দাদা দিল্লীত কি বিভাগৰ মন্ত্রী হ’ল ?

2090

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)

  •  চবিন বসুমতাৰী

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


বাপুকণে যোৱাকালি ৰাতিপুৱাই এটা পাৰ্চেল পালে। খুলি দেখে তালৈ কোনোবাই এটা টাইম মেচিন পঠাইছে। কৌতুহল দমাব নোৱাৰি লগে লগে সি ভবিষ্যত চোৱাত লাগি গ’ল। প্ৰথমতে সি ভাবিলে ২০৫০ চনত লতাশিল খেল পথাৰত কি হৈ আছে চোৱা যাওকঃ
২০৫০ঃ “কি আচৰিত.. উজ্জ্বল ভট্ট এতিয়াও ছাত্র হৈয়ে আছে !” বাপুকণে মুখৰ ভিতৰতে ভোৰভোৰালে। দাড়ি-চুলি পকি গৈছে কিন্তু মাতটোত এতিয়াও দম আছে। বাংলাদেশী, ১৯৭১, হিন্দু, মুছলমান, বজ্ৰনিনাদ …আদি শব্দবোৰ অনৰ্গল কৈ গৈ আছে । ভট্টৰ কাষতে অকিল গগৈকো দেখা গ’ল। অকিলৰ ভৰিৰ তলুৱাত এটা ডাঙৰ বেণ্ডেজ।
বাপুকণে ভাবিলে ইমান দুৰলৈ চাই লাভ নাই …অলপ আগুৱাই অহা যাওকঃ
২০৩০ঃ বাপুকণে বিধান সভাত চকু ফুৰালে …”এয়া কি সুদৰ্শন সোনোৱাল বিৰোধী দলপতিৰ আসনত বহি আছে। অসমত হাতৰ চৰকাৰ হ’ল নেকি?” ভালকৈ চকু ফুৰাই দেখে যে আজমল চাহাবে বাজেট পঢ়ি আছে। “মোৰ বাজেটত সকলোকে স্হান দিছো। সংখ্যালঘু হিন্দু ভাই সকলৰ বাবে মই এটা দিপাৰ্টমেন্ট খুলিম বুলি ঘোষণা কৰিলো। আদিত্যক তাৰ দায়িত্ব দিম। মুখ্যমন্ত্রীজন দলৰ নহয়, ৰাইজৰহে। মই চবাদেৰ চাথে , চবাদেৰ বিকাচে বিশ্বাস কৰো।
বাপুকণে আৰু অলপ আগুৱাই আহিলেঃ
২০১৯- ১৫ মেঃ বাপুকণে ভাবিলে মুডীৰ অফিচত কি হৈছে চোৱা যাওক। এয়া কি …দাদা বহি আছে দেখো…
মুডীঃ কিমান ভোটত জিকিলা?
দাদাঃ ৬ লাখ
মুডীঃ তোমাক ইয়াত দেখি ভাল লাগিল। তুমি নিৰ্বাচনত ভাল কাম কৰিছা। সোণোৱালক অকলে থৈ দিল্লীলৈ মন মেলিলা যে?
দাদাঃ ৩৫ টা সমষ্টি আগতে গ’ল। এইবাৰ ১৭টা যাব। মুখ্যমন্ত্রীৰ সময় অহালৈকে ১২৬ যাব। মই দিল্লীতে নিগাজি হ’ম বুলি ভাবিছো। অসমত শৰ্মা, কলিতা আদি মুখ্যমন্ত্রী হ’ব নোৱাৰে।
মুডীঃ বাৰু যি কি নহওক…তোমাক মই বিভাগৰ বিষয়ে আলোচনা কৰিবলৈ মাতিচো। কোৱাচোন নতুন মন্ত্রীসভাখনত তোমাক কি লাগিব?
দাদাঃ আপুনি যি ভাল দেখে..মোৰ ভাষনটো শুনিচেই। শিৰা ফুলি যায়। মোৰ কামো তেনেকুৱাই।
মুডীঃ বিত্ত লাগিব নেকি?
দাদাঃ মোৰ মনৰ কথা কৈ পেলালে চাৰ! মই অসমত প্ৰণাম… সোণ…, কেঞ্চাৰ…, দলং..
মুডীঃ হ’ব নেকি আজিলৈ। মোৰ অন্যৰ লগতো কথা পাতিবলৈ বাকী আছে। চাবা যাতে মই জেটলীৰ পৰা একো কমপ্লেইন্ট নাপাও। তেখেতে বাজেট বনোৱাৰ সময়খিনিত তুমি দিন-ৰাতি কাম কৰিব লাগিব।
দাদাঃ……….
মুডীঃ কি ভাবি আছা?
দাদাঃ গগৈ চাৰৰ মুখখন মনত পৰি গ’ল। ১৫ বছৰ কেবিনেটত আছিলো। পেপাৰবোৰে মোক বজাই দিব। মোক বিত্ত নালাগে। সৰু সুৰা কিবা দিয়ক ..কিন্তু কেবিনেট দিয়ক।
মুডীঃ সৰু সুৰা বুলিবলৈ সাংস্কৃতিক পৰিক্ৰমা খালি আছে। তাতো যোৱাবাৰ আন এজন শৰ্মা এ মন্ত্রী আছিল।
দাদাঃ ককা দেউতাৰ হাতী চিনেমা এখন কৰিছিলো। কিন্তু পিছত আৰু এইবোৰ ভাল নলগা হ’ল। এইবিলাক লেডিজৰ বিভাগ। কিবা দবং টাইপৰ হ’লে ভাল লাগে দিয়কচোন।
মুডীঃ খেল আৰু যুৱ পৰিক্ৰমা বিভাগটো বেয়া নহব নেকি তোমাৰ বাবে।
দাদাঃ মই ৰাজনীতিৰ খেলুৱৈ। হকী, ফুটবল আদি খেলি পোৱা নাই জীৱনত। অলিম্পিকত মেডেল নাপালেতো আৰু এটা বেলেগ সমস্যা হ’ব। পৰিবহণটো মোৰ পচণ্ডৰ। কিবা কৰাৰ স্কোপ আছে তাত।
মুডীঃ মাৰিবা নেকিহে? গাডকাৰীয়ে এনেয়ে যা তা বকি থাকে। তাৰ পৰা বিভাগ কাঢ়িবলৈ আহিছা? কৃষি লোৱা যদি কোৱা।
দাদাঃ কৃষিত সমস্যা নাছিল কিন্তু বলিৰ পাঠা হ’বলৈ মন নায়। আপুনি আয় দুগুন কৰিম বুলি কোৱা নাছিল জানো ?
মুডীঃ তোমাৰ লগত সমস্যাই হ’ল। বাকী সকলোৱে চুপ চাপ লৈ গ’ল। তোমাৰহে ইমান আপত্তি।
তাৰ পিছত মুডী ডাঙৰীয়াই কাগজত কিবা লেখি দি ক’লে…”বিভাগৰ নামটো ইয়াত লেখি দিছো ঘৰত গৈ চাবা”।
বাপুকণে বহুত চেষ্টা কৰিলে কিন্তু দাদাৰ কাগজ খনত কি লেখা আছে ভালকৈ মনিব নোৱাৰিলে। আমিও অপেক্ষা কৰিব লাগিব দুমাহ সময়।