আঠ লাখ ভোটত জিকিম ২০১৯ ত….

2443

অসমৰ প্ৰথম মাহেকীয়া ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নব কুমাৰ শৰণীয়া

সাক্ষাৎকাৰ গ্ৰহণ কৰে  কিশোৰ চক্ৰৱৰ্তী / পাৰ্থ প্ৰতীম লহকৰ

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসম : ৰাজনীতিৰ পথাৰখনত প্ৰবেশ কৰি আপুনি কিমান সন্তুষ্ট  ?

নব কুমাৰ শৰণীয়া: ৰাজনীতি মোৰ পেচা বা হ’বি কেতিয়াও নাছিল । পঞ্চায়ত , জিলা পৰিষদ , বিধান সভা ইত্যাদি নিৰ্বাচনৰ বিষয়ে ধাৰণা নথকা এজন মানুহে একেবাৰে সাংসদ হৈ দিল্লী পোৱা, মোৰ কাৰণে কোনো উদ্দেশ্য বা লক্ষ্য নাছিল আৰু নাই । বিশেষ পৰিস্থিতিত পৰিহে মই নিৰ্বাচনত অবতীৰ্ণ হৈছিলো । অসমক পুনৰ ভাগ কৰি পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ প্ৰক্ৰিয়াটোক বাধা দিবলৈ ৰাইজে মোক মাধ্যম হিচাপে বিচাৰিলে আৰু কোকৰাঝাৰ সমষ্টিৰ ৰাইজৰ আশীৰ্বাদত মই সাংসদ হ’লো । সাংসদ হোৱাৰ পিছত পৃথক ৰাজ্যৰ দাবীটোক স্থবিৰ কৰিব পাৰিছো বুলি ৰাইজে কৈছে আৰু সেইটো মোৰ সন্তুষ্টি ।

ৰাজনীতি অসম :           আপুনি সন্তুষ্ট বুলি ক’লে ; কিন্তু আপুনি ৰাজনেতা হিচাপে সুখী নে ?

নব কুমাৰ শৰণীয়া: পলিটিক্স যিটো দেখিছো ইয়াত সচাঁ , মিছা , প্ৰলোভন , বাক বিতণ্ডাৰ সংমিশ্ৰণ । সেয়ে মই নিজকে ৰাজনেতা বুলি কেতিয়াও নেভাবো । মই ৰাইজৰ লগত থাকি , ৰাইজৰ হৈ কাম কৰা হীৰা শৰণীয়া হৈয়ে আছো আৰু ভৱিষ্যতেও যদি এই ক্ষেত্ৰ খনত থাকো মোৰ  পৰিবৰ্তন হোৱাৰ কথা নাহে । অসমৰ জাতি মাটিক ভাল পোৱা সাধাৰণ মানুহৰ এজন হৈ থাকিব পাৰিলেই মই সুখী । নীতিগত কথাত আপোচ নকৰি পৰিস্থিতিৰ লগত খাপ খুৱাই সকলোৱে চলিব লাগিব আৰু আমিও তাৰ ব্যতিক্ৰম নহয় । আমি আলফাত থকাৰ দিনৰ পৰাই নিৰিবিলি পৰিবেশ আৰু বিতৰ্ক মুক্ত পৰিবেশত কাম কৰি ভাল পাওঁ । কিন্তু এতিয়া বিভিন্ন বিতৰ্কত সোমাব লগা পৰিস্থিতিৰ সন্মুখিন হৈছো । সেই ক্ষেত্ৰত মই সিমান সুখী নহয় । কিন্তু ৰাইজৰ লগত থাকি কাম কৰি থাকিলে সেইখিনি অনুভৱ নহয় ।

ৰাজনীতি অসম : আপুনি সাংসদ হৈ আছে যোৱা ৫ টা বছৰে । কিন্তু আপোনাৰ বাহিৰে নতুন মুখৰ অভাব হৈছে বুলি নেভাবেনে ?

