পঞ্চায়ত নিৰ্বাচন-ৰাইজৰ লাভ নে ৰাজকোষৰ ধনৰ অপব্যৱহাৰ?

3194
  • বুবুল ঠাকুৰীয়া

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


অসমত পঞ্চায়ত নিৰ্বাচনৰ দামামা বাজি উঠিছে।কি চৰকাৰ,কি বিৰোধী সকলোৱে টঙালি বান্ধিছে এঘড়ী যুঁজিবলৈ।ডিচেম্বৰৰ ৫ আৰু ৯ তাৰিখে দুই ভাগত নিৰ্বাচন অনুষ্ঠিত হব আৰু ১২ ডিচেম্বৰত ভোট গণনা।ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল পৰ্ব শেষ হৈ গ’ল।ৰাজ্যৰ মুঠ ২১ খন জিলা পৰিষদ,১৮৫ খন আঞ্চলিক পঞ্চায়ত আৰু ২২০১ খন গাঁও পঞ্চায়তৰ বাবে নিৰ্বাচন অনুষ্ঠিত হব।অসমৰ সংবাদ মাধ্যম বিশেষকৈ ব্যক্তিগত মালিকাধীন টি ভি চেনেল কেইটাৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী বোৰৰ সাধাৰণ জ্ঞানৰ নমুনা “হট-কেক” সদৃশ হৈ পৰিছে।এই ক্ষেত্ৰত চ’চিয়েল মিডিয়া আৰু এখোপ চৰা।মুঠৰ ওপৰত অসমৰ আকাশ-বতাহ এতিয়া কেৱল নিৰ্বাচনী কুছ-কাৱাজে আৱৰি আছে।
মহাত্মা গান্ধীৰ সপোন আছিল পঞ্চায়তি ৰাজ বা গ্ৰাম স্বৰাজ।তেওঁৰ লক্ষ্য আছিল ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰি গাঁওৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰা।দেশৰ নাগালেণ্ড,মেঘালয়,মিজোৰাম আৰু কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ বাদে গোটেই কেইখন ৰাজ্যতে পঞ্চায়তৰ ব্যৱস্থা আছে।যদিও ১৯৫৯ চনতে এই ব্যৱস্থাৰ প্ৰয়োগ হৈছিল তথাপি বৰ্তমানৰ পঞ্চায়ত নিৰ্বাচনৰ এই পদ্ধতি ভাৰতীয় সংবিধানৰ ৭৩ নং অনুচ্ছেদৰ সংশোধন ঘটাই ১৯৯২ চনতহে প্ৰৱৰ্তন কৰা হৈছিল।তিনিটা ভাগত বিভক্ত এই পঞ্চায়ত ব্যৱস্থা জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তেৰে গঠিত।
পঞ্চায়ত ব্যৱস্থাৰ বিত্তীয় উৎস(চৰকাৰৰ দ্বাৰা):
:কেন্দ্ৰীয় বিত্তীয় আয়োগৰ অনুদান।
:কেন্দ্ৰীয় চৰকাৰ অনুদান।
:ৰাজ্যিক বিত্তীয় আয়োগৰ নিৰ্দেশত ৰাজ্য চৰকাৰৰ অনুদান।
পঞ্চায়ত ব্যৱস্থাৰ কৰিবলগীয়া দায়িত্ব:
:গাঁওৰ জনতাৰ লাগতিয়াল সকলো সেৱা উপলব্ধ কৰোৱা।
:খেতিয়কক উন্নত মানৰ বিভিন্ন বীজৰ যোগান ধৰা,উন্নত প্ৰযুক্তিৰে খেতি কৰাৰ বাবে প্ৰশিক্ষণ দিয়া।
:গাঁও অঞ্চলৰ ৰাস্তা-ঘাট নিৰ্মাণৰ ব্যৱস্থা কৰা।
:প্ৰাথমিক স্বাস্থ্য সেৱাৰ দ্বাৰা ৰাইজৰ দুখ-দুৰ্গতি নাশ কৰা।
:ক্ষুদ্ৰ উদ্যোগ স্থাপনত সহায় কৰা লগতে নিয়োগ সৃষ্টি কৰা।
