নাগৰিকত্ব সংশোধনী বিধেয়কঃ ৰাইজে ল’ব সিদ্ধান্ত 

1912
ৰাইজৰ চিঠি: দেবজিত বৰ্মন

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


চাৰিওফালে এতিয়া কেবল নাগৰিকত্ব সংশোধনী বিধেয়কৰ চৰ্চা । জোৰ সমদল, কলা পতাকা, বজ্ৰনিনাদ আদিৰে দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়াৰ চেষ্টা কৰিছিল।  প্ৰত্যক্ষ ভাবে সহায় কৰিছে একাংশ অসমৰ সংবাদ জগতে। প্ৰথমতে এনে লাগিছিল যেন সকলো অসমীয়া ৰাইজ আন্দোলন কাৰীৰ পক্ষত। কিন্তু পৰিবেশ সলনি হ’ল। আন্দোলন কাৰীৰ বিপক্ষে সমানে সমানে যুঁজিছে শাসক পক্ষই । অখিল গগৈয়ে লম্ফ জম্ফ কৰিলেও ৰাইজে তেওঁৰ চৰিত্র বুজি পাইছে। এসময়ত তৰুণ গগৈৰ আমেৰিকাত মাটি থকা বুলি কৈ মিছা অপযশ দিয়া অখিল গগৈ এজন অদ্ভুত আন্দোলনকাৰী। প্ৰণব বড়োৰ মৃত্যুৰ বাবে বহুতে জগৰীয়া কৰা অখিলৰ কথা ৰাইজে শুনাৰ ৰেকৰ্ড নাই । ২০১১ত কংগ্ৰেছক ভোট দিবলৈ মানা কৰা সত্বেও ৰাইজে কংগ্ৰেছকে আনিলে। তেওঁৰ একে দশা হ’ল ২০১৬ ত যেতিয়া তেওঁ ৰাইজক আহ্বান জনাইছিল বিজেপিক ভোট নিদিবলৈ। বাৰে বাৰে ৰাইজৰ দ্বাৰা উপেক্ষিত হৈও হাৰ মনা নাই কৃষক নেতাজনে। এতিয়া যুঁজখন সংবাদপত্র + আছু বনাম হিমন্ত বিশ্ব শৰ্মা হোৱা যেন মনে ধৰে । আছুই বিধেয়ক খনৰ বিৰুদ্ধে জন সমৰ্থন আদায়ৰ চেষ্টা অব্যাহত ৰাখিছে। সংবাদ পত্রবোৰেও বিচাৰকৰ ভূমিকাত অবতীৰ্ণ হৈ বিধেয়ক খনৰ বিৰোধিতা কৰিছে ।  এতিয়া প্ৰশ্ন হৈছে_ ৰাইজ কাৰ পক্ষত ? আমি ইংলেণ্ড বা আমেৰিকাত থাকিলে এনেকুৱা ইছু লৈ নিশ্চয় গণভোট হ’লহেতেন। যিহেতু আমাৰ দেশত এইটো পৰম্পৰা নাই সেয়েহে আমি অপেক্ষা কৰিব লাগিব ২০১৯ ৰ সাধাৰণ নিৰ্বাচনলৈ । ২০১৯ৰ নিৰ্বাচনে ফলাফলে প্ৰমাণ কৰিব ৰাইজ কাৰ পক্ষত। গণতন্ত্ৰত যিহেতু ৰাইজে ৰজা সেয়েহে ২০১৯ৰ ফলাফলৰ ভিত্তিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ ভবিষ্যত নিৰুপন কৰা উচিত। যদি বিজেপিৰ পৰাজয় হয় তেন্তে ধৰি ল’ম যে ৰাইজে এই বিলখনৰ বিপক্ষে ভোট দিছে। আনহাটে বিজেপিৰ জয়ে এই বিলখনৰ সপক্ষে ৰাইজৰ অভিমতক স্পষ্ট কৰিব।