নব কুমাৰ শৰণীয়া: হয় আমাৰ সাংগঠনিক ভেটি যিমান সুদঢ় হ’ব লাগিছিল সিমানখিনি হোৱা নাই । আমাৰ চেইন বা চিষ্টেম এটা গঢ়ি উঠা নাই । তথাপি মই সমষ্টিৰ সকলো স্তৰৰ মানুহক লগ কৰিব চেষ্টা কৰি আছো আৰু খুব কম সময়ৰ ভিতৰত আমাৰ সাংগঠনিক ভেটি সুদৃঢ উঠিব ।

ৰাজনীতি অসম : আপোনাৰ হাতত উন্নয়নৰ ক্ষমতা সীমিত আৰু এই মাত্ৰ কৈছে আপোনালোকৰ সাংগঠনিক ভেটিও শক্তিশালী নহয় । তেন্তে ৰাইজৰ আশা আকাঙ্ক্ষাৰ লগত আপুনি ভাৰসাম্য ৰক্ষা কৰিব পাৰিছেনে ?

নব কুমাৰ শৰণীয়া: মুল কথা হ’ল ৰাইজৰ লগত বা ভোটাৰৰ লগত মোৰ কমু্নিকেচন গেপ নাই । মানুহৰ লগত মোৰ সম্পৰ্ক আগতেও ভাল আছিল আৰু এতিয়াও আছে । ৰাইজৰ প্ৰতিনিধি হৈ মই যি কাম কৰি আছো সেইটো কোকৰাঝাৰ সমষ্টিৰ ৰাইজে জানে আৰু বুজে । তেওঁলোকে মোক মৰম কৰে কাৰণ মই ৰাইজৰ অধিকাৰ আৰু অস্তিত্ব    ৰক্ষাৰ স্বাৰ্থত সদায় কমিটেদ । ভাৰতৰ গোটেই কেইটা সংসদীয় সমষ্টিৰ লগত কোকৰাঝাৰ সমষ্টিৰ পাৰ্থক্য আছে। উন্নয়ন আমাক লাগিব কিন্তু এইটো অঞ্চলত ৰাইজে মেৰুদণ্ড পোন কৰি থাকিব পৰাটোক অগ্ৰাধিকাৰ দিব বিচাৰে। ভাষিক , সাংস্কৃতিক , অৰ্থনৈতিক , ৰাজনৈতিক অধিকাৰ যাতে ক্ষুণ্ণ নহয় তাক নিশ্চিত কৰিব লাগিব। ৰাইজে নিবিচাৰে যে সংসদৰ ভিতৰত চাঞ্চুমা ডাঙৰীয়াৰ দৰে আকৌ কোনোবাই পৃথক বড়োলেণ্ডৰ দাবী উত্থাপন কৰক । ৰাইজে শান্তি আৰু সমমৰ্য্যদা বিচাৰে । বাকী উন্নয়নৰ দিশটোত মই যিমান পাৰি চেষ্টা কৰিছো । কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভিতৰত ১০ টা বিধান সভা সমষ্টি আছে । মোৰ সীমিত সংসদীয় পুজিৰে অঞ্চল বিলাকত উন্নয়ণৰ দিশটোক গুৰুত্ব দিছো । কিন্তু একমাত্ৰ সাংসদজনৰ পুজিৰে যে সকলো কৰাটো অসম্ভৱ ৰাইজে ভালকৈ জানে আৰু মোক কৈছেও । উন্নয়নতকৈ এই সমষ্টিটোত মুল বিষয় সুৰক্ষা আৰু সমমৰ্য্যদা ।

ৰাজনীতি অসম : আপুনি আৰু আন বিভিন্ন সংগঠনে বিটিচি চুক্তি ৰিভিউ কৰাৰ দাবী তুলি কিছুদিন আগত দিল্লীত ধৰ্ণা দিছে, বাস্তৱ ক্ষেত্ৰত এনেকুৱা এখন শক্তিশালী চুক্তিৰ ৰিভিউ আপুনি ব্যক্তিগত ভাবে সম্ভৱ বুলি ভাবেনে ?

