পঞ্চায়তত মিত্ৰতা অগপৰ আত্মঘাতী সিদ্ধান্ত ?

19320
  • পাৰ্থ প্ৰতিম লহকৰ

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


অগপই বিজেপিৰ লগত মিত্ৰতা কৰি ২০১৬ চনত অসমত চৰকাৰী পক্ষত অবস্থান কৰিব পাৰিছিল ১৫ বছৰৰ বিৰতিত । ২০১৬ চনৰ আগতেও অগপই বিজেপিৰ লগত নিৰ্বাচনী মিত্ৰতা কৰিছিল তেতিয়া  অগপ দলৰ নেতৃত্বত  আছিল প্ৰফুল্ল কুমাৰ মহন্ত, চন্দ্ৰমোহন পাটোৱাৰী আদি । পাৰ্থক্য এটাই যে পুৰ্বতে অগপ আছিল মিত্ৰজোঁটৰ বিগ ব্ৰাদাৰ আৰু এতিয়া হৈছে পাৰ্টনাৰ । ২০০১ চনৰ বিধান সভা নিৰ্বাচনত অগপ – বিজেপি মিত্ৰজোঁটৰ পৰা বিজেপিয়ে অকলে প্ৰতিদ্বন্দ্বীতা কৰিছিল ৪৪ টা সমষ্টিত আৰু অগপই অকলে প্ৰতিদন্দিতা  কৰিছিল ৬৪ টা সমষ্টিত । ছবিখন সলনিহৈ ২০১৬ ৰ বিধান সভা নিৰ্বাচনত মিত্ৰতাৰ ফলত অগপই প্ৰতিদ্বন্দ্বীতা কৰিব পালে মাত্ৰ  ২৪ টা সমষ্টিত আৰু বিজেপিয়ে প্ৰতিদ্বন্দ্বীতা কৰিলে ৮৪ টা সমষ্টিত ।

২০১৬ ৰ ফলাফলে অগপক কি দিলে ? দুই তিনিজন মন্ত্ৰী আৰু কেইজনমান বিধায়ক যিসকলে নিজৰ  অৰ্থ আৰু আত্মবিশ্বাসৰ অভাবৰ ফলত বিজেপিৰ আৰ্থিক অনুঁদানেৰে নিৰ্বাচন খেলিব পাৰিলে । অগপই চৰকাৰত থকা স্বত্তেও দলত নতুন প্ৰজন্মৰ সদস্য যোগদান আশাব্যঞ্জক নহয় । যিসকল  নেতাৰ আগমন হৈছে তাৰ বহুতে  অন্য দলত নিজৰ স্থিতি হেৰুৱাইছে বা সমষ্টিত গণভিত্তি কমি অহিছে নাইবা বিসম্বাদৰ কবলত ককবকাই আগন্তুক সময়ত দলীয় টিকট পোৱাৰ কোনো আশা নাই । অগপ আৰু আনদলবোৰৰ মাজত এটা প্ৰধান পাৰ্থক্য হ’ল যে অগপৰ গণভিত্তি থাকিলেও সেই গণভিত্তি ভোটলৈ ৰূপান্তৰ নহয় বহু সময়ত , কিন্তু আন দলৰ গণভিত্তি নাথাকিলেও নিৰ্বাচন কেন্দ্ৰীক বিভিন্ন ইচ্ছ্যুৰ দ্বাৰা ৰাইজৰ ভোট পাবলৈ সক্ষম হয় ।  অগপই এতিয়াও অমিত শ্বাহৰ মন্তব্যৰ আধাৰত মিত্ৰতাৰ দিশ নিৰূপন কৰি আছে । কিন্তু অমিত শ্বাহৰ দৰে  ৰাজনীতিৰ চানক্য এজনে অগপক উলাই কৰা নাই কিয় ? অগপক উলাই কৰা নাই একমাত্ৰ  দলটোৰ প্ৰতি থকা  ৰাইজৰ আবেগৰ কাৰণে , এইয়া কোনো অগপ নেতাৰ কাৰণে নহয় ।

