ৰাজনীতি বহুত হ’ল , গণভোটলৈ কিমান দুৰ ?

2244

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


বিজেপি :  নাগৰিকত্ব বিধেয়ক ২০১৬ লোকসভাত পাছ হ’ল আৰু এতিয়া বাকী আছে ৰাজ্যসভাত পাছ হ’বলৈ । কংগ্ৰেছ বা আন বিৰোধী দলৰ সমৰ্থন অবিহনে ৰাজ্যসভাত বিলখন বিজেপি চৰকাৰে পাছ কৰিব নোৱাৰে । লোকসভাত উত্থাপনৰ দিনটোত বিৰোধী দলে বিধেয়ক খনৰ বিৰোধিতা কৰিছে । এইকেইটা দলৰ নেতাই লোকসভাৰ কক্ষত দিয়া ভাষণ অনুসৰি তেওঁলোকে বিধেয়ক খনক সাম্প্ৰদায়িক আখ্যা দিছে ; কাৰণ বিধেয়কখনত ইছলাম ধৰ্মৰ উল্লেখ নাই । কিন্তু বিজেপিৰ মতে পাকিস্থান , বাংলাদেশ আৰু আফগানিস্থান যিহেতু ইছলামিক ৰাষ্ট্ৰ সেয়েহে এই দেশত ধৰ্মীয় আতিশয্যৰ বলি হৈ ভাৰতত বাস কৰি থকা মানুহখিনিক ( সেই দেশৰ সংখ্যালঘু) নাগৰিকত্ব দিয়াটো ভাৰতৰ কৰ্তব্য । এইক্ষেত্ৰত মন কৰিব লগা কথা হ’ল বিধেয়ক খনত আহমদি , ইহুদি আদি ধৰ্মৰ উল্লেখ নাই । যদিও পাকিস্থানত আহমদি সকলক ইছলামৰ ভিতৰত ধৰা নহয় । কিন্তু ৰাজ্যসভাত ইছলাম শব্দটো নিদিয়াৰ বাবে যদি বিলখন পাছ নহয় তেন্তে ১৯৫১ চনৰ ভিত্তিবৰ্ষলৈ খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টো তল পৰিব নেকি ? নে বিলখনৰ এই কুচকাৱাজ একমাত্ৰ  পশ্চিম বংগত মমতা বেনাৰ্জীক শলঠেকত পেলোৱাৰ কাৰণে হৈছে ? উত্তৰ দিব পাৰিব মাত্ৰ  সময়ে ।

