নিৰ্বাচনৰ দিন ঘোষণাৰে মোদীৰ চমক; টাৰ্গেট ৮২

1207

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমলৈ আহি প্ৰধানমন্ত্রী মোদীয়ে কৈছিল যে মাৰ্চৰ ৮ বা ১০ তাৰিখে নিৰ্বাচনৰ দিন ঘোষণা হ’ব পাৰে। লগে লগে সংবাদ মাধ্যমে প্ৰচাৰ ইয়াক প্ৰচাৰ কৰি দিলে। বিৰোধীয়ে প্ৰশ্ন কৰিলে_কেনেকৈ মোদীয়ে নিৰ্বাচনৰ দিন ঘোষণা কৰিব পাৰে? পৰিকল্পিত ভাবে মোদীয়ে নিজৰ এজেণ্ডাত সফল হ’ল। ভাষনত মোদীৰ disclaimer ক সংবাদ মাধ্যমে গুৰুত্ব নিদিলে যত তেখেতে কৈছিল যে এয়া তেখেতৰ অনুমানহে মাত্র। নিৰ্বাচনৰ দিন ঘোষণা কৰা নিৰ্বাচন আয়োগৰ কাম আৰু তেওঁলোকে নিজৰ কাম কৰি থাকিব। বিৰোধী দল আৰু ৰাইজক হতবাক কৰি নিৰ্বাচনী আয়গে ২৬ ফেব্ৰুৱাৰী তাৰিখে অসম তথা আন চাৰিখন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে। অসমত ২৭ মাৰ্চত হ’বলগীয়া প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ শেষ দিন ৯ মাৰ্চ। অৰ্থাৎ নিৰ্বাচনৰ দিনাংক ঘোষণা কৰাৰ দিনৰ পৰা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্র দাখিলৰ শেষ দিনলৈ মাত্র ১০ দিন সময় আছে। ইয়াৰ ফলত বিৰোধী দলবোৰৰ মাজত আৰম্ভ হৈছে হাহাকাৰ।  নিৰ্বাচনী আয়োগ এটা স্বতন্ত্র সংস্থা যদিও বিভিন্ন সময়ত ই কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে কাম কৰে বুলি অভিযোগ উঠিছে। অসমৰ নিৰ্বাচনী সভাত উপস্থিত থকা সময়ত নৰেন্দ্ৰ মোদী যে নিৰ্বাচনৰ দিন সম্পৰ্কে জ্ঞাত নাছিল সেয়া বিশ্বাস কৰিবলৈ টান। তেন্তে মোদীয়ে কিয় মাৰ্চৰ ৮-১০ তাৰিখমানে নিৰ্বাচনৰ দিন ঘোষণা হ’ব পাৰে বুলি ক’লে? ইয়াক বুজিবলৈ নিৰ্বাচনৰ সুচীখন অধ্যয়ন কৰা প্ৰয়োজন।
অসমৰ বিধানসভা নিৰ্বাচন তিনিটা পৰ্য্যায়ত হ’ব। তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টিবোৰৰ নিৰ্বাচন হ’ব ২৭ মাৰ্চত। যোৱা লোকসভা নিৰ্বাচনত কলিয়াবৰৰ বাদে আন চাৰিটা লোকসভাত বিজেপি বিপুল ভোটত জয়ী হৈছিল। এই ৪৭ টা বিধানসভা সমষ্টিৰ পৰা বিজেপি মিত্রজোঁটৰ বিধায়ক ৩৬জন। এইবাৰ বিজেপিৰ টাৰ্গেট হ’ল ৪৪। বিজেপিয়ে ৩ টা সমষ্টি ধিং, ৰূপহীহাট আৰু চামগুৰি এৰি দিছে। যোৱাবাৰ পৰাজিত হোৱা সৰুপথাৰ, গোলাঘাট, তিতাবৰ, মৰিয়নি , শিৱসাগৰ, নাজিৰা, নাওবৈচা আৰু ডুমডুমা এইবাৰ বিজেপিৰ টাৰ্গেট। বিজেপিয়ে ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত ইয়াত নিৰ্বাচনী প্ৰচাৰ যোৱা দুমাহ মানৰ পৰা চলাই আছে। মোদীও এই অঞ্চলটোলৈ তিনিবাৰকৈ আহিছে। আজমলৰ লগত মিত্রতা হোৱাৰ পিছত এই ৪৭টা সমষ্টিত বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দ্বী হ’বলৈ গৈ আছিল জাতীয় পৰিষদ। কিন্তু আকস্মিকভাবে নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত জাতীয় পৰিষদে কিমান প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব তাত সন্দেহ আছে। জাতীয় পৰিষদৰ নিৰ্বাচনী প্ৰতীকটোক ২৫ দিনত কিমান ৰাইজৰ মাজত লৈ যাব সেয়া সহজে অনুমেয়। জাতীয় পৰিষদক বেকফুটত ৰখাৰ উদ্দেশ্যৰে বিজেপিয়ে নিৰ্বাচন সোনকালে কৰিব বিচাৰিছে। ধনে জনে বিজেপি যিহেতু নিৰ্বাচৰ বাবে সম্পূৰ্ণ সাজু সেয়ে বিৰোধীক শলঠেকত পেলাই প্ৰথম পৰ্য্যায়ৰ ৪৪ টা সমষ্টি দখল কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকে। বিজেপি ইয়াত সফল হ’লে বিজেপিৰ সপক্ষে বতাহ অহা বুলি দ্বিতীয় আৰু তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত প্ৰচাৰ চলাব।
  দ্বিতীয় পৰ্য্যায়ত ভোটগ্ৰহণ হ’ব ৩৯টা সমষ্টিত। এইকেইটা শিলচৰ, কৰিমগঞ্জ, ডিফু, মংগলদৈ আৰু নগাঁৱ লোকসভাৰ অন্তৰ্গত। নগাঁৱত কংগ্ৰেছৰ আৰু বাকী চাৰিটাত বিজেপিৰ সাংসদ আছে। এই ৩৯টাৰ ভিতৰত বিজেপি-অগপৰ বিধায়কৰ সংখ্যা   ২৫ জন। কংগ্ৰেছ-আজমৰ মিত্রতাৰ ফলত বিজেপিৰ সৰ্বাধিক ক্ষতি হ’ব বৰাকত। এইবাৰ বিজেপিয়ে বৰাকত চাৰিটাতকৈ বেছি সমষ্টি নাপায় বুলি অনুমান কৰিছে। সেয়েহে ইয়াৰ লোকচান পুৰণ কৰিবলৈ বিটিএদিৰ চাৰিটা সমষ্টি পানেৰী, মাজবাট, ওদালগুৰি আৰু মাজবাটক নিৰ্বাচন কৰিছে। কাৰ্বি পাহাৰৰ ৫ সমষ্টি তথা কমলপুৰ, নলবাৰী, ৰঙিয়া, জাগীৰোড, মৰিগাওঁ, বঢ়মপুৰ আৰু হোজাইকলৈ বিজেপি দল অত্যন্ত আত্মবিশ্বাসী। প্ৰথম পৰ্য্যায়ৰ ৪৪ তথা দ্বিতীয় পৰ্য্যায়ৰ ২২খন আসন দখল কৰি বিজেপিয়ে তৃতীয় পৰ্য্যায়লৈ যাব বিচাৰিছে। তেওঁলোকে ভালদৰে জানে যে গুৱাহাটীৰ বাদে তৃতীয় পৰ্য্যায়ত তেওঁলোকৰ পথ মসৃন নহয়। ৬ এপ্ৰিলত হ’বলগা তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনত আছে ধুবুৰী, বৰপেটা, কোকৰাঝাৰ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভাৰ সমষ্টি সমূহ। ইয়াৰ পৰা বিজেপিৰ সাংসদ মাত্র এজন তথা ৪০ৰ ভিতৰত বিধায়ক মাত্র ১৬জন। কংগ্ৰেছ-আজমলৰ মিত্রতাৰ পিছত বিজেপি বিপদত পৰিছে গোলকগঞ্জ, সৰভোগ, বিলাসীপাৰা পূব, বৰপেটা আৰু বৰক্ষেত্রীত। ইয়াক পূৰণ কৰিবলৈ সাজু কৰিছে ভবানীপুৰ, তামুলপুৰ,বৰমা, চাপাগুৰি আৰু ছয়গাঁও জয়ৰ ব্লু প্ৰিন্ট।
প্ৰথম পৰ্য্যায়ৰ ৪৪, দ্বিতীয় পৰ্য্যায়ৰ ২২ আৰু তৃতীয় পৰ্য্যায়ৰ ১৬ ; মুঠ ৮২ খন বিধানসভা আসনৰ টাৰ্গেট বিজেপিৰ। কৰ্মকৰ্তা সকলৰ মনোবল বৃদ্ধি কৰিবলৈ ১০১+ ৰ কথা কৈ থাকে যদিও বিজেপি দলৰ আচল টাৰ্গেট ৮২। সততে আলোচনা হয় মোদী মেজিকৰ কথা। নিৰ্বাচনৰ দিন ঘোষণা কৰি বিৰোধীক ২৬ ফেব্ৰুৱাৰীত মোদীয়ে মেজিক দেখালে। ইয়ে বিজেপিক ৮২খন আসন দখল কৰাত সহায় কৰিবনে এয়া সময়তহে জনা যাব।