২০০১ ৰ পৰা আজিলৈকে  বিজেপিয়ে অগপৰ লগত মিত্ৰতা কৰি কি পালে ?  বিজেপিৰ গাত লাগি থকা বহিৰাগত আৰু বণিয়াৰ দলৰ লেবেলখন নোহোৱা হ’ল আৰু পৰৱৰ্তী সময়ত অগপৰ পৰা বিজেপিলৈ বহু নেতা কৰ্মীৰ সোতঁ ব’লে ।
২০১৬ ত অসমৰ নিৰ্বাচনৰ সময়চোৱাত বিশেষ সুত্ৰৰ পৰা জনিব পৰা মতে  বিজেপি দলৰ স্থানীয় নেতা কৰ্মী সকলে   অগপৰ লগত মিত্ৰতা কৰাৰ ইচ্ছা মুঠেই নাছিল , কিন্তু অসম বিধান সভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত লালু – নিতিশৰ হাতত বিহাৰত বিজেপি পৰাস্ত হ’ব লগা হোৱাত বিজেপিয়ে অসমত ৰিস্ক ল’ব টান পালে । দ্বিতীয় কাৰণ আছিল বিভিন্ন বিল আদি  পাছ কৰাৰ সময়ত বিধান সভাৰ মজিয়াৰ ভিতৰে বাহিৰে জাতীয়তাবাদী দল এটাৰ পৰা সমৰ্থন আৱশ্যক আছিল বিজেপিৰ । ২০১৬ চনত অগপই মিত্ৰতা কৰিবলৈ বাধ্য হৈছিল প্ৰধানত:  নিৰ্বাচনত খৰছ কৰিবলগিয়া ধনৰ অভাব আৰু বিধান সভাৰ মজিয়াত দলৰ অস্তিত্ব পুনৰ উভতাই অনাৰ স্বাৰ্থত । বৰ্তমানৰ ইনটাৰনেত আৰু ভোগবাদী যুগত জনতাৰো বুদ্ধি আৰু দৰ্শনৰ পৰিৱৰ্তন হৈছে । সেয়ে  সকলোৱে অতি শক্তিশালী আঞ্চলিক দল অবিহনে কেন্দ্ৰ আৰু ৰাজ্যত একে ৰাষ্ট্ৰীয় দলৰ  চৰকাৰ হোৱাটো  বিচাৰে । তাৰ ফলত অগপই বলিদান দিলে বহু সমষ্টি । উদাহৰণস্বৰূপে নামনি অসমত অগপৰ দুৰ্গ  নলবাৰী জিলাৰ  বৰক্ষেত্ৰী ,নলবাৰী সদৰ, ধৰ্মপুৰ ,বৰমা  সমষ্টিত   ২০১৬ চনৰ নিৰ্বাচনৰ  ইভিএমত অগপৰ চিহ্ন ‘হাতী’ ৰাইজে দেখা নাপালে । কিন্তু ১৯৯৬ চনত এইকেইটা সমষ্টিৰ পৰা  তিনিজন অগপ মন্ত্ৰী আছিল । চৰকাৰত থকা সময়ছোৱাত সন্ত্ৰাসবাদে জুৰুলা কৰাৰ উপৰিও  বিভিন্ন  দুৰ্ণীতিৰ অভিযোগ , স্বজন তোষন , গুপ্ত হত্যা ,  দলীয় অন্তৰ কলহ আদি থকা স্বত্তেও অসমৰ ৰাইজে কম বেছি পৰিমানে হ’লেও  অগপক এতিয়াও  অক্সিজেন যোগান ধৰি আছে ।

