দশম শ্ৰেণীলৈকে সংস্কৃত ভাষা বাধ্যতামূলক কৰা হওক: ডা: উৎসৱ ডেকা

1744
  • ডা: উৎসৱ ডেকা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ভাৰতবৰ্ষ গুণ, জ্ঞান আৰু প্ৰজ্ঞাৰ ভাণ্ডাৰ। এই দেশতে স্কুলীয়া, কলেজীয়া, বিজ্ঞান, কাৰিকৰী শিক্ষা আহৰণ কৰি, ব্যুৎপত্তি লাভ কৰি  বিশ্বত উচ্চতম স্হান অধিকাৰ কৰিবলৈ সক্ষম হৈছে শত-সহস্ৰজনে । গতিকে, আমাৰ মেধা আন্তৰাষ্ট্ৰীয় মানদণ্ডৰ তুলাচনীত সফলভাৱে উত্তীৰ্ণ। তেন্তে, মেধাৰ বহিঃগমন কিয় ?
       ৰাজ্যই ৰাজ্যই কিয় বিশ্বমানদণ্ডৰ বৃহৎ বৃহৎ অনুষ্ঠান আৰু কাৰখানা প্ৰতিষ্ঠাৰে আমি স্বনিৰ্ভৰশীল আৰু বহিঃদেশৰ উদাহৰণ হ’ব পৰা নাই ? নব্বৈ শতাংশতকৈও বেছি ৰোগৰ সফল চিকিৎসা এই দেশতে  চলি আছে। তৎসত্বেও, ভাৰতবৰ্ষৰ জনসাধাৰণৰ খৰছত (taxpayers’ money-ৰ শৰাধ কৰি ) নিজক উচ্চশিক্ষিত কৰি আধুনিক জীৱনশৈলী/যাত্ৰাৰ ভ্ৰমত আৰু লোভত লালায়িত হৈ নিজৰ দেশৰ লোকচান কৰি আমেৰিকা, ইংলণ্ড, অষ্ট্ৰেলিয়া, কানাডা, মধ্যপ্ৰাচ্য আদি দেশলৈ চিকিৎসক, ইঞ্জিনিয়াৰসকল ঢাপলি মেলে কিয় ? সেইবোৰ দেশৰপৰা উচ্চশিক্ষিত কোনোজন নাগৰিকেতো আমাৰ দেশত সেৱা আগবঢ়াবলৈ নাহে ? ( একমাত্ৰ খৃষ্টান আৰু ইছলাম ধৰ্মীয় গুৰু আৰু মানৱসেৱাত জীৱন উৎসৰ্গিত মুষ্টিমেয় দুই-চাৰিজনৰ ব্যতিৰেকে)। আমাৰ দেশৰ সম্পদেৰে নিজক গঢ়ি হাজাৰ হাজাৰ ভাৰতীয় মেধা পশ্চিমৰ ধনীদেশক আৰু ধনী কৰিবলৈ গুছি যায় কিয় ? বিদ্যা-বুদ্ধি-জ্ঞান-মেধা দেশমাতৃৰ স্বাৰ্থত আৰু দেশৰ জনগণৰ স্বাৰ্থত সদ্ব্যৱহাৰ কৰাটো নিশ্চয় নৈতিক দায়িত্ব ? অন্যথাই, নিমখহাৰাম, খাই পাত ফলা কাৰ্য।
        দেশত শিক্ষা লৈ বিদেশত সেৱা আগবঢ়োৱাজনক নীচ, লজ্জিত কৰাৰ মানসিকতা আমাৰ হ’ব লাগিব আৰু স্বদেশত সেৱা আগবঢ়োৱাজনক আমি যথোচিত স্বীকৃতি- প্ৰশংসাৰে উপচাই পেলাব লাগিব। ভাৰতবৰ্ষৰ ৰাজকোষৰ ব্যয়েৰে আহৰণ কৰা উচ্চশিক্ষাৰ মূল্য বিদেশৰ মাটিত বিলোৱাৰ নৈতিক অধিকাৰ কাৰোৱেই নাই। এয়া দেশদ্ৰোহিতা; অক্ষমণীয় অপৰাধ।