:নিবনুৱাক সংস্থাপন দিয়াত সহায়ক হোৱা আঁচনি বোৰত গুৰুত্ব দিয়া।
:অনাময় ব্যৱস্থাৰ উন্নতি সাধন কৰা।
:দুখীয়া-নিচলা আৰু গৃহহীনক ঘৰ তথা খোৱা-পানীৰ ব্যৱস্থা কৰি দিয়া ইত্যাদি।
পঞ্চায়ত ব্যৱস্থাৰ উপার্জনৰ উৎস:
:ৰাইজক কম মূল্যৰ বিনিময়ত প্ৰদান কৰা খোৱা-পানীৰ পৰা পোৱা ৰাজহ,বিভিন্ন মঠ-মন্দিৰ,মছজিদলৈ অহা তীৰ্থযাত্রীৰ পৰা পোৱা অনুদান,বিভিন্ন বজাৰৰ পৰা পোৱা ৰাজহ ইত্যাদি।
:ৰাজ্য চৰকাৰৰ পৰা বিভিন্ন আঁচনি ৰূপায়ণৰ বাবে অহা অনুদান।
এতিয়া আহোঁ আজিৰ মূল বিষয়টিলৈ।সঁচাকৈয়ে দেশ বা ৰাইজৰ লাভ হৈছেনে ৰাজকোষৰ কৌটি কৌটি টকা খৰচ কৰি নিৰ্বাচন পাতি একচামক ৰাইজৰ সেৱাৰ বাবে নিৰ্বাচিত কৰি?
প্ৰয়োজন আছে পঞ্চায়ত ব্যৱস্থাৰ,প্ৰয়োজন আছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যদিহে তাত দুৰ্নীতি নাথাকে,যদিহে তাত কাম কৰাৰ বাবে উপযুক্ত প্ৰাৰ্থী থাকে!কিন্তু দুখৰ বিষয় এই দুয়োটাৰে অভাৱ।শুনিবলৈ পোৱা গৈছে টিকটৰ বাবে ৫ লাখ টকা পৰ্যন্ত দৰ-দাম হৈছে।গতিকে যিজনে ইমান টকা দি টিকট লব তেওঁৰ পৰা ৰাইজ বা দেশে কি ভাল আশা কৰিব পাৰিব? এতিয়া প্ৰতিটো ৰাজনৈতিক দলতেই দুৰ্নীতি গ্ৰস্তৰ ভিৰ।বৰ্তমানৰ ৰাজ্য চৰকাৰৰ মিত্ৰ দল এ জি পি অকলে পঞ্চায়ত নিৰ্বাচন খেলিব।শেহতীয়াকৈ ৰাজ্য চৰকাৰে লোৱা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি।দেখা যাওঁক সোঁত কোনফালে বয়!
গান্ধীজীৰ সপোন পূৰাবলৈ বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ খনে “স্বচ্ছ ভাৰত অভিযান”ৰ দ্বাৰা দেশৰ চহৰ, নগৰ,গাঁও সকলোতে স্বচ্ছতাৰ শ্লোগান দিছে।কিছু পৰিমাণে সফল ও হৈছে।হবলগীয়া আৰু বহুতো আছে!তেনেকৈ পূৰ্বৰ ইউ পি এ চৰকাৰৰ দ্বাৰা এম জি এন ৰে গা আঁচনিৰ দ্বাৰা গাঁওৰ বহু নিবনুৱা কমকৈ হলেও লাভবান হৈছে।কিন্তু সেই আঁচনি বোৰৰ ৰূপায়ণত হোৱা দুৰ্নীতিৰ কথা শুনিলে চকু কপালত উঠিব।
পৰিশেষত:
পঞ্চায়ত ব্যৱস্থাই এখন গাঁও কিম্বা এটা অঞ্চলৰ চেহেৰাই সলনি কৰি দিব পাৰে যদিহে এই ব্যৱস্থাৰ অন্তৰ্গত বিভিন্ন জনকল্যান মূলক আঁচনি বোৰৰ সফল ৰূপায়ন হয়, যদিহে তাত দুৰ্নীতিৰ আঁচোৰ নপৰে।গতিকে আমি সাধাৰণ জনতা সজাগ হব লাগিব প্ৰাৰ্থী নিৰ্বাচন কৰোঁতে,ভোট দিওঁতে কিয়নো নিজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰিব নোৱাৰিলে এখন দেশ বা এটা জাতি অথবা এখন সমাজ আগুৱাই যাব নোৱাৰে।