দেশত পুনৰ NDA ৰ চৰকাৰ হ’ব: হাইদৰ হুছেইন

8730

অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট ৰাজনৈতিক বিশ্লেষক হাইদৰ হুছেইন

সাক্ষাৎকাৰ গ্ৰহণ কৰে পাৰ্থ সাৰথি দত্তই

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসম: অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ক সময় দিয়াৰ বাবে ধন্যবাদ। ৰাজনীতিৰ প্ৰতি আপোনৰ আগ্ৰহ কেতিয়াৰ পৰা আৰু কেনেকৈ হ?

হাইদৰ হুছেইন : আগ্ৰহ সৰুৰে পৰা আছিল। আমাৰ জন্ম গাওঁত । মন্ত্রী সিদ্ধিনাথ শৰ্মা আমাৰ গাওঁত আহোতে  ৰাস্তাৰ মেৰামতিৰ বাবে অনুৰোধ কৰিছিলো । লাহে লাহে মেল, মিটিংত যাবলৈ ধৰিছিলো । তাৰ পিছত অষ্টম মান শ্ৰেণীৰ পৰা নিজে নিৰ্বাচনী campaign ত যোৱা আৰম্ভ কৰো । কলেজ পাছ কৰিয়ে লেফ্ট ডেমক্ৰেটিকৰ হৈ মহকুমা পৰিষদৰ নিৰ্বাচনো খেলিছিলো । হেম বৰুৱা , গৌৰিশংকৰ ভট্টাচাৰ্য্যক লগ পাও নিৰ্বাচন খেলাৰ সময়ত । আমি কমিউনিষ্টসকল কংগ্ৰেছৰ বিৰোধী আছিলো । এতিয়াতো ভাৰতত দুটাই দল হ’ল। উপাই নাপাই কমিউনিষ্টে কংগ্ৰেছক সমৰ্থন জনাব লগা হৈছে , কাৰণ তেওঁলোক বিজেপিত যাব নোৱাৰে ।

ৰাজনীতি অসম:  এক্সিট প’লৰ ওপৰত নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞা আছে ; সেয়ে ব্যক্তিগতভাবে  লোকসভাত অসমৰ পৰা কোন দলে কিমানখন আসন পাব?

হাইদৰ হুছেইন : মোৰ ব্যক্তিগত বিশ্লেষণ অনুসৰি কংগ্ৰেছৰ নিশ্চিত আসন মাত্র তিনিখন  । এই তিনিখন হ’ল কলিয়াবৰ, বৰপেটা আৰু শিলচৰ । বৰপেটাত অবশ্যে প্ৰতিদ্বন্দ্বিতা হ’ব । খালেকৰ জয়ৰ ব্যবধান ৫০ হাজাৰৰ বেছি নহ’ব। ইয়াৰ কাৰণ নিৰ্বাচনত হোৱা প’লাৰাইজেচন । হিন্দুৱে হিন্দুক আৰু মুছলমানে মুছলমানক ভোট দিছে । প্ৰথম ফেজতকৈ দ্বিতীয় আৰু তৃতীয় ফেজত প’লাৰাইজেচন বেছি হৈছে । বিজেপিৰ ডিব্ৰুগড়, লখিমপুৰ, ডিফু আৰু গুৱাহাটী নিশ্চিত । এ.আই.ইউ.দি.এফ এ ধুবুৰী আৰু কৰিমগঞ্জ পাব লাগে । বাকী ৪ খন  তেজপুৰ, যোৰহাট, নগাওঁ, মংগলদৈত যুঁজ হ’ব । কোকৰাঝাৰত নৱ শৰনীয়া জিকিব লাগে । ধুবুৰীত কংগ্ৰেছে ইচ্ছা কৰিলে ভাল প্ৰাৰ্থী দি যুঁজ দিব পাৰিলেহেতেন।

