নতুন সমষ্টি বিচাৰি হাবাথুৰি খাইছে আংগুৰলতাই

9908

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২০১৬ বিধানসভা নিৰ্বাচনত অপ্ৰত্যাশিতভাবে বটদ্ৰবা সমষ্টিৰ পৰা টিকট লাভ কৰিছিল অসমীয়া চলচিত্রৰ অভিনেত্রী আঙুৰলতা ডেকাই। সন্মুখত আছিল ডাঙৰ প্ৰত্যাহ্বান। কংগ্ৰেছৰ প্ৰাক্তন মন্ত্রী গৌতম বৰা  আৰু এ.আই.ইউ.দি.এফৰ নাজিৰুদ্দিন আহমেদ। সংখ্যলঘু সম্প্ৰদায়ৰ বুজন সংখ্যক ভোট থকা সমষ্টিটোত নাজিৰুদ্দিনে পালে ৩৩,০২২ টা ভোট। গৌতম বৰা আৰু আঙুৰলতাৰ মাজত মুল যুঁজ খন হৈছিল ; শেষ হাঁহি মাৰিলে আঙুৰলতাই। গৌতম বৰাই ৪০,৪৫৮ টা ভোট পোৱাৰ বিপৰীতে শ্ৰীমতী ডেকাই পালে ৪৬,৩৪৩ টা ভোট। জয়ী হোৱাৰ দিনৰে পৰা সংবাদ মাধ্যমৰ বিশেষ আকৰ্ষন আঙুৰলতা। মাজে মাজে মন্ত্রী পাব বুলিও খবৰ ওলায়। সদয় হাঁহি মুখে থকা মহিলা বিধায়ক গৰাকী এতিয়া আতংকিত। যোৱা লোকসভা নিৰ্বাচনৰ ফলাফলত তেওঁ বটদ্ৰবা বিধানসভা সমষ্টিৰ পৰা ৩০,০০০ ৰো অধিক ভোটত পিছ পৰিল। সেয়া খুব স্বাভাবিক আছিল কাৰণ এ.আই.ইউ.দি.এফে তাৰ পৰা প্ৰাৰ্থীত্ব নিদিলে। ২০১৬ চনৰ বিধানসভাৰ কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফৰ ভোট মিলালে তেওঁলোক প্ৰায় ২৭,০০০ ভোটত আগবাঢ়ে। এই অংকটোৱে এতিয়া আঙুৰলতাৰ চিন্তাৰ কাৰণ হৈ পৰিছে। সেই দুটা দলৰ মাজত বুজাবুজি হ’লে অহা বিধানসভা নিৰ্বাচনত তেওঁৰ জয় অসম্ভব। সেই কথা জানিয়েই আঙুৰলতাই বিকল্প সমষ্টিৰ সন্ধান আৰম্ভ কৰিছে।
প্ৰথমতে আঙুৰলতাই ভাবিছিল নিজৰ জন্ম ঠাই নলবাৰী সমষ্টিৰ কথা । বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণী শৰ্মাৰ লগত সু-সম্পৰ্কৰ সুবাদতে তেওঁ নলবাৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছিল। এই কথা জানিব পাৰি নলবাৰীৰ বিজেপি কৰ্মীসকল ক্ষোভত ফাটি পৰে। তেওঁলোকে কোনোপধ্যে আঙুৰলতাৰ প্ৰাৰ্থীত্ব মানি লবলৈ অস্বীকাৰ কৰে। নলবাৰীৰ জনপ্ৰিয় বিধায়ক অশোক শৰ্মাক প্ৰায় সকলো কৰ্মীয়ে পুনৰ টিকট দিয়াটো বিচাৰে। নাম প্ৰকাশত অনিচ্ছুক এজন কৰ্মীয়ে ক’লে যে যোৱা তিনিবছৰত বটদ্ৰবাৰ বিধায়িকা গৰাকীৰ ভায়েককে ধৰি বহুটো অঙহী-বঙহীয়ে চাকৰি পালে কিন্তু ৰাইজৰ বাবে কোনো উল্লেখযোগ্য কাম কৰিবলৈ সক্ষম হোৱা নাই। নলবাৰীত প্ৰতিবাদৰ সন্মুখীন হ’ব বুলি গ’ম পাই আঙুৰলতাই এতিয়া ‘বঢ়মপুৰ’ৰ কথা ভাবিছে। কিবাকৈ প্ৰফুল্ল মহন্তক ৰাজ্যপাল কৰি পঠাব পাৰিলেই সকলো সমস্যাৰ সমাধান হৈ যায়। অহা ডেৰ বছৰত আঙুৰলতাই ভাগ্যই কোনফালে গতি কৰে সেয়া লক্ষণীয় হ’ব।