১২ চেপ্তেম্বৰ ,১৯৪৭ জন্মস্থান কৰাচী এৰি আহিলো : লালকৃষ্ণ আদৱানী

6869

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


‘ আমি মিঠাই খাব নোৱাৰো ‘ , স্কুলৰ ছাত্ৰ ছাত্ৰীখিনিক কোৱা হৈছিল সেই দিনাখন । কৰাছীৰ স্কুলৰ সেই পৰিবেশ দেখি ভাব হৈছিল কিবা এটা ডাঙৰ অঘটন ঘটিছে । ভয় শংকা,খং,অশান্তি আৰু তাতোকৈ অধিক অনিশ্চয়তাই মানুহৰ মুখ মণ্ডল আৱৰি পেলাইছিল ।জীৱনত প্ৰথমবাৰ এনেকুৱা পৰিবেশ দেখিছিলো,  মই মটৰ চাইকেলখনত এটাৰ পৰা আন এটা হিন্দু কল’নি ঘুৰি ফুৰিছিলো ।এইটো আন দিনাৰ দৰে সাধাৰণ দিন নাছিল । ১৪ আগষ্ট ,১৯৪৭ চন ,পাঞ্জাবৰ ঘটনা বিলাকে সিন্ধৰ মানুহখিনিক শংকিত কৰিছিল ।  মৃতদেহ ভৰ্তী ট্ৰেইন বিলাক ভাৰতলৈ পঠাই দিয়া খবৰে সিন্ধৰ হিন্দু আৰু শিখ মানুহখিনিক ভবাই তুলিলে , ‘ নিমিষতে কৰাচী আৰু সমগ্ৰ সিন্ধ খালি হৈ যাব , সীমান্তৰ সীপাৰলৈ চিৰদিনলৈ গুছি যাব লাগিব , বাটত হেৰুৱাব লাগিব নিজৰ আত্মীয় স্বজনক ।
সিন্ধৰ পৰা অহা মানুহখিনিয়ে আশ্ৰয় ল’লে বোম্বাই ( মুম্বাই) , দিল্লী , ইন্দোৰ , জয়পুৰ , কলিকতা ……কিন্তু তেওঁলোকে মাত্ৰ এদিন আগলৈ নিজৰ মাতৃভুমিত ভাৰতীয় আছিল আৰু আজি সেই মাতৃভুমি হৈ পৰিল বিদেশী ৰাষ্ট্ৰ ।
সকলো ঘটনাই কাল্পনিক যেন লাগিছিল । যেন সপোনৰ অংশ । সেই দিনটোত এখন দেশ দুখন হ’ল ,বৃটিছৰ ইউনিয়ন জেক নামি আহিল কিন্তু উৰিল দুখন পতাকা __এখন সেউজীয়া আৰু এখন তিনিৰঙী ।কিছু বছৰৰ পৰা শুণিছিলো  ‘ টু নেচ’ন থিয়ৰি ‘ ৰ কথা , তথাপি মোৰ ডেকা মনে বিশ্বাস কৰা নাছিল । কেনেকৈ পৃথক হ’ব পাৰে দুখন দেশ একমাত্ৰ ধৰ্মৰ ভিত্তিত । আচাৰ ব্যৱহাৰ , সংস্কৃতি , ভাষা সকলো একেই  । হাজাৰ বছৰ ধৰি একেলগে বাস কৰা একে সভ্যতাৰ মানুহখিনি পৃথক হব বুলি কোনো পধ্যেই বিশ্বাস হোৱা নাছিল ।
পুৰ্বতে কাল্পনিক বুলি ভবা বিভাজন , এতিয়া বাস্তৱ হ’ল । ১৪ আগষ্টৰ দিনা দুই এটা অঞ্চলক বাদ দি  গোটেই কৰাচী চহৰ নিমাও মাও । পিছৰ দিনাখন ১৫ আগষ্ট , কোনো উৎসাহ উদ্দিপণা নাই । সদায় মনত পৰে কৰাচী চহৰত ১৫ আগষ্টৰ সেই দিনটোলৈ । মই পালন কৰা নাছিলো স্বাধীনতা দিৱস , যদিও ইয়াৰ আগৰ ৫ টা বছৰৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ স্বয়ংসেবক হিচাপে আজিৰ দিনটোৰ কথাৰ বাদে একোৱেই মনত অহা নাছিল ।