নব কুমাৰ শৰণীয়া: ৰিভিউ কৰাৰ দাবী অহাৰ লগে লগে বহুতে কয় যে আমি বড়ো আৰু অনাবড়োৰ মাজত বিভেদ আনিবলৈ চেষ্টা কৰিছো । কিন্তু মই আহিছো ২০১৪ চনত । তাৰ আগলৈ ৰাজনীতিৰ লগত মোৰ কোনো সম্পৰ্কই নাই ।’অসম চুক্তি ‘ ত বহুত আইনগত সুৰুঙা থাকি গ’ল ; কিন্তু বিটিচি চুক্তি খন তাৰ বিপৰীত । ইয়াৰ কাৰণ হৈছে সেই সময়ত চুক্তি কৰা নেতাসকলৰ কুটনৈতিক পাৰদৰ্শীতা । এইখিনিতে বহুতে এতিয়াও কয় যে বড়ো নেতাসকলক ভাৰত চৰকাৰৰ কূটনৈতিক বিষয়া , গুপ্তচৰ বিভাগ , কেন্দ্ৰীয় শাসন যন্ত্ৰৰ প্ৰশাসনিক দায়িত্বত থকা বহু ব্যক্তিয়ে চুক্তিখন ফ্ৰেম কৰাত সহায় কৰিছিল আৰু সেইবাবেই চুক্তি খনত সুৰুঙা নাই । সেইকাৰণেই মই কৈছো যে বিটিচিত ৰাজনৈতিক পাৰ্টিচিপেচনটো বা প্ৰতিনিধিত্বটো হৈছে মুল বিষয় । মই সাংসদ হৈ আছো , বাকী কাউন্সিল খন আৰু তাৰ লগত আন আন ক্ষেত্ৰ সমুহটো সকলোৰে প্ৰতিনিধি যদি থাকে তেন্তে ৰিভিউ সম্ভৱ ।

ৰাজনীতি অসম : সম্ভৱ যদি হয় , তেন্তে সেই দায়িত্ব দেশৰ সংসদে ল’ব লাগিব । কিন্তু অতীত আৰু বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপতত সংসদত এই দাবীক কোনে সমৰ্থন দিব ?
নব কুমাৰ শৰণীয়া: আনে দলে সমৰ্থন দিয়া নিদিয়া কথাটো এতিয়া বিচাৰ্য্য নহয় । মুল কথা আমাৰ নিজৰ শক্তি বঢ়াব লাগিব । কাউন্সিল , এমচিএলএ , বিধান সভা আৰু সংসদত আমাৰ প্ৰতিনিধিৰ সংখ্যা বৃদ্ধি কৰিব লাগিব । আগৰ বাৰ যি ভুল হৈ গ’ল সেই ভুলৰ পৰা সকলোৱে শিকিলে । এইবাৰ আৰু সেই ভুল নহয় । বিটিচিত ৰাভা , কোচঁ ৰাজবংশী , চাওতাল , আদিবাসী , বঙালী , নেপালী , কলিতা , ধৰ্মীয় সংখ্যা লঘু , শৰণীয়া আদি অজস্ৰ বঞ্চিত জাতি – জনগোষ্ঠী আছে । আচৰিত কথা এই  বঞ্চিত খিনি আকৌ সংখ্যা গৰিষ্ঠ । সেইকাৰণেই আমি সকলোৱে এক হৈ থাকিবলৈ চেষ্টা কৰিব লাগিব । গুহাটোত আমাক এটা ৰাস্তাৰে সুমুৱাই দিয়া হ’ল , ওলোৱাৰ ৰাস্তাও কিন্তু সেইটোৱেই । আমাক যিটো ৰাস্তাৰে বিটিচিত সোমাই দিলে , ওলোৱাৰ ৰাস্তাও কিন্তু সেইটোৱেই হব । বড়ো নেতৃত্বই এদিন হ’লেও বিটিচি চুক্তি খন ৰিভিউ কৰিবলৈ বাধ্য হব । কাৰণ যদি ৰিভিউ নকৰে তেন্তে আজি সংসদীয় সমষ্টিটো হেৰুৱাইছে , থিক একেদৰে কাউন্সিলখনো তেওঁলোকৰ হাতৰ পৰা এদিন যাব । যদি ৰিভিউ নকৰে আন জাতি – জনগোষ্ঠী লগ লাগি থাকিব আৰু ভৱিষ্যতে বিটিচিৰ পৰা তেওঁলোকৰ এজনেও বিধায়ক হব নোৱাৰিব। মই বড়ো – অবড়ো ৰাজনীতি কৰিব নেযাও । আমাক লাগে মৰ্য্যদা সহকাৰে সমাধান । আজি বড়ো সমাজখনৰ বহু মানুহে উপলব্ধি কৰিছে যে তেওঁলোকে ৰাজনৈতিক ভাবে যেনে : মন্ত্ৰী , এমএলএ যিবিলাক পাই আছে , সেইবিলাক কিন্তু আন খিলঞ্জীয়া জাতি – জনজাতি সকলৰ তুলনাত বহুত বহুত বেছি । তেওঁলোকৰ লাভে আনক বঞ্চিত কৰিছে । মই সেই কাৰণেই বিচাৰো সকলোৱে সম অধিকাৰ ভোগ কৰি শান্তিৰে বাস কৰক । বড়ো – অবড়ো সমস্যা যদি সমাধান হ’ব লাগে তেন্তে একমাত্ৰ নব শৰনীয়াৰ দ্বাৰাহে সম্ভৱ ।

