নিবাৰণ বৰা __ NOBODY CAN FOLLOW NOBODY CAN OPPOSE

11293

 


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


‘মোক পুৱতি নিশাৰ শেষ তৰাটোৰ মৃত্যু দিয়া , যি আদৰি আনে নতুন প্ৰভাত………’ লাহোৰৰ উৰ্দু কবি গুঞ্জন চাহাবৰ কবিতা  এটাৰ আলমত মানুহৰ জীৱন – দৰ্শন বুজিব পাৰি । অসমীয়াত ‘স্বাভিমান’ শব্দ প্ৰয়োগৰ বহু বছৰ আগতেই নিবাৰণ বৰাই অসমীয়া জাতিৰ স্বাভিমানৰ ৰূপ ৰেখা তৈয়াৰ কৰিছিল ।
“উত্তৰ পূৰ্বাঞ্চল,অতীজত কাহনিও এক নাছিল। আজিৰ অসমৰ উজনি নামনিও কাহানিও এক বা ঐক্যবদ্ধ নাছিল। আজিৰ অসমৰ উত্তৰ – দক্ষিণ কাহানিও এক নাছিল। কিন্তু অসমৰ  উজনি- নামনি,অসমৰ উত্তৰ-দক্ষিণ এদিন এক হ’বলৈ বাধ্য হৈছিল বহি: শত্ৰুৰ বাবে। যদিও মাত কথাত কিছু  হীনডেড়ী ৰৈ গ’ল, খোৱা বোৱাৰ তাৰতম্য, পিন্ধন উৰণৰ সামান্য ব্যৱধান আছে । তথাপিও সকলো ব্যৱধান ভেদ কৰি বহিঃশত্ৰুৰ বিৰুদ্ধে আমি এক হৈ যুঁজিছিলো,সমীপৰ বাসিন্দা ৰূপে, সহযোগী সহকৰ্মী ৰূপে।ফলত নিজ অস্তিত্ব লোপ কৰি হ’লেও আমি সগৌৰৱে গঢ়ি তুলিছিলো অসমীয়া জাতি। স্বৰ্গদেউ সকল- গুৰুজনা আৰু মাধৱদেৱ সমন্বিতে আন সকলোবোৰৰ অৰিহনাই গঢ়ি তুলিছিল অসমীয়া জাতি।”
১৯৪৭ চনৰ ১৫ আগষ্ট ;  ডিব্ৰুগড় জিলা কাৰাগাৰৰ ১২৩ জন কয়দীক মুক্তি দিয়া হল ,স্বাধীনতা দিৱসৰ দিনা । কিন্তু সিদিনা পুৱাই  কাৰাগাৰলৈ অনা হ’ল এজন নতুন  বন্দীক ।   টিংখঙৰ  বাগিচাত  বণুৱা  ধৰ্মঘটৰ নেতৃত্ব বহন কৰিছিল নিবাৰণ বৰাই। স্বাধীনতা লাভ কৰা প্ৰথম দিনটোতেই কাৰাগাৰৰ ৫নং ৱাৰ্ডৰ  খাটত শুই কটাছিল নিবাৰণ বৰাই ।  নিবাৰণ বৰা  এন এফ ৰেলৱেৰ ট্ৰেড ইউনিয়নৰ সাধাৰণ সম্পাদক থকা সময়ত  জন নায়ক জয়প্ৰকাশ নাৰায়ণে ডিব্ৰুগ্ৰড় কাৰ্য্যলয়ৰ টোকাবহীত লেখি থৈ গৈছিল , ” Nibaran Bora , Sharpest brain of the North East “
স্বাধীন ভাৰতৰ প্ৰথম দিনটোৰ পৰা আৰম্ভ হোৱা জেল যাত্ৰাই এদিন তেওঁক লৈ গৈছিল বিহাৰৰ ভাগলপুৰ জেললৈ । আশীৰ দশকত ‘ নীলাচল ‘ কাকতৰ পৃষ্ঠাত অসমত বিদেশী নাগৰিকৰ সমস্যাৰ বিষয়ে ধাৰাবাহিক ভাবে লেখিছিল । সেই সময়ৰ বহু ব্যক্তিয়ে স্বীকাৰ কৰে যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা ‘বহিৰাগত আন্দোলন ‘ এ ‘ বিদেশী বহিষ্কাৰ আন্দোলন ‘ ৰূপ লৈছিল নিবাৰণ বৰাৰ আদৰ্শক ভিত্তি কৰি ।  ১৯৮০ চন , নিবাৰণ বৰা , তেতিয়াৰ ছাত্ৰ নেতা নেকিবুৰ জামান সমন্বিতে আঠজন ব্যক্তিক অসম আন্দোলনৰ সময়ত  পুলিচে গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰে । কিন্তু কিছুদিন অসমৰ জেলত থকাৰ পিছত এই কেইজন ব্যক্তিক বিহাৰৰ ভাগলপুৰ জেললৈ লৈ যোৱা হয়, মানসিক ভাবে দুৰ্বল কৰিবলৈ ।  প্ৰথম অৱস্থাত বন্দীসকলৰ কাৰণে বিহাৰ যাত্ৰা বেদনাদায়ক আছিল । কিন্তু সাগৰৰ ঢৌক বাধা দিয়া নেযায় । নিবাৰণ বৰাক দেখা কৰিব আহিল ট্ৰেড ইউনিয়নৰ নেতা আৰু পিচলৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী  জৰ্জ ফাৰ্নাণ্ডেজ । লাহে লাহে জেলৰ কাৰাগৰ হৈ পৰিল সংগ্ৰামৰ কঠীয়া পথাৰ ।