কংগ্ৰেছ :  লোকসভাত চৰকাৰে বিলখন উত্থাপন কৰিলে । আলোচনাৰ সময়ত অধ্যক্ষা সুমিত্ৰা মহাজনে যেতিয়া কংগ্ৰেছ দলৰ পৰা বক্তব্য ৰখাৰ কাৰণে সুস্মিতা দেৱৰ নাম মাতিলে , তেতিয়া সুস্মিতা দেৱৰ সলনি  কংগ্ৰেছৰ নেতা মাল্লিকা অৰ্জুন খৰ্গে থিয় হ’ল । সুস্মিতা দেৱৰ সেই দোধোৰ-মোৰ  ৩০ ছেকেণ্ড সময় টিভিৰ কেমেৰাত ইতিহাস হৈ ৰ’ল । মাল্লিকা অৰ্জুন খৰ্গে থিয় হৈ দেশৰ ধৰ্মনিৰপেক্ষতাক বিল খনে আঘাত হনা বুলি দোহাৰে আৰু চৰকাৰ বিধেয়ক খনক পুনৰ জেপিচিৰ কমিটিলৈ প্ৰেৰণ কৰাৰ বাবে দাবী তোলে । এফালে বৰাকত বিধেয়ক খনক সুস্মিতা দেৱে সমৰ্থন কৰি ভাষন দিয়ে আৰু আনফালে বিধেয়কৰ বিৰোধত সদন কক্ষ ত্যাগ কৰে । কংগ্ৰেছ দলৰ নেতাসকলে  বিধেয়কখনৰ বিৰোধীতা কৰি গুৱাহাটীত জাতীয় সংগঠনবোৰৰ লগত একেখন মঞ্চত বহে আৰু আনফালে গৌতম ৰয়ৰ নেতৃত্বত কংগ্ৰেছী নেতাসকলে জেপিচি ৰ আগত বিধেয়কৰ সমৰ্থন পত্ৰ দিলে । শিলচৰ , গুৱাহাটী আৰু দিল্লী তিনিঠাইত তিনি ৰাজনীতি । গুৱাহাটীত খিলঞ্জীয়া , বৰাকত বঙালী আৰু দিল্লীত হিন্দু – মুছলমান  উভয় বিষয়কলৈ ৰাজনীতি ।
অগপ :  ৰাজনীতিৰ পাকচক্ৰত অগপ দিশহাৰা । ক্ষমতাৰ ভাগ পোৱা আৰু ক্ষমতাৰ ভাগ নোপোৱা নেতাৰ মাজত অগপৰ ভিতৰচৰা বিভক্ত । ৰাইজৰ মাজতো অগপ এতিয়া তেজপাত খিলাৰ দৰে হৈছে । তেজপাত অবিহনে পায়স নহয় আৰু খোৱাৰ সময়ত তেজপাত পেলাই দিয়া হয় । ধৰ্ণা – অনশন ,মিডিয়া , জাতীয় স্বাৰ্থ অগপৰ অবিহনে সম্পুৰ্ণ  নহয় ; কিন্তু ভোটৰ সময়ত অগপই নাপায় অগ্ৰাধিকাৰ । এআইডিএফৰ  জন্ম আৰু বিজেপিৰ লগত কৰা মিত্ৰতাই অগপৰ স্থান সংকুচিত কৰিলে ; বিধেয়কৰ বিৰোধ কৰি মন্ত্ৰীত্ব ত্যাগ কৰা মন্ত্ৰীসকলক মিডিয়াই গুৰুত্ব কমাই দিলে ।  কিন্তু বিধেয়ক বিৰোধ কৰি লাভা লাভ কি হ’ল ? বিধেয়কৰ বিৰোধ কৰি বৰাকত জনসমৰ্থন হেৰুৱালে ।  বিৰোধৰ আবেগক ব্যৱহাৰ কৰি নিৰ্বাচনী ৰাজনীতিত সংখ্যালঘু প্ৰধান এলেকাবোৰত সুযোগ ল’ব কিন্তু কংগ্ৰেছ আৰু এআইইউডিএফ দলে ।আনহাতে বাকী খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰভাব থকা অঞ্চলত বিজেপি দলক প্ৰত্যুত্তৰ কিমান দিব পাৰিব সেই ছবিখন  আগন্তুক লোকসভা নিৰ্বাচনে স্পষ্ট কৰিব । অতি পৰিতাপৰ কথা যে মন্ত্ৰীত্ব ত্যাগ নকৰা পৰ্য্যন্ত অগপ আছিল বিজেপিক আক্ৰমণ কৰাৰ ঢাল , আনহাতে মন্ত্ৰীত্ব ত্যাগ কৰাৰ পিছত তিনি মন্ত্ৰীৰ খৱৰটো দুদিনৰ পিছতে নিৰুদ্দেশ হ’ল ।
বিপিএফ :৬ ষ্ঠ অনুসূঁচিয়ে বিটিচিৰ খিলঞ্জীয়াক ৰাজনৈতিক আৰু অৰ্থনৈতিক ভাবে সুৰক্ষিত কৰি ৰাখিছে । হাগ্ৰামা মহিলাৰীয়ে স্পষ্ট কৰিছে যে  বিটিচি অঞ্চলত এই আইন খনক তেওঁ সমৰ্থন দিব আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো আলোচনাৰ মাজেৰে শান্তিপুৰ্ণ ভাবে  সমাধান কৰিব । জন্মহাৰ লেহেমীয়া  খিলঞ্জীয়া জনগোষ্ঠীক সংৰক্ষণৰ মাজেৰে সুৰক্ষা দিবলৈ তেওঁ প্ৰস্তুত । এইক্ষেত্ৰত অকল হাগ্ৰামা মহিলাৰীয়েই নহয় বিটিচিৰ অন্তৰ্গত অঞ্চলবিলাকটো  বিধেয়ক বিৰোধী প্ৰতিবাদৰ ঢৌ আন অঞ্চলৰ তুলনাত প্ৰায় নিস্ক্ৰিয় ।

