পাকিস্তানী মন্ত্ৰী যোগেন্দ্ৰক শিক্ষামন্ত্ৰীয়ে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিব নে ???

6058

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


আচৰিত যদিও সত্য যে পাকিস্তানৰ প্ৰথম আইন আৰু শ্ৰম মন্ত্ৰী আছিল যোগেন্দ্ৰ নাথ মণ্ডল ।   জিন্নাৰ হাতত হাত ধৰি পাকিস্তানৰ প্ৰথম মন্ত্ৰীসভাত তেওঁ আসন দখল কৰিছিল ।  আম্বেদকাৰৰ অখণ্ড  ভাৰতৰ আদৰ্শক বিৰোধ কৰি  তেওঁ জিন্নাৰ ‘দেশ বিভাজনৰ নীতি ‘ ক সমৰ্থন কৰি পাকিস্তান পাইছিল । অতি চতুৰ জিন্নাৰ কাৰণে যোগেন্দ্ৰ নাথ মণ্ডল আছিল টাৰ্ম কাৰ্ড । ভাৰত বিভাজনৰ সময়ত ‘চিলেট’ ভাৰতৰ লগত থাকিব নে পাকিস্তানৰ লগত থাকিব সেই বিষয়টো আছিল অতি স্পৰ্শকাতৰ । জিন্নাৰ সুপৰিকল্পিত জালত ভৰি থৈছিল বংগৰ নম: শূদ্ৰ শ্ৰেণীক প্ৰতিনিধিত্ব কৰা বুলি দাবী কৰা  ৰাজনৈতিক নেতা যোগেন্দ্ৰ নাথ মণ্ডলে।  ক্ষমতা সৰ্বস্ব নীতি আৰু বিশ্বাসঘাতকতা আছিল এই মিত্ৰতাৰ ভেটি ।পাকিস্তানৰ সংবিধান প্ৰণয়নৰ বাবে গঠন কৰা ‘ সংবিধান সভা ‘ ৰ চেয়াৰমেন পদত ৰখা হৈছিল যোগেন্দ্ৰ নাথ মণ্ডলক ।  ১৯৪৭ৰ চিলেট গণভোটত অসমৰ পৰা চিলেটক উলিয়াই নিবলৈ  যোগেন্দ্ৰ নাথ মণ্ডলৰ কান্ধত বন্দুক থৈ জিন্নাই লক্ষ্য ভেদ কৰিছিল ।
“নম: শূদ্ৰ মানুহক উচ্চ জাতৰ কংগ্ৰেছ দলে কোন দিন উচিত সন্মান নিদিব আৰু সেই  গতিকে হিন্দু ৰাষ্ট্ৰ ভাৰতত  থকাৰ  যুক্তি নাই” __  এই বানী প্ৰচাৰ কৰি যোগেন্দ্ৰ নাথ মণ্ডলে চিলেটৰ হিন্দু মানুহখিনিৰ এটা ডাঙৰ অংশই পাকিস্তানৰ সপক্ষে ভোট দিবলৈ সিদ্ধান্ত লয় । চিলেটৰ জনবিন্যাস আছিল হিন্দু আৰু মুছলমান প্ৰায়  সমান সমান ।  ৬ জুলাই , ৰবিবাৰ  , ১৯৪৭ চন __ চিলেটৰ গণ ভোট । প্ৰশ্ন : চিলেট অসমৰ লগত থাকিব নে পুব পাকিস্তানৰ লগত থাকিব ? যোগেন্দ্ৰ নাথ মণ্ডলৰ দেশদ্ৰোহী প্ৰচাৰৰ ফলত গণভোটত চিলেট পাকিস্তানৰ লগত যায় । অসমৰ সপক্ষে ৪৩.৪৪ % শতাংশ লোকে ভোট দিয়ে আৰু পাকিস্তানৰ সপক্ষে ভোট দিয়ে ৫৬.৫৬ % ই । প্ৰায় ৭ % হিন্দুক জিন্নাই ল’লিপ’প দি চিলেট দখল কৰে ।  জিন্নাই যোগেন্দ্ৰ নাথ মণ্ডলক পুৰস্কৃত কৰে নিজৰ মন্ত্ৰীসভাত উচ্চ স্থানত বহুৱাই । জিন্নাই মুছলমান ৰাজনীতি কৰি ভাৰত বিভাজন কৰি পাকিস্তান পোৱাৰ পিছত , পাকিস্তানক এখন ইউৰোপৰীয় ধৰণৰ  ধৰ্মনিৰপেক্ষ দেশ হিচাপে গঢ় দিবলৈ চেষ্টা কৰে । কাৰণ ধৰ্মৰ আধাৰত ভাগ হোৱাৰ বদনাম বিশ্বৰ সন্মুখত নোহোৱা কৰি সহানুভূতি লাভ কৰাটো আছিল জিন্নাৰ প্ৰধান উদ্দেশ্য । মৌলবাদ ধৰ্মই হওক বা ভাষাই হওক বা দেহৰ ৰং যিয়েই নহওক , বিশ্ব জনতাই স্বীকাৰ নকৰে ।