১৪ বছৰ বয়সৰ পৰা আৰ এছ এছ ৰ এজন স্বয়ংসেবক হিচাপে স্বাধীনতাৰ স্বপ্ন পুহি ৰাখিও আজিৰ শুভ দিনটোক উদযাপন কৰিব নোৱাৰা দুখে সদায় আঘাত দি থাকিব ।১৯৪২ চনত সিন্ধ প্ৰদেশৰ হাইদৰাবাদ চহৰত  প্ৰথম আৰ এছ এছ শাখাত যোগ দিয়াৰ পৰা আৰম্ভ কৰি ১৯৪৪ চনত কৰাচীত প্ৰচাৰকৰ দায়িত্ব লৈ আন ৭৫ জন প্ৰচাৰকৰ সৈতে সিন্ধৰ ১০ খন জিলাত কাম আৰম্ভ কৰিছিলো ।
সেই সময়ত গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি সংখ্যক প্ৰচাৰক আছিল সিন্ধ প্ৰদেশত । সেই সময়ত সিন্ধ প্ৰদেশত হিন্দু আছিল একক সংখ্যাগৰিষ্ঠ ।কৰাছী ,হাইদৰাবাদ প্ৰতিখন চহৰত সংখ্যাগৰিষ্ঠতা আছিল হিন্দুসকলৰ ।
জানুৱাৰী  মাহ , ১৯৪৭ চন । কৰাচী চহৰ প্ৰমুখৰ দায়িত্বত । সংঘৰ পৰা এখন মটৰ চাইকেল পালো । এতিয়াৰ প্ৰজন্মই শুণিলে আচৰিত হব , কিয়নো সেই সময়ত সিন্ধ প্ৰদেশত কংগ্ৰেছ আৰু আৰ এছ এছ ৰ মাজত কোনো ভেদা ভেদ নাছিল । হিন্দু মানুহ খিনিয়ে দুয়োটা সংগঠনকে বৃটিছৰ বিৰুদ্ধে মাত মাতি থকা সংগঠন হিচাপেই গণ্য কৰিছিল। কংগ্ৰেছৰ ঘোৰ সমৰ্থক আছিল গোটেই সিন্ধবাসী।কিন্তু নিজৰ সন্তানক সংঘৰ শাখাত পঠাইছিল।
২ আগষ্ট নে ৩ আগষ্ট সঠিকটো পাহৰিছো , আৰ এছ এছ ৰ সৰসংঘচালক (মুখ্য) এম এছ গোৱালিকৰ (গুৰুজি) সিন্ধ প্ৰদেশলৈ আহে । কৰাচী ৰেল ষ্টেছনলৈ তেওঁক মই আনিবলৈ যাওঁ ।
__ক’লো , ” আচাৰ্য্য কৃপালানি যোৱাকালি কৰাচীত আহিছে ।” আচাৰ্য্য কৃপালানি সিন্ধ প্ৰদেশৰ এজন মুক্তিযুজাৰু আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ  প্ৰাক্তন সভাপতি ।মানুহবিলাক ভয় আৰু শংকাত জৰ্জৰিত ,বহুতেই নিৰাপদ স্থান বিচাৰি ঘৰ বাৰী এৰিলেই ।পঞ্জবাৰ খৱৰ বিলাকে সিন্ধৰ হিন্দু মানুহখিনিৰ ওপৰতো প্ৰভাব পেলাইছিল । কৃপালনি নিজেই এজন সিন্ধী আৰু কংগ্ৰেছৰ প্ৰথম শাৰীৰ নেতা হৈও সিন্ধৰ মানুহখিনিক বচাব পৰা নাই ।  গুৰুজিয়ে মোৰ ফালে কিছুসময় চাই ৰ’ল । তেওঁ খংত উত্তৰ দিলে , ” সিন্ধ গৱাকে অৱ সিন্ধ আয়ে হেই ? ” ( সিন্ধক হেৰুৱাই এতিয়া অকৌ সিন্ধলৈ আহিছে?