নিবাৰণ বৰাৰ বাবে দিল্লীয়ে গুৰুত্ব দিবলৈ বাধ্য হৈছিল অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনক । ছবছৰীয়া এই আন্দোলনক কলিতেই গচকি মোহাৰিব বিচাৰিছিল বাঁওপন্থীয়ে  । নেতৃত্ব লৈছিল  ড° হীৰেণ গোঁহাইয়ে । ‘ কলাখাৰ ‘ কাকত জলন্ত উদাহৰণ । এই  কৌশলক বুজাৰ সামৰ্থ্য নাছিল প্ৰফুল্ল মহন্ত বা ভৃগু ফুকনৰ  । কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিবলৈ  ‘ আছু ‘ ক প্ৰয়োজন হৈছিল দোভাষীৰ । এই দোভাষী জন আছিল নলবাৰীৰ  কুমুদ নাথ শৰ্মা । কিন্তু অসমীয়াৰ লগতে ইংৰাজী , হিন্দী , উৰ্দু গোটেই ভাষা সলসলীয়া কৈ ক’ব পৰা নিবাৰণ বৰাক আঁতৰাই ৰাখিলে । এফালে হিৰেণ গোঁহাইয়ে বিদেশী নাগৰিক সমস্যাক গুৰুত্বহীন কৰি ‘ কলাখাৰ ‘ ত লিখে আৰু আনফালে দিল্লীৰ সংবাদ পত্ৰ, বিদেশৰ কাকতত  বিদেশী সমস্যাক ভাৰতবৰ্ষৰ সমস্যা হিচাবে প্ৰতিষ্ঠা কৰিছিল নিবাৰণ বৰাই ।  অটল বিহাৰী বাজপায়ী , ইণ্ডিয়ান ইক্সপ্ৰেছ কাকতৰ প্ৰাক্তন সম্পাদক আৰু বাজপায়ী চৰকাৰৰ মন্ত্ৰী অৰুণ চৌৰী দৰে ব্যক্তিয়ে  ‘আছু ‘  নেতৃত্বৰ লগত বহে । আন্দোলনকাৰীৰ ওপৰত চৰকাৰে চলোৱা অত্যাচাৰৰ বুজ লোৱাৰ বাবে নলবাৰীৰ ৰাজপথত খোজ কঢ়া দিনবোৰ এতিয়াও সেইসময়ৰ মানুহৰ মনত সজীৱ । প্ৰফুল্ল কুমাৰ মহন্তই উপলব্ধি কৰিছিল নিবাৰণ বৰাৰ ক্ষমতা ; লাহে লাহে আৰম্ভ হয় নিবাৰণ বৰাক আঁতৰোৱা কূট কৌশল । অসম আন্দোলনৰ সময়ত বিদেশীৰ পক্ষত লেখ লিখা ড° হীৰেণ গোঁহাই  , এন আৰ চি প্ৰকাশ হোৱাৰ প্ৰাক ক্ষণত মাদানিৰ লগত প্ৰেছ মেল পাতি বিদেশীৰ পক্ষত মুৰ ঘমোৱা আৰু  কেব আন্দোলনৰ সময়ত প্ৰফুল্ল মহন্তৰ লগত একেলগে থিয় হোৱা এজনেই ব্যক্তি । হাতত সংবিধান  লৈ অসমৰ ইমুৰৰ পৰা সিমুৰলৈ সভা সমিতি পাতি বিদেশী নাগৰিকৰ সম্পৰ্কে জনসাধাৰনক সজাগ কৰি তুলিছিল। দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ আগত ভাৰতীয় সংবিধানৰ আধাৰত ১৯৫১ভিত্তি বছৰ হিচাবে বিদেশী নাগৰিক বহিষ্কাৰ কৰিবলৈ সবল যুক্তি দাঙি ধৰিছিল।বিপদত পৰিছিল কেন্দ্ৰীয় চৰকাৰ।আৰম্ভ কৰিছিল ষড়যন্ত্ৰ।অসমৰ তথাকথিত বামপন্থী বুদ্ধিজীৱী আৰু কেইজনমান চৰকাৰী বিষয়াই নিবাৰণ বৰাৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিছিল।কিছুমান ছাত্র নেতাই সহযোগ কৰিছিল।আন্দোলনৰ মজিয়াৰ পৰা নিবাৰণ বৰাক আঁতৰ কৰা হল । প্ৰফুল্ল মহন্ত আৰু  ভৃগু ফুকন নেতৃত্বই  ১৯৭১ চনটো ভিত্তি বছৰ মানি ললে। অসম চুক্তিৰ ভিত্তি বৰ্ষ ১৯৭১ চন বাচি লোৱা হ’ল । ১৯৮৫ ৰ ১৫ আগষ্টত নিশা চুক্তি চাক্ষৰ হ’ল । অসম আন্দোলনৰ পিতামহজনক ৰাজীৱ গান্ধীৰ ওচৰলৈ লৈ যোৱা নহ’ল । এটাই অপৰাধ তেওঁ ১৯৫১ টো এৰি দিবলৈ অমান্তি হৈছিল ।
অগপ চৰকাৰৰ সময়ত ৰাজ্যসভাৰ সাংসদ ( ১৯৮৬ -৯২) হৈ ছবছৰ দিল্লীত  কটালে নগেন শইকীয়াই ।ৰাজ্যসভাৰ ছয় বছৰীয়া কাৰ্য্যকালত  অসম- অসমীয়াৰ কোনটো জ্বলন্ত সমস্যা সমাধানৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিলে সেইটো সকলোৰে জ্ঞাত । ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ আগতে শইকীয়া ১৯৮৫ ৰ লোকসভা নিৰ্বাচনত পৰাজিত হৈছিল ডিব্ৰুগড় লোকসভা সমষ্টিত । তথাপি ৰাইজে অগ্ৰাহ্য কৰা ব্যক্তিজন অগপ নেতৃত্বই দিল্ললৈ পঠালে , কিন্তু নিবাৰণ বৰাক মনত নকৰিলে ।
সময় বাগৰি গৈ থাকিল । গণতান্ত্ৰীক আন্দোলনে ৰাইজৰ আশা আকাঙ্খা পুৰণত ব্যৰ্থ হ’ল । তেওঁ সময়ে সময়ে কৈছিল ,”  প্ৰতিটো আন্দোলন , জনজাগৰণত সদায় এটা শিয়নিত শুৱা দল ওলায় । ঠাই কৰি ল’ব জানে । এইবিলাকেই গণ আন্দোলন সমুহ পথভ্ৰষ্ট কৰি আন্দোলন বিফল কৰে । “

