জয় শ্ৰীৰাম শ্লোগান বনাম অসহিষ্ণুতাৰ বিৰুদ্ধে মোদী , সোণোৱাল

1728

■ প্ৰফুল্ল কলিতা


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


।| এক ।।
দেশত বৃদ্ধি পোৱা দলবদ্ধ আক্ৰমণ আৰু ঘৃণামূলক অপৰাধ সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ ৪৯ গৰাকী বিশিষ্ট লোকে লিখা  মুকলি পত্ৰই  ইতিমধ্যে  সৰ্বত্ৰে জোকাৰি গৈছে  । ইজনৰ পিছত সিজনকৈ বহুজনে  বিষয়টোত হস্তক্ষেপ বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰিবলৈ লৈছে ।  লোকসভাৰ সাংসদ নুছৰাট জাহানে বিষয়টোত হস্তক্ষেপ কৰি কৈছে যে – ‘প্ৰভু ৰামৰ নাম হত্যাৰ চিঞৰত পৰিণত হৈছে । এই দলবদ্ধ আক্ৰমণকাৰীসকল দেশৰ শত্ৰু ।‘ তেওঁৰ মতে এই আক্ৰমণকাৰীসকল সন্ত্ৰাসবাদীতকৈ কোনো গুণে কম নহয় । ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা  প’ষ্টত চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে  গো-মাংসৰ বেহাৰ অভিযোগ আৰু গো-ৰক্ষাৰ নামত বহু লোকক আক্ৰমণ চলোৱাৰ পিছতো চৰকাৰে নীৰৱ ভূমিকাহে পালন কৰিছে । সাংসদগৰাকীয়ে দলবদ্ধ আক্ৰমণ ৰোধৰ বাবে সংসদত আইন প্ৰণয়নৰো দাবী তোলে ।
ইফালে অতি শেহতীয়া ভাবে বলিউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰেও দেশত নিৰ্বিচাৰে হোৱা দলবদ্ধ আক্ৰমণ তথা হত্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে  । তেও কৈছে যে এনে ঘটনাই সম্প্ৰতি দেশত মহামাৰী ৰূপ লৈছে । এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ এই ঘটনা অতি দ্ৰুততাৰে বিয়পি পৰিছে । বিষয়টোত শীঘ্ৰে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰি তেওঁ পত্ৰ প্ৰেৰণ কৰিছে । আনফালে আকৌ ৪৯ গৰাকী বিশিষ্ট ব্যক্তিয়ে লিখা পত্ৰৰ উত্তৰত এইবাৰ ৬১ গৰাকী চেলিব্ৰটীয়ে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে । অভিনেত্ৰী কংগনা ৰানাৱত , প্ৰসুন যোগী , মধুৰ ভাণ্ডাকাৰ বিশ্বমোহন ভাট আদিয়ে লিখা পত্ৰত কৈছে যে – ‘সমস্যা হ্ৰাস হোৱাৰ সময়ত কিয় বিষয়বোৰ পুনৰ উত্থাপন কৰা হৈছে ? প্ৰধানমন্ত্ৰীৰ সুশাসন ব্যাহত কৰিবলৈকে মিছাকৈ এনে প্ৰসংগ পুনৰ টানি অনা হৈছে ।‘  এনেদৰে সমগ্ৰ বিষয়তো এতিয়া ধুৱলি কুৱলি হৈ পৰিছে । এনেকৈ  চলি থাকিবলৈ হ’লে দেশৰ সাৰ্বভৌম  গণতন্ত্ৰ  বিনষ্ট হ’ব  বুলি অনেকে সন্দেহ প্ৰকাশ কৰিছে ।  