নেহেৰু-ৱাড্ৰা পৰিয়ালৰ এখন ভৰিৰ মাটি খহিল ….

1860

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


আমেথিত ৰাহুলৰ পৰাজয় প্ৰত্যাশিত আছিল । ৰাহুলে উপলব্ধি কৰিছিল আৰু নিৰাপদ স্থান হিচাপে বাচি লৈছিল কেৰেলা । কংগ্ৰেছে এটা সমষ্টি হেৰুৱালে আৰু গান্ধী পৰিয়ালে হেৰুৱালে এখন ভৰিৰ তলৰ ভুমি । স্মৃতি জয়ী হ’ল আৰু ৰাহুল স্মৃতি হ’ল ।
আমাৰ দৃষ্টিত  ৰাহুল পৰাজিত হোৱাৰ মুখ্য কাৰণঃ
  • ৰাহুলে যোৱা ১৫ বছৰে সমষ্টি উন্নয়নৰ ক্ষেত্রত বিশেষ গুৰুত্ব নিদিলে।
  • ৰাহুলে ধৰি ললে যে আমেথিৰ ভোটাৰৰ তেওঁক ভোট দিয়াৰ বাহিৰে কোনো গত্যন্তৰ নাই।
  • স্মৃতি ইৰাণীয়ে যোৱা ৫ বছৰে পৰাজিত হোৱাৰ পিছতে আমেথি এৰা নাছিল। স্মৃতিৰ এটা মাত্র লক্ষ্য আছিল সেইটো হ’ল ৰাহুলক পৰাজিত কৰা।
  • সমগ্ৰ দেশত সৃষ্টি হোৱা মোদী ঢৌৰ প্ৰভাব আমেথিটো পৰিল।
  • যোৱা ৫ বছৰত বিজেপি চৰকাৰে আমেথিৰ উন্নয়নত গুৰুত্ব দি কিছু জনকল্যাণমূলক কাম কৰিছিল।
নিৰ্বাচনত প্ৰতিদন্দিতা কৰিলে জয় – পৰাজয় থাকিবই । কিন্তু ৰাহুল গান্ধীৰ কাৰণে আমেথি সাধাৰণ সমষ্টি নহয় । কংগ্ৰেছ আৰু নেহেৰু পৰিয়ালৰ কাৰণে আমেঠি আছিল পৈতৃক সম্পত্তি । স্মৃতি ইৰাণীয়ে আমেথিৰ পৰা ৰাহুল গান্ধীক উচ্ছেদ কৰাৰ বহু বছৰ আগৰ পৰাই আমেথিত ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীক বাৰম্বাৰ আক্ৰমণ কৰি আহিছে অসমৰ কিছু ৰাইজৰ কাৰণে চিনাকী সঞ্জয় সিং নামৰ ব্যক্তি জনে ।  নেহেৰু পৰিয়ালে সিংৰ আক্ৰমণ প্ৰতিহত কৰাৰ কাৰণেই তেওঁক অসমৰ পৰা ৰাজ্যসভালৈ নিছিল । সংসদ লৈ পঠিওৱাৰ স্বাৰ্থতে কংগ্ৰেছৰ শীৰ্ষ মহলে সেই সময়ত স্থানীয় কংগ্ৰেছ নেতা – কৰ্মী আৰু অসমৰ ৰাইজৰ আবেগক গুৰুত্ব প্ৰদান নকৰি সঞ্জয় সিংক ৰাজ্যসভালৈ পঠালে । সাময়িক ভাবে সঞ্জয় সিংৰ আক্ৰমণৰ পৰা সকাহ পালেও নিয়তিৰ পৰিহাস ৰাহুল গান্ধীক ধৰাশয়ী হ’ল আৰু কংগ্ৰেছৰ ভিতৰ মহলত পুনৰ সক্ৰিয় হ’ল । এইবাৰ ৰাহুলে আমেথিত নিৰ্বাচন খেলা কাৰণে আমেঠিৰ পুৰ্বৰ সাংসদজনে প্ৰতিদন্দিতা কৰিলে চুলতানপুৰৰ পৰা । কিন্তু  অসমৰ ৰাজ্যসভাৰ সাংসদজনে অতি বেয়াকৈ পৰাস্ত হ’ল । সেয়েহে পুনৰবাৰ সঞ্জয় সিংৰ দৰে নেতাই ৰাহুল গান্ধীৰ প্ৰাৰ্থিত্বক যে বিৰোধ কৰিব সেয়া স্বাভাবিক । ২০১৯ ত ৰাহুল গান্ধী একমাত্ৰ স্মৃতি ইৰাণীৰ বিৰুদ্ধে পৰাজিত হোৱা নাই , তেওঁ পৰাজিত হ’বলৈ গৈ আছে কংগ্ৰেছৰ দলীয় ৰাজনীতিতও ; গোটেই ভাৰতত নহ’লেও আমেথিত যে বিদ্ৰোহৰ সন্মুখিন হ’ব সেয়া খাটাং ।