ৰাজনীতি অসম : বিজেপি – বিপিএফ মিত্ৰজো্ঁটে বিধান সভা নিৰ্বাচনত প্ৰায় ১.৫ লাখ ভোট বেছি পাইছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অঞ্চল বিলাকত । আপোনাৰ চিন্তা হৈছে নে ?
নব কুমাৰ শৰণীয়া: এটা কথা জনাই থওঁ আপোনালোকক _ কোকৰাঝাৰ সমষ্টিৰ লোকসভা নিৰ্বাচনত বিজেপি , কংগ্ৰেছ, অগপ , এআইইউডিএফ , চিপিএম বুলি একো নাই । লোকসভাত সকলো জনতাৰ এজনেই এম পি আৰু সেইজন নব কুমাৰ শৰণীয়া । বাকী বিধান সভা , এমচিএল এ ৰ কথাটো এতিয়ালৈকে বেলেগ হৈ আছে । যিদিনালৈ নব কুমাৰ শৰণীয়াৰ বিকল্প নোলায় , সিদিনালৈকে মোক সমৰ্থন দি যাব । ৰাজনীতি যিহেতু মোৰ পেচা নহয় , সেয়ে অহা টাৰ্মত বড়ো – অবড়ো সমস্যাটোৰ সমাধান কৰি মই দায়িত্ব বেলেগ এজন অৰ্পণ কৰিব খোজো । আলফাৰ সময়ত আমি ৰাইজক দিয়া কমিটমেন্টৰ কাৰণে নভঙা বেৰ এখনত মুৰটো মাৰি আছিলো । কাৰণ সেই লক্ষ্যটো অসম্ভৱ আছিল । কিন্তু এতিয়া কৰি থকা কামটো সম্ভৱ আৰু বাস্তৱ। তাক আমি সকলোৱে লগ লাগি প্ৰমাণো কৰিলো । ছয় জনগোষ্ঠীৰ সমস্যাটো সমাধান নহ’ল । আগৰ বাৰ বিজেপি দলে প্ৰতিশ্ৰুতি দিছিল কৰিম বুলি । তাকেলৈ বিপিএফ মিত্ৰজোঁটৰ দল হিচাপে কিছু সমৰ্থন পাইছিল । এতিয়া মানুহৰ মনটো ভাঙি গ’ল । সেয়ে এইবাৰ আঠ লাখ ভোটত জিকিম । এতিয়া যদি বিৰোধীয়ে দুই নম্বৰী তিনি নম্বৰী প্ৰাৰ্থী থিয় কৰাই ৫০ হাজাৰ ভোটো লৈ যায় , তেন্তে একো প্ৰভাব নপৰে । ৰাজনীতিত আহিছিলো ৰাইজৰ দাবীত আৰু ৰাইজে যদি কয় ,’ আমাক নব কুমাৰ শৰণীয়াক নেলাগে ‘ তেন্তে এক ছেকেণ্ডত মই সকলো ত্যাগ কৰি ওলায় আহিম । আকৌ কৈছো ৰাজনীতি মোৰ পেচাও নহয় আৰু হ’বিও নহয় ।

