দক্ষিণ ভাৰতীয়ৰ পিছত অসমীয়াক অপমান

1037
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


হিন্দী চিনেমা আমি সকলোৱে উপভোগ কৰো। বহু হিন্দী চিনেমাত কমেডিৰ নামত দক্ষিণ ভাৰতীয় লোকক ঠাট্টা- বিদ্ৰুপ পৰা হয়। এনেকুৱা অজস্ৰ হিন্দী চিনেমা আছে যত দক্ষিণ ভাৰতীয়ৰ ভাষা, খাদ্য, পোচাক লৈ কমেডি কৰা হৈছে। চিনেমা হলত এইবিলাক চাই আমি গিৰ্জনি মাৰি হাঁহিছো। হিন্দী বলয়ৰ লোকৰ এইটো এটা স্বভাবত পৰিণত হৈছে। এইবাৰ পাল পৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ। কাৰণ আজিৰ দিনত দক্ষিণ ভাৰতীয়ক ঠাট্টা কৰা আৰু আকাশলৈ থুৱোৱা একেই কথা।  ৰাষ্ট্ৰীয় চেনেলত গুৱাহাটীৰ শিশু  এজনীক চীনা ভাষাত মঞ্চলৈ মাতি আনিছিল হোষ্ট জনে। ইয়াকে লৈ অসমত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া। মুখ্যমন্ত্রীয়ে ঘটনাটো নিন্দা কৰি পোষ্ট দিবলগীয়া পৰিস্থিতি এটাৰ সৃষ্টি হৈছিল। সচাকৈয়ে এইটো অসমীয়াক মনোকষ্ট দিব পৰা ঘটনা নেকি? আমি শিক্ষা লব লাগে দক্ষিণ ভাৰতৰ পৰা। হিন্দী বলয়ৰ কোনো ঠাট্টা মস্কৰাক গুৰুত্বই নিদিয়ে তেওঁলোকে। সেইবাবে দক্ষিণ ভাৰতৰ প্ৰতিখন ৰাজ্য আগবাঢ়ি গৈছে। কৰ্ণাটক, তামিলনাডু, কেৰেলা, তেলেংগানা আদি ৰাজ্যত এতিয়া কেবল ডাক্তৰ , ইঞ্জিনিয়াৰ, বিজ্ঞানী, আইনজ্ঞ আদিৰ দৰে শিক্ষিত শ্ৰেণীৰ লোক। নাই কোনো আন্দোলন। দক্ষিণ ভাৰতক হীন দৃষ্টিৰে চোৱা উত্তৰ ভাৰতৰ হাজাৰ হাজাৰ লোক চাকৰিৰ সন্ধানত বছৰে বাংগালোৰ, চেন্নাইলৈ গতি কৰে। টাটা চনছৰ চেয়াৰমেন চন্দ্ৰা, গুগলৰ চি.ই.ও পিচ্ছাই, মাইক্ৰচফ্টৰ চি.ই.ও নাডেলা সকলো দক্ষিণ ভাৰতীয়। মাল্টি নেচনেল কোম্পানী বোৰত আমি দেখা পাও ৮০% দক্ষিণ ভাৰতীয় লোক। লণ্ডন , আমেৰিকাতো তেওঁলোকৰে দপ দপনি। এইবিলাক চহৰত দক্ষিণ ভাৰতীয় খাদ্য উত্তৰ ভাৰতৰ খাদ্যবস্তুৰ তুলনাত অতি সহজে উপলব্ধ। দক্ষিণ ভাৰতৰ মানুহৰ এই উন্নতিৰ কাৰণ তেওঁলোকৰ সৰলতা। ৰাহুল দ্ৰাভিদ বা অনিল কুম্বলেৰ ছবি মনলৈ আহিলে শ্ৰদ্ধা জাগে। দুয়োজন কিমান ভদ্ৰ আৰু নম্ৰ। কুচটো লোগ কহেংগে_ বুলি হিন্দী বলয়ৰ ইতিকিং আওকাণ কৰি দক্ষিণ ভাৰত আগুৱাই গৈছে। উত্তৰ পূৰ্বাঞ্চলৰ মানুহেও নিজৰ কৰ্মেৰে দেখুৱাই দিব লাগে যে আমি দিল্লী, উত্তৰ প্ৰদেশ বা মধ্যপ্ৰদেশৰ মানুহতকৈ যোগ্যতাৰ ক্ষেত্রত কোনো গুণে কম নহয়।