নিবাৰণ বৰা হয়তো এজন বিৰল পিতৃ । তেওঁৰ কণিষ্ঠ পুত্ৰ পাৰ্থ প্ৰতিম বৰা ( জাভেদ বৰা ) সংযুক্ত মুক্তি বাহিনী অসমৰ বৈদেশিক সচিব থকা সময়ত শ্বহীদ হৈছিল । আপোচবিহীন সংগ্ৰামী সত্তা নিবাৰণ বৰাক হয়টো এজনো ৰাজনৈতিক বা অৰাজনৈতিক নেতাই অনুকৰণো কৰিব নোৱাৰে আৰু বিৰোধো কৰিব নোৱাৰে ।  বৰ্তমানৰ প্ৰভাবশালী ৰাজনতা হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিক বিৰোধ কৰে । কিন্তু একেলগে থকা অতুল বৰা , কেশব মহন্ত বা স্বয়ং মুখ্যমন্ত্ৰীয়ে নিৰৱে শুনি যায় । হয়টো উপায়ো নাই । অসম চুক্তি জন্মৰ লগে জন্ম হৈছিল আব্দুল মুহিব মজুমদাৰে জন্ম দিয়া আই এম ডি টি আইন । আৰু এদিন সৰ্বানন্দ সোণোৱালৰ আইনী যুদ্ধত উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে এই আইন । এতিয়া আকৌ উচ্চতম ন্যায়ালয়ৰ মজিয়া পালে ১৯৫১ ভিত্তিবৰ্ষ । এইটো হয়টো খাৰিজ হ’বলৈ বেছি বছৰ নেলাগিব ।  ইফালে হিমন্ত বিশ্ব শৰ্মাৰ অমিত শ্বাহ প্ৰীতি আৰু আনফালে  বিশ্বাসঘাটকতাৰ কলীয়া ইতিহাস অসমে পাহৰিব নোৱাৰে ।

