দাদাৰ সৈতে ৪৮ ঘন্টা

2201

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম (www.rajnitiaxom.com)


যোৱা মাহত এটা ব্যক্তিগত টেলিভিছন চেনেলত প্ৰকাশ পাইছিল অসমৰ এজন প্ৰভাবশালী নেতাৰ সৈতে সাংবাদিকৰ ৪৮ ঘন্টা। দাদাই শুই উঠাৰ পৰা, ৰাতিপুৱাৰ আহাৰ, বিমান ভ্ৰমন, ফাইল চোৱা, চাহ খোৱা, মিটিং আদি সকলো সামৰি লোৱা হৈছিল। দাদাৰ কঠোৰ পৰিশ্ৰম কৰিব পৰা শক্তি দেখি ৰাইজে তবধ মানিছিল। এই ৪৮ ঘন্টাৰ কেইটামান দৃশ্যই আমাক কিছু চিন্তাৰ খোৰাক যোগাইছিল। Youtube ত ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰা এই ভিডিঅ’টোত আমি প্ৰত্যক্ষ কৰিছিলো কেইবাটামান আমোদজনক দৃশ্যও। ৰাইজৰ মনোৰজ্ঞনৰ বাবে এই দৃশ্যকেইটা তলত উল্লেখ কৰিলোঃ
(১)
এই ভিডিঅ’ চাই আমাৰ এটা নতুন অভিজ্ঞতা হ’ল। আমি গম পালো যে ট্ৰেড মিলত দৌৰি দৌৰি কেনেদৰে বাতৰি কাকত পঢ়িব পাৰি। অকল পঢ়াই নহয় , দাদাই ২৬ চেকেণ্ডত পঢ়ি শেষ কৰিলে প্ৰায় ১৩ খন বাতৰি কাকত। আমাৰ মনত পৰিল ৰজনীকান্তৰ ৰোবো চিনেমাখনলৈ।
(২)
বিল্ডি নিৰ্মান প্ৰায় সমাপ্ত হোৱাৰ পথত। তাতো দাদাই উলিয়ালে ভুল। এনে লাগিছিল যেন দাদাই আৰ্কিটেকছাৰৰ ক্ৰেছ কৰ্চো কৰিছে।
(৩)
দাদা নিৰামিষ ভোজী। কিন্তু বছৰৰ ৩৬৫ দিনৰ ভিতৰত ৩৫০ দিনহে। ইয়াৰ দাৰা ভাৰতৰ ইতিহাসত আৰু একপ্ৰকাৰ নিৰামিষ ভোজীৰ আৰ্বিভাব হ’ল। ইয়াৰ আগতে ভাৰতত ইতিমধ্যে বহু প্ৰকাৰৰ নিৰামিষ ভোজী আছিল। উদাহৰণ স্বৰুপে অকল মাংসৰ জোল খোৱা নিৰামিষ, অকল কণী খোৱা নিৰামিষ,  সোমবৰীয়া নিৰামিষ, বৃহস্পতিবৰীয়া নিৰামিষ ইত্যাদি।
(৪)
বিদ্যালয় এখনলৈ গৈ দাদাৰ পুৰণি শিক্ষামন্ত্রী কাললৈ মনত পৰিল। আচলতে শিক্ষা মন্ত্রী মানে শিক্ষকৰ মন্ত্রী নেকি? ছাত্রী এজনীক সমস্যাৰ বিষয়ে প্ৰশ্ন কৰোতে ক’লে যে ছাৰহতৰ পষ্টবোৰ হেনো প্ৰাদেশিকৃত কৰিব লাগে। সচাকৈ এতিয়া শিক্ষা বিভাগৰ সমস্যা মানে অকল শিক্ষকৰহে সমস্যা।
(৫)
শেষত দাদাৰ চিঙৰা খোৱা ষ্টাইলটোৱে মন চুই গ’ল। দাদা ঠিক আমাৰ বিপৰীত। চিঙৰা খালে আমাৰ চকু থাকে তৰকাৰি খিনিত। দাদাই তৰকাৰি বাদ দি বাকলি খিনি ভাঙি ভাঙি খাই শেষ কৰি দিলে। বাঃ কি ষ্টাইল।