দল চাই ভোট দিলে এওঁলোকেই হিৰো হব

1232
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ভাৰতীয় ৰাজনীতিত প্ৰাৰ্থীতকৈ দলক গুৰুত্ব দিয়াৰ পৰম্পৰা নতুন নহয়। প্ৰাৰ্থীতকৈ দলক গুৰুত্ব দিয়াৰ বাবেই নিৰ্বাচনত পৰাজিত হৈছিল ভাৰতৰত্ন ভূপেন হাজৰিকা, নিবাৰণ বৰাকে ধৰি বহু বৰেণ্য ব্যক্তি। ২০১৯ লোকসভাটো কুইন ওঝাৰ হাতত পৰাস্ত হয় ববিতা শৰ্মাৰ দৰে যোগ্য নেত্রী। ৰাইজে দলৰ চিহ্ন চাই ভোট দিয়াৰ সুবিধা লৈছে প্ৰত্যেক ৰাজনৈতিক দলৰ কিছুমান লবীয়ে। তেওঁলোকে জানে যে কিছুমান সমষ্টিত দলৰ স্থিতি ইমানেই মজবুত যে যি কোনো এজন সমষ্টিৰ পৰা জয়ী হৈ আহিব পাৰিব। ২০২১টো লবীকেন্দ্ৰিক ৰাজনীতিৰ জৰিয়তে কিছুমান নেতাক টিকট দিয়া হৈছে। আমি আলোচনা কৰিম কংগ্ৰেছ আৰু বিজেপিৰ এনে চাৰিজন প্ৰাৰ্থীৰ বিষয়ে।
দিছপুৰৰ পৰা টিকট পালে প্ৰাক্তন অগপ মন্ত্রী অতুল বৰাই। ২০০১,২০০৬ আৰু ২০১১ চনত একেলেঠাৰিয়ে তিনিবাৰ পৰাজিত হোৱা বৰাই ২০১৬ত বিজেপিৰ ঢৌত সঞ্জীবনী পাই ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যবধানত জয়ী হ’বলৈ সক্ষম হয়। মন্ত্রীত্ব নাপাই বৰাই দলৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰে। চিণ্ডিকেট, কা আদিত দলৰ বিপক্ষে মন্তব্য ৰাখে। সমষ্টিৰ ৰাইজসকলো বৰাৰ ৫ বছৰীয়া কামকলৈ সন্ত্তষ্ট নহয়। আনকি সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাও বৰাক টিকট দিয়াৰ পক্ষত নাছিল বুলি জনা গৈছে। কিন্তু আন এটা শক্তিশালী লবীৰ জৰিয়তে পুণৰ টিকট লাভ কৰিলে অতুল বৰাই। ইয়াকে লৈ সাধাৰণ কৰ্মী সাংঘাতিক ভাবে নাৰাজ। দিছপুৰৰ ভোটাৰৰো বৰাক ভোট দিয়াৰ ইচ্ছা নাই। কিন্তু বিজেপিক জয়ী কৰাৰ স্বাৰ্থত সাধাৰণ ৰাইজৰ হাতত বিকল্প নাই।
দ্বিতীয় ব্যক্তিজন হ’ল কংগ্ৰেছৰ ভৰত নৰহ। ২০১১ত কংগ্ৰেছৰ ঢৌৰ সময়তো নৰহ ঢকুৱাখানাত পৰাজিত হৈছিল। ২০১৬টো নৱ কুমাৰ দলেৰ হাতত শোচনীয় পৰাজয় হয় ভৰত নৰহৰ। এইবাৰো পৰাজয় নিশ্চিত দেখি পলাই আহিল উত্তৰ অসমৰ সৰ্বাধিক মুছলমান ভোটাৰ থকা নাওবৈচালৈ। এ.আই.ইউ.দি.এফৰ সকলোতকৈ কৰ্মপতু বিধায়ক মামুন ইমদাদুলৰ টিকট কাটি নৰহে নিজৰ বাবে সুৰক্ষিত কৰিলে আসনখন। এই সকলো সম্ভব হ’ল ৰাণী নৰহৰ দিল্লীকেন্দ্ৰীক লবীৰ জৰিয়তে। দুবছৰ আগতে নৰহ দম্পতীয়ে বিজেপিত যোৱাৰ মন মেলিছিল। বিজেপিয়ে দলত নোলোৱাত পুণৰ সহজ পথেৰে বিধায়ক হোৱাৰ পৰিকল্পনা কৰিছে ভৰত নৰহে। নাওবৈচাৰ মুছলমান ৰাইজৰো অন্য বিকল্প নাই। বিজেপিক ৰোধ কৰাৰ স্বাৰ্থতেই ভোট দিব হাতৰ চিনত।
মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰো মুখৰ লাগ বান্ধ নাই। এনে এজন নেতা তিনিবাৰ বিধানসভালৈ নিৰ্বাচিত হোৱাৰ কথা ভাবিলে আচৰিত লাগে। এসময়ত তৰুণ গগৈক গালি দিয়া ৰূপজ্যোতি কুৰ্মী বিজেপিত যাবলৈ প্ৰায় সাজু হৈছিল। আনকি ইয়াক লৈ বিবৃতিয়ো দিছিল। কিন্তু আৰ.এছ.এছৰ প্ৰবল হেচাত ৰূপজ্যোতিৰ বিজেপি গমন সম্ভব নহ’ল। তাৰ কিছুদিন পিছতে ৰিপুন বৰাকলৈও কটু মন্তব্য কৰিছিল ৰূপজ্যোতিয়ে। কিন্তু দলে তেওঁৰ বিৰূদ্ধে ব্যবস্থা ল’বলৈ সাহস নকৰিলে। ইয়াৰ কাৰণ হ’ল মৰিয়নিত কংগ্ৰেছৰ আন কোনো শক্তিশালী প্ৰাৰ্থী নাই। ভোটাৰো নিৰুপায়। হাতৰ চিনক বাদ দি আনত যে নিদিয়ে ভোট।
কমলপুৰত এইবাৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা। বিধায়ক নিৰ্বাচিত হোৱাৰ আগতেই সুৰক্ষা কৰ্মীক গতা মাৰি খৱৰ সৃষ্টি কৰিলে। বিধায়ক হোৱাৰ পিছত বা কি কৰে? তেখেতৰ তুলনাত কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্য্য খুব অমায়িক ব্যক্তি। কিন্তু জয়ী হ’ব দিগন্তই; কাৰণ কমলপুৰৰ ভোটাৰক লাগে কমল আৰু মোদী।
প্ৰতিটো ৰাজনৈতিক দলৰ কিছুমান লবীয়ে লৈ অহা সুবিধা ৰাইজে ইচ্ছা কৰিলে বন্ধ কৰিব পাৰে। ইয়াৰ বাবে ভোট দিব লাগিব ন’টাত। যদি ন’টাৰ ভোট সৰ্বাধিক হয় তেন্তে সমষ্টিটোত নতুনকৈ নিৰ্বাচন হ’ব আৰু সকলো ৰাজনৈতিক দলে প্ৰাৰ্থী সলনি কৰিবলৈ বাধ্য হ’ব। গণতন্ত্রৰ এই সকলোতকৈ মুল্যবান অস্ত্রপাত অসমৰ কোনো এটা সমষ্টিৰ ৰাইজে বিবেচনা কৰিবনে? নহলে ৰাজনৈতিক দলবিলাকক শিক্ষা দিয়াৰ বিকল্প নাই।