ৰাজনীতি অসম : আপুনি ৰাষ্ট্ৰীয় দলত যোগ দিব নে ?

নব কুমাৰ শৰণীয়া: বিটিচি চুক্তিয়ে আন জনগোষ্ঠীক বঞ্চিত কৰিলে আৰু তাৰ বাবে দায়ী কংগ্ৰেছ ,  বিজেপি ,  এজিপি , আছু সকলো ।
ৰাজনৈতিক দলত যোগ দিলে জানো অবড়োৰ সমস্যা সমাধান হব ? বহু কথা ওলাই আছে নব শৰণীয়া কংগ্ৰেছলৈ যাব , বিজেপিলৈ যাব । কি কৰিব গৈ নব শৰণীয়াই ! কাৰণ ৰাষ্ট্ৰীয় দলৰ উদ্দেশ্য দিল্লী দখল আৰু আঞ্চলিক দলৰ উদ্দেশ্য দিচপুৰ দখল । তেওঁলোকে আমাৰ ইচ্ছ্যুক গুৰুত্ব নিদিয়াটো স্বাভাবিক । আমাৰ মুল কথা হ’ল বঞ্চিত জাতি জনগোষ্ঠীৰ মাজত একতা আনিব লাগিব । হীৰাৰ এটা ভুলে অকল মোক ক্ষতি নকৰে , আটাইতকৈ বেছি ক্ষতি কৰিব আমাৰ মানুহখিনিৰ মিত্ৰতাক । সেইকাৰণে আমি সকলোৱে লগ লাগি নিজস্ব এটা শক্তি হব লাগিব । নব কুমাৰ শৰণীয়া কংগ্ৰেছ বা বিজেপিলৈ যোৱাৰ কোনো প্ৰশ্নই নাই ।