সবাতোপৰি সংসদৰ মজিয়াত জনপ্ৰতিনিধিৰ বৃহৎ অংশই ‘জয় শ্ৰীৰাম’ ধ্বনিৰে লোকসভা কপাই তোলা আৰু  তাকে দেখি বিপৰীত পক্ষই  আকৌ ‘আল্লাহু আকবৰ’ ধ্বনিৰে প্ৰত্যুত্তৰ দিয়া কাৰ্য ভাৰতীয় গণতন্ত্ৰৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে  ।  এনে অভাৱনীয় দৃশ্য  দেখি-শুনি এনে লাগিছে যেন সংসদ ভৱন নহয়  কোনো যুদ্ধস্থলীহে । তাকে দেখি বহুতে কোৱা-কুই কৰিছে –  বিজেপিয়ে লগাতকৈ অধিক সংখ্যক আসন পোৱাৰ ফলস্বৰূপে বহু নেতা অংহকাৰী হৈ পৰিছে নেকি । যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ আৰ্হিত  নিজ সতীৰ্থক বুজনি দিব লগীয়াত পৰিছে ।  অহংকাৰী নহ’বলৈ ।
৷৷ দুই  ৷৷
যোৱা ৮ জুনত  দুখন বিশেষ  সভা অনুষ্ঠিত হৈছিল  । এখন অসমত । আনখন কেৰেলাত । এখনত অসমৰ মুখ্যমন্ত্ৰীৰ দলীয় নেতা-কৰ্মীক উদ্যেশ্যি কোৱা কিছু কথা-বতৰা  ;  আনখনত প্ৰধানমন্ত্ৰীৰ জনতা জনৰ্দনক উদ্দেশ্যি দিয়া দুৰ্দন্ত  ভাষণ । দুয়োগৰাকীৰ  ভাষণত বিদ্যমান সৰ্বসাধাৰণ ৰাইজৰ সেৱা কৰাৰ সৰ্বোৎকৃষ্ট  কথা । দলীয় নেতা – কৰ্মীক মানুহ হিচাবে তুলিধৰাৰ অপ্ৰাণ প্ৰচেষ্টা ।  উল্লেখনীয় যে  যোৱা ৮ জুলাইত  সৰুসজাইত অনুষ্ঠিত হৈছিল নৱনিৰ্বাচিত  অসমৰ সাংসদসকলৰ এক সম্বৰ্ধনা তথা  অভিনন্দন অনুষ্ঠাণ ;  ৰাজ্যিক বিজেপিৰ উদ্যোগত । তাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কৈছিল যে – ‘ক্ষমতা লাভ কৰিলে অহংকাৰী হোৱাটো মানুহৰ স্বাভাৱিক প্ৰবৃত্তি । গুৰু গোসাঁই নমনা , দাম্ভিক হৈ পৰা বহু উদাহৰণ ইতিহাসত জিলিকি আছে । যাৰ ফল অত্যন্ত বেয়া । এতেকে ক্ষমতাক আশীৰ্বাদ হিচাপে লৈ শ্ৰদ্ধা ভক্তিৰ ভাবেৰে বিজেপি নেতা- কৰ্মীসকলে ৰাইজৰ সেৱা কৰি যোৱা উচিত । ত্যাগ আৰু কষ্টৰ অবিহনে আদৰ্শ প্ৰতিষ্ঠা কৰাটো সম্ভৱ নহয় । লোভ সম্বৰণ কৰিব লাগিব , সংযম ৰক্ষা কৰি সংযত হ’ব পাৰিব লাগিব । অনাগত দিনবোৰত চৰকাৰে কিমান নিষ্ঠাৰে কাম কৰে , তালৈ ৰাইজে চোকা দৃষ্টি ৰাখিছে …… ।’
সেই একেটা দিনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ মোডী ডাঙৰীয়াই কেৰেলাৰ গুৰুৱায়ুপুৰত এক বিশাল জনসভাত যোগদান কৰিছিল ।  জনসভাত জনতাক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল যে – কেৰেলাত এইবাৰ এগৰাকীও বিজেপি সাংসদ নাই । তথাপি উত্তৰ প্ৰদেশৰ বাৰণাসীৰ দৰেই এই ৰাজ্যখন মোৰ আপোন । আমি যিসকলে নিৰ্বাচনত জয়ী হৈছো তেওঁবিলাকে ১৩০ কৌটি ভাৰতীয়ৰ কথা চিন্তা কৰিব লাগিব । যিয়ে ভোট দিলে , যিয়ে ভোট নিদিলে সকলোৰে কথা সমানে মনত ৰাখিব লাগিব ।’…….. উল্লেখিত কথা বতৰাৰ পৰা পৰিষ্কাৰ হৈ পৰে ৰাজনীতিত মোডীৰ দূৰদৰ্শিতা !