ৰাজনীতিত কোনো স্থায়ী শত্ৰু আৰু মিত্ৰ নাথাকে বুলি কোৱা হয় । বিজেপি , কংগ্ৰেছ , বিপিএফ বা এআই ডি এফ এই সকলো বিলাকেই ৰাজনৈতিক দল । সেয়ে তেওঁলোকৰ মাজতো শত্ৰু মিত্ৰ সলনি হৈ থকাটো স্বাভাবিক ।  এই চেকাটো অকল ৰাজনৈতিক দলৰ বুলি ক’লে একেবাৰে সত্যৰ অপলাপ কৰা হ’ব । কাৰণ বৰ্তমান আমাৰ সমাজত প্ৰতিজন ব্যক্তিয়ে প্ৰতিদিনে ভাল সুবিধা  আশা কৰে । চাকৰি কৰা মানুহেও নতুন ভাল দৰমহা বা ক্ষমতা থকা চাকৰি পালে পুৰণি চাকৰি বাদ দিয়ে , কলেজৰ শিক্ষকে বিশ্ববিদ্যালয় পায় ,  নিউজ চেনেল – বাতৰি কাকতৰ সম্পাদকে প্ৰতিষ্ঠান সলনি কৰে , ফুটপাথৰ পাণ দোকানীজনে সুবিধা পালে গেলামাল দোকাণ দিয়ে , স্বয়ং এচিএছ হৈ থাকিও পিছৰ বছৰ এপিএছলৈ
যায় । মুঠৰ ওপৰত সকলোৱে ভাল সুবিধা গ্ৰহণ কৰিবলৈ আগ্ৰহী । কাশ্মীৰত বিজেপি – পিডিপি ,  কৰ্ণাটকত কংগ্ৰেছ – জেডিএছ  আদি বহু উদাহৰণ ৰাইজে দেখিছে । পাৰ্থক্য এইখিনিতেই যে হাগ্ৰামা মহিলাৰীয়ে প্ৰত্যক্ষ ভাবে খোলাখুলিকৈ প্ৰকাশ কৰে কিন্তু আন ৰাজনৈতিক নেতাই পিছদুৱাৰেদি অংক কৰে  । নিৰ্বাচনৰ পিছত কৰা মিত্ৰতাৰ  আদৰ্শ হ’ল ক্ষমতা দখল আৰু প্ৰাক নিৰ্বাচনকেন্দ্ৰীক মিত্ৰতা হ’ল কুটনৈতিক পদক্ষেপ । কাৰণ ক্ষমতাত নাথাকিলে সমষ্টি বা অঞ্চল এটাৰ উন্নয়নো লেহেমীয়া হয় । সংখ্যাৰ জোৰ  আৰু সমষ্টিত শক্তিশালী স্থিতি অবিহনে ৰাজনৈতিক দলৰ মাজত  মিত্ৰতা অসম্ভৱ । মহাৰাষ্ট্ৰত শিৱসেনা আৰু বিজেপিৰ মিত্ৰতা ১৯৮৯ চনতেই আৰম্ভ হোৱা আৰু নৰেন্দ্ৰ মোদীক গুজৰাটৰ সংঘৰ্ষৰ সময়ত ম’ৰেল সমৰ্থন দিয়া প্ৰথম ব্যক্তি আছিল শিৱসেনাৰ প্ৰতিষ্ঠাপক  বালা চাহেব থাকৰে ।  কিন্তু আজিৰ সময়ছোৱাত শিৱসেনাৰ প্ৰধান বিৰোধী বিজেপি হ’বলৈ গৈ আছে । এটা সময়ত  শিৱসেনাই মহাৰাষ্ট্ৰত বিজেপিক গজালি মেলাত সহায় কৰিছিল  আৰু সেই গজালিৰ পৰা হোৱা বট গছ জোপাই এতিয়া শিৱসেনাৰ গছ ডালক আগুৰি ধৰিছে ।

পঞ্চায়ত নিৰ্বাচনত বিজেপি – অগপৰ মিত্ৰতা হ’লে কি হ’ব ?