ৰাজনীতি অসম: তেজপুৰ, যোৰহাট, নগাওঁ আাৰু মংগলদৈত কোন আগবাঢ়ি আছে?
হাইদৰ হুছেইন :  বিজেপিয়ে নলবাৰী, ৰঙিয়া, কমলপু্ৰত লিড ল’লে  ভূৱনেশ্বৰ কলিতা ৩ লাখ মানত হাৰিব যেন লাগে । চিপাঝাৰতো বিজেপিয়ে লিড লব পাৰে। কিন্ত দলগাওঁত ১.৯৯ লাখ মান ভোট আছে । তাত কংগ্ৰেছে ১.৫ লাখ ভোট পাব । এইবাৰ বিজেপিয়ে বড়ো ভোট নাপায় । আদিবাসীৰ বেছি ভোট কংগ্ৰেছে পাইছে।  সেইবাবে মংগলদৈত কোন জিকে কোৱা টান । তথাপি বিজেপি অলপ ভোটত জিকি যাব পাৰে ।
তেজপুৰত নেপালী ভোট ভাগ হৈছে। চাহ জনগোষ্ঠীৰ ভোটো ভাগ হৈছে। বিহপুৰীয়াৰৰ গাওঁ অঞ্চলত পল্লৱে অলপ ভোট পাব। গহপুৰটো পাব। ইয়াতো যুঁজ tough হ’ব।
নগাওঁ লোকসভা সমষ্টিৰ মৰিগাওঁ , জাগিৰোড  বিজেপিৰ পক্ষত । লাহৰিঘাটে কংগ্ৰেছক লিড দি সমান সমান কৰিব। নগাওঁ সদৰ, লামডিং, হোজাই আৰু ৰহাত বিজেপিয়ে লিড ল’ব ।  যমুনামুখে এইটো নিউট্ৰেলাইজ কৰিব । তথাপিও কংগ্ৰেছৰ doubt আছে । যোৰহাটত বাগানী ৬০:৪০ বিজেপিৰ পক্ষত । আহোম ৬০:৪০ কংগ্ৰেছৰ পক্ষত ।এই চাৰিখনত tough competition  হ’ব ।
ৰাজনীতি অসম:  মুঠতে কংগ্ৰেছৰ ৩ খন, ৪ খন বিজেপিৰ, ২ খন এ.আই.ইউ.দি.এফৰ আৰু এখন নিৰ্দলীয়ৰ । বাকী ৪ খনত কোন জয়ী হ’ব কোৱা টান ?
হাইদৰ হুছেইন : হয় , কিন্তু এটা কথা ঠিক যে বিজেপয়ে ৭ খন বা ৮ খন আসনো পাই যাব পাৰে ।
ৰাজনীতি অসম:  কংগ্ৰেছে অসমৰ মুলসূতিৰ মানুহৰ সমৰ্থন  হেৰুৱাইছে নেকি ?
হাইদৰ হুছেইন : কংগ্ৰেছক আজিকালি বহুতে মুছলমান আৰু পাকিস্তানৰ দল বুলি ভাবে । সাধাৰণভাবে ৰাইজে সেইটো বিশ্বাস কৰে ।
ৰাজনীতি অসম:  ৰাহুল গান্ধী মোদীৰ তুলনাত বহুত দুৰ্বল বুলি ৰাইজে কয়।  আজিৰ উঠি অহা চামে কংগ্ৰেছৰ পৰিয়ালতান্ত্রিক ৰাজনীতিক সমৰ্থন কৰিবনে ?
হাইদৰ হুছেইন : ৰাজীব গান্ধীয়েও ককপিটৰ পৰা নামি আহি প্ৰধানমন্ত্রী হৈছিল । ভাৰতৰ পঞ্জাৱ আদি কৰি ৪০% ঠাইত এতিয়াও ৰাহুল গান্ধীক সবল বুলিয়েই ভাবে । নেহেৰু-গান্ধীৰ পৰিয়ালতান্ত্রিক শাষন ব্যবস্হা বৰ্জনীয় । কিন্ত নৰেন্দ্ৰ মোদীৰটো একক দল । আজি মোদীৰ দলত দ্বিতীয়জনৰ মাত নাই । কৰ্মীৰ ওপৰত নিৰ্ভৰশীল দল এটাত পৰিয়ালতন্ত্র নাথাকিলে দলটো শেষ হৈ যাব । নীতি হীন ৰাজনীতিত কৰিশ্মা বা পৰিয়ালতন্ত্র থাকিবই লাগিব ।
ৰাজনীতি অসম: কংগ্ৰেছে মায়াবতী বা তেনেকুৱা আন কাৰোবাক প্ৰধানমন্ত্রী পদৰ বাবে প্ৰক্ষেপ কৰিলে বেছি ভাল আছিল নেকি?
হাইদৰ হুছেইন :  ভাৰতবৰ্ষত আজিৰ তাৰিখত দলিত ছোৱালী এগৰাকীক প্ৰধানমন্ত্রী পতাৰ পৰিবেশ সৃষ্টি হোৱা নাই। মই ব্যক্তিগত ভাবে পৰিয়ালতন্ত্রক বিৰোধ কৰো । কংগ্ৰেছক বিৰোধ কৰো । তেন্তে কি যুক্তিত মায়াৱতীক সমৰ্থন কৰিম ?