ৰাজনীতি অসম : হিৰেণ গোহাঁই , অখিল গগৈ আদি ব্যক্তি কিছুমানে স্বাধীন অসমৰ কথা কৈছে । এই পৰিবেশত আপুনি নতুন প্ৰজন্মক কি ক’ব __ যিহেতু আপুনি দুয়োটা জীৱন দেখিলে ?
নব কুমাৰ শৰণীয়া: আছুৰ আন্দোলনৰ বিফলতাৰ পিছত আলফা গঠন হৈছিল । তেতিয়া আমি স্বাধীন অসম কি বুজা নাছিলো , বুজিছিলো অসমৰ জাতি, মাটি, ভাষা ৰক্ষা হব লাগে । তেতিয়া যদি কিছু এৰা ধৰা কৰা গ’ল হেতেঁন তেন্তে অসমৰ জাতি মাটিৰ সমস্যাটো ইমান গভীৰ নহ’লহেতেঁন । ইয়াত আলফা , চৰকাৰ সকলোৰে সময়োচিত সিদ্ধান্ত নহ’ল বাবেই সমস্যাবিলাক বৃদ্ধি হৈ থাকিল । নিয়োগ ব্যৱস্থাটো ভাল কৰিব লাগে । কাৰণ অভাবত থকা জনে পইচাটো ক’ৰ পৰা আহে সেয়া বিচাৰ নকৰে । তথাপি নতুন যুবক খিনিক ক’ম, ‘ দুৰৰ পৰ্বত সদায় ধুনীয়া ‘।মই মোৰ অভিজ্ঞতাৰ পৰা কাকো আলফা বা যিকোনো সশস্ত্ৰ বিপ্লৱত যোগ দিবলৈ নকওঁ । অটাইতকৈ ডাঙৰ কথা আজিৰ নতুন ল’ৰাবিলাকে দুই বছৰত কৈ বেছি তিস্থিব নোৱাৰে ইমান কষ্টকৰ পৰিবেশত । মই নকওঁ আলফা বেয়া , সশস্ত্ৰ বিপ্লৱ বেয়া , বহু ল’ৰা গৈছিল বা গৈ আছে । আবেগত গৈছে , ক্ষোভত গৈছে ইত্যাদি । তাৰ অৰ্থ এইটো হব নেলাগে যে বেলেগৰ ল’ৰাটোক সমস্যা সমাধানৰ কাৰণে পাহাৰলৈ পঠিয়াই দিব লাগে । লাডেনৰ আমেৰিকা আক্ৰমনৰ পিছত গোটেই বিশ্বত সশস্ত্ৰ বিপ্লৱৰ সংজ্ঞা বদলি গ’ল । পুলৱামাৰ পিছত আৰু সলনি হ’ব । হিৰেণ গোহাঁই চাৰে কিবা আক্ষেপত কৈছে ; কিন্তু তেওঁক যদি কোনোবাই প্ৰশ্ন কৰে ‘ আপুনি আগতে কিয় কোৱা নাছিল…’
আজিৰ প্ৰজন্মই পলিটিক্স কৰা মানুহখিনিৰ ওপৰত তীব্ৰ নজৰ ৰাখক , কিছুমানে ৰাজনীতি কৰক , ভাৰতীয় প্ৰশাসনিক বিষয়া হওঁক ___ বহুত কাম আছে কৰিবলৈ । সেইবিলাক কাম কৰক নতুন প্ৰজন্মই ।

ৰাজনীতি অসম : এতিয়াও আপুনি সাংসদ,  আপোনাৰ বিটিচিক লৈ কি পৰিকল্পনা আছে ?
নব কুমাৰ শৰণীয়া:
Unity মিত্ৰতা বজাই ৰাখিব আমাৰ মাজত, ফ’ৰাম বিলাকত প্ৰতিনিধিত্ব থাকিব লাগিব,
টিম এটা বনাব লাগিব  ।
বঞ্চিত জনগোষ্ঠী সমুহৰ পৰা কাউন্সিলত সবল প্ৰতিনিধিত্ব থাকিব লাগিব । যদি লোকসভাৰ দৰে মিত্ৰতা থাকে তেন্তে আমি বিটিচি দখলেই কৰিব পাৰিম । কিন্তু আজিৰ ৰাজনৈতিক প্ৰেক্ষাপতত হয়তো অহাবাৰ আমি চৰকাৰত নাথাকিলেও চৰকাৰৰ অংশীদাৰ হব পাৰিম । মুল কথা সকলোৱে শান্তিৰে আৰু মৰ্য্যদা সহকাৰে বাস কৰক ।
হাগ্ৰামা বাহিনীয়ে যিমান দুৰ্ণীতি কৰিলে , এশবাৰ গংগাত গা ধুলেও পাপ মোচন নহয়। মই বঞ্চিত মানুহৰ লগত আগতেও আছিলো আৰু ভৱিষ্যতেও থাকিম । কিন্তু নব শৰণীয়া নাথাকিলে ভুমি আইন পাছ হ’ব।
বন্দুক বিলাক গাতঁৰ ওলায় আহিব আৰু বন্দুক অহা মানেই টেক্স ,সন্ত্ৰাস , লুটপাত , হত্যা আৰম্ভ হৈ যাব।