দীপৰ বিলৰ বেদখলে গুৱাহাটীৰ ধ্বংস মাতিব

1441
  • ভাস্কৰ কিৰণ বৰা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


দীপৰ  বিলত ৪০ বৰ্গ কিলোমিটাৰ আছে যাৰ ভিতৰত ৪.১৪ বৰ্গ কিলোমিটাৰ ১৯৮৯ চনত অসম চৰকাৰে পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল। ২০০২ চনৰ নৱেম্বৰত ইয়াক আৰ্দ্ৰভূমি জৈৱ বৈচিত্ৰ্যৰ বাবে ৰামচাৰ চাইট হিচাপে তালিকাভুক্ত কৰা হৈছিল। কেৱল ৰামচাৰ চাইট দীপৰ  বিল  গুৱাহাটী চহৰৰ দক্ষিণ পশ্চিম ৰাজধানী ১৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত।ই পশ্চিম অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্যতম বৃহৎ  বিল । চৰকাৰে জলাশয় সমূহক এনে পৰি থকা ভূমি হিচাপে ভাবে আৰু ইয়াৰ ফলতে চৰকাৰে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানক জলাশয়ৰ ভূমি আবন্টন দিয়ে। চৰকাৰে আবন্টন দিয়া ভূমি পৰৱৰ্তী সময়ত উচ্ছেদ কৰাটো কঠিন হৈ পৰে । জলাশয় সমূহ জীৱকুলৰ বাবে অতিকৈ প্ৰয়োজনীয় ‘পৰিৱেশ তন্ত্ৰ’ গতিকে বৰ্তমান যি কেইখন জলাশয় সংৰক্ষিত হৈ আছে সেই সমূহ জলাশয় ৰক্ষা কৰাৰ বাবে চৰকাৰে পদক্ষেপ ল’ব লাগে ।ক্ৰমাৎ পোত গৈছে দীপৰবিল । বৃহৎ জলাশয়খন সংকুচিত হৈ চৌপাশে এতিয়া বাঢ়ি আহিছে বৃহৎ বৃহৎ অট্টালিকাৰে ভৰা আৱাসস্থল। এসময়ৰ পৰিভ্ৰমী চৰাই আৰু সোৱাদভৰা মাছেৰে ভৰি থকা দীপৰবিলখন যেন লাহে লাহে হেৰাই যাবলৈ ধৰিছে। বন্ধ হৈ গৈছে মহানগৰীৰ পৰা পানী ওলাই গৈ জলাশয়খনত পৰা নলাবোৰো। যাৰ পৰিণতিতে পক্ষীতীৰ্থ সদৃশ পৰ্যটকৰ আকৰ্ষণৰো কেন্দ্ৰ  দীপৰবিল এতিয়া চহকী ক্ৰেতা আৰু মধ্যভোগী দালালৰ ৰম্যপুৰীত পৰিণত হৈছে ।

দীপৰ বিলৰ পাৰত অব্যাহত আছে ভূমাফিয়াৰ দপদপনি। পক্ষীকুললৈ ভাবুকি কঢ়িয়াই একাংশ অসাধু চক্ৰই নিশা হ’লেই ডাম্পাৰ, জেচিবিৰে পোতে দীপৰ বিলৰ ভূমি। মাটি পুতি ঘৰ সজাত ব্যস্ত একাংশ অসাধু লোক। যাৰ বাবে ভয়াবহ ভৱিষ্যতৰ দিশে গুৱাহাটী মহানগৰ ।

দীপৰ বিলৰ মনোৰম পৰিৱেশৰ মাজত বাস কৰাৰ বাসনাৰে একাংশ লোকে পুহি ৰাখিছে ঘৰ সজাৰ আকাংক্ষা।
দীপৰ বিলক যদি সংৰক্ষণ কৰা নাযায় তেন্তে বেছি দিন নাই কেদাৰনাথৰ বানৰ প্ৰলয়ৰ দৃশ্য গুৱাহাটীত দেখিবলৈ । ৰাইজ , ভূ মাফিয়া , বিষয়া , মন্ত্ৰী , দালাল , সমাজসেৱক সকলোৱে নিজৰ ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি দীপৰ বিলক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহক ।