নগা সকল কেনেকৈ হিন্দুৰ পৰা খৃষ্টান হ’ল?

1637
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


নৰেন্দ্ৰ মোদীয়ে ডিঙিত অসমীয়া গামোচা ল’লে প্ৰতিজন অসম বাসী বা উত্তৰপুৱ বাসীৰ মনবোৰ ফুলি উঠে । কাৰণ দেশৰ প্ৰধানমন্ত্ৰী জনে দিল্লী , চেন্নাই বা গুজৰাটত থকা সময়ছোৱাতো গামোচা খন লোৱাটো অতি গৌৰৱৰ কথা । প্ৰধান মন্ত্ৰী জনে গামোচা খন ল’লে আগস্থান দিয়া বুলি ভৱাতকৈ উচিত স্থান দিয়া বুলি হে ক’ব পাৰি । অসম ভাৰতৰ অংগ , সাধাৰণ অংগ নহয় মাত্ৰ । ভাৰতীয় সংস্কৃতিৰ প্ৰৱাদ পুৰুষ শ্ৰীকৃষ্ণই বিয়া কৰাইছিল কুণ্ডিল নগৰ ( বৰ্তমানৰ সদিয়া) ত । অৰ্জুনৰ পত্নী আছিল উলুপি নগা পাহাৰৰ । অৰ্জুনৰ পু্ত্ৰ বব্ৰুবাহন আছিল বৰ্তমান সময়ৰ মনিপুৰৰ । মহাভাৰত , পুৰাণত উত্তৰ পুৱৰ বিশেষ অৰিহণা আছে । আধুনিক কালত এইখন উত্তৰ পুবৰ পৰা জীন্নাই চিলেট , চট্টগ্ৰাম কাটি লৈ গ’ল । গণভোটৰ ব্যৱধান আছিল মাত্ৰ ১০% ভোট । বৰ্তমানৰ ভাৰতৰ ৰাজনৈতিক মানচিত্ৰত অসম ভুখণ্ডই হৈছে শেষ অঞ্চল । সেয়ে ভাৰতৰ ৰাজনীতি , অৰ্থনীতি , হিন্দু সংস্কৃতিত অসমৰ স্থান আন প্ৰদেশতকৈ কোনো গুণে কম নহয় । নৰেন্দ্ৰ মোদীৰ পুৰ্বৰ নেতা সকলে অসমৰ গৰীমা উপলব্ধি কৰিব পৰা নাছিল , আৰু প্ৰধানমন্ত্ৰী জনে উত্তৰ পূৱৰ এই অঞ্চলটোৰ লগত দিল্লী( হস্তিনাপুৰ) ৰ সম্পৰ্কৰ কথা জানে । চিলেট গণভোটত হিন্দুৱে পাকিস্তানৰ বিপক্ষে ভোট দিয়াটো আছিল অপৰাধ । ত্ৰিপুৰা , পশ্চিম বংগলৈ বহু হিন্দু পলায় আহিল । প্ৰায় ৩০ লাখ হিন্দুৱে বংগ আৰু উত্তৰ পুবৰ বিভিন্ন অংশত আশ্ৰয় ল’লে আৰু প্ৰায় পাঁচ লাখ মানুহক পুব পাকিস্তানত( বৰ্তমানৰ বাংলাদেশ) হত্যা কৰা হ’ল ।
সেই সময়ত ভাৰতৰ বিভিন্ন কাকতৰ সাংবাদিক সকলে পুব পাকিস্তানত কাম কৰি আছিল । ২ মাৰ্চ ১৯৫০ চনত নেহেৰুৱে এক আদেশ মৰ্মে প্ৰেছৰ ওপৰত নিষেধাজ্ঞা আনে আৰু মিডিয়াই খৱৰ প্ৰচাৰ কৰাৰ ওপৰত বাধা প্ৰদান কৰা হ’ল ।থিক স্বাধীনতাৰ আগৰ নোৱাখলি নৰসংহাৰ সময়ত কাকতৰ ওপৰত বাধা নিষেধ অনাৰ পুনৰাবৃত্তি কৰা হ’ল ।
পাকিস্তানৰ প্ৰধান মন্ত্ৰী লিয়াকত আলি আৰু নেহেৰুৰ মাজত আলোচনা হয় দিল্লীত । দুয়োখন দেশে নিজৰ নিজৰ দেশত থকা সংখ্যালঘুৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়াৰ চুক্তি কৰে __নেহেৰু-লিয়াকত চুক্তি । নেহেৰু এ সফলতাৰ ঢোল বজায় আৰু লিয়াকত আলিয়ে দিল্লী ভ্ৰমণ কৰি পাকিস্তান ঘুৰি যায় । সাৱৰকৰ , ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু হিন্দু মহাসভাৰ নেতা -কৰ্মীক গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰা হ’ল । পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বিপক্ষে মন্তব্য দিয়া আৰু হিন্দুৰ সুৰক্ষা দাবী কৰাটো আছিল অপৰাধ ।

পুব -পাকিস্তাৰ পৰা পলায় হিন্দুৱে আশ্ৰয় লৈছিল ত্ৰিপুৰা , বংগ বা অসমত ; আনহাতে কৰাচী , সিন্ধৰ পৰা পলায় অহা সিন্ধী সকলে আশ্ৰয় লৈছিল মহাৰাষ্ট্ৰত । সাৱৰকৰে ভাৰতৰ নেতা সকলক সাৱধান বানী শুনাইছিল , যেতিয়া মুছলীম লীগৰ প্ৰৰোচনাত ১৯৩৬ চনত বোম্বে প্ৰভিন্সৰ পৰা সিন্ধক পৃথক কৰি স্বতন্ত্ৰ প্ৰভিন্সৰ মৰ্যদা দিয়া হৈছিল । সাৱৰকৰে এই পৃথক কৰা প্ৰক্ৰিয়াটোক বিৰোধ কৰিছিল বাবে সিন্ধৰ নেতা সকলে সাৱৰকৰক সমালোচনা কৰিছিল । মাৰাঠী গৌৰৱ আৰু মুছলমানৰ প্ৰতি ঘৃণা থকা বুলি জনপ্ৰিয় সিন্ধী নেতা ঘনশ্যাম মলানী আৰু জয়ৰাম ডউলতৰামে মুকলি মন্তব্য কৰিছিল । সিন্ধী হিন্দু -মুছলীম ভাই ভাই , একে মুখৰ ভাষা , একে সংস্কৃতিৰ সিন্ধী সকলে সিন্ধক বোম্বেৰ পৰা পৃথক কৰিবলৈ পায় সুখী হৈছিল । মাত্ৰ ১০-১২ বছৰ পিছতেই মুম্বাইত যেতিয়া মাৰাঠী মানুহে সিন্ধী সকলক আশ্ৰয় দিলে তেতিয়া সাৱৰকৰে কৈছিল , ” আপোনালোক ভাৰতলৈ আহিছে , পুণ্য ভুমি ভাৰতত অহাৰ বাবে কৃতজ্ঞ , কিন্তু ভাই-ভাইৰ শ্লোগানবোৰ বুজি পোৱা হেঁতেন আজি আপোনালোকৰ এই অৱস্থা নহ’লহেঁতেন ।”
অতি দুখেৰে তেওঁ কৈছিল , ” এতিয়া আপোনালোকে মোৰ লগত জানো সম্পৰ্ক কৰিব ? মই ভাৰতক লৈ একো কৰিব লগা নাই এই সময়ত , আপোনালকৰ প্ৰভিন্সক লৈ ও একো কৰাৰ উপায় নাই ।মোৰ মৃতদেহ দাহ কৰিবলৈ মাত্ৰ ছয় ফুট আধা ইন্সি ঠাই পালেই হ’ল । এতিয়া আপোনালোকে যিখিনি পাইছে সেইখিনি সুৰক্ষা দি ৰাখিব লাগিব ।”
