দিল্লীত পুনৰ কেজৰীৱাল

1596

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২০১৫ চনত ৭০টা বিধানসভা সমষ্টিৰ ভিতৰত ৬৭টা সমষ্টি দখল কৰি ভাৰতৰ ৰাজনীতিত অভিলেখ সৃষ্টি কৰা ব্যক্তিজন হ’ল কেজৰীৱাল। বিজেপিয়ে ৩ খন ; কংগ্ৰেছে খাটাই খুলিব পৰা নাছিল। তাৰ বিছত বহু বিতৰ্ক, উত্থান পতনৰ মাজেদি দিল্লীৰ আম আদমি চৰকাৰে ৫টা বছৰ সম্পূৰ্ণ কৰিবলৈ গৈ আছে। যোগেন্দ্ৰ যাদব, কপিল মিশ্ৰা, কুমাৰ বিশ্বাস আদিয়ে ইতিমধ্যে দল ত্যাগ কৰিছে। অৰবিন্দ কেজৰীৱালৰ লগত আছে তেওঁৰ পুৰণি বন্ধু মনিশ চিচোদিয়া। কেন্দ্ৰীয় চৰকাৰৰ লগত বিভিন্ন বিষয়ত কাজিয়াত লিপ্ত হৈ বহুবাৰ বাতৰি কাকতৰ শিৰোনামা দখল কৰিছিল দলটোৱে। মিউনিচিপালিটি, উপনিৰ্বাচন তথা লোকসভাত দলটোৰ প্ৰদৰ্শন শোচনীয়। তথাপিয়ো ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত হ’ব লগা দিল্লী বিধানসভা নিৰ্বাচনত সকলোতকৈ আগত আছে আপ। তাৰ কাৰণ কেইবাটাও। আপৰ পৰা যেনকৈ কেজৰীৱাল পুনৰ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী, বিজেপি আৰু কংগ্ৰেছে কোনো চেহেৰা প্ৰজেক্ট কৰিব পৰা নাই। বিজেপিৰ সভাপতি মনোজ তিৱাৰী কেজৰীৱালৰ তুলনাত তেনেই দুৰ্বল। কোনো শক্তিশালী বিকল্প মুখ্যমন্ত্রী প্ৰক্ষেপ কৰিব নোৱাৰিলে বিজেপিৰ দশা ২০১৫ৰ দৰেই হ’ব বুলি অনুমান কৰা হৈছে। ২০১৪ লোকসভাত দিল্লীৰ ৭ খন আসনেই লাভ কৰি কেইমাহমান পিছত হোৱা বিধানসভা নিৰ্বাচনত মুখঠেকেছা খাইছিল বিজেপিয়ে।
এটা ব্যক্তিগত অনুষ্ঠানে কৰা চাৰ্ভে মতে ২০১৯ লোকসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছক ভোটদান কৰা প্ৰতি চাৰিজন ব্যক্তিৰ এজনে ২০২০ত আপক ভোট দিব। যদি এনে হয় তেন্তে অৰবিন্দ কেজৰীৱালক তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্রীৰ পদত শপত লোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে ।
ৰাজনীতি অসমৰ প্ৰতিনিধিয়ে যোৱা আগষ্ট মাহত দিল্লীলৈ গৈ তাৰ মানুহবিলাকৰ মনৰ বতৰা লবলৈ যত্ন কৰিছিল। প্ৰায় ৮০% লোক কেজৰীৱালৰ কাম কাজক লৈ অতি সন্ত্তষ্ট। বিশেষকৈ চৰকাৰী স্কুলৰ উন্নতিসাধন আৰু স্বাস্থ্যৰ ক্ষেত্রত তেওঁ লোৱা পদক্ষেপবোৰক ৰাইজে ভূয়সী প্ৰশংসা কৰে।
সদ্য সমাপ্ত মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ ফলাফলেও আপৰ কাৰণে কঢ়িয়াই আনিছে আনন্দৰ বতৰা। লোকসভাৰ তুলনাত বিধানসভা নিৰ্বাচনত বিজেপিৰ ভোট কমে প্ৰায় ২২%। ইয়ে প্ৰমাণ কৰে যে লোকসভা আৰু বিধানসভাত ৰাইজে বেলেগ বেলেগ ইছুত ভোটদান কৰে। লোকসভাত বিজেপিৰ প্ৰধান অস্ত্র আছিল নৰেন্দ্ৰ মোদী। আনহাটে বিধানসভাত স্থানীয় বিষয়লৈ ৰাইজে  ভোটদান কৰিলে। কিন্তু ইয়াৰ সুফল কংগ্ৰেছে লাভ কৰাতকৈ হাৰিয়ানা লোকহিত দলৰ দুশ্যন্ত চৌতালাই লাভ কৰিলে। ইয়াক লৈ অৰবিন্দ কেজৰীৱাল উৎসাহিত হোৱাৰ থল আছে। অবশ্যে ২০১৫ ৰ ফলাফল আপে পুনৰাবৃত্তি কৰি ৬৭ খন আসন লাভ কৰাটো ইমান সহজ হৈ থকা নাই। তাৰ মুখ্য কাৰণ হ’ল চহৰাঞ্চলত সাধাৰণতে বিজেপিৰ প্ৰদৰ্শন উন্নত আৰু দিল্লীৰ ৭০% সমষ্টি চহৰীয়া। অমিত শ্বাহে ২০১৫ৰ পৰাজয়ৰ পৰা শিক্ষা লৈ কি মন্ত্র তৈয়াৰ কৰি থৈছে তাৰ বাবে অপেক্ষা কৰিব লাগিব। কিন্তু এই সময়ত ক’ব লাগিব এদভান্দেজ অৰবিন্দ কেজৰীৱাল ।