ৰাজনীতি অসম:   আপোনালোকে CAB ৰ প্ৰচণ্ড বিৰোধীতা কৰিছিল ? ৰাইজে কিয় এই ইচ্ছ্যুটোক গুৰুত্ব নিদিলে ?
হাইদৰ হুছেইন : গোটেই জাতিটোৱে আত্মহত্যা কৰিলেও ইয়াক ইচ্ছ্যু কৰি লব নে সন্দেহ । সাম্প্ৰতিক সময়ৰ হ্ৰস্যম্যাদী আচঁনিবোৰে ৰাইজক বিভ্ৰান্ত কৰিছে । উচ্চ শিক্ষিত বা স্বচ্চল জীৱন যাপন কৰা মানুহবোৰৰ এটা স্বাধীন  মন আছে। কিন্তু এক টকাত চাউল পোৱা মানুহজনৰ বাবে কেব ইচ্ছ্যু নহয় । গাওঁৰ পিয়ন , চকিদাৰেও এতিয়া চৰকাৰী স্কুলত লৰা ছোৱালী নপঢ়ায় । ব্যক্তিগত স্কুলত পঢ়া লৰা ছোৱালীৰ ৰক্তত জাতীয়তাবাদ প্ৰবাহিত নহয় । যোৰহাটৰ নিচিনা ঠাইত বামুন-আহোম হৈছে , অসমীয়া হোৱা নাই । আমি এটা সপোনহীন জাতিলৈ পৰিণত হৈছো । মধ্যবিত্ত জাতিটো সুবিধাবাদী হৈছো । আমাক এটা ভাল ঘৰ আৰু এখন ভাল গাড়ী লাগে । জাতীয় সংগঠনবিলাকৰো credibility lose হৈছে । আমি দিল্লীত যাওতে বহু সাংসদে কৈছিল ট্ৰিপল তালাক আৰু CAB নাহে । বিজেপিয়ে কেবল ভোটৰ স্বাৰ্থত CAB  আনিম বুলি কৈ নানিলে ।
ৰাজনীতি অসম:   CAB টো  ইচ্ছ্যু নহ’ল  CABৰ ফলত কংগ্ৰেছ লোকচানৰ সন্মুখীন হোৱা নাই  জানো ?
হাইদৰ হুছেইন : বঙালী হিন্দুৱে এনেও কংগ্ৰেছক ভোট নিদিয়ে । বৰাকত অবশ্যে কংগ্ৰেছে CAB ৰ সমৰ্থন কৰিবলৈ বাধ্য । নহ’লে তাত তেওঁলোকে মিটিংএ কৰিব নোৱাৰে । এতিয়া এন.আৰ.চিও বিজেপিয়ে হ’ব নিদিয়ে । আগতে  CAB আনিব । জাতীয় সংগঠনবিলাকেও নিজৰ ভূমিকা পালন কৰিব পৰা নাই ।
ৰাজনীতি অসম:  সভাপতিৰ চৰ্তত অখিল গগৈ কংগ্ৰেছত যোগদান কৰাৰ কথা পেপাৰত ওলাইছে। আপুনি এই বিষয়ে কিবা জানে নেকি?
হাইদৰ হুছেইন : পেপাৰত ওলোৱা সকলো কথাটো সচাঁ নহয়। মই নাভাবো তেনেকুৱা কিবা এটা হ’ব। তেওঁক সভাপতি দিলেই যেনিবা , বাকী কংগ্ৰেছীবিলাকে তেওঁক কিয় মানিব?
ৰাজনীতি অসম:  দিল্লীত কাৰ চৰকাৰ আহিব?
হাইদৰ হুছেইন : দেশত পুনৰ NDA ৰ চৰকাৰ হ’ব । কিন্তু দ্বিতীয়বাৰ চৰকাৰ গঠন কৰাৰ পিছত তেওঁলোকৰ পতনপৰ্ব আৰম্ভ হ’ব বুলি ভাবো । ভাৰতৰ নিচিনা বৈচিত্ৰ্যপূৰ্ণ দেশত আমি তেনেকৈ যোগ্য প্ৰধানমন্ত্রী নাপালো । যিয়ে প্ৰধানমন্ত্রী নহওক লাগে , এই বৈচিত্ৰ্যপূৰ্ণ দেশখনত সকলো মানুহে নিৰাপত্তাৰে বাস কৰিব পৰা ৰাজনৈতিক বাতাবৰণৰ সৃষ্টি হ’লে ভাল ।
ৰাজনীতি অসম: প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই নৰেন্দ্ৰ মোদীৰ বিপক্ষে কিয় প্ৰতিদ্বন্দ্বিতা নকৰিলে?
হাইদৰ হুছেইন : বাৰানসীৰ নিচিনা ঠাইত মোদী পৰাজিত হোৱাৰ কোনো সম্ভাবনা নাই । ২০২১ত কংগ্ৰেছে উত্তৰ প্ৰদেশত  প্ৰিয়ংকাক মুখ্যমন্ত্রী কৰাৰ কথা ভাবিছে । যেতিয়া গোটেই ভাৰতবৰ্ষত ‘ হৰ হৰ মোদী, ঘৰ ঘৰ মোদী ‘ ধ্বনি মুখৰিত হৈছে তেনে ক্ষেত্রত বাৰাণসীৰ নিচিনা তীৰ্থ নগৰীত মোদীক পৰাজিত কৰাতো সম্ভব নহয় ।
ৰাজনীতি অসম:  লোকসভা নিৰ্বাচনত কংগ্ৰেছে ১০০ খনৰ কম আসন পালে ৰাহুল গান্ধীৰ ভবিষ্যত কি হ’ব?
হাইদৰ হুছেইন : ৰাহুল একমাত্র বিকল্প । প্ৰিয়ংকা সভাপতি হ’লে দলটো কেতিয়াবাই survive কৰিলেহেতেন। প্ৰিয়ংকা ৰাজনীতিত অহাৰে কোনো কথা নাছিল। ক্ৰাইচিছত আহিছে। ৰাহুল গান্ধীকো ইমান আন্দাৰ এষ্টিমেট কৰা উচিত নহয়।
ৰাজনীতি অসম:  নিৰ্বাচনৰ আগত ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত এটাও সাক্ষাৎকাৰ কিয় দিয়া নাই ?
হাইদৰ হুছেইন : তেওঁটো নিজে বিচাৰি যাব নোৱাৰে , মাতিব লাগিব । বেছিভাগে চেনেলৰ এতিয়া বিজেপিৰ লগত বুজাবুজি আছে । মই ৰাহুলক মোদীৰ লগত ৰিজাব খোজা নাই । দেবতাইও অকলে নিৰ্বাচন জিকাব নোৱাৰে । সকলো এটা system ৰ মাজেৰে চলে ।
ৰাজনীতি অসম:  অসম গণ পৰিষদ , AIUDF ৰ ভবিষ্যত কি বুলি ভাবে ?
হাইদৰ হুছেইন :আবেগিক ভাবে আমাৰ জাতিটো থানবান হৈছে। মই ভাবো মুছলমানৰ সমস্যাটো হিন্দুসকলে বুজিব লাগিব। তেতিয়াহে সমাধান হ’ব । মুছলমান প্ৰধান দল এটা বেছি দিন বাছি থাকিব নোৱাৰে । কংগ্ৰেছে ৪৭ জন সাংসদ লৈ প্ৰাসংগিক হৈ আছে । এ.আই.ইউ.দি.এফে ২ জন সাংসদ লৈ কিমান দিন প্ৰাসঙ্গিক হৈ থাকিব ? মুছলমানে মুছলমানৰ স্বাৰ্থত দলটো ত্যাগ কৰিব !
ৰাজনীতি অসম: CAB ৰ বিৰোধীতা কৰিও তেওঁলোকে পঞ্চায়তত ভাল ফল কৰিব নোৱাৰিলে ।অগপৰ কি হ’ব ?
হাইদৰ হুছেইন : বিৰোধীতা কৰিলেই ভোট নাপায় । ভোট সম্ভাবনাৰ ওপৰত। অগপৰ CAB ৰ ওপৰত স্হিতি সন্দেহজনক আছিল ।
ৰাজনীতি অসম: ইংৰাজী বা হিন্দী জনাটো লোকসভাৰ টিকট পোৱাৰ মাপকাঠি হয়নে ?
হাইদৰ হুছেইন : ধাৰণাৰ পৰিবৰ্তন হৈছে। মমতা বেনাৰ্জী হিন্দী বা ইংৰাজী নজনাকৈ ৰেলমন্ত্রী হৈছিল ।  উত্তৰ ভাৰতৰ বহুতে ভুল ইংৰাজী কয়। আমাৰ অসমৰ  বহুতে  হীনমান্যতাত ভুগে। বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যসভাত ভালকৈ  ভাষণ দিছিল ,ভঙা ভঙা হিন্দীত ।  ৰক্তত যদি দেশপ্ৰেম প্ৰবাহিত হয়, স্বতঃস্পূৰ্তভাবে মানুহে বুজাকৈ কথা কব পাৰিব ।
ৰাজনীতি অসম:  হিমন্ত বিশ্ব শৰ্মাই  টিকট নোপোৱাৰ কাৰণ আৰু ভবিষ্যতে কেন্দ্ৰত যোৱাৰ সম্ভাবনা কি?
হাইদৰ হুছেইন : এয়া তেওলোকৰ দলৰ কথা । হিমন্ত মোৰ গাওঁৰ মানুহ , মোক দাদা বুলি মাতে । তেওঁ অসমৰ  ক্ষমতাশালী নেতা । তেওঁ কেন্দ্ৰত গ’লে অসমৰ লাভ লোকচানতকৈও তেওঁৰ লাভ হ’লহেতেন। সৰ্বভাৰতীয় পৰ্যায়ত তেওঁ স্বীকৃতি পালেহেতেন। হিমন্তই নিজৰ বুদ্ধিমত্তাৰে নিজক অপৰিহাৰ্য কৰি তুলিব জানে । এতিয়া কথা হ’ল দিল্লীত তেওঁ নিজকে অপৰিহাৰ্য কৰি তুলিব পাৰে নে নাই। কেন্দ্ৰত মানুহৰ অভাব হোৱা নাই । মোদী-শ্বাহৰ দয়াপ্ৰাৰ্থী, আৰ.এছ.এছৰ লগত ভাল সম্পৰ্কও হ’ব লাগিব।

