পঞ্জাৱত সিদ্ধু চাৰ্কাছ

972

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


বিজেপিৰ পৰা গৈ কংগ্ৰেছত যোগদান কৰা নৱজ্যোত সিং সিদ্ধুৰ লক্ষ্য এটাই, সেয়া হ’ল পঞ্জাৱৰ মুখ্যমন্ত্রী হোৱাৰ। প্ৰাক্তন মুখ্যমন্ত্রী অমৰিন্দৰ সিংৰ বিৰূদ্ধে দিনে নিশাই যুদ্ধ কৰি অৱশেষত সফল হৈছিল সিদ্ধু। তেওঁৰ এই যুঁজখনত সহায় কৰিছিল ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়ে। ৰাহুল গান্ধীয়ে অমৰিন্দৰ সিংক অপচন্দ কৰাৰ কাৰণ আছিল ২০১৭ চনৰ পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনত তেওঁ ৰাহুলক নিজৰ ৰাজ্যত প্ৰচাৰ কৰিবলৈ দিয়া নাছিল। সিদ্ধুৰ জড়িয়তে ৰাহুলে কেপ্তেইনৰ ওপৰত লৈছিল প্ৰতিষোধ। অমৰিন্দৰ বিৰোধিতা স্বত্বেও ৰাহুলে সিদ্ধুক পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটিৰ অধ্যক্ষ পদ দিলে। কিন্তু সিদ্ধুৰ লক্ষ্য আছিল মুখ্যমন্ত্রীৰ চকীখনত। সিদ্ধু তথা গান্ধী ভাই-ভনীৰ হাতত ধাৰাবাহিক ভাবে অপমান সহি শেষত কেপ্তেইনে পদত্যাগ কৰিলে। সিদ্ধুৱে নিজৰ সম্ভাবনা দেখা পালে। কিন্তু বিধায়িনী দলৰ সভাত সিদ্ধুৰ সমৰ্থনত খুব কম বিধায়ক ঠিয় দিলে। গান্ধী পৰিয়ালৰ প্ৰথম পচন্দ আছিল অম্বিকা চোনী। চোনী যিহেতু খ্ৰীষ্টান সম্প্ৰদায়ৰ সেয়েহে তেওঁ শিখ সম্প্ৰদায়ৰ এজনক মুখ্যমন্ত্রী হোৱাৰ খাতিৰত এই পদ গ্ৰহণ নকৰিলে। তাৰ পিছত নাম আহিল ৰান্ধাৱা আৰু বাজৱাৰ । এইবাৰ সিদ্ধুৰ আপত্তি। সিদ্ধুৱে নিবিচাৰে আন কোনো জাট শিখ পঞ্জাৱৰ মুখ্যমন্ত্রী হওক। শেষত সিদ্ধান্ত হ’ল ৩২% দলিত থকা পঞ্জাৱে এজন দলিত মুখ্যমন্ত্রী পাব। চৰনজিত সিং চন্নীয়ে শপত গ্ৰহণ কৰিলে। ৰাষ্ট্ৰীয় মিডিয়াত বহুতে ইয়াক কংগ্ৰেছৰ মাষ্টাৰ ষ্ট্ৰোক বুলি অভিহিত কৰিলে। সিদ্ধুৱে ভাবিছিল যে চন্নী তেওঁৰ নিৰ্দেশত কাম কৰিব। সকলো সিদ্ধান্ত লোৱাৰ আগতে সিদ্ধুৰ অনুমতি ল’ব। পৰবৰ্তী নিৰ্বাচনৰ পিছত হাইকামাণ্ডে চন্নীক গুছাই সিদ্ধুক মুখ্যমন্ত্রীৰ পদ যাচিব। কিন্তু দুদিন পিছতে চন্নীয়ে নিজৰ ৰং দেখুৱই দিলে। পুতলা মুখ্যমন্ত্রী হৈ থাকিবলৈ তেওঁ অপৰাগ। সিদ্ধু বিৰোধী কিছুমানক মন্ত্রী পৰিষদত স্থান দিলে। সিদ্ধুও বুজি উঠিলে যে দলিত এজনক মুখ্যমন্ত্রী পদত বহুওৱা যিমান কঠিন তাতোকৈ কঠিন তেওঁক অপসাৰণ কৰা। সকলো ফালৰ পৰা নিজৰ ভবিষ্যত অন্ধকাৰ দেখি ভাৰতৰ প্ৰাক্তন বেটছমেন জনে কংগ্ৰেছ প্ৰদেশ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে। কংগ্ৰেছ হাইকামাণ্ড বৰ্তমান ব্যস্ত সিদ্ধুক শান্ত কৰাত। সিদ্ধুৰ লগে লগে তেওঁৰ অনুগামীসকলেও মন্ত্রী পদ ত্যাগ কৰিছে। এইফালে কেপ্তেইন বিজেপিমূখী হ’ব বুলি চৰ্চা চলি আছে। বহুতে সিদ্ধুৰ ক্ষেত্রত এশাৰি বাক্য বহুল ভাবে প্ৰয়োগ কৰিছে “না মায়া মিলি না ৰাম”