ’ব। সকলো সময়তে ৰাইজৰ মাজত , ৰাইজৰ হৈ থাকিব লাগিব। তৰুণ গগৈ ৰাইজৰ অন্তৰত আছিল আৰু সদায় থাকিব। সেইবাবে কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰতিযোগিতা আৰম্ভ হৈছে। এসময়ত তৰুণ গগৈৰ লগত ছাৰ দৰে লাগি থকা হিমন্ত বিশ্বই কৈছে যে গগৈ এজন জাতীয়তাবাদী নেতা আছিল , ১৯৫১ চন সমৰ্থন কৰিছিল, আই.এম.দি.টিৰ বিপক্ষে বিল অনাত বাধা দিছিল। অনাগত দিনত বিজেপিয়ে বল্লভভাই পেটেলৰ নিচিনা তৰুণ গগৈকো সন্মান দি নিজৰ কৰি পেলাব বিচাৰিলে আচৰিত হ’ব লগীয়া নাই। কংগ্ৰেছে জিলাই জিলাই তৰুণ গগৈৰ চিতা ভস্ম নিব , ৰাইজৰ মাজত গগৈক জীয়াই ৰাখিব। তৰুণ গগৈৰ লগত আটাইটাইকৈ বেছি সময় অতিবাহিত কৰা ৰাজনীতিবিদ এতিয়া ৰাজ্যত মাত্র দুজন আছে। এজন পুত্র গৌৰৱ গগৈ আৰু আনজন মন্ত্রী হিমন্ত বিশ্ব শৰ্মা। এতিয়া দেখাযাওক অনাগত দিনত এওঁলোক দুজনে তৰুণ গগৈ দেৱৰ বিষয়ে আৰু কি নতুন কথা ৰাইজৰ মাজলৈ লৈ আহে আৰু ইয়ে ৰাজ্যৰ ৰাজনীতিক কিদৰে প্ৰভাব পেলায়।