আছু : সদৌ অসম ছাত্ৰ সন্থা হৈছে অসমীয়া ভাষীৰ আবেগ । কাৰোবাৰ ইচ্ছ্যু ভিত্তিক বিৰোধ থাকিলেও অসমীয়া মানুহৰ কাৰণে আছু স্বভিমান । ৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত অসম চুক্তি স্বাক্ষৰিত হ’ল । সেই সময়ৰ নেতৃত্বক আজি বহুতে প্ৰশ্ন কৰিছে ভিত্তি বৰ্ষ ১৯৭১ ক ভিত্তি কৰি । কি কাৰণত সেই সময়ৰ নেতৃত্বই নাগৰিকত্বৰ ভিত্তি বৰ্ষ ভাৰতৰ আন ৰাজ্যৰ তুলনাত পিছুৱাই আনিছিল সেই উত্তৰ আজিৰ প্ৰজন্মৰওচৰত নাই ।এইখিনিতেই উল্লেখ কৰিব লাগিব যে বিধেয়কৰ বিৰোধত অসম আন্দোলনৰ শ্বহীদ পৰিয়ালৰ তৰফৰ পৰা প্ৰায় ২০০ টা পৰিয়ালে চৰকাৰে দিয়া স্মাৰক কামৰূপৰ উপায়ুক্তৰ দ্বাৰা মুখ্যমন্ত্ৰী
লৈ ওভতাই পঠাইছে ।  অসম চুক্তি মতে শোধানগৰ হ’ল, আই আই টি হ’ল,শংকৰদেৱ কলাক্ষেত্ৰ হ’ল কিন্তু এন আৰ চিলৈ ৩ দশকৰ অধিক কাল ৰ’ব লগা হ’ল ।অসম চুক্তিৰ পিছত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী সকলে আত্মনিয়ন্ত্ৰণৰ কাৰণে কেন্দ্ৰৰ লগত চুক্তি কৰিলে । বিটিচি হ’ল, ৰাভা হাচং স্বায়ত্ব পৰিষদ হ’ল, তীৱা স্বায়ত্ব পৰিষদ হ’ল , কাৰ্বি  স্বায়ত্ব পৰিষদ হ’ল ইত্যাদী । কিন্তু মুল বিষয় অবৈধ বিদেশী চিনাক্তকৰণ,বিতাৰণ আজিলৈকে নহ’ল। জনবিস্ফোৰণ, অবৈধ প্ৰব্ৰজন,আন্ত:ৰাজ্যিক প্ৰব্ৰজনৰ ফলত অসংৰক্ষিত অঞ্চল বিলাক ক্ৰমান্বয়ে  অখিলঞ্জীয়া মানুহৰ হাতলৈ গৈ থাকিল । সমস্যাৰ সমাধান কেন্দ্ৰ বা ৰাজ্য চৰকাৰেটো নকৰিলেই বৰঞ্চ  নতুন নতুন সমস্যাই অসমীয়া ভাষী আৰু অসমৰ আন আন খিলঞ্জীয়াক  মোক্ষম আঘাত হানে ।আছুৰ আজিৰ নেতৃত্বই আগন্তুক সময়ত কি সিদ্ধান্ত ল’ব সেয়া অসম আৰু অসমীয়াৰ কাৰণে সুদুৰ প্ৰসাৰী যে হ’ব সেয়া নিশ্চিত ।

অখিল গগৈ আৰু হিৰেণ গোহাই :  অখিল গগৈ এতিয়াৰ চৰকাৰ খনকেই তীব্ৰ সমালোচনা কৰা নাই , ইয়াৰ আগতে তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তো ব্যক্তিগত আক্ৰমন কৰিছিল । অখিল গগৈয়ে বিধেয়ক বিৰোধৰ কাৰণে ৭০ টা সংগঠনক লগত লৈছে  । আমছুক লগত লোৱা বাবে বহু বাৰ মিডিয়াই তেওঁক জৱাবদাহীও কৰিছে । হিৰেণ গোহাঁই অসমৰ প্ৰতিযশা বুদ্ধিজীবী আৰু শিক্ষাবীদ । বিধেয়ক খনক তেওঁ জাতিধ্বংশী বুলি  নামাকৰণ কৰিছে । দুই এখন প্ৰতিবাদী সভাত ভাৰতৰ সাৰ্বভৌমতাকো প্ৰশ্ন কৰি স্বাধীন অসমৰ কথা কৈছে । একেজন ব্যক্তিয়ে আকৌ এনআৰচি প্ৰকাশৰ প্ৰাকক্ষণত এনআৰচিৰ পৰা বাংলাভাষী মুছলমানৰ নাম বাদ পৰাৰ আশংকাত দিল্লীত আৰ্চাদ মাদানিৰ লগত সংবাদমেল পাতিছিল । তৰুণ গগৈ চৰকাৰৰ সময়ৰ পৰা আৰম্ভ কৰি আজিৰ বিজেপিৰ  সৰ্বানন্দ সোণোৱাল চৰকাৰলৈ প্ৰতিখন চৰকাৰৰ নীতিক তেওঁ বিৰোধ কৰি আহিছে সেয়া FDI ৰ পৰা আৰম্ভ কৰি নদীবান্ধলৈ।  ৰাইজে বিচাৰ কৰিব  , যিহেতু তেওঁ  নিজেই লেখিছিল ” সংসদীয় গণতন্ত্ৰ হৈছে কোৱাভাতুৰী __ বাহিৰে ৰং – চং , ভিতৰি জাবৰ । ( গতিপথ আৰু গন্তব্য : পৃষ্ঠা নং ২৪৭ )