পাটাচাৰকুছিত জয়ন্ত বনাম পৱীন্দ্ৰ

2299

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


পাটাচাৰকুছি এটা সময়ত আছিল চ’চিয়েলিষ্ট পাৰ্টীৰ ঘাটি। স্বাধীনতাৰ পিছত একেৰাহে চাৰিবাৰ জয়ী হৈছিল চ’চিয়েলিষ্ট পাৰ্টী। কংগ্ৰেছ এই সমষ্টিত আগৰে পৰা দুৰ্বল। জয়ী হৈছে মাত্র তিনিবাৰ। ইয়াত নিৰ্দলীয় জয়ী হৈছে দুবাৰ। পৱীন্দ্ৰ ডেকাই এই পাটাচাৰকুছিৰ পৰা ১৯৮৫ জনত ৰেকৰ্ড ভোটত বিজয়ী হৈ পিছত মন্ত্রী-বিধায়ক হয়।

১৯৯১ চনত নিৰ্দলীয় কৃঞ্চকান্ত লহকৰৰ হাতত পৰাজয় বৰণ কৰে। পিছত ২০০১ত নিৰ্দলীয় ৰুপে জয়ী হয়। কোচ আৰু কলিতা সম্প্ৰদায়ৰ অধিপত্য থকা সমষ্টিটোত বিজেপিয়ে ২০১১ চনত জয়ী হবলৈ সক্ষম হয়। ২০১৬ত বিজেপিৰ লগত মিত্রতাৰ সুবাদতে পৱীন্দ্ৰ ডেকাই লাভ কৰে ৬৪,৫৫৮ টা ভোট, কংগ্ৰেছৰ শৈলেন কলিতাই পায় ১২,৫৮২টা ভোট। পৱীন্দ্ৰ ডেকাই এইবাৰ অগপৰ পৰা টিকট নোপোৱাটো প্ৰায় নিশ্চিত। টিকট পালেও বিজেপিৰ লগত হব বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা। বিজেপিৰ পৰা ইতিমধ্যে জয়ন্ত মল্ল বৰুৱাৰ নাম চুড়ান্ত হৈছে। বৰুৱাই বজালীৰ আশে পাশে সভা সমিতি আৰম্ভ কৰিছে। বৰুৱাৰ অনুৰোধত বিত্তমন্ত্রী আৰু মুখ্যমন্ত্রীয়ে বজালীক জিলা হিচাবে ঘোষণা কৰিছে। এনে ক্ষেত্রত অহাবাৰ মুল যুঁজখন এই দুজন মহাৰথীৰ মাজে সীমাবদ্ধ থাকিব। পাটাচাৰকুছিৰ তিনিবাৰৰ বিধায়ন পৱীন্দ্ৰ ডেকা বনাম নলবাৰীৰ একবাৰৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা। প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবে ডেকা কিছু অসুবিধাত পৰিব পাৰে। ৰাইজেও তাকেই ভাবিছে। ৰাজনীতি অসমৰ যোৱামাহৰ অ’পিনিয়ন প’লৰ এটা প্ৰশ্ন আছিল “পাটাচাৰকুছিত ২০২১ত কোন জয়ী হ’ব?” ৫৯.৪% লোকৰ মতে ইযাত জয়ী হ’ব জয়ন্ত মল্ল বৰুৱা; ৪০.৬% লোক পৱীন্দ্ৰ ডেকাৰ লগত। ফ্লিমফেয়াৰৰ জৰিয়তে অসমৰ ৰাইজক তাৰকা দেখুওৱা বৰুৱাই পৱীন্দ্ৰ ডেকাক পৰাজিত কৰিলে ডেকাই যে দিনতে তৰা দেখিব সেয়া নিশ্চিত।