মন্ত্রীসভাত নতুন মুখ

8339

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


২ মেৰ নিৰ্বাচনী ফলাফল ঘোষণা এটা আনুষ্ঠানিকতা মাত্র। প্ৰচণ্ড ধৰ্মীয় মেৰুকৰণ হোৱা অসম বিধানসভা নিৰ্বাচনত উজনি আৰু উত্তৰ অসম চুইপ কৰি বিজেপি মিত্রজোঁটৰ চৰকাৰ গঠন হোৱা নিশ্চিত। আশা কৰা মতেই বৰাক, ধুবুৰী আৰু বৰপেটা জিলাত মহাজোঁটে ভাল প্ৰদৰ্শন কৰিব। কিন্তু ই চৰকাৰ গঠন কৰাৰ বাবে যথেষ্ট নহয়। জনিয়াত জয়ী হোৱা মহাজোঁটে যোৰহাট আসন লাভ কৰিব বুলি কৰা সপোন বাস্তবসন্মত নহয়। তেনেদৰে বাঘবৰত অপ্ৰিৰোধ্য কংগ্ৰেছে তিতাবৰত কিন্তু অসুবিধাৰ সন্মুখিন হ’ব। তেনে ক্ষেত্রত অসমত পুনৰ বিজেপিৰ চৰকাৰ হোৱাটো অবধাৰিত। ইতিমধ্যে ৰাইজৰ মাজত আগন্তুক মন্ত্রীসভাক লৈ ব্যাপক জল্পনা কল্পনা আৰম্ভ হৈছে। মিত্রজোঁটৰ সমান্তৰালকৈ মহাজোঁটৰ সম্ভাব্য মন্ত্রীসভাৰ তালিকা আজি চ’চিয়েল মিডিয়াত বিভিন্নজনে প্ৰকাশ কৰিছে। আমি পোৱা খৱৰ অনুসৰি এইবাৰ মন্ত্রীসভাত স্থান লাভ কৰিব কেইবাখনো নতুন মুখে। ইয়াৰ প্ৰথমজন হ’ল সভাপতি ৰঞ্জিত দাস। এইবাৰ তৃতীয়বাৰলৈ বিধানসভাত প্ৰবেশ কৰিব ৰঞ্জিত দাসে। বিজেপিৰ পুৰণি কৰ্মী হিচাপে মন্ত্রীসভাত স্থান নিশ্চিত ৰঞ্জিত দাসৰ। অবিভক্ত বৰপেটা জিলাৰ Quota ত ৰঞ্জিত দাসক গুৰুত্বপূৰ্ণ দপ্তৰ দিয়া হ’ব পাৰে। নামনি অসমৰ আন এখন নতুন মুখ হ’ব জয়ন্ত মল্ল বৰুৱা। কা আন্দোলনৰ সময়ত বিজেপিৰ সপক্ষে সবল পক্ষ লোৱা বৰুৱাৰ মন্ত্রী সভাত স্থান নিশ্চিত। বাকপটু বৰুৱাক নতুন কেবিনেটত মৰ্যাদা সহকাৰে স্থান দিয়া হ’ব। ইয়াৰ লগে লগে মন্ত্রীত্বৰ দৌৰত পিছ পৰিল নলবাৰী জিলাৰ আন এজন সম্ভাব্য বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী। মন্ত্রীত্বৰ দৌৰত থকা আন এজন বিধায়ক হ’ল ধেমাজিৰ ৰনোজ পেগু। মিচিং সম্প্ৰদায়ৰ পৰা পেগুক স্থান দিয়াৰ লগে লগে নৱ দলেৰ বিদায় আসন্ন। অবিভক্ত শোণিতপুৰ জিলাৰ পৰা কোন মন্ত্রী হ’ব তাক লৈও আলোচনা আৰম্ভ হৈছে। ৰঞ্জিত দত্ত পুনৰ মন্ত্রী হোৱাৰ সম্ভাবনা ক্ষীণ। তেনে ক্ষেত্রত এই অঞ্চলৰ পৰা পদ্ম হাজৰিকাৰ নামকলৈ চৰ্চা হৈছে। তেনেদৰে বিজেপিৰ পুৰণি বিধায়ক প্ৰশান্ত ফুকনৰ নামকলৈও গুণা গঠা চলিছে। এইবাৰ জয়ী হ’লে চতুৰ্থবাৰৰ বাবে বিধায়ক হ’ব প্ৰশান্ত ফুকন। অৰ্থাৎ পৰিমল শুক্লবৈদ্যৰ পিছতে বিজেপিৰ জ্যেষ্ঠ বিধায়ক। যোৱাবাৰ মহিলা মন্ত্রী আছিল একমাত্র প্ৰমিলা ৰাণী ব্ৰহ্ম। এইবাৰ বিজেপিৰ পৰা জয়ী হ’ব পৰা বিধায়িকা হ’ল অজন্তা নেওগ, নন্দিতা গাৰ্লোছা,সুৰভি ৰাজকুমাৰী আৰু সুমন হৰিপ্ৰিয়া। অভিজ্ঞতাৰ ভালৰ পৰা চাব গ’লে অজন্তা নেওঁগৰ ভাল দিন আহিব যেন অনুমান হ’য়। ইউ.পি.পি.এলৰ ফালৰ পৰা উৰ্খাও গৌৰা ব্ৰহ্ম আৰু গোবিন্দ বসুমটাৰীৰ নাম নতুন মন্ত্রীসভাৰ বাবে বিবেচিত হ’ব। ইয়াৰ উপৰিও যি আন নতুন মুখক লৈ চৰ্চা চলিচে তেওঁলোক হ’ল বিশ্বজিত দৈমাৰী,হিতেন্দ্ৰ নাথ গোস্বামী, প্ৰমোদ বৰঠাকুৰ, শিবু মিশ্ৰ, ভাস্কৰ শৰ্মা আৰু মৃণাল শইকীয়াৰ। বিজেপিয়ে যদি বড়ো, বঙালী হিন্দু (ব্ৰহ্মপুত্র উপত্যকা )আৰু নেপালী সম্প্ৰদায়ক নিজৰ কোটাৰ পৰা স্থান দিব বিচাৰে তেন্তে বিশ্বজিত দৈমাৰী, শিবু মিশ্ৰ আৰু ভাস্কৰ শৰ্মাৰ বিকল্প নাই। ২ মেৰ পিছত সকলো স্পষ্ট হ’ব যদিও বিধায়ক সকলৰ মাজত ইতিমধ্যে মন্ত্রীত্বকলৈ লবী আৰম্ভ হৈ গৈছে।