বিদেশী খেদা অসম আন্দোলনৰ আগতে ভাৰতত আন এটা বিদেশী খেদা আন্দোলন হৈছিল ভাৰতৰ স্বাধীনতা সংগ্ৰাম আন্দোলন ।
বিভিন্ন সময়ত বিভিন্নজন দেশপ্ৰেমীক ভাৰতীয়ই নেতৃত্ব দিয়া এই আন্দোলন আৰম্ভ হৈছিল ১৮৫৭ ৰ চিপাহী বিদ্ৰোহ আন্দোলনৰ পৰা আৰু স্বাধীনতা  আন্দোলনৰ সমাপ্তি হৈছিল মহাত্মা গান্ধীয়ে নেতৃত্ব লোৱা সময়ছোৱাত । ১৯৪৬ চনৰ জুলাই মাহত INDIAN INDENDENCE ACT বৃটিছ পাৰ্লিয়ামেণ্টত গৃহিত হ’ল । স্বাধীনতাৰ বিনিময়ত জিন্নাৰ ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰাৰ দাবীত নেহেৰু আৰু আবুল কালাম আজাদ মান্তি হ’ল । ‘ ভাৰত বিভাজন মই হ’ব নিদিও , মোৰ মৃতদেহৰ ওপৰেৰে ভাৰত খণ্ডিত হ’ব  লাগিব ‘  , বুলি কোৱা মহাত্মা গান্ধীক একাষৰীয়া কৰা হ’ল । থিক ছাত্ৰ সন্থাৰ নেতৃত্বই নিবাৰণ বৰাক একাষৰীয়া কৰা দি মহাত্মা গান্ধীক আঠত্ৰিশ বছৰ আগত নেহেৰুৱে একাষৰীয়া কৰিছিল ।  ১৯৪৭ চন , ১৫ আগষ্ট নেহেৰুৱে মাজৰাতি দেশক উদ্দেশ্যি ভাষণ প্ৰদান কৰে , মহাত্মা গান্ধী থাকে  দিল্লীৰ পৰা বহু দুৰত বংগৰ নোৱাখলিত সাম্প্ৰদায়িক সংঘৰ্ষ জৰ্জৰিত এলেকাত । ১৯৮৫ চন , ১৫ আগষ্টৰ মাজ নিশা অসম চুক্তি স্বাক্ষৰ কৰে প্ৰফুল্ল কুমাৰ মহন্ত বাহিনীয়ে আৰু আন্দোলনৰ পিতামহ নিবাৰন বৰাক গোটেই প্ৰক্ৰিয়াটোৰ পৰা আঁতৰি থাকে । কাৰণ নিবাৰণ বৰাই বিচৰা নাছিল ১৯৭১ ভিত্তি বৰ্ষৰ বিনিময়ত ভাৰত চৰকাৰৰ লগত চুক্তি সম্পাদন হোৱাটো । যিদৰে মহাত্মাই বিচৰা নাছিল বিভাজিত ভাৰত একেদৰে বৰাই বিচৰা নাছিল ৭১ ‘ । ইতিহাস সাক্ষী আছে ৪৭ ‘ ৰ বিশ্বাস ঘাটকতাই জন্ম দিছিল ক্ৰমে হিন্দু- মুছলমানৰ মাজৰ অবিশ্বাস আৰু ৮৫ ‘ বিশ্বাসঘাটকতাই জন্ম দিছিল অসমীয়া জাতীয়বাদী ৰাজনীতিৰ বিশ্বাসহীনতা ।

নিবাৰণ বৰাৰ কথাৰে শেষ কৰিম ___’ যিকোনো পৰিস্থিতিতেই   স্থিতাৱস্থাক সাৱতি ধৰি ৰৈ যাব নোৱাৰো । স্থিতাৱস্থাৰ অৱস্থিতি মাত্ৰ ক্ষণিক সময়ৰ বাবে ………। ‘

(‘ নিবাৰণ বৰাৰ চিন্তাধাৰা ‘ ত প্ৰকাশিত বিভিন্ন লিখনিৰ দ্বাৰা নিবাৰণ বৰা দেৱৰ ব্যক্তিত্বক
বুজিবলৈ কৰা প্ৰয়াস )