সাৱৰকৰে কৈছিল__বৃটিছক খেদি পঠিওৱা হ’ল । কিন্তু এতিয়া ভাৰতে পুনৰ এক অগ্ৰাসণৰ সন্মুখিন হৈছে ___খ্ৰীষ্টান মিছনেৰীৰ অগ্ৰাসন ।
সাৱৰকৰে নেহৰুৰ উত্তৰ পুব ( অসম , নাগালেণ্ড ইত্যাদি) নীতিক তীব্ৰ সমালোচনা কৰিছিল । খ্ৰীষ্টান মিছনেৰীয়ে একামত্ৰ ধৰ্ম সলনি নকৰে , সিহঁতে নাগৰিকত্বও সলনি কৰে । ভেৰিয়াৰ এলৱিন , আছিল জৱাহৰলাল নেহেৰুৰ ট্ৰাইবেল বিষয়ৰ পৰামৰ্শদাঁতা । এলৱিন নিজেই আছিল এজন মিছনেৰী আৰু নৃতত্ববিদ । জনজাতি লোক সকলক তেওঁ পৃথক কৰি ৰাখি ধৰ্মান্তৰ কৰাৰ স্বাৰ্থত এক বিশেষ ভুমিকা লৈছিল । তেতিয়াৰ দিনত অসমৰ লগতে থকা নগা পাহাৰৰ দায়িত্ব দিয়া হৈছিল চাৰ ৰেজিনাল্ড কপলেণ্ড নামৰ আন এজন ইংৰাজক ,তেওঁ আছিল অক্সফোৰ্ড বিশ্ব বিদ্যালয়ৰ অধ্যাপক । নগা পাহাৰৰ কাৰণে পৃথক আইন প্ৰনয়ণ কৰি ভাৰতৰ আন ঠাইৰ মানুহৰ লগত যোগাযোগ বিচ্চিন্ন কৰাত সফল হয় আৰু সেই সুবিধা খ্ৰীষ্টান মিছনেৰী সকলে মুক্ত ভাবে কাম কৰিবলৈ ল’লে ।
সংবিধানৰ নীতিৰ আওতাত নগা পাহাৰৰ অনগ্ৰসৰতাৰ সুযোগ লৈ মিছনেৰী সকলে নগালেণ্ডত ধৰ্মান্তৰ আৰম্ভ কৰি দিলে ।নেহেৰুৱে ধৰ্মৰ আধাৰত দেশ বিভাজনৰ বিভিষিকা দেখাৰ পিছতো কেনেকৈ নগাসকলক মিছনেৰীৰ হাতত এৰি দিব পাৰিছিল সেইয়া সাঁথৰ হৈ থাকিব । ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে নিজৰ পিতৃৰ কৰ্মৰাজীৰ ওপৰত সম্পাদনা কৰা ‘পিতা’ নামৰ পুথি খনত উল্লেখ আছে যে নগাসকল হিন্দু আছিল । কিতাপ খনৰ ১৩৭ নং পৃষ্ঠাৰ প্ৰকাশ পোৱা নিবন্ধটোৰ নাম দিছে ‘সেই সময়ত নগা সকল হিন্দু ধৰ্মী আছিল ‘ । আৰু সেই সময়ছোৱা আছিল স্বাধীনতাৰ একেবাৰে পিছৰ যিটো সময়ত তেওঁৰ পিতৃ গণেশ চন্দ্ৰ দেৱ চৌধুৰীয়ে নগা পাহাৰত শিক্ষকতা কৰিছিল । সাৱৰকৰে আজিৰ পৰা ৭০ বছৰ আগতেই উল্লেখ কৰিছিল যে ধৰ্ম সলনিয়ে নাগৰিকত্ব সলনি কৰিবলৈ প্ৰৰোচিত কৰে , নগালেণ্ডৰ বিগত সময়ছোৱাৰ আন্দোলনৰ ইতিহাসে প্ৰমাণিত কৰে সাৱৰকৰৰ নেহেৰু সমালোচনাৰ যুক্তিযুক্ততা ।