নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু জাতিৰ অভিভাবক…..

2243

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


বহিঃৰাষ্ট্রৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ পাছপোর্ট, ভিজা আদি যাবতীয় কাগজ পত্ৰ লাগে। সেইবিলাক নোহোৱাকৈ প্ৰৱেশ কৰা লোক অবৈধ অনুপ্ৰবেশকাৰী। আকৌ এইবিলাক লৈ সোমোৱাৰ পাছত, ম্যাদ উকলি যোৱাৰ পিছতো যি সকল থাকি যায় , তেওঁলোক অবৈধ নাগৰিক। বছৰ বছৰ ধৰি এনেকৈ থাকি যোৱা লোক সকলে ভাৰতৰ নাগৰিকত্ব লাভৰ বাবে আবেদন কৰিব পৰাকৈ আইন এখন ১৯৫৫ চনৰ পৰাই আছে, এতিয়া সেই আইন সংশোধন কৰি চৰকাৰে কৰিব খুজিছে যে, পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তান, এই তিনি দেশৰ পৰা আহি ভাৰতত অবৈধ ভাৱে বসবাস কৰা,  সংখ্যালঘু হিন্দু, শিখ, বুদ্ধ ধৰ্মী, পাৰ্চী , জৈন আৰু খ্ৰীষ্টান মানুহবিলাকে  আবেদন কৰিলে সুকলমে ভাৰতীয় নাগৰিকত্ব দিয়া হব। ভিত্তিবৰ্ষ হ’ব ২০১৪ চন ।   এইসকল লোক  ৬ বছৰ ধৰি ভাৰতত থকা হব লাগিব, যিটো আগৰ আইনত ১১ বছৰ আছিল ।
অৰ্থাৎ ইয়াত কেৱল সৰ্বত্ৰ হুলস্থুল হোৱাৰ দৰে ২০১৪ ৰ পিছৰ কোনো হিন্দু বাংলাদেশী বুলি কথা নাই আৰু  নাগৰিকত্ব দিব খোজা মানুহখিনি ইতিমধ্যেই ভাৰতত আছে।
            কিন্তু অসমত ( বিশেষকৈ স্বায়ত্ব অঞ্চলবিলাকৰ বাহিৰত )  ইয়াৰ তীব্ৰ প্ৰতিবাদ হৈছে আৰু হোৱাটো অস্বাভাবিক নহয়   কাৰণ এটা দীঘলীয়া আন্দোলন আৰু ৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত এখন ঐতিহাসিক চুক্তি হৈছিল, যাক আমি অসম চুক্তি বুলি জানো ; যি চুক্তি মতে ১৯৭১ চনৰ ২৪ মার্চৰ পিছত অহা সকলো মানুহেই বিদেশী আৰু এইসকলক চিনাক্ত কৰি বহিস্কাৰ কৰাৰ পদক্ষেপ লোৱা হ’ব বুলি উল্লেখ আছে  । এইখিনিতেই আৰু এটা কথা বিভিন্ন পক্ষই উত্থাপন কৰিছে যে চুক্তি হ’ল ১৯৮৫ ত আৰু ৮৫৫ জন শ্বহীদ হৈছিল চুক্তিৰ আগত । আন্দোলন হৈছিল ভিত্তিবৰ্ষ ১৯৫‍১ ৰ দাবীত আৰু  শ্বহীদ হ’ল ৫‍১ ‘ ৰ আশা বুকুতলৈ । কিন্তু চুক্তি চাক্ষৰ হ’ল ১৯৭‍১  ভিত্তি বৰ্ষকলৈ । ভিত্তি বৰ্ষ ৭১’ হ’লেও আন্দোলনটোকলৈ বৰ্ণহিন্দু অসমীয়া ভাষী মানুহৰ আবেগ আজিও বহুক্ষেত্ৰত ম্লাণ হোৱা নাই ।  যদিও চুক্তিৰ প্ৰায় ৩৫ বছৰ কাল পিছতহে এনআৰচি সম্পুৰ্ণ হ’বলৈ আগবাঢ়িছে ।কিন্তু একে সময়তে এইখন অসমতে ৮৫’পিছত বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজস্ব ভাবে আত্ম নিয়ন্ত্ৰণৰ অধিকাৰৰ দাবী সাব্যস্ত কৰি সংবিধানৰ গণ্ডীৰ ভিতৰত স্বনিয়ন্ত্ৰণ আৰু নিজৰ নিজৰ জনগোষ্ঠীৰ সুৰক্ষা নিশ্চিত কৰিলে । অতি পৰিতাপৰ কথা যে অসম চুক্তিৰ ৰূপায়ন দুই এখন স্কুল – কলেজ আৰু ৰিফেনাৰীতে সীমাবদ্ধ থাকিল । একে সময়তে অসমীয়া ভাষীৰ একাংশ জনতাই ৮৫ ‘ পৰা আজিলৈকে  আবেগিক হৈ ভাবে চিন্তা কৰে যে   ১ কৌটি মানুহক অসমৰ পৰা বিতাৰণ কৰি বাংলাদেশলৈ খেদি দিব পৰা যাব । বিশ্ব ব্ৰহ্মান্দত আজিলৈকে এনেকুৱা ঘটনা ঘটা নাই আৰু যদি অসমত কোনোবা এদিন এই কাম সম্ভৱ হয় তেন্তে বিশ্বৰ বুকুত অভিলেখ গঢ়িব অসমে । কিন্তু অতি পৰিতাপৰ কথা যে বিতাৰণৰ দাবী তুলি থাকোতেই আৰু অজস্ৰ নতুন নতুন বাংলাদেশী যোৱা ৩৫ বছৰে অসমলৈ কম বেছি পৰিমানে অবৈধ ভাবে সোমালে আৰু ৮৫’ ত দাবী কৰা তথাকথিত বাংলাদেশী একোজনৰ দুই- তিনিটা প্ৰজন্ম নতুনকৈ ভুমিষ্ঠ হ’ল ।
নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ দ্বাৰা চৰকাৰে কি বিচাৰে?
নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ জৰিয়তে ২০১৪ চনৰ আগত অবৈধ ভাবে থকা  আফগানিস্তান, বাংলাদেশ, পাকিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মৰ লোকসকলক জেলত বন্দী নকৰি তেওঁলোকক নাগৰিকত্বৰ বাবে আবেদন কৰাৰ সুবিধা কৰি দিব । তদুপৰি এই বিদেশী নাগৰিকে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰাৰ বাবে ভাৰতত বাস কৰাৰ সময় সীমা এঘাৰ বছৰৰ পৰা কমাই ছয় বছৰ কৰা হৈছে । কিন্তু এই বিধেয়কখনে অবৈধ  মুছলমান বা ইহুদি অনুপ্ৰৱেশকাৰীক সামৰি নলয় ৷ অসমৰ ক্ষেত্ৰত বিধেয়ক খনৰ সফলতাই অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ স্থায়ী সমাধান নহয় । ইয়াৰ লগত লাগিব থলুৱাৰ বাবে সংৰক্ষণ নীতি আৰু জনসংখ্যা নীতি ।
অসমৰ বিভিন্ন  দল সংগঠনে কিয় ইয়াৰ বিৰোধিতা কৰিছে?
বিধেয়ক খনৰ বিৰোধীতা কৰা সকলৰ মাজত এটা আদৰ্শগত পাৰ্থক্য আছে ।নাগৰিকত্ব সংশোধনী বিধেয়কখনে ১৯৮৫ চনৰ অসম চুক্তিৰ অৱমাননা কৰে ৷ যি চুক্তিত ২৫ মাৰ্চ ১৯৭১ চনৰ পিছৰ সকলো অবৈধ বাংলাদেশীক দেশৰ পৰা বিতাৰিত কৰাৰ কথা আছিল ৷ সেই কাৰণে জাতীয় সংগঠন কিছুমানে ইয়াক বিৰোধ কৰিছে । আনহাতে কিছুমান ব্যক্তি বা সংগঠনৰ কাৰণে বিধেয়ক খন হৈছে সাম্প্ৰদায়িক । কাৰণ ইয়াত ইচলাম ধৰ্মটোক বাদ দিয়া হৈছে । এই ক্ষেত্ৰত মুছলামান অনুপ্ৰবেশকাৰীক নাগৰিকত্ব দিয়াৰ কথা উল্লেখ থাকিলে কি প্ৰতিক্ৰিয়া হ’লহেতেঁন সেয়া স্পষ্ট নহয় ।
INDIAN CITIZENSHIP বা ভাৰতীয় নাগৰিকত্ব কেনেকৈ লাভ কৰে?
ভাৰতত জন্মলাভ কৰা, যাৰ মাক দেউতাক ভাৰতীয় বা ভাৰতত একেৰাহে এঘাৰ বছৰ ধৰি বসবাস কৰিছে তেওঁলোক সকলোৱে ভাৰতীয়৷ অবৈধ অনুপ্ৰবেশকাৰী সকল অৱশ্যে ইয়াত অন্তৰ্ভুক্ত নহয়৷
কোন কোন দেশৰ অনুপ্ৰবেশকাৰী ভাৰতত আছে ? ইৰাণ, আফগানিস্তান, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা আৰু তিব্বতৰ বহুতো শৰণাৰ্থী আৰু অনুপ্ৰৱেশকাৰী ভাৰতত আছে৷
ভাৰতৰ ক’ত ক’ত হিন্দু বাংলাদেশী/অন্য শৰণাৰ্থী আছে?
