তৰুণ গগৈ এতিয়াও নম্বৰ ১

15107

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


গণতন্ত্ৰত ৰাইজেই ৰজা হৈ থকাটো আবশ্যক। সেই কথা মনত ৰাখি  সমাজক প্ৰভাবিত কৰিব পৰা বিভিন্ন বিষয়ৰ ওপৰত ৰাইজৰ মতামত গ্ৰহণ কৰাৰ চেষ্টা কৰো ।

ৰাজনীতি অসমৰ যোৱা খণ্ডৰ অ’পিনিয়ন প’লত ৰাইজলৈ তিনিটা প্ৰশ্ন আছিলঃ

১) ২০১৯ ত কোন প্ৰধান মন্ত্রী হব?
২) অসমত কংগ্ৰেছৰ সকলোতকৈ জনপ্ৰিয় নেতা কোন?
৩) হিমন্ত বিশ্ব শৰ্মা ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যোৱাটো আপুনি বিছাৰেনে?

আমাৰ অ’পিনিয়ন প’লত ৫০০ তকৈও অধিক লোকে ভাগ লৈছে।আমি সকলোকে  ধন্যবাদ জনাইছো।

আমাৰ জুন খণ্ডত কৰা অ’পিনিয়ন প’লৰ এটা খুব গুৰুত্বপুৰ্ণ প্ৰশ্ন আছিল অসমত কংগ্ৰেছৰ আটাইতকৈ জনপ্ৰিয় নেতা কোন?

এই প্ৰশ্নটোৰ বিপৰীতে চাৰিটা বিকল্প আছিল। অসম কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,অসম বিধান সভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ নাম ইয়াত আছিল। চতুৰ্থ বিকল্প হিচাপে আছিল ‘অন্য’। কিবা কাৰণত যদি এই তিনিজনৰ বাহিৰে অান কোনো নেতা ৰাইজৰ বাচনিত আহে তেন্তে ‘অন্য’ হিচাপে এটা বিকল্প আছিল। আমাৰ অ’পিনিয়ন প’লৰ ফলাফল তলত দণ্ড চিত্রৰ জৰিয়তে দেখুওৱা হৈছে।


অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী আৰু বৰ্ষীয়ান কংগ্ৰেছ নেতা তৰুণ গগৈ অসমত কংগ্ৰেছৰ সকলোতকৈ জনপ্ৰিয় নেতা। তেখেতে সৰ্বাধিক ৪৫.৬০% ভোট পাইছে।

দ্বিতীয় স্হানত আছে ‘অন্য’। ৩২.৯০% ৰাইজৰ মতে অসম কংগ্ৰেছৰ সকলোতকৈ জনপ্ৰিয় নেতাজন আমাৰ তালিকাত থকা নেতা কেইজনৰ এজনো নহয়। আমাৰ ফেচবুক পেজত পোৱা মতামতৰ ভিত্তিত এই ৩২.৯০% লোকে আন নেতা যেনে ৰকিবুল হুছেইন, প্ৰদ্যুত বৰদলৈ, অজন্তা নেওগ, গৌতম ৰয় আদিক বেছি জনপ্ৰিয় বুলি ভাবে।

তৃতীয় স্হানত আছে অসম বিধান সভাৰ বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেবব্ৰত শইকীয়া। ১৪.৬০% ৰাইজৰ প্ৰথম পচন্দ হ’ল শইকীয়া।

চতুৰ্থ তথা অন্তিম স্হানত আছে অসম কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। কেবল ৬.৭০% ৰাইজৰ মতে ৰিপুন বৰা অসম কংগ্ৰেছৰ সকলোতকৈ জনপ্ৰিয় নেতা।

আমাৰ অ’পিনিয়ন প’লে এইটো প্ৰমাণ কৰিলে যে অসম কংগ্ৰেছত তৰুণ গগৈ ডাঙৰীয়া এতিয়াও সকলোতকৈ জনপ্ৰিয় নেতা। তেখেত আৰু দেবব্ৰত শইকীয়াৰ মাজৰ ব্যবধান ৩০% তকৈও অধিক। এতিয়া লক্ষণীয় হ’ব অসম কংগ্ৰেছৰ সকলোতকৈ জনপ্ৰিয় নেতাজনে আগন্ত্তক দিনত কি দায়িত্ব পায় বা কংগ্ৰেছ দলে তেখেতক কেনেদৰে ব্যবহাৰ কৰে দলক শক্তিশালী কৰিবলৈ।

ৰাজনীতি অসমৰ অান দুটা অ’পিনিয়ন প’লৰ ফলাফল তথা অন্য ৰাজনৈতিক বিশ্লেষণ আৰু খবৰৰ বাবে আমাৰ ওৱেবচাইত www.rajnitiaxom.com ক্লিক কৰক।


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) ৰ তৃতীয় খণ্ড প্ৰকাশ হ’ল জুলাই ২০১৮ত। আমাৰ জুন খণ্ডই ৭৫০০০ ভিউজ অতিক্ৰম কৰিছে।জুনৰ সকলোতকৈ জনপ্ৰিয় লেখনি তিনিটা হ’ল:

1. ২০১৯: বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা – 24000 + views
2. বৰ্তমান সময়ত বিপিএফ দলে অবিজেপি চৰকাৰ গঠনৰ সমীকৰণক গুৰুত্ব নিদিয়ে : প্ৰবীণ বড়ো – 13,500+ views
3. ২০১৯ ত মোডী নে ৰাহুল? অ’পিনিয়ন প’ল জুন ২০১৮ – 8900+ views