দিল্লীত জিলিকিছে উত্তৰ পূৰ্বাঞ্চলৰ কিৰেন ৰিজিজু

721

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


মোদী মন্ত্রীসভাত উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৫ জনে স্থান লাভ কৰিছে। তেওঁলোক হ’ল সৰ্বানন্দ সোনোৱাল, কিৰেন ৰিজিজু, ৰামেশ্বৰ তেলী, প্ৰতিমা ভৌমিক আৰু ৰাজকুমাৰ ৰঞ্জন সিং । ইয়াৰ ভিতৰত সোণোৱাল আৰু তেলী অসমৰ, অৰুনাচলৰ পৰা ৰিজিজু, ত্রিপুৰাৰ পৰা ভৌমিক আৰু মণিপুৰৰ পৰা ৰাজকুমাৰ সিং। ৰাজ্যিক মন্ত্রীবোৰ যে একেবাৰে গুৰুত্বহীন তেনে নহয়। আগৰ আৰু বৰ্তমান সময়ৰ বহুতো ৰাজ্যিক মন্ত্রীয়ে নিজৰ ভাল প্ৰদৰ্শনৰ জড়িয়তে কেবিনেটলৈ উন্নতি লাভ কৰিছিল। এতিয়ালৈকে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যিক মন্ত্রী তিনিজনে বিশেষ কোনো পাৰদৰ্শিতা দেখুৱাব পাৰিছে বুলি খৱৰ পোৱা নাই। ইয়াৰে প্ৰতিমা ভৌমিক আৰু ৰাজকুমাৰ সিং অন্তৰ্ভুক্ত হ’বলৈ বেছি মাহ হোৱা নাই। ৰামেশ্বৰ তেলী অবশ্যে আঢ়ৈ বছৰ ধৰি মন্ত্রী হৈ আছে। কিন্তু এটা কথা স্বীকাৰ কৰিবই লাগিব যে পি.এ চাংমাৰ পিছত যদি কোনো উত্তৰ পূৰ্বাঞ্চলৰ মন্ত্রীয়ে পাৰদৰ্শিতা দেখুৱাইছে সেইজন হ’ল অৰুনাচল পশ্চিমৰ সাংসদ আৰু মোদী কেবিনেটৰ আইন মন্ত্রী কিৰেন ৰিজিজু। ৫০ বছৰীয়া ৰিজিজুৰ প্ৰদৰ্শনত প্ৰধানমন্ত্রী মোদীয়ে অত্যন্ত সন্তোষ লাভ কৰা বুলি জনা গৈছে। ২০১৪ চনত মোদী চৰকাৰ গঠন হোৱাৰ সময়তে মোদীয়ে ৰিজিজুৰ প্ৰতিভাৰ উমান পায়। তেওঁক তেতিয়া গৃহৰ নিচিনা গুৰুত্বপূৰ্ণ বিভাগৰ ৰাজ্যিক দায়িত্ব দিয়া হয়। ম্যানমাৰ, পুলবামা আৰু বালাকোটৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ পৰিকল্পনা আৰু ৰূপায়নৰ সময়ত ৰিজিজুয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দিল্লীত নিজৰ স্নাতক আৰু আইন শিক্ষা সমাপ্ত কৰা ৰিজিজুক মোদীয়ে ২০১৯ত পুৰস্কাৰ দিয়ে। তেওঁক খেল আৰু যুৱ কল্যাণ বিভাগৰ স্বতন্ত্র ৰাজ্যিক মন্ত্রীৰ দায়িত্ব প্ৰদান কৰা হয়। দুবছৰ পিছতে তেওঁৰ পুনৰ পদোন্নতি হয়। এইবাৰ তেওঁ লাভ কৰে যিকোনো চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ আইন দপ্তৰৰ  কেবিনেট মন্ত্রীৰ পদ। ৰিজিজু আইন মন্ত্রী হোৱাৰ আগতে বিভাগটো বহু সমস্যাৰ মাজত আছিল। মোদী ইয়াক লৈ ইমান অসন্তুষ্ট আছিল যে দলৰ এজন জ্যেষ্ঠ নেতা ৰবিশংকৰ প্ৰসাদকো অপসাৰণ কৰিবলৈ কুন্ঠাবোধ নকৰিলে। মোদীয়ে আস্থা ৰাখিলে ৰিজিজুৰ ওপৰত। দায়িত্ব লৈয়ে ৰিজিজুৱে বহু দিনৰ পৰা ওলমি থকা ন্যায়লয় বিলাকৰ বিচাৰকৰ নিযুক্তি সমস্যা সমাধান কৰে। ইয়াৰ উপৰিও সদনত আধাৰ আৰু ভোটাৰ আই.দি সংলগ্ন কৰা নতুন বিধেয়ক খন উত্থাপন কৰে। যোৱা ৬ মাহত ৰিজিজুৰ কাৰ্য্যই ন্যায়পালিকা আৰু বিধানপালিকাৰ মাজৰ সমন্বয়ৰ এক নতুন মাত্রা দিছে। ৰিজিজুৰ আন এটা গুণ হ’ল তেওঁৰ বাগ্মীতা। হিন্দী আৰু ইংৰাজীত সুন্দৰ দখল থকা ৰিজিজুক বিভিন্ন কনক্লেভত আমন্ত্রণ জনোৱা হয় আৰু সেইবিলাকত তেওঁ শক্তিশালী ভাবে দল তথা চৰকাৰক প্ৰতিনিধিত্ব কৰে। নৰেন্দ্ৰ মোদীয়ে সদায় যোগ্যজনক উচিত স্থান দিয়ে।  আশা কৰিব পাৰি অনাগত দিনত কিৰেন ৰিজিজুৱে আৰু অধিক গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব আৰু উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব।