নামনিত কংগ্ৰেছ মহাজোঁটৰ বৃহৎ অগ্ৰগতি

1342

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


নামনিৰ তিনিটা লোকসভা সমষ্টি বৰপেটা , কোকৰাঝাৰ আৰু ধুবুৰীৰ অন্তৰ্গত ৩০টা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব অহা ৬ এপ্ৰিল তাৰিখে। সৰহভাগতে পূৰ্ববংগীয় মূলৰ মুছলমানৰ সংখ্যাগৰিষ্ঠতা থকা এই ৩০টা সমষ্টিত কংগ্ৰেছ -এ.আই.ইউ.দি.এফৰ মিত্রতাৰ পিছত বিজেপি মিত্রজোঁট প্ৰায় উছন হোৱাৰ পথত। ২০১৬তো অবশ্যে বিজেপিৰ স্থিতি ইয়াত দুৰ্বল আছিল। ২০০১৬ত বঙাইগাওঁ,বৰপেটা আৰু পাটাছাৰকুছিত অগপ জয়ী হোৱাৰ লগতে বিজেপি জয়ী হৈছিল বিলাসীপাৰা পূৱ, ধৰ্মপুৰ, গোলকগঞ্জ আৰু সৰভোগ সমষ্টিত। অৰ্থাৎ বিজেপি-অগপৰ দখলত আছে ৩০টাৰ ভিতৰত ৭টা সমষ্টি। ২০১৬ত বিজেপিৰ মিত্র আৰু বৰ্তমান কংগ্ৰেছৰ লগ লগা বিপিএফে জয়ী হৈছিল ৮টা সমষ্টিত। কংগ্ৰেছৰ বিধায়ক আছে ৮টা আৰু এ.আই.ইউ.দি.এফৰ বিধায়ক আছে ৭টা সমষ্টিত। যোৱাবাৰ বিজেপি মিত্রজোঁট বিলাসীপাৰা পূব, গোলকগঞ্জ, সৰভোগ আৰু  বৰপেটাত জয়ী হৈছিল মাত্র কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফৰ মাজত মুছলমানৰ ভোট বিভাজন হোৱা কাৰণে। এই চাৰিটা সমষ্টিত বিজেপি, কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফৰ ভোট আছিল এনে ধৰণৰঃ
গোলকগঞ্জঃ ৭৪,৬৪৪ ; ৬৮,২৫৩ ;১৬,৮৪৩
বিলাসীপাৰা পূৱঃ ৫৯,২০৬ ; ৫৪,১১০ ; ৪৩,২১৩
বৰপেটাঃ ৬৩,৫৬৩; ৫৭,৭৫৩; ৩৭,৬৯৭
সৰভোগঃ ৫৬,৪৫৪; ৩৬,৯২৮; ১৭,৫০৪
ইয়াৰ উপৰিও সৰভোগত চি.পি.এমে ২৯,০৮২টা ভোট লাভ কৰিছিল।
২০১৯ৰ লোকসভা নিৰ্বাচনৰ ফলাফলতো দেখা যায় যে বিজেপি মিত্রজোঁট ইয়াত বহু পিছ পৰি আছে। এই সমষ্টি চাৰিটাত কিছুমান মুছলমান প্ৰাৰ্থী  নিৰ্দলীয়,ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও ৰাইজ এইবাৰ খুব সজাগ। কোনোপধ্যে তেওঁলোকে বিজেপি জয়ী হোৱাটো নিবিচাৰে। সেয়েহে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থীসলকৰ বিজয় প্ৰায় নিশ্চিত। সেইফালৰ পৰা চাব গলে ধুবুৰীত এ.‍অাই.ইউ.দি.এফৰ নজৰুল হক,  মানকাচাৰত এ.আই.ইউ.দি.এফৰ আমিনুল ইছলাম, শালমাৰা দক্ষিণত কংগ্ৰেছৰ ৱাজেদ আলি চৌধুৰী, গৌৰীপুৰত এ.আই.ইউ.দি.এফৰ নিজানুৰ ৰহমান, গোলকগঞ্জত কংগ্ৰেছৰ আব্দুছ শোভান, বিলাসীপাৰা পশ্চিমত এ.আই.ইউ.দি.এফৰ হাফিছ বছিৰ আহমেদ, বিলাসীপাৰা পূৱৰ পৰা এ.আই.ইউ.দি.এফৰ চামচুল হুদা, অভয়াপুৰী উত্তৰৰ পৰা কংগ্ৰেছৰ আব্দুল ভাতিম, অভয়াপুৰী দক্ষিণৰ পৰা কংগ্ৰেছৰ প্ৰদীপ চৰকাৰ, গোৱালপাৰা পূৱৰ পৰা কংগ্ৰেছৰ আব্দুল কালাম, গোৱালপাৰা পশ্চিমৰ পৰা কংগ্ৰেছৰ আব্দুৰ ৰছিদ, জলেশ্বৰৰ পৰা কংগ্ৰেছৰ আফতাব উদ্দিন, সৰভোগৰ পৰা চি.পি.এমৰ মনোৰঞ্জন তালুকদাৰ, বৰপেটাৰ পৰা কংগ্ৰেছৰ আব্দুৰ ৰহিম, বাঘবৰৰ পৰা কংগ্ৰেছৰ শ্বেৰমান আলি আৰু চেঙাৰ পৰা শুকুৰ আলীৰ সন্মুখত নাই কোনো প্ৰত্যহ্বান। এই ১৬জন প্ৰাৰ্থীৰ দিছপুৰ যাত্রা প্ৰায় নিশ্চিত।
অগপ-বিজেপি দলৰ পৰা মাত্র তিনিজন প্ৰাৰ্থী বৰ্তমানলৈ আগবাঢ়ি আছে। পাটাছাৰকুছিত ৰঞ্জিত দাসৰ সন্মুখত কোনো নাই। জাতীয় পৰিষদৰ পবীন্দ্ৰ ডেকা তিনি নম্বৰ স্থানত থাকিব। কংগ্ৰেছৰ শান্তনু শৰ্মা আৰু ৰঞ্জিত দাসৰ মাজত ভোটৰ ব্যবধান বিশাল হ’ব।
বঙাইগাওঁত ফণীভূষণ চৌধুৰী আৰু ধৰ্মপুৰত চন্দ্ৰ মোহন পাটোৱাৰীৰ বিপক্ষে কংগ্ৰেছৰ প্ৰাৰ্থী দুজন শক্তিশালী। দুয়োজন মন্ত্রীৰ বিৰূদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ কিছু আছে। কিন্তু কংগ্ৰেছ- আজমলৰ মিত্রতাৰ বাবে মুছলমান ভোট একত্রিত হোৱাৰ দৰে হিন্দু ভোটাৰো একত্রিত হৈছে। ইয়ে ১৯৮৫ চনৰ এই নেতাদুজনক বিধানসভালৈ পুনৰ নিৰ্বাচিত হোৱাত সহায় কৰিব।
ভবানীপুৰৰ নিৰ্বাচন সকলোতকৈ আকৰ্ষনীয় হ’ব। ইয়াত অগপৰ ৰঞ্জিত ডেকাৰ বিপক্ষে আছে এ.আই.ইউ.দি.এফৰ ফণী তালুকদাৰ। লগতে আছে ৰাইজৰ দলৰ কমল মেধি। যোৱা দুটা নিৰ্বাচনত তালুকদাৰে নিৰ্দলীয় ৰূপে খেলি নিজৰ ধনবলৰ বাবে ব্যাপক ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল। ইয়ে অবশ্যে পৰোক্ষ ভাবে এ.আই.ইউ.দি.এফৰ আব্দুল কালাম আজাদক জয়ী হোৱাৰ সহায় কৰিছে। এইবাৰ আজাদ নিৰ্দলীয় ৰূপে খেলিছে যদিও মুল যু্ঁজ ফণী তালুকদাৰ আৰু ৰঞ্জিত ডেকাৰ মাজত হৈছে। বৰ্তমানলৈ ফণী তালুকদাৰ কিছু আগবাঢ়ি আছে।
সৰুক্ষেত্রী সমষ্টিটো নিৰ্বাচনী খেল জমি উঠিছে। কংগ্ৰেছৰ জাকিৰ হুছেইনক তীব্ৰ প্ৰত্যাহ্বান জনাইছে নিজৰে বন্ধু দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে। ৭০% মুছলমান ভোটাৰ থকা সমষ্টিটোত অগপৰ কল্পনা পাটোৱাৰী তৃতীয় স্থানতে সন্তুষ্ট থাকিব। মুছলমান ভোটাৰে পাটোৱাৰীক সমৰ্থন কৰা নাই। মুছলমান ভোটৰ উলম্ব বিভাজন হ’লেও কল্পনা কোনোপধ্যে ওলাই আহিব নোৱাৰে। বৰ্তমানলৈ এদভানটেজ জাকিৰ চিকদাৰ।
বিপি.এফৰ দখলত থকা ৮টা সমষ্টিত প্ৰধানত তেওঁলোকৰ ইউ.পি.পি.এলৰ লগত হৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা।
এই সমষ্টিকেইটাৰ সমীকৰণ আটাইতকৈ জটিল। ২০১৬ত বিপিএফে ভোট পাইছিল ৯০% অনাবড়ো হিন্দু আৰু ৫০% বড়ো ৰাইজৰ। ৯৫% মুছলমানে বিপিএফক ভোট দিয়া নাছিল। এইবাৰ বিজেপিৰ বিৰোধী হোৱা বাবে প্ৰায় ১০০% মুছলমানৰ ভোট বিপিএফে পাব। বড়ো ভোট অধিংকাশই যাব ইউ.পি.পিএললৈ। সমষ্টি বিশেষে ৫০% ৰ পৰা ৮০% বড়ো ভোট লাভ কৰিব ইউ.পি.পি.এলে। আনহাটে অনাবড়ো হিন্দুসকল যাৰ ভিতৰত আছে হিন্দু বঙালী, আদিবাসী ,কোচ-ৰাজবংশী আদি ; তাৰ ৮০% ভোট পৰিব বিজেপি-ইউ.পি.পি.এলৰ সমৰ্থনত। এই সকলো জটিল সমীকৰণৰ বাবে কোনো সমষ্টিত কোন জিকিব সেয়া এতিয়াও ১০০% নিশ্চিত হোৱা নাই। তথাপিও ক’ব পাৰি যে মুছলমান ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা গোসাইগাওঁ, কোকৰাঝাৰ পশ্চিম আৰু চিদলীত বিপিএফ আগবাঢ়ি আছে। মাজেন্দ্ৰ নাৰ্জাৰী, ৰবিৰাম নাৰ্জাৰী আৰু চন্দন ব্ৰহ্মই এ.আই.ইউ.দি.এফৰ লগত মিত্রতাৰ ফলত বৰদান লাভ কৰিছে বুলি ৰাইজে ক’ব খোজে। কোকৰাঝাৰ পূৱত মন্ত্রী প্ৰমীলা ৰাণী ব্ৰহ্ম প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। ইউ.পি.পি.এল লৰেন্স ইছলাৰী আৰু শ্ৰীমতী ব্ৰহ্মৰ যুঁজত বৰ্তমানলৈ ইছলাৰী আগবাঢ়ি আছে। বিজনীত বিজেপিৰ অজয় কুমাৰ ৰায় আৰু বিপিএফৰ কমল সিং নাৰ্জাৰীৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে।২০১৬ত অজয় ৰায় নিৰ্দলীয় ৰূপে খেলি মাত্র ১৬৭৮টা ভোটত পৰাজিত হৈছেিল। এতিয়ালৈ বিজেপি সমষ্টিটোত আগবাঢ়ি আছে। তামুলপুৰত অনাবড়ো ভোটাৰে নিৰ্ণায়কৰ ভূমিকা লাভ কৰে। ইয়াত ইউ.পি.পি.এলৰ লেহো ৰাম বড়োৰ সন্মুখত আছে বিপিএফৰ ৰামদাস বসুমতাৰী। ২০১৬ত বিপিএফৰ ইমানুৱেল মুছাহাৰী জয়ী হৈছিল ১৯,৯৪৭টা ভোটৰ ব্যৱধানত। বিজেপিত যোগদান কৰিও মুছহাৰীয়ে টিকট নাপালে। বিজেপিৰ চাৰ্ভে মতে মুছাহাৰীৰ প্ৰতি সমষ্টিবাসীৰ আস্থা হ্ৰাস পাইছে। বৰ্তমানলৈ ইয়াত ইউ.পি.পি.এল আগবাঢ়ি আছে।
চাপাগুৰী সমষ্টিত  বড়ো  ভোটাৰৰ লগতে বঙালী হিন্দু আৰু কোচ-ৰাজবংশী ভোটাৰৰ গুৰুত্ব আছে। সকলো সমষ্টিতকৈ ইয়াত ইউ.পি.পি.এলৰ জয়ৰ সম্ভাবনা বেছি। সেইবাবেই তেওঁলোকৰ জ্যেষ্ঠ নেতা উৰ্খাও গৌৰা ব্ৰহ্মই এই সমষ্টিটো বাছি লৈছে। বিপদ বুজি বিপিএফে বিধায়ক থানেশ্বৰ বসুমতাৰীৰ সলনি হিতেশ বসুমতাৰীক টিকট দিয়ে। ২০১৯ লোকসভা নিৰ্ব‍াচনত বিপিএফ ইয়াত তৃতীয় স্থানত আছিল। বৰ্তমানলৈ ইউ.পি.পি.এল ইয়াত আগবাঢ়ি আছে।
আকৰ্ষনীয় হৈছে বৰমা সমষ্টিৰ যুঁজ। সদৌ অসম ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি প্ৰবীন বড়োৱে যোৱা দুটা বিধানসভা নিৰ্বাচনত টিকট বিচাৰি নিৰাশ হৈছিল। এইবাৰ হাগ্ৰামাই টিকট দিলে যদিও প্ৰত্যাহ্বান যঠেষ্ট। প্ৰায় ২৫% মুছলমান, ৩৫% বড়ো আৰু ৪০% অনাবড়ো হিন্দু ভোটাৰ থকা বৰমাৰ সমীকৰণ দিনে দিবে জটিল হৈ গৈ আছে। ইউ.পি.পি.এলৰ ভূপেন বড়োৰ লগতে সাংসদ নৱ শৰণীয়াও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। নৱ শৰণীয়াই কাৰ ভোট বিভাজন কৰে কোৱা টান। প্ৰবীন বড়োই আশা কৰিছে ২৫% মুছলমান আৰু ২০% বড়ো ভোটাৰৰ সমৰ্থন লৈ প্ৰথমবাৰৰ বাবে বিধায়ক হোৱাৰ। নৱ শৰণীয়াই লাভ কৰা ভোটৰ বিন্যাসৰ ওপৰতে নিৰ্ভৰ কৰিব বাকী দুজনৰ জয় পৰাজয়। বৰ্তমানলৈ ভূপেন বড়ো আগবাঢ়ি আছে যদিও নৱ শৰনীয়াই কি খেল দেখায় তাৰ ওপৰতে সকলোৰে চকু।
এয়া আছিল অহা ৬ এপ্ৰিলত ভোটদান হ’বলগীয়া ৩০টা বিধানসভা সমষ্টিৰ শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰত আমাৰ এক বিশ্লেষণ। ২০১৬ত ৮ খন আসন দখল কৰা বিপিএফে এইবাৰ ৩ খন আসনতে সন্ত্তষ্ট থাকিবলগীয়া হ’ব পাৰে।