পুৰ্ব বংগীয় ৰিফিউজী সকলৰ বেছিভাগকেই কলিকতা মহানগৰীত আৰু অন্য কিছু চহৰত আৰু পশ্চিম বংগৰ গ্ৰামীণ অঞ্চলত সংস্থাপিত কৰা হৈছিল৷ ইয়াৰে বহুল অংশ অসমৰ বৰাক উপত্যকা আৰু ত্ৰিপুৰাত প্ৰৱেশ কৰে৷ অন্য 0.5 মিলিয়নক ভাৰতৰ বিভিন্ন ঠাইত সংস্থাপিত কৰা হয়৷ ইয়াৰ মাজতেই আছে দিল্লীৰ East Pakistan Displaced Persons’ Colony (EPDP) যাক শেহতীয়া ভাৱে চিত্তৰঞ্জন পাৰ্ক নাম দিয়া হয়৷ ওড়িষা, মধ্যপ্ৰদেশ, বিহাৰ আৰু চত্তিশগড়তো বহু লোকক সংস্থাপিত কৰা হয় ৷
পুৰ্বৰ পৰাই অসমত থকা হিন্দুৱে হওঁক ইচলাম ধৰ্মীয়ে হওঁক শৰণাৰ্থী বা অবৈধ অনুপ্ৰবেশকাৰী সকলে বেংক একাউণ্ট, পেন কাৰ্ড, আধাৰকে ধৰি সকলো সুবিধা কৰি দশক দশকজুৰি ইচ্ছানুসাৰে ব্যৱসায়-বাণিজ্য আদিও কৰি আহিছে ৷ এতিয়া এই লোকসকলৰ বাবে এখন আইন যুগুত কৰি থকাৰ মুহুৰ্তত আমাৰ অতি জাতীয়তাবাদী তেজে ঢৌ মাৰিছে৷  সৌ সিদিনা বাংলাদেশৰ বৈদেশিক মন্ত্ৰী আহি অসমত এজনো বাংলাদেশী থকা বুলি তেওঁলোকক জনোৱা হোৱা নাই বুলি কোৱাটোৱে কি বুজায়? তেওঁ ওলোটাই অসমৰ পৰাহে বাংলাদেশত অনুপ্ৰৱেশ হোৱা বুলি কৈ গ’ল৷ তেওঁৰ সেই কথাৰ বিৰোধিতা কৰি এজনো জাতীয়তাবাদীয়ে আন্দোলন নকৰিলে কিয়? বিধেয়ক খনৰ বিৰোধীতা হৈছে অসমৰ কোনটো অঞ্চলৰ মানুহে কৰিছে সেইয়া লক্ষনীয় । বিটিচি , ডিমা হাছাও , কাৰ্বি আংলং , ৰাভা স্বায়ত্ব পৰিষদ এই ধৰণৰ অঞ্চল বিলাকত বিধেয়ক খনৰ বিৰোধ চকুত লগা ধৰণৰ হোৱা নাই । এই অঞ্চলবিলাকত প্ৰমুখ  খিলঞ্জীয়া জনগোষ্ঠী বিলাকে বিধেয়কখনকলৈ নিৰৱ ভুমিকা লৈছে । কাৰণ এই অঞ্চলৰ জনতাই জানে যে আজিৰ গোলকীকৰণৰ যুগত বহিৰাগত মানুহৰ সোতঁক বাধা দিব নোৱাৰি , কিন্তু থলুৱা মানুহ খিনিৰ সুৰক্ষা নিশ্চিত কৰি ৰাখিব পাৰে  একমাত্ৰ সংৰক্ষণৰ যোগেদি । সেয়ে অতি কম সময়ৰ ভিতৰতে তেওঁলোকৰ আন্দোলন বিলাকে সফলতাৰ মুখ দেখি আছে । অসমৰ জনজাতি মানুহখিনিক প্ৰতিনিধিত্ব কৰা নেতা খিনিৰ ভৱিষ্যতক উপলবদ্ধি কৰা গুণ আৰু অসমীয়া ভাষী নেতাখিনিৰ কৰ্মপন্থাৰ পাৰ্থক্যই হ’ব অসমৰ অসংৰক্ষিত অঞ্চলবোৰৰ থলুৱা মানুহখিনিৰ ভবিষ্যত ।