নতুন ৰাজনৈতিক দলে নাপায় আসন

2321
  • তাৰক দাস

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


কা বিৰোধী আন্দোলনক কিছু পৰিমানে মষিমুৰ কৰিবলৈ সক্ষম হৈছে চৰকাৰে। এটা সময়ৰ কা বিৰোধী আন্দোলনৰ চোক এতিয়া নাই। তাৰকাৰ সমাবেশ, বুদ্ধিজীবী- ছাত্রনেতাৰ নিনাদেৰে কা বিৰোধী আন্দোলনে কিছুদিন তীব্ৰতা পাইছিল যদিও লাহে লাহে যেন জুইকুৰা প্ৰশমিত হ’ল। ৰাজনৈতিক দল গঠন কৰা কথাও চলিছে। মাজত মাত্র এটা বছৰ। এটা বছৰ কম সময় নহয়। ইতিহাসে দেখুৱাই গৈছে যে ডাঙৰ ডাঙৰ ৰাজপাট দিনৰ ভিতৰতে খহি পৰিছে। কিন্তু অসমৰ পৰা জন্মলবলগীয়া দলটোৱে আসন নাপায়। তাৰ কাৰণ কেইবাটাও। এই দলত নাই এজন সৰ্বগ্ৰহণযোগ্য নেতা। লুৰিণ আহিলে অখিল আতৰি যাব। চাংমাইও দাবীদাৰ। দল যেনিবা গঠন হ’ল , সভাপতিও ঠিক হ’ল। ১২৬টা সমষ্টিত টিকট কাক দিব? ছাত্র নেতা, বুদ্ধিজীবী , শিল্পী সকলক যেনিবা টিকট দিলে।  টিকট পোৱাৰ আশাত সংগ্ৰামত যোগদান কৰা সুবিধাবাদী সকল এইসময়খিনিত আতৰি যাব। ধৰি লোৱা হ’ল যেনে তেনে দল গঠন হ’ল, সভাপতিও হ’ল, টিকট বিতৰণো হ’ল। এতিয়া সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল নতুন দলটোক ভোট কোনে দিব? বৰাক , কাৰ্বী পাহাৰ আৰু বড়োভুমিত ভোট একেবাৰে নাপায়। ব্ৰহ্মপুত্ৰ উপত্যকাৰ হিন্দু বঙালী, পূৰ্ববংগীয় মুছলমানেও ভোট নিদিয়ে। হিন্দু বঙালীয়ে বিজেপিক আৰু মুছলমানে  কংগ্ৰেছ -এআইইউদিএফক ভোট দিব। মিচিং সকল, সোণোৱাল কছাৰী, চাহ জনগোষ্ঠীৰ লোকসকলেও বিজেপি এৰি নতুন দলক ভোট দিব বুলি আশা কৰিব নোৱাৰি। নামনি অসমৰ মুলসুতিৰ অসমীয়া আৰু অসমৰ হিন্দীভাষী সকলেও নতুন দলক ভোট নিদিয়ে। এনে অবস্থাত নতুন দল সিমাবদ্ধ থাকিব যোৰহাট, শিবসাগৰ আৰু গোলাঘাট জিলাত। এই তিনিখত জিলাত কংগ্ৰেছ , বিজেপি সমানে শক্তিশালী। অজন্তা নেওগ, হিতেন গোস্বামী, প্ৰদীপ হাজৰিকা, প্ৰণৱ গগৈ, তৰুণ গগৈ আদিৰ দৰে ডাঙৰ নেতাসকলৰ কেইজনক পৰাজিত কৰিব পাৰে সেইটো এটা ডাঙৰ প্ৰশ্ন। নতুন দলটোৱে এখন, দুখন বা খুব বেছি ৫ খন আসন পালেও আমি আচৰিত নহও।