        গতিকেই, বিদ্যালয়-মহাবিদ্যালয় স্তৰতে শিক্ষাদানৰ সময়ত দেশৰ প্ৰতি দায়িত্ববোধৰ মানসিকতা জন্মাব লাগিব। নতুন প্ৰজন্মৰ, বিশেষকৈ চোকা, উচ্চশিক্ষিতচামৰ মনোজগতত স্বদেশপ্ৰেমৰ (ব্যৱহাৰিক অৰ্থত) তাড়না সৃষ্টি কৰিব পাৰিব লাগিব। প্ৰতিজন ভাৰতবাসীৰ মনঃস্তত্বত অতি দকৈ শিপাব লাগিব যে _ ‘ স্বদেশত শিক্ষা লৈ বিদেশৰ নহয়, স্বদেশৰহে সৰ্বোতপ্ৰকাৰ উন্নতি সাধিম’।
      ভাৰতবৰ্ষত জন্মলাভ আৰু শিক্ষালাভ কৰাৰ পিছত অইন দেশত চাকৰি, সংস্হাপন লৈ পৰোক্ষভাৱে মাতৃভূমিৰ ক্ষতি কৰা স্বাৰ্থান্বেষী প্ৰতিজনৰ দায়িত্ব আছিল দেশমাতৃ আৰু দেশবাসীৰ কল্যাণ আৰু উন্নতিৰ হকে সমস্ত জ্ঞানৰ ভাণ্ডাৰ একমাত্ৰ এই দেশৰ স্বাৰ্থত ব্যৱহাৰ কৰাটো। বিদেশত বহুমূলীয়া সামগ্ৰী উৎপাদন কৰা প্ৰতিষ্ঠানত কৰ্মৰত বহু লাখটকীয়া/ কোটিটকীয়া চাকৰিৰপৰা স্বদেশলৈ অহা/পঠিওৱা ধন যদি বিদেশত তেৰাসৱৰ অৰিহণাতে উৎপাদিত স্বদেশলৈ আমদানিকৃত বহুমূলীয়া সামগ্ৰী ক্ৰয় কৰাতে আকৌ ব্যয় হয়, তেন্তে স্বদেশৰ উন্নতি কেতিয়া আৰু কেনেকৈ হ’ব ? আমাৰ দেশত জন্মা আৰু গঢ়া মানৱ সম্পদৰ সদ্ব্যৱহাৰ দেশৰ চাৰিসীমাৰ ভিতৰত হোৱাতো বাঞ্চনীয়। দেশত মানৱ সম্পদ, মেধা-জ্ঞান-বুদ্ধিৰ অভাৱ নাই। তেন্তে, প্ৰায় সকলো বহুমূলীয়া বাহন, মোবাইল, টি ভি, কম্পিউটাৰ, সঁজুলি, আহিলা বিদেশৰপৰা আমদানিকৃত কিয় ?
     এয়া পিতৃ-মাতৃ তথা নিজৰ পৰিয়াল- সমাজে তুলিতালি, খুৱাই-ধুৱাইভ সমস্ত খৰছ কৰি ‘ডাঙৰ’ মানুহ বনোৱাৰ পিছত পুত্ৰ নিজৰ মাক-দেউতাক-পৰিয়াল-সমাজ পাহৰি ঘৰ-জোঁৱাই হৈ শশুৰবাৰীৰ সমৃদ্ধি বৃদ্ধি কৰি উৎপাদিত সামগ্ৰী পূজনীয় মাক-দেউতাকৰ ওচৰত বিক্ৰি কৰাৰ লেখীয়া কথা!