৫ আগষ্ট , ১৯৪৭ কৰাচী ।  সিন্ধৰ ইতিহাসত আটাইতকৈ ডাঙৰ জনসমাগম আছিল । ১০ হাজাৰ স্বয়ংসেৱকৰ পথ সঞ্চালন কৰাছীৰ ৰাজপথত আৰু এক লাখ হিন্দু মানুহৰ উপস্থিতিত সৰসংঘচালক গুৰুজীয়ে ভাষন দিয়ে । মোৰ বয়স তেতিয়া ২০বছৰ আৰু পথ সঞ্চালনৰ দায়িত্ব নিয়াৰিকৈ পালন কৰাত গুৰুত্ব দিছিলো ।  কৃপালানি আৰু কংগ্ৰেছৰ আন নেতাৰ উপস্থিতিক বিশেষ গুৰুত্ব আৰোপ নকৰা সেই সন্ধিক্ষণৰ সময়ত গোটেই হিন্দু মানুহখিনি মিটিংত যোগ দিছিল ।
গুৰুজীয়ে ভাষণ ৰাখিলে , ” বিভাজন হৈছে অভিশাপ, যিসকল ব্যক্তি এই বিভাজনৰ বাবে দায়ী তেওঁলোকক অহা প্ৰজন্মই ক্ষমা নকৰে । আমাৰ মাতৃভুমি বিপদৰ সন্মুখিন হৈছে । মুছলিম লীগে সন্ত্ৰাস সৃষ্টি কৰি পাকিস্তান পালে আৰু কংগ্ৰেছে মুছলিম লীগৰ সন্মুখত আত্মসমৰ্পণ কৰিলে । মুছলমান সকলক বিপথে পৰিচালিত কৰা হ’ল । ইছলাম ধৰ্মী বুলি তেওঁলোকক বিভক্ত কৰা হ’ল । কিন্তু তেওঁলোকে জনা উচিত আছিল যে তেওঁলোকৰ পুৰ্ব পুৰুষ হিন্দু আৰু তেওঁলোক এটা সংস্কৃতিৰ অংশিদাৰ । সিন্ধু নদীক ভাৰতৰ পৰা বিচ্ছেদ কৰাটো কাল্পনিক আাছিল । আজিৰ হিন্দুৰ বিপদৰ সময়ত স্বয়ংসেৱক সকলৰ প্ৰধান কৰ্তব্য হব হিন্দু ভাই – ভনীৰ সুৰক্ষা ।প্ৰথমে বলিদান  আৰু পিছত নিজৰ চিন্তা । একতাই পৰম শক্তি । সকলোৱে একতাৰে এই দুৰ্যোগৰ সন্মুখিন হব লাগিব । ভগৱানে সকলোকে শক্তি দিয়ক । ” এইখনেই আছিল আজিৰ পাকিস্তানত আৰ এছ এছ ৰ শেষ সভা  ।
কংগ্ৰেছকে ধৰি সকলো পন্থীৰ হিন্দু আৰু শিখ মানুহ খিনিয়ে অংশগ্ৰহণ কৰিছিল ।  কিন্তু এই সমষ্ট আহ্বানে সাম্প্ৰদায়িক বিষবাষ্প কম কৰাত সফল নহ’ল ।