ৰাজনীতি অসম: হিমন্ত বিশ্ব শৰ্মা কেতিয়াবা অসমৰ মুখ্যমন্ত্রী হব পাৰিব বুলি ভাবেনে?                               হাইদৰ হুছেইন : এই ৰাজনীতিত অসম্ভৱ বুলি একো নাই ; আছুৰ সভাপতি থাকোতে কোনেনো ভাবিছিল সৰ্বানন্দ মুখ্যমন্ত্রী হ’ব বুলি। আছুৰ সভাপতি মানেইতো দিল্লীক গালি দিয়া ।

ৰাজনীতি অসম:  ২০১৪ চনৰ ৰাজ্যসভা নিৰ্বাচনত আপুনি পৰাজিত হৈছিল । ৫ বছৰ পিছত সেই ঘটনাটোৰ পষ্ট মৰ্তেম আপুনি কেনেদৰে কৰিব?
হাইদৰ হুছেইন : পষ্ট মৰ্টেম মই কৰা নাই , কাৰণ মোৰ কোনো আক্ষেপ নাই ।মোৰ প্ৰথমতে খেলাৰ ইচ্ছা নাছিল । বহু নেতাই মোক অনুৰোধ কৰিলে । সঞ্জয় সিং এজন কলংকিত নেতা । হত্যাৰ কেচত তেওঁ ২১ বছৰ ক’ৰ্টলৈ গৈ আছে। মই জিকাৰ বাবে খেলা নাছিলো । সঞ্জয় সিং যাতে বিনা প্ৰতিদ্বন্দ্বিতাত জিকিব নোৱাৰে সেইবাবে খেলিছিলো । মই এক পইছা খৰছ কৰা নাই, ৰাইজে মোক সমৰ্থন কৰিছিল । মন্দিৰৰ পৰা ফোন কৰে, মছজিদৰ পৰা ফোন কৰে । সেইবাবে তেওঁলোকে ক্ৰচ ভোটিং কৰিব নোৱাৰিলে । নিজৰ ভোটতো কেঞ্চেল কৰালে । বিজেপিৰো এজন থকা বুলি শুনিছিলো । পদ্ম হাজৰিকাৰ ভোট কেঞ্চেল হোৱা সকলোৱে দেখিছেই ।