এনেদৰে  মোডী ডাঙৰীয়াৰ লগতে   মাননীয় সোণোৱালৰো কথা-বাৰ্তাবোৰত  ৰাজনৈতিক  পৰিপক্কতা ফুটি উঠিছে । দুয়োগৰাকী নেতাৰ কণ্ঠত অনুৰণিত  হৈছে মাথো জনগণৰ কথা , সৰ্বসাধাৰণৰ চিন্তা । যি চিন্তা- ভাবনাত ৰাজনৈতিক দীৰ্ঘসুত্ৰিতা বিদ্যমান । তিনিতা মাছৰ কথাকল্পত উল্লেখ থকাৰ  দৰে যদভৱিষ্য হ’লে নহ’ব । প্ৰতিগৰাকী নেতা- কৰ্মীৰ মন আৰু মগজুত  থাকিব লাগিব প্ৰত্যুৎপন্নমতিতা আৰু দীৰ্ঘসুত্ৰিতাৰ  ভাবনা । আমি আগ্ৰহেৰে বাটচাম  কথাবোৰ কোৱাৰ দৰে কাৰ্যকৰী হ’ব দেশ আৰু ৰাজ্যৰ শাসন ব্যৱস্থাত । জনগণৰ স্বাৰ্থত ।
৷৷ তিনি ৷৷
ইফালে দলবদ্ধ আক্ৰমণৰ   এক ঘটনাকলৈ ইতিমধ্যে প্ৰধানমন্ত্ৰী মোডীয়ে কৰা   মন্তব্যই  দেশবাসীৰ মাজত আশাৰ বতৰা কঢ়িয়াই আনিছে ।  স্পষ্ট হৈছে মোডীৰ মহানুভৱতা তথা  সুস্থ ৰাজনীতিৰ পৰিচয় ।  গভীৰ অন্ধকাৰৰ মাজতো  অকমান হ’লেও পোহৰৰ তিৰবিৰণি  । ঘটনাতো ঘটিছিল ইন্দোৰত ।  পৌৰ নিগমৰ বিষয়াক ক্ৰিকেট বেটেৰে আক্ৰমণ চলোৱাৰ বাবে ২৬ জুনত বিজেপি বিধায়ক এগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল। ভুপাল বিশেষ ন্যায়ালয়ে ২৯ জুনত  তেওঁ জনোৱা জামিন আৱেদন মঞ্জুৰ কৰিছিল। পৌৰ নিগমৰ বিষয়াক ক্ৰিকেট বেটেৰে প্ৰহাৰ কৰি ৰঙাঘৰত সোমোৱা বিধায়কজন আছিল বিজেপিৰ  আকাশ বিজয়বৰ্গীয়। জ্যেষ্ঠ বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়ৰ পুত্ৰ হোৱাৰ বাবে বিধায়কজন ৰঙাঘৰত সোমোৱাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। মঙলবাৰে দলীয় বৈঠকত নেতাজন গ্ৰেপ্তাৰ হোৱাৰ প্ৰসংগত   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ খুলিছিল । তীব্ৰ উষ্মা প্ৰকাশ কৰিছে বিষয়টোক লৈ ৰাষ্ট্ৰনেতা গৰাকীয়ে ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে ঘোষণা কৰিছিল যে – দলৰ ক্ষতি কৰিব পৰা কাম কৰা যিকোনো লোককে দলৰ পৰা বহিস্কাৰ কৰা হ’ব । তেখেতে ইয়াকো কৈছে যে, যাৰে পুত্ৰ নহওক অসৎ কামৰে জড়িত হ’লে সেইজন লোকৰ বিৰুদ্ধে দলে ব্যৱস্থা ল’বই। বৈঠকৰ পিছতে বিজেপি নেতা ৰাজীৱ প্ৰকাশ ৰেড্ডীয়ে সংবাদমাধ্যমত মন্তব্য ৰাখি কৈছিল যে, ‘প্ৰধানমন্ত্ৰীক অসন্তুষ্ট হোৱা দেখা গৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল, ৰাইজৰ সন্মুখত দলৰ ক্ষতি কৰিব পৰা কাম কৰিবলৈ কাৰো অধিকাৰ নাই। এনেকুৱা কাম কোনো দিনে মানি ল’ব নোৱাৰি।’
