ধন্যবাদ অসম…

3253

ৰাষ্ট্ৰহীতৰ মহৎ উদ্দেশ্য আগত ৰাখি জন্ম দিয়া ‘ৰাজনীতি অসম’ৰ প্ৰথম খণ্ড প্ৰকাশ পাইছিল যোৱা ৰঙালী বিহুৰ সময়ত। ৰাজনীতিৰ লগত জৰিত বিভিন্ন বিষয়ৰ নিৰপেক্ষ বিশ্লেষণ আমি ৰাইজৰ আগত ডাঙি ধৰিবৰ প্ৰয়াস কৰিছিলো। অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল মহন্তৰ সাক্ষাৎকাৰ, কনকসেন ডেকা আৰু প্ৰফুল্ল কলিতা ডাঙৰীয়া আদিকে ধৰি অসমৰ বহুকেইজন বুদ্ধিজীবীৰ লেখনিৰে সম্বৃদ্ধ আছিল ‘ৰাজনীতি অসম’ ৰ প্ৰথম খণ্ড।

‘ৰাজনীতি অসম’লৈ অসমৰ ৰাইজে ব্যাপক সহাৰি জনাইছে। আমাৰ প্ৰথম খণ্ডই ২৭,০০০ হিট ইতিমধ্যে অতিক্ৰম কৰিছে। অসমৰ লগতে ভাৰতৰ অন্যান্য ৰাজ্যত থকা অসমীয়া সকলেও ‘ৰাজনীতি অসম’ৰ লগত যুক্ত হৈছে। ভাৰতৰ বাহিৰৰ যেনে আমেৰিকা, লণ্ডন, পেৰু, চৌদি আৰব আদিত থকা অসমীয়া সকলেও ‘ৰাজনীতি অসম’ পঢ়িছে।

আমি সকলোলৈকে আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আমি কথা দিছো যে প্ৰতি মাহৰ প্ৰথম তাৰিখে ‘ৰাজনীতি অসমে’ এটা নতুন খণ্ড লৈ আপোনালোকাৰ সন্মুখত উপস্থিত হ’ব।

আমি ৰাইজৰ পৰা বহু চিঠি পাইছো। তাৰে দুখন চিঠি তলত প্ৰকাশ কৰা হ’ল।

“ৰাজনীতি অসম” আৰু অসমত এনে ই-আলোচনীৰ প্ৰাসংগিকতা-এক পৰ্যালোচনা…..বুবুল ঠাকুৰীয়া, মিৰ্জা

অসমত বাতৰি কাকত আৰু আলোচনীৰ সংখ্যা কম নহয়!কিন্তু ৰুচিসন্মত আৰু পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা বাতৰি কাকত বা আলোচনীহে সংখ্যাত তাকৰ।এখোপ আগুৱাই গৈ নৱ-প্ৰজন্মৰ কাষ চাপিবলৈ প্রায় সংখ্যক আলোচনী বা বাতৰি কাকতে অনলাইত পঢ়িব পৰাও ব্যৱস্থা কৰিছে।কিন্তু অসমত এইবোৰৰ ও চাহিদা কম অর্থাৎ নগণ্য সংখ্যকেহে পঢ়ে!বৰ্তমান অসমত প্রায় ১৩ খন মানহে ই-আলোচনী আছে বিভিন্ন বিভাগৰ যেনে মনোৰঞ্জন,শিশু কেন্দ্ৰীক, স্বাস্থ্য কেন্দ্ৰীক ইত্যাদি।কিন্তু কেইজনমান সাহসী যুৱকৰ প্ৰচেষ্টাত ব্যতিক্ৰম বিষয় এটাত এখন ই-আলোচনী উলিয়াই পাঠকক এক ব্যতিক্ৰমী সোৱাদ দিব বিচৰা আলোচনী খনেই হ’ল “ৰাজনীতি অসম”।যত থাকিব অসমৰ লগতে সমগ্ৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৰাজনৈতিক সমীকৰণবোৰৰ এক নিৰ্মোহ পৰ্যালোচনা আৰু সূক্ষ্ম পৰ্যবেক্ষণ।ই আমাৰ বাবে নিঃসন্দেহে এক ভাল খবৰ।এই ই-আলোচনী খন অসমৰ পৰা প্ৰকাশিত প্ৰথম এনে বিষয়ৰ আলোচনী।অসমৰ বহু আলোচনী বা বাতৰি কাকত কেতিয়াও নিৰপেক্ষ নহয় যদিওবা তেওঁলোকে কয় ৰাইজৰ পক্ষত থাকি সেৱা আগবঢ়াই নিয়াৰ কথা!কিন্তু এইটো গোকাট মিছা কথা!কোনোৱে চৰকাৰী পক্ষৰ হৈ আৰু কোনোৱে চৰকাৰী পক্ষৰ বিৰুদ্ধেহে কেৱল খবৰ প্ৰচাৰ কৰে!এই ক্ষেত্ৰত “ৰাজনীতি অসম” ব্যতিক্ৰম হব বুলি আশা কৰিব পাৰি।চালুকীয়া অৱস্থাত থকা আলোচনী খনে খুব সতৰ্কতাৰে আগবাঢ়িলে নিঃসন্দেহে এইখন অসমৰ এখন জাকত-জিলিকা ই-আলোচনী হৈ উঠিব।অসমৰ ৰাজনৈতিক ক্ষেত্ৰ খনৰ নেতাবোৰৰ কাম-কাজ আৰু উন্নয়নৰ দিশবোৰৰ সঠিক পৰ্যালোচনা কৰাৰ লগতে যুৱ-প্ৰজন্মৰ গঠনমূলক দিহা-পৰামৰ্শৰে আগবাঢ়িলে আলোচনী খনে এক বুজাব নোৱাৰা অভাৱ পূৰণ কৰিব বুলি আশা কৰিব পাৰি।কিয়নো ৰাজ্যৰ তথা দেশৰ মুঠ ভোটাৰৰ সৰহ সংখ্যকেই যুৱ-ভোটাৰ যিয়ে আজিৰ দিনত বিবেকেৰে ভোটদান কৰে।তেওঁলোকৰ প্ৰচেষ্টাত নিৰক্ষৰ লোকেও সঠিক প্ৰাৰ্থীক ভোটদান কৰিব পাৰে।গতিকে এক কথাত কবলৈ হলে এনেকুৱা ৰাজনৈতিক ই-আলোচনী এখনে বৰ্তমান সময়ৰ চাহিদা পূৰণ কৰিব বুলি আশা কৰিয়েই হয়তো আলোচনী খনৰ জন্ম দিয়া হ’ল।এইখন সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ ই-আলোচনীৰ ক্ষেত্ৰখনত এক মাইলৰ-খুঁটি হৈ ৰওঁক,তাৰেই শুভ-ইচ্ছাৰে।।

All The best… Nabajyoti Deka, United States of America

This is a nice step to spread political and social awareness to people of Assam. Hope this will throw positive lights so that voters will not find any difficulty to choose the right political leaders. Hope the articles to be unbiased and provide clear and right  political insides.
I wish good luck to ‘Rajniti Axom’ team to accomplish the purpose of this moral journey…