বিজেপি + অগপই অনায়াসে নিৰ্বাচনত  ৭০ % পঞ্চায়ত , জিলা পৰিষদ  দখল কৰিব । যিহেতু বিজেপিৰ বিধায়কৰ সংখ্যা অগপতকৈ বহু বেছি সেয়ে পঞ্চায়ত আৰু জিলা পৰিষদৰ  নেতৃত্বত কোন থাকিব সেইয়া সকলোৰে নখদৰ্পনত । যিকেইখন পঞ্চায়তত জিকিব  নোৱাৰে তাৰে আধা মানত দল ত্যাগ , অনাস্থা প্ৰস্তাব আদি ঘটনাৰ সুত্ৰপাত হ’ব আৰু শেষত  অন্তত : অকংগ্ৰছী বা অএআইইউডিফ পঞ্চায়ত গঠন  হ’ব । সংবাদ মাধ্যমত পঞ্চায়ত নিৰ্বাচনত  বিজেপি নেতৃত্বাধীন চৰকাৰৰ সফলতাত বাতৰি প্ৰকাশ পাব । পঞ্চায়তৰ পিছতেই ২০১৯ ৰ লোকসভা নিৰ্বাচন আহিব । লোকসভাত বিজেপিৰ ফৰ্মুলা মতেই সংখ্যালঘু ভোটাৰে জয় পৰাজয় নিৰ্ণয় কৰা লোকসভা সমষ্টি দুটাত  অগপক প্ৰাৰ্থিত্ব দিব বা খুব বেছি গৌৰৱ গগৈৰ দখলত কলিয়াবৰখন অগপক এৰি দিয়া হ’ব পাৰে  । সেয়াও কিন্তু ৰকিবুল হুছেইনৰ শক্তিৰ ওপৰতহে নিৰ্ভৰ কৰিব । কাৰণ গৌৰৱ গগৈৰ নিৰ্বাচনৰ জয় পৰাজয় ৰকিবুল হুছেইনৰ গণভিত্তিৰ ওপৰতহে নিৰ্ভৰ কৰে । নিৰ্বাচনৰ পিছত কেন্দ্ৰত যি দলৰ চৰকাৰেই নহওঁক অগপ পুনৰ বাৰ সাংসদ শুণ্য হোৱাৰ আশংকাত থাকিব  নেকি ?

যদি পঞ্চায়তত অগপই অকলে নিৰ্বাচনত নামে তেতিয়া হয়টো কম সংখ্যক পঞ্চায়ত দখল কৰিব পাৰিব  , কিন্তু নিজৰ শক্তি প্ৰতিপন্ন হ’ব । কাৰণ অগপৰ লগত মিত্ৰতা অবিহনে  নাগৰিকত্ব বিধেয়ক ,  সাংগঠনিক দুৰ্বলতা আৰু নিৰ্বাচনৰ সময়ত হব লগা বিসম্বাদে  বিজেপিক সংখ্যাগৰিষ্ঠতা দিলেও কিন্তু পঞ্চায়ত নিৰ্বাচনত আশাব্যঞ্জক ফল দিব নোৱাৰাটো নিশ্চিত । পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে আগন্তুক সময়ৰ নিৰ্বাচনবোৰত আসন বুজা বুজিৰ আলোচনাত অগপক শক্তিশালী কৰিব ।  ২০১৯ ৰ পিছত ২০২১ ত বিধান সভা নিৰ্বাচন হ’ব । ২০১৯ ত যদি  কেন্দ্ৰত পুনৰ বাৰ মোদী চৰকাৰ আহে তেন্তে অসমতো ২০২‍১ ত  বিজেপিৰ অশ্বমেধৰ ঘোঁড়াক প্ৰতিৰোধ কৰাটো বিৰোধীৰ কাৰণে কাল্পনিক হোৱাটো খাটাং । কাৰণ অতি সৰল : আন্তৰ্ৰাষ্ট্ৰীয় সমস্যা, নিবনুৱা সমস্যা , উন্নয়ন আদি বিভিন্ন কাৰকে কেন্দ্ৰ আৰু ৰাজ্যত বেলেগ বেলেগ ৰাষ্ট্ৰীয়দলৰ চৰকাৰ থকাতো ৰাইজে নিবিচাৰে । তেতিয়া অগপৰ লগত কিহৰ ভিত্তিত বিজেপিয়ে  বুজা বুজি  কৰিব সেই কথা বৰ্তমানৰ অগপ নেতৃত্বই উপলব্ধি কৰা উচিত । বিশ্বায়নৰ যুগত দেশৰ ৰাইজে জাতিয়তাবাদৰ সুত্ৰক নতুনকৈ গঢ় দিছে ।