ইফালে আন এক সূত্ৰই সদৰি কৰা অনুসৰি আকাশ বিজয়বৰ্গীয়ক জে’লৰ পৰা ওলোৱা সময়ত যিসকল লোকে অভিনন্দন জনাইছিল সেইসকল লোকৰ বিৰুদ্ধেও প্ৰধানমন্ত্ৰীয়ে ব্যৱস্থা লোৱাৰ কথা সদৰি কৰিছে। সেইদিনাই,  ২ জুলাইত সংসদ ভৱনৰ পুথিভৰালৰ জি এম চি বি প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল এখন গুৰুত্বপূৰ্ণ বৈঠক ।  বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ , প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং , স্থলপৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী , বিজেপি কাৰ্যকৰী সভাপতি জে পি নাড্ডা , কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেড়কাৰ প্ৰমুখ্যে বিজেপিৰ প্ৰায় সকলো সাংসদে যোগদান কৰিছিল । প্ৰধানমন্ত্ৰী মোডীয়ে সংসদত নিয়মীয়াকৈ উপস্থিত নথকা সাংসদসকলক কঠোৰ ভাষাৰে সকিয়াই দিয়ে যাতে ভৱিষ্যতে সদনৰ কাৰ্যক্ৰমনিকাত সকলো সাংসদে ভাগ লয় । উল্লেখ্য মোডীয়ে জাপান ভ্ৰমণলৈ যোৱাৰ দিনকেইটাৰ মাজত এদিন লোকসভাত বিজেপি সাংসদৰ অধিকাংশ উপস্থিত নথকাত কোৰাম হোৱা নাছিল আৰু অধ্যক্ষই কাৰ্যসূচী পিচুৱাব লগাত পৰিছিল । সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে – বিজেপিৰ প্ৰথমখন সংসদীয় পৰিষদৰ বৈঠকত মোডী ডাঙৰীয়াই ‘ভি আই পি’ সুবিধা লৈ গণবিচ্ছিন্ন নহ’বলৈ সাংসদসকলক সকীয়াই দিছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই সভাতে কৈছিল যে – দেশৰ সৰ্বসাধাৰণ মানুহে ‘ভি আই পি কালচাৰ’ক মনে-প্ৰাণে ঘৃণা কৰে ।
প্ৰধানমন্ত্ৰীৰ এনেবোৰ বক্তব্যৰ মাজত দেখা গৈছে ৰাজনৈতিক দীৰ্ঘসুত্ৰিতা ।    মাননীয় প্ৰধানমন্ত্ৰী মোডীৰ দেশৰ সাৰ্বভৌমত্ব , দেশ তথা ব্যক্তি  স্বাধীনতা ৰক্ষাৰ প্ৰচেষ্টা সঁচাই আদৰণীয় । আদৰণীয়  তেওঁৰ  মহানুভৱতা  ;  ৰাজনৈতিক বিচক্ষণতা । আমি আশা কৰিম প্ৰাধানমন্ত্ৰীৰ অনুৰাগী , অসমৰ বিনয়ী মুখ্যমন্ত্ৰী সোনোৱাল আৰু শক্তিশালী ৰাষ্ট্ৰনেতা মোদীৰ   কথা আৰু কামৰ মাজত তফাৎ দেখা নাযাব ।  দুয়োগৰাকী নেতাৰ সপোন আৰু ভৱিষ্যদৰ্শন শক্তিশালী ৰূপত প্ৰাণপাই উঠিব ।  দলীয় সংহতিৰ লগতে দেশৰ, দহৰ উন্নতিকল্পে মূৰ তুলি থিয় দিব সৰ্বস্তৰৰ জনগণৰ মাজত । সুৰক্ষিত হৈ থাকিব ৰাষ্ট্ৰৰ  সাৰ্বভৌম গণতন্ত্ৰ । যাৰ বাবে বিজেপিয়ে সুদীৰ্ঘ কাল দেশৰ শাসনভাৰ ল’বলৈ সক্ষম হ’ব । অন্যথা হাঁহি উঠা হ’লেও,  অলপতে অসমৰ  প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ কোৱা কথা এষাৰ বিজেপিৰ ক্ষেত্ৰতো প্ৰজোয্য নহ’ব বুলি ক’ব নোৱাৰি –   ‘কংগ্ৰেছে একেৰাহে ১৫ বছৰ কাল শাসন কৰি অহংকাৰী হৈ উঠিছিল বাবেই পতন হ’ল’  ।  গৰ্ব- অহংকাৰ পৰিত্যাগ নকৰিলে সেই  কথাষাৰ বিজেপিৰ ক্ষেত্ৰতো ফলিয়াবলৈ  যোৱাটো পাঁচ বছৰৰ পিছত আগন্তুক  পাঁচটা বছৰে যথেষ্ট হ’ব !   ■◆■