চেপ্তেম্বৰ ৯ , ১৯৪৭ । এটা ঘটনাই মোৰ মাতৃভুমিৰ লগত বিচ্ছেদ ওচৰ চপাই আনিলে । কৰাচীৰ ছিকাৰপুৰ কল’নিত বোমা বিস্ফোৰণ হয় । ইয়াৰ লগে লগে আৰ এছ এছৰ কৰাচীৰ সংঘচালক কানচান্দ গোপলাদাস আৰু ১৯ জন স্বয়ংসেৱকক আৰক্ষীয়ে আটক কৰে । বিস্ফোৰণৰ বিষয়ে একো কথাই জনা নাছিলো ।যদিও স্থানীয় বাতৰি কাকত সমুহত আৰ এছ এছ ক প্ৰত্যক্ষ ভাবে দোষী সাব্যস্ত কৰি বাতৰি প্ৰকাশ কৰে । কৰাচী চহৰৰ দায়িত্ব থকা মোক সংঘৰ  আন কৰ্মী সকলে কৰাচী এৰিবলৈ উপদেশ দিয়ে ।
১২ চেপ্তেম্বৰ,১৯৪৭ । নিজৰ জন্মভুমিত শেষ দিন । ৰাতি পুৱা কৰাচী বিমান বন্দৰ । সংগী স্বয়ংসেৱক মুৰুলিধৰ । BOAC উৰাজাহাজ । তেতিয়াৰ দিনত কৰাচীৰ পৰা দিল্লী পাবলৈ প্ৰায় ৬ ঘন্টা সময় লৈছিল । এজন ২০ বছৰীয়া ডেকাৰ কাৰণে প্ৰথম উৰাজাহাজ যাত্ৰ যিদৰে উৎকন্ঠা আৰু স্ফুৰ্তীৰ হব লাগে , সেই ধৰণৰ  নাছিল । মই গমেই নেপালো কেতিয়া পাকিস্তানৰ বায়ুসীমা পাৰ হৈ ভাৰতৰ বায়ুসীমা পাইছিলো । এখন নতুন ভাৰতত প্ৰবেশ কৰো __ দিল্লী পাওঁতে তেতিয়া দুপৰীয়া হৈছিল । স্বাধীনতাৰ উখল মাখল দেখা নাই । সকলো পিনে আৰ্তনাদ । সাম্প্ৰদায়িক সংঘৰ্ষত সকলো হেৰুৱাই শিখ , হিন্দু সকলৰ কান্দোনৰ ৰোলত সিক্ত হৈ আছিল দিল্লী । নিজৰ আপোনজনক হেৰুৱাই ন ভুমিত ৰিফিূউজি হ’ল ।
দিল্লীত উপস্থিত হৈ প্ৰথম কাম আছিল দেশ এৰি অহা হিন্দু আৰু শিখ সকলক পুনৰ সংস্থাপন কৰা , খোৱা বোৱাৰ ব্যৱস্থা কৰা আৰু কৰাচীত আবদ্ধ হৈ থকা স্বয়ংসেৱক খিনিৰ মুক্তিৰ কাৰণে প্ৰান্ত প্ৰচাৰক (সিন্ধ) ৰাজপালজীক লগ কৰা ।
কিন্তু তেওঁ ক’ত থাকিব পাৰে একো ধাৰণা নাছিল । প্ৰায় এন্ধাৰ হৈছে । দিল্লী কেনটোনমেন্ট এলেকা , ১২ চেপ্তেম্বৰ ১৯৪৭ । বাটৰ মানুহ এজনক সুধিলো , ” আপুনি কোনো RSS  মানুহক চিনি পাই নেকি ?” মানুহজনে এখন দোকান দেখুৱাই দি ক’লে , ” সৌখন দোকানৰ মালিক RSS ।”