যদিহে ২০১৯ ত কেন্দ্ৰত এখন অবিজেপি চৰকাৰ গঠন হয় তেতিয়া অগপৰ কি হ’ব ?

২০১৯ ত কেন্দ্ৰত যদি এখন অবিজেপি চৰকাৰ  গঠন হয় তেন্তে  ২০২১ ত অসমত বিজেপি দলে চৰকাৰ গঠন কৰাটো অতি কঠিন হ’ব । কাৰণ ডুবিব ধৰা নাওঁত কোনেও বহিব নাযায় । বিপিএফ ৰ কাৰণে যিহেতু বিটিছিৰ উন্নয়ন মুল বিষয়বস্তু সেয়ে কেন্দ্ৰৰ চৰকাৰৰ লগত বিপিএফ দলে প্ৰতিদ্বন্দ্বী ৰূপত থিয় দিব বুলি ভবাটো আচৰিত । আনহাতে অগপৰ কাৰণে অসমত কংগ্ৰেছৰ লগত মিত্ৰতা কৰা বিষয়টো আজিৰ পৰা  ২০ -২৫ বছৰ আগৰ দৰে হৈ থকা নাই । কাৰণ নব্বৈৰ দশকত সীমিত প্ৰচাৰ মাধ্যমৰ সুবিধালৈ দুই এখন বাতৰি কাকতে যিদৰে একোজন দুৰদৃষ্টি সম্পন্ন  মুখ্যমন্ত্ৰীক গণশত্ৰুৰ দৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল সেই দিন এতিয়া নাই । ৰাইজে যিদৰে বিজেপি +অগপ+ বিপিএফক সমৰ্থন দিছে সেই একেই সমৰ্থন  কংগ্ৰেছ +অগপ + বিপিএফ দলকো নিদিব বুলি মানে নাই । কাৰণ ৰাইজেও বুজে যে সুবিধা ক’ত পোৱা যায় । কিন্তু কথা হ’ল অগপই সেইখিনি সময়ত কিহক মুলধন হিচাপেলৈ বুজাবুজি কৰিব । বীজ গণিতৰ সুত্ৰ আৰু কাৰ্ল মাৰ্ক্সৰ সুত্ৰ সদায় ৰাজনীতিৰ আদিপাঠ । যিদৰে যোগ পুৰণ যোগ বা  বিয়োগ পুৰণ বিয়োগ  সদায় যোগ তেনেকৈ ধনী সদায় ধনীৰ মিত্ৰ আৰু দুখীয়া সদায় দুখীয়াৰ মিত্ৰ । আনহাতে বিয়োগ পুৰণ যোগ সদায় বিয়োগ , যিদৰে দুখীয়া আৰু ধনী সদায় প্ৰতিদ্বন্দ্বী ।
অন্য দলৰ গণভিত্তিহীন কাগজৰ বাঘ সদৃশ নেতাই অগপত যোগদান কৰিলে অগপ দলৰ গণভিত্তি বৃদ্ধি হ’ব বুলি ভবাটো ভুল হ’ব । অগপক প্ৰয়োজন নতুন প্ৰজন্মৰ সাধাৰণ কৰ্মীৰ । ২০১৬ নিৰ্বাচনৰ পৰা  ২০১৮ চনলৈ অসমৰ ৰাইজক এই দুবছৰে ২০০ বছৰৰ জ্ঞান দিলে । ১৯৮৫ ত যিদৰে ছাত্ৰ নেতৃত্বৰ ওপৰত আবেগিক অসমীয়াই ৰাজ্যৰ নেতৃত্ব অৰ্পন কৰিছিল থিক একেদৰে ২০১৬ চনটো বহু ছাত্ৰ নেতাই ৰাজনৈতিক দলত অতি কম সময় খৰছ কৰিয়েই দলৰ টিকটত বিধায়ক হৈছিল । এজন প্ৰাক্তন ছাত্ৰ নেতাই  আকৌ টিকট নাপায় কিছু ঘন্টাৰ  ভিতৰতে বিজেপি এৰি কংগ্ৰেছলৈ গ’ল । মুলত: নাগৰিকত্ব বিধয়েকখনে ছাত্ৰ ৰাজনীতি এৰি দলীয় ৰাজনীতি কৰা ব্যক্তি সকলৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে ।ৰাজনৈতিক দল হিচাপে কংগ্ৰেছ ,বিজেপি বা এ আইইউডিএফৰ নীতি  স্থিতি স্পষ্ট ।