    সমাধানৰ উদ্দেশ্যেঃ
   ক) প্ৰথম শ্ৰেণীৰপৰা দশম শ্ৰেণীলৈকে সংস্কৃত ভাষা বাধ্যতামূলক কৰা হওক। ( আমাৰ নিজৰ অবিশ্বাস্যভাৱে চহকী সভ্যতা-সংস্কৃতি, সাহিত্য-কলা-কাৰুকাৰ্য্য, ৰাজনীতি-পাণ্ডিত্য ইত্যাদিৰ স’তে প্ৰতিজন ভাৰতীয়ৰ আত্মপৰিচয় অত্যাৱশ্যকীয় আৰু মৌলিক দায়িত্ববোধ)
    খ) প্ৰথম শ্ৰেণীৰপৰা দশম শ্ৰেণীলৈকে মাতৃভাষা বাধ্যতামূলক কৰা হওক। মাতৃভাষা (শিক্ষাৰ মাধ্যম) ত শিক্ষালাভ (নূন্যতম বিদ্যালয় স্তৰপৰ্যন্ত) কৰাসকলৰ মাজত শিক্ষালাভৰ অন্তত চিধাই কৰ্মসূত্ৰে/ সংস্হাপনৰ উদ্দেশ্যে বহিঃদেশলৈ ঢাপলি মেলাৰ মানসিকতা আৰু প্ৰৱণতা কমকৈ পৰিলক্ষিত হয়।
     গ) হিন্দুস্হানৰ প্ৰতিজন নাগৰিকে ক্ৰয় আৰু ব্যৱহাৰ কৰা প্ৰতিটো সা-সামগ্ৰী দেশতহে উৎপাদিত হ’ব লাগিব।
     ঘ) বহিঃদেশৰপৰা মানৱসম্পদ  আৰু মেধাৰ ব্যতিৰেকে কোনো সামগ্ৰী ক্ৰয়/আমদানি কৰাটো নিষিদ্ধ। অৰ্থাৎ, আমি বহিঃদেশৰপৰা একমাত্ৰ অত্যাৱশ্যকীয় talent- হে কিনিম, সামগ্ৰী কেতিয়াও নিকিনো।
    বাস্তৱতাৰ অৱলোকণঃ
       ক) স্কুলীয়া অৱস্হাতে, তাৰ পিছত মহাবিদ্যালয়, বিশ্ববিদ্যালয় পৰ্যায়তো শিক্ষাৰ্থীৰ মনত পোক সোমায় -‘শিক্ষালাভৰ অন্তত বিশ্বৰ উন্নত দেশত গৈ সংস্হাপিত হ’ব লাগিব’।
      খ) আজিও বিবাহপোযগ্যা গাভৰুৰ, পিতৃ-মাতৃৰ, পৰিয়ালৰ, আত্মীয়-স্বজনৰ প্ৰায় আটায়ে বিচাৰে প্ৰাশ্চাত্য/মধ্যপ্ৰাচ্যত মোটা দৰমহা পোৱা প্ৰাৰ্থীৰ পাণি।
     গ) ৰাজকোষৰ ধনৰ খৰচত স্নাতক, স্নাতকোত্তৰ শিক্ষা লভি কানাডাৰপৰা বিশেষ পাঠ্যক্ৰম কৰি অহা বন্ধুৰ CAA বিৰোধী আন্দোলনৰ জোকাৰণিৰ সময়ত মন্তব্য – ‘তাতেই থাকি যাব লাগিছিল’।
     ঘ) ইংলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়াত সংস্হাপিতসকল নিজৰ চহৰলৈ আহিলে মহাপুৰুষৰদৰে আতিথ্য, আপ্যায়ণ।
     ঙ) মধ্যপ্ৰাচ্য ফুৰি আহি মন্তব্য – ‘তাতেই চাকৰি লৈ সংস্হাপিত হ’ব লাগিছিল। কি যে সুন্দৰ, মনোমোহা সকলো: জীৱন-যাত্ৰাৰপৰা সন্তানৰ শিক্ষা-দীক্ষালৈকে।’
    চ) Sundar Pichai, CEO, Google: It is net gain or net loss so far as benefits of India and Indians are concerned? Is it not our failure to utilise such manpowers, talents, knowledge? তেন্তে, আমাৰ জয়োল্লাস কিয়? আমি বিজয়ৰ ঢাক-ঢোল বজাও কিয়? এই লোকচানবোৰ আত্মবিশ্লেষণ আৰু শুধৰণিৰ কাৰণে সকিয়নিহে। ভাৰতবৰ্ষ আৰু ভাৰতীয়ৰ উন্নতিৰ জখলাত এই ক্ষতিবোৰত আমাৰ হৰ্ষোল্লাস নহয়, অনুশোচনা-ব্যাথাহে উচিত ; প্ৰতিক্ৰিয়া যিদিনা হ’ব, সেইদিনাহে আমাৰ সঁচা, প্ৰকৃত আৰু বাস্তৱিক অৰ্থত স্বাধীনতা লাভ হ’ব।