সংবিধান প্ৰণয়ন কৰা কামৰ নেতৃত্ব দিয়া হয় যোগেন্দ্ৰ নাথ মণ্ডলক । কিন্তু বিধিৰ বিপাক বিভাজনৰ মাত্ৰ এবছৰ পিছতেই ১১ চেপ্তেম্বৰ ১৯৪৮ চনত জিন্নাৰ মৃত্যু হয় ।  জিন্নাৰ মৃত্যুৰ পিছত পাকিস্তানৰ ৰাজনীতি সলনি হ’বলৈ ধৰে । অতি আচৰিত ভাবে যোগেন্দ্ৰ নাথ মণ্ডলে তেতিয়াৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী লিয়াকত আলিৰ লগ লাগি পাকিস্তানৰ সংবিধানত ‘ ইছলাম ‘ শব্দক সন্নিবিষ্ট কৰে । ইউৰোপীয় দেশৰ সংবিধানৰ আৰ্হি পৰিত্যাগ কৰি এখন ইছলামিক নীতি নিয়মৰ আধাৰত দেশৰ সংবিধান বনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।  সভ্য মুছলমান নেতাসকলে বিৰোধ কৰে এই প্ৰস্তাৱ  । লগতে পাকিস্তানৰ সংখ্যালঘু হিন্দু , বৌদ্ধ , খ্ৰীষ্টান ধৰ্মী নেতাসকলে চৰকাৰক বিশ্বাসঘাটক আখ্যা দিয়ে । জিন্নাৰ অবৰ্তমানত পাকিস্তানৰ ইছলামীকৰণ তেওঁলোকে মানি ল’বলৈ অমান্তি হ’ল আৰু সকলোৰে ক্ষোভৰ কেন্দ্ৰ বিন্দু হৈ পৰে আইন মন্ত্ৰী যোগেন্দ্ৰ নাথ মণ্ডল । ইয়াৰ পিছতেই যোগেন্দ্ৰ নাথ মণ্ডলে সংখ্যালঘু দলিত মানুহখিনিৰ বাবে ৰচনা কৰে নতুন  কৌশল । হিন্দু  ধৰ্মৰ দলিত মানুহখিনিৰ কাৰণে পৃথক ভোটাৰ লিষ্ট তৈয়াৰ কৰি  পিছপৰা শ্ৰেণীৰ বাবে সমষ্টি সংৰক্ষণৰ প্ৰস্তাব ৰাখে ; যাৰ দ্বাৰা পিছপৰা শ্ৰেণীৰ মানুহসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হৈ থাকিব । এই প্ৰস্তাৱ দিয়াৰ লগে লগে যোগেন্দ্ৰ নাথ মণ্ডলক একে দিনাই তেওঁৰ কাৰ্যালয়ৰ পৰা বাহিৰ কৰি দিয়া হয় । প্ৰাণৰ ভয়ত যোগেন্দ্ৰ নাথ মণ্ডল পাকিস্তানৰ পৰা পলায়ন কৰে । এসময়ত নেহেৰু , গান্ধী উচ্চ জাতৰ হিন্দুৰ লগত পিছপৰা শ্ৰেণীৰ মানুহে ন্যায্য পাব নোৱাৰে বুলি চিলেট পাকিস্তানক গটাই দিয়া এই ৰাজনেতা জনে ১৯৫০ চনৰ ৮ অক্টোবৰ ভাৰতত প্ৰবেশ কৰিবলৈ বাধ্য হ’ল ।পাকিস্তানৰ আগষাৰী বাতৰি কাকত ‘ THE DWAN ‘ ত যোৱাবছৰ যোগেন্দ্ৰ মণ্ডল সম্পৰ্কে প্ৰকাশ পোৱা নিবন্ধ এটাত তেওঁক বৰ্ণানা কৰিছিল এইদৰে ___” তুমি তোমাৰ সকলো ত্যাগ কৰি সিহঁতৰ বাবে জীৱন দিলা , কিন্তু  তোমাৰ মৃতদেহ চাবলৈ সিহঁতৰ সময় নহ’ল । ”
ৰাজনীতিৰ ক্ষেত্ৰ খনত প্ৰবেশ কৰা নতুন প্ৰজন্মৰ প্ৰতিজন ব্যক্তিয়ে যোগেন্দ্ৰ নাথ মণ্ডলৰ ইতিহাস জনা উচিত  আৰু চৰকাৰেও এইজন ব্যক্তিৰ জীৱন কাহিনী পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰাৰ চিন্তা কৰাটো সময়ৰ আহ্বান ।