নতুন সভাপতিঃ ৰাইজৰ ভোট তাছা আৰু গৌৰৱৰ পক্ষত

1028

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই নতুন সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস কেবিনেটত অন্তৰ্ভুক্ত হোৱাৰ পিছত ‘এজন ব্যক্তি এটা পদ’ৰ নীতিত বিজেপিৰ নতুন সভাপতি নিৰ্বাচিত হোৱাটো ধুৰুপ। নিৰ্বাচনত পৰাজয়ৰ পিছত কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই হাইকামাণ্ডলৈ পদত্যাগ পত্র প্ৰেৰণ কৰিছে। কংগ্ৰেছৰ সভাপতি সলনি হোৱাটোও খাটাং। ৰাজনীতি অসমৰ যোৱা খণ্ডত আমি প্ৰশ্ন কৰিছিলো_ কোন হ’ব বিজেপি আৰু কংগ্ৰেছৰ পৰবৰ্তী সভাপতি। ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই বিজেপিৰ সভাপতিৰ বাবে সৰ্বাধিক ৪৪.৪% ভোট লাভ কৰে। ১৬. ৭% ৰাইজৰ মতে ৰঞ্জিত দত্ত হ’ব পাৰে বিজেপিৰ সভাপতি। ১১.১% ৰ মতে আকৌ সভাপতি পদত অধিস্থিত হ’ব পাৰে পূৱ গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ কুমাৰ ভট্টাচাৰ্য্য। ৫.৬% ৰাইজে মৃণ‍াল শইকীয়া আৰু ২২.২% ৰাইজে অন্যৰ সপক্ষে মতদান কৰে। অন্যৰ সপক্ষে মতদান কৰা বহু লোকৰ পচন্দ দিলীপ শইকীয়া বুলি কমেন্ট বক্সৰ জড়িয়তে জনা গৈছে।
আনহাতে ৫০% ৰাইজৰ মতে নতুন কংগ্ৰেছ সভাপতিৰ আসনত বহিব কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ। ৩৩.৩%ৰ মতে প্ৰদ্যুত বৰদলৈ আৰু ১১.১% লোকৰ মতে দেবব্ৰত শইকীয়া হ’ব পাৰে নতুন সভাপতি। ৫.৬% লোকে অন্যৰ সপক্ষে মতদান কৰে।
ৰাইজৰ মতামতৰ পৰা স্পষ্ট যে বিজেপিৰ নতুন সভাপতি কামাখ্যা প্ৰসাদ তাছা হোৱাৰ পূৰ্ণ সম্ভাবনা আছে। বিজেপিৰ মুখ্যমন্ত্রীজন সাধাৰণ বৰ্গৰ নামনি অসমৰ , বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ দুজন জনজাতীয় সম্প্ৰদায়ৰ হ’ল। তেনে স্থলত সভাপতিজন চাহ জনজাতিৰ পৰা  নিৰ্বাচিত কৰাৰ পূৰ্ণ সম্ভাবনা আছে। চৰ্চা চলিছে ৰঞ্জিত দত্তৰ কথাও। পিছে সকলোকে আচৰিত কৰি বিজেপিয়ে তৃতীয় কোনো লোককো সভাপতিৰ বাবে নিৰ্বাচন কৰিব পাৰে।
দেবব্ৰত শইকীয়াক বিৰোধী দলপতি হিচাপে নিৰ্বাচিত কৰাৰ পিছত সভাপতি পদৰ বাবে প্ৰদ্যুত বৰদলৈ বা গৌৰৱ গগৈৰ বিকল্প নাই। যদিও ৰাইজৰ অনুমানমতে গৌৰৱ সভাপতি হ’ব লাগে তথাপিও ই ইমান সহজ হৈ থকা নাই। বিৰোধী দলপতি আৰু সভাপতি দুয়োজন আহোম সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত নকৰিবও পাৰে। সেই ফালৰ পৰা চাব গ’লে প্ৰদ্যুত বৰদলৈ কিছু আগবাঢ়ি থকা যেন অনুমান হয়।