ন – বিজেপিক লৈ অমিত শ্বাহৰ গোপন অংক

6734
  • হৰকুমাৰ ঠাকুৰীয়া

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


৪ জুলাই , ২০১৮ চন ,  বাৰাণসী চহৰ । বন্ধ দুৱাৰ মিটিং । দীনদয়াল উপাধ্যায় ট্ৰেড চেন্টাৰ । উত্তৰ প্ৰদেশ  আই টি কোষৰ বিষয়বাৱত থকাসকলৰ লগত ৰুদ্ধধাৰ বৈঠক । বৈঠকত সাংবাদিক প্ৰবেশৰ অনুমতি নাছিল । নিৰ্বাচনৰ জয় পৰাজয়ত চ’চিয়েল মিডিয়াৰ গুৰুত্ব নিৰ্ধাৰণ কৰি প্ৰতিজন সদস্যক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছিল । সেইদিনাৰ মিটিংত তেওঁ ভৱিষ্যত বাণী কৰিছিল যে ২০১৯ ত উত্তৰ প্ৰদেশৰ লোকসভা নিৰ্বাচন পুৰ্বৰ ২০‍১৪ ত কৈ কঠিন হ’ব ; কাৰণ অখিলেশ যাদৱ আৰু মায়াবতীৰ দলে মিত্ৰতা কৰিব । অমিত শ্বাহে ঘোষণা কৰিছিল ,
” আমাক ৫১ % ভোট শ্বেয়াৰ লাগিব । “
২০১৪ ত ৩১% ভোটেৰে চৰকাৰ গঠন কৰা বিজেপিয়ে ২০১৯ ত পালে প্ৰায় ৩৮ % ভোট , যিটো ১৯৮৯ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ভোট শ্বেয়াৰত কৈ মাত্ৰ অলপ কম  ।  কংগ্ৰেছ দলে ৰাজীৱ গান্ধীৰ নেতৃত্বত ৰেকৰ্ড সংখ্যক আসন ( ৪০০ +)  দখল কৰাৰ পাছতো পিছৰ নিৰ্বাচনত মুখথেকেচা খাইছিল । সেইকাৰণে অমিত শ্বাহে ৰাজীৱ গান্ধীয়ে কৰা ভুল নকৰে ।  আন আন ৰাজনৈতিক দলৰ লগত মিত্ৰতা ৰাখিও নিজৰ দলৰ সংগঠন শক্তিশালী কৰি থাকিবলৈ এৰি দিয়া নাই বিজেপিয়ে ।  আদৰ্শগত মত পাৰ্থক্য থকা ভুৱনেশ্বৰ কলিতাৰ কংগ্ৰেছ ত্যাগ আৰু বিজেপি যোগদান অমিত শ্বাহৰ ব্লুপ্ৰিন্ট । ৰাজ্যসভাত  বিল পাছ কৰিবলৈ বিজেপিৰ সংখ্যাৰ অভাব । যিহেতু তৎক্ষণাত সংখ্যা বৃদ্ধি কৰিব নোৱাৰে সেয়ে বিপক্ষৰ সংখ্যা হ্ৰাস কৰিব পাৰিলেই বিলসমুহ পাছ কৰিব পৰা যাব । এইক্ষেত্ৰত অমিত শ্বাহক সহায় কৰিলে ৰাহুল গান্ধীয়ে । গান্ধী পৰিয়ালৰ নিকত ব্যক্তি ৰূপে পৰিচিত ভুৱনেশ্বৰ কলিতাক বিজেপিৰ শক্তিশালী সমষ্টি এটাত কিয় প্ৰতিদন্দীতা কৰিব দিলে সেই উত্তৰ ভুৱনেশ্বৰ কলিতাই ২৩ মে’ ৰ আগতেই পাইছিল । কাৰণ নিৰ্বাচনী সভাত
তেওঁ নিজ মুখে স্বীকাৰ কৰিছে তেওঁৰ  অনিইচ্ছাৰ কথা ।  সদস্য ভৰ্ত্তি আৰু আন দলৰ নেতা কৰ্মীৰ বিজেপিত যোগদানে বিজেপি দলক যিমান লাভান্বিত কৰিব , তাতকৈ ১০০ গুণ ক্ষতি কৰিব বিৰোধী দলবোৰক । অসমত হিমন্ত বিশ্বৰ পৰা ভুৱনেশ্বৰ কলিতালৈ , মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছৰ বিয়াগোম নেতাৰ বিজেপি গমন , পশ্চিম বংগত মুকুল ৰয়ৰ পৰা আৰম্ভ কৰি প্ৰাক্তণ চিপিএম নেতাৰ বিজেপি গমন সম্পুৰ্ণ পৰিকল্পণাৰ আধাৰত চলিছিল আৰু চলি থাকিব । বিভিন্ন ৰাজনৈতিক – ৰাজনৈতিক দলৰ পৰা বিজেপিত যোগদান কৰা সৰহ সংখ্যক নেতা আৰু কৰ্মীৰ উদ্দেশ্য ক্ষমতা আৰু সুবিধাবাদ । কিন্তু এইসকল ন- বিজেপিক প্ৰতিষ্ঠা কৰাত সহায় কৰিলে দফা ৩৭০ এ ; আৰু দফা ৩৭০ সম্পৰ্কত চৰকাৰক বিৰোধ কৰাটো যে ছোনীয়া গান্ধীৰ ঐতিহাসিক ভুল সিদ্ধান্ত আছিল সেয়া সাধাৰণ জনতাৰ চকুৰ আগত । বালাকোটৰ এয়াৰ ষ্ট্ৰাইকক  সন্দেহ কৰিছিল ৰাহুল গান্ধীয়ে , কিন্তু পৰৱৰ্তী সময়ত খোদ ইমৰাণ খানে স্বীকাৰ কৰিলে বালাকোটৰ ভয়াবহ পৰিণতি । চৰকাৰৰ কাশ্মীৰ নীতিক কংগ্ৰেছে বিৰোধ কৰিলে , কিন্তু জমিয়ত উলেমা ই হিন্দৰ দৰে সংগঠনে চৰকাৰক ক্লীন শ্বীট দিলে । মুছলমান প্ৰধান অঞ্চলৰ ব্যক্তিয়ে বিজেপি যোগদান কৰি গৌৰৱ কৰিব পৰা হ’ল । ভাৰতৰ ৭০ % অঞ্চলৰ ৰাজনীতি বিজেপিৰ দখলত যদিও বিজেপি এতিয়ালৈকে দুৰ্বল হৈ আছে তামিলনাডুত । কিন্তু প্ৰাপ্ত খৱৰ পোৱা মতে তামিলানাডুত বিজেপিৰ ট্ৰাম কাৰ্ড হ’ব এআইএডিএমকে দল আৰু ৰজনীকান্ত । তামিলনাডুত অহা বিধানসভা নিৰ্বাচনত ডিএমকে দলে চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত আৰু জয়াললিতাৰ অনুপস্হিতিত এআইডিএমকে দলৰ সৰহ সংখ্যক নেতাই দল – মন সলনি কৰিব । এইদৰে বিজেপিৰ অশ্বমেধৰ ঘোৰা দৌৰি থাকে তেন্তে ২০২৪ লোকসভাত ৫১ % ভোট শ্বেয়াৰ টাৰ্গেট ৭১% হ’লেও আচৰিত হ’ব লগা নেথাকিব ।