কংগ্ৰেছ  দলৰ কেন্দ্ৰীয় নেতৃত্বই  উপলব্ধি কৰিছে যে মুছলমান ভোটবেংক লাহে লাহে খহিবলৈ আৰম্ভ কৰিছে । সেয়ে শশী থাৰুৰ , গোলাম নবী আজাদ , কপিল চিব্বালৰ দৰে নেতাই বিভিন্ন মৌলবাদী মন্তব্য আগবঢ়াই আছে যাতে মুছলমান মানুহখিনি যিকোনো উপায়ে নিজৰ লগত ৰাখিব পাৰে । প্ৰবীন টোগাড়িয়াৰ নেতৃত্বত আন্ত: ৰাষ্ট্ৰীয় হিন্দু পৰিষদ গঠন হৈছে । মুঠৰ ওপৰত হিন্দু – মুছলমান যিয়েই নহওঁক নিজৰ নিজৰ সম্প্ৰদায়ৰ মাজত নীত বা মতৰ অমিল হৈ গৈ আছে । ২০২১ ৰ অসম বিধান সভাৰ নিৰ্বাচন সম্পুৰ্ণ নিৰ্ভৰ কৰিব অহাবছৰ হ’ব লগা  লোকসভা নিৰ্বাচনৰ ফলাফলৰ
ওপৰত । ২০১৯ ত কেন্দ্ৰত যিদলৰেই চৰকাৰ  নহওঁক অগপই সুযোগ লোৱাৰ বাট কিন্তু অতি পোন । মাথো নিজৰ শক্তি বৃদ্ধি কৰিব লাগিব । বিটিএডি ৰাইজে যিদৰে বিপিএফক কংগ্ৰেছ আৰু বিজেপিৰ লগত কৰা  দুয়োটা মিত্ৰতাতেই সমৰ্থন দিছে । একেদৰে অগপ দলে  অসম আৰু খিলঞ্জীয়া অসমীয়াৰ  উন্নয়নৰ নীতিত অটল থাকিলে যিকোনো ৰাষ্ট্ৰীয়  দলৰ লগতেই মিত্ৰতা কৰিলে একবিংশ শতিকাৰ অসমীয়া ৰাইজে সেই সিদ্ধান্তক গুৰুত্ব সহকাৰে ল’ব । শেষত মুল কথাটো হ’ল প্ৰকৃতিৰ নিয়মত গছে যেনেকৈ নতুন পাত ধাৰণ কৰি  শিপাক শক্তিশালী কৰি ৰাখে , একেদৰে অগপৰ নেতাসকলেও ব্যক্তিগত অভিমান এৰিব লাগিব আৰু অসমৰ  নতুন প্ৰজন্মক আকোঁৱালি ল’ব লাগিব ।