দোকান পালো ।
___ ” নমস্তে । আমি সংঘৰ সীতাৰাম বাজাৰ অফিচত যাব বিচাৰো । “
___” নোৱাৰিব যাব । কাৰ্ফিউ চলি আছে । বহু দুৰ  ইয়াৰ পৰা “
___” তেন্তে কাৰ্ফিউ নথকা ঠাইৰ কোনো RSS নেতাক চিনি পায় নেকি ?”
মানুহজনে আমাক খুব অমায়িক ভাবে চাই ক’লে ,
” চিন্তা নকৰিব , মই জানো আপোনালোক বহুত ভাগৰুৱা হৈ আহিছে । আহক মোৰ ঘৰত কিছু সময় আৰাম কৰক আৰু কিবা অলপ আহাৰ লওঁক । মই সহায় কৰিম আপোনালোকক ।”
মানুহজনে আমাক য়চন্তৰাওজীৰ ঠিকনা দিয়ে আৰু সেই মৰ্মে আমি তেখেতকক লগ পাওঁ । ৱচন্তৰাওঁজীয়ে আমাক জনায় যে ৰাজপালজী কৰাচী যাব গৈছে আৰু তেওঁ এতিয়া যোধপুৰ পাইছে । সেই নিশাই মই আৰু মৰুলিধৰ ট্ৰেইনত যোধপুৰলৈ যাত্ৰা আৰম্ভ কৰো । যোধপুৰত উপস্থিত হৈ গম পালো ৰাজপালজী ইতিমধ্যে কৰাচীলৈ ওলায় গৈছে আৰু সিন্ধৰ গোটেইখিনি স্বয়ংসেৱকক যোধপুৰত লগ লাগি থাকিবলৈ নিৰ্দেশ দিছে আৰু মোক কৰাচীলৈ যাবলৈ বাধা দিছে ।
ভাৰত আৰু পাকিস্তানৰ নেতাসকলৰ বুজাবুজি মতে বন্দী হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ হয় । সেই মৰ্মে ৰাজপালজীয়ে মোক চিকাৰপুৰ বোমা বিস্ফোৰণৰ সময়ত আটক কৰা গোটেই কেইজন স্বয়ংসেৱক বন্ধুক আগবঢ়াই অনাৰ বাবে ফিৰোজপুৰ যাবলৈ নিৰ্দেশ দিয়ে ।
ফিৰোজপুৰত কৰাচীৰ পৰা অহা ট্ৰেইন খনত কানচান্দ গোপলাদাসজীক সন্মুখত পাই মনতো ভাল লাগি গ’ল । কিন্তু বাকী কেইজন ক’ত ? তেওঁ কয় যে পাকিস্তানে কুটনীতি কৰি বাকী কেইজনক আৱদ্ধ কৰি থৈছে ।
আমি লগে লগে সৰসংঘচালক গুৰুজীক অৱগত কৰো । শুণা মাত্ৰকে গুৰুজীয়ে চৰ্দাৰ বল্লভ ভাই পেটেলক যোগাযোগ কৰে । কিন্তু পেটেলক নাপায় তেওঁ সেই সময়ৰ শৰণাৰ্থী বিভাগৰ মন্ত্ৰী এন ৱি গেদগিলক যোগাযোগ কৰে । গেদগিলে গুৰুজীক কয় , ” আপুনি চিন্তা নকৰিব । এইটো মোৰ দায়িত্ব আৰু মই আপোনাক কথা দিছো গোটেই কেইজন স্বয়ংসেৱক ঘুৰি আহিব ।” একমাহৰ ভিতৰত গোটেই ১৯ জন বন্ধু স্বয়ংসেৱক ঘুৰি আহে ।
ইয়াৰ প্ৰায় ভাগেই এতিয়া বোম্বাইত (মুম্বাই) বাস কৰি আছে । ইয়াৰ এজন ধনৰাজ ওজা , জন সংঘৰ সম্পাদক হিচাপে কাম কৰিছিল ।নন্দ বাদলানি বিশিষ্ট ব্যৱসায়ী  আৰু  ৰাম হিংগোৰাণি ডাক্তৰ হিচাপে বিখ্যাত ।
 (From My Country , My Life : L.K.ADVANI)