দুটা দশক পিছত কংগ্ৰেছ সভাপতিৰ নাথাকিব গান্ধী উপাধি

1262

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কংগ্ৰেছ মুক্ত ভাৰতৰ শ্লোগান আছিল ভাৰতীয় জনতা পাৰ্টীৰ। ২০১৪ত শাসনলৈ অহাৰ পিছৰে পৰা বিভিন্ন সময়ত এই শ্লোগান দি আছে বিজেপিয়ে। ২০১৪ আৰু ২০১৯ চনৰ নিৰ্বাচনত কংগ্ৰেছক শোচনীয়ভাবে পৰাস্ত কৰি বিজেপিয়ে ভাৰতত হিন্দুত্বৰ ধ্বজা উৰুৱাবলৈ সক্ষম হ’য়। কংগ্ৰেছৰ পৰাজয়ৰ অন্যতম প্ৰধান কাৰণ আছিল নেতৃত্বৰ দুৰ্বলতা। ৰাহুল গান্ধীৰ সিমীত ৰাজনৈতিক জ্ঞানেৰে কংগ্ৰেছে দুবাৰ মোদীৰ বিৰুদ্ধে যুঁজ দি মুখথেকেছা খালে। এতিয়া ইয়াৰ নেতাসকলেও বুজি উঠিছে যে ৰাহুল গান্ধীৰ দ্বাৰা আৰু নহব। কেবল গান্ধী পৰিয়ালৰ ভৰসাত থাকিলে দলটো ভাৰতৰ মানচিত্রৰ পৰা হেৰাই যাব। সেইবাবে কেইবাজনো বৰিষ্ঠ কংগ্ৰেছ নেতা গুলাম নৱী আজাদ, আনন্দ শৰ্মা আদিয়ে দলত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ ছোনীয়া গান্ধীলৈ চিঠি লিখে। জানুৱাৰী মাহতে কংগ্ৰেছ ৱৰ্কি কমিটিৰ বৈঠকত ইয়াকে লৈ গৰম আলোচনা হয়। শেষত সিদ্ধান্ত লোৱা হয় যে চাৰি ৰাজ্যৰ নিৰ্বাচনৰ পিছত মে মাহত কংগ্ৰেছ সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। কংগ্ৰেছৰ পৰবৰ্তী সভাপতিৰ বাবে যিসকলৰ নাম ওলাইছে তাৰ ভিতৰত পি চিদাম্বৰম, আনন্দ শৰ্মা , মনীষ তিৱাৰী , শশী থৰুৰ, ভুপিন্দৰ সিং হুদা অন্যতম। পি চিদাম্বৰম আৰু শশী থৰুৰ হিন্দী কোৱাত সিদ্ধসস্ত নহয় বাবে সভাপতি হোৱাত অসুবিধা আছে। ভুপিন্দৰ সিং হুদাৰ বসয় হৈছে। সেইফালৰ পৰা সভাপতিৰ দৌৰত সকলোতকৈ আগত আছে মনীষ তিৱাৰী। হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে দখল থকা তথা বাকপতু যুৱ নেতা মনীষ তিৱাৰী পৰবৰ্তী কংগ্ৰেছ সভাপতি হ’লে ভাৰতৰ ৰাজনীতিৰ দিশ সলনি হৈ যাব পাৰে। ছোনীয়া গান্ধীলৈ ২৩জন চিঠি লিখা মানুহৰ ভিতৰৰ পৰা সকলোতকৈ শক্তিশালী দাবীদাৰ হ’ম তিৱাৰী। কিন্তু গান্ধী পৰিয়ালে বিচাৰিব তেওলোকৰ অনুগত তথা তেওঁলোকৰ কথামতে উঠা বহা কৰা কোনো নেতা সভাপতিৰ আসনত বহাটো। ছোনীয়া গান্ধীয়ে কমল নাথ বা কে.চি বেনুগোপালৰ নামক সমৰ্থন কৰিব পাৰে। কিন্তু দলৰ ভিতৰত থিকমতে ভোটদান হ’লে আৰু কিবা জটিল সমীকৰণ নহলে মনীষ তিৱাৰী কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি হোৱাটো প্ৰায় নিশ্চিত। তেওঁ সভাপতি হ’লে গান্ধী পৰিয়ালৰ শ্ৰুতলিপি মতে কাম নকৰে। সেয়েহে গান্ধী পৰিয়ালৰ হাতৰ পৰা কংগ্ৰেছ দল ওলাই যোৱাৰ সম্ভাবনা নুই কৰিব নোৱাৰি। প্ৰায় দুটা দশক কাল পিছত যদি গান্ধী পৰিয়ালৰ বাহিৰত কোনোবা সভাপতি হয় সেয়া গণতন্ত্ৰৰ বাবে শুভ লক্ষণ।