নতুন শিক্ষানীতি : পাঠ্যক্ৰমত লাচিত-শিৱাজী বনাম ঔৰংগজেৱ

2040
  • পুলক চৌধুৰী

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


নিজৰ বুৰঞ্জীক বিকৃত কৰাৰ ক্ষেত্ৰত ভাৰতৰ শিক্ষাবিদ সকলৰ  স্থান হয়টো পৃথিবীৰ ভিতৰতে প্ৰথম । এই কু-কৰ্মৰ আৰম্ভণী হৈছিল মোগলৰ দ্বাৰা আৰু মোগলৰ পিছত এই দায়িত্ব লয় বৃটিছে । ১৯৪৭ চনত বৃটিছ গ’ল , কিন্তু বৃটিছ আৰু মোগলৰ চৰিত্ৰত অকণো ইফাল সিফাল হ’ব নিদি ভা্ৰতৰ ৰাজনৈতিক দল কিছুমানে ভাৰতৰ ইতিহাসৰ বহু সময় গোপন আৰু বিকৃত কৰিলে । ইতিহাস বিকৃতকৰণৰ প্ৰধান উদ্দেশ্য কি আছিল বা ইয়াৰ ফলত কাৰ কি লাভ হ’ল ? উদ্দেশ্য প্ৰণোদিত ভাবে ভাৰতীয় মানুহক বিদেশী আক্ৰমণ কাৰী মানুহৰ সন্মুখত হেয় প্ৰতিপন্ন কৰা আৰু ভাৰতৰ বিভিন্ন ভাষা-ভাষী আৰু অঞ্চল ভিত্তিত কন্দল সৃষ্টি কৰি চিৰদিনলৈ ক্ষমতা দখল কৰাটো আছিল ইতিহাস বিকৃতকৰণৰ প্ৰধান এজেণ্ডা । ভাৰত স্বাধীন হোৱাৰ পিছতেই নতুন প্ৰজন্মৰ মনত পুনৰ গোলাম মানসিকতা জন্ম দিয়াবলৈ  আটাইতকৈ সহজ আৰু ফলপ্ৰসু উপায় আছিল স্কুলৰ পাঠ্যক্ৰমত ভাৰতীয় জাতি -জনগোষ্ঠীৰ সাহস আৰু সাম্ৰাজ্যৰ কাহিনী গোপন কৰি ৰখাটো । সেই মৰ্মেই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল বিদেশী শক্তিৰ আক্ৰমণৰ কাহিনী আৰু ভাৰতক শাসন কৰা কাহিনী । মোগল শাসনৰ দ্বাৰা বুৰঞ্জীৰ পাঠৰ পাতনি মেলা হ’ল আৰু ইষ্ট ইণ্ডিয়া কোম্পানী দ্বাৰা বৃটিছৰ আগমন বৰ্ণনা কৰা হ’ল । একে একে দুইৰ দৰে মোগলৰ প্ৰতিজন ৰজাৰ নাম ১০-১১ বছৰীয়া স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে মনত ৰাখিব শিকিলে । কিন্তু বুৰঞ্জীৰ পাঠ্যপুথিত হিন্দুবীৰ লাচিত বৰফুকন , ৰঞ্জিত সিং , শিৱাজী মহাৰাজ আদি ভাৰতীয় বীৰ সকলক জনাৰ কোনো ব্যৱস্থাই হাতত লোৱা নহ’ল । ঔৰংগজেৱৰ সৈণ্যক শৰাইঘাটত পৰাস্ত কৰি সেই সময়ৰ উত্তৰ পুৱ ভাৰতক ঔৰংগজেৱৰ শ্বৰীয়ত শাসনৰ মুক্ত কৰিব পাৰিছিল ।যি দুই এখন স্কুলৰ কিতাপত শৰাইঘাটৰ যুদ্ধ বৰ্ণনা কৰা হ’ল তাত উল্লেখ কৰা হ’ল যে যুদ্ধ আছিল ৰাম সিংহৰ বিৰুদ্ধে ।ঔৰংগজেৱক গোপন কৰি ৰাখিলে আমাৰ শিক্ষাবিদ সকলে ।স্কুলীয়া ছাত্ৰই বুজিলে যে শৰাইঘাটৰ যুদ্ধ প্ৰকৃতিতে আহোম আৰু ৰাজপুতৰ মাজতহে হৈছিল । আনহাতে ৰঞ্জিত সিং এ লাহোৰ , পেছোৱাৰৰ পৰা আৰম্ভ কৰি আফগানিস্তান পৰ্যন্ত নিজৰ ৰাজ্য বিস্তাৰ কৰিছিল । মোগল ৰজা ঔৰংগজেৱৰ সময়ত নিৰ্মিত লাহোৰৰ বাদচাহী মছজিদত মহাৰাজা ৰঞ্জিত সিং এ নিজৰ দৰবাৰ স্থাপন কৰিছিল আৰু  ইয়াতেই তেওঁ ঘোঁৰাশাল নিৰ্মাণ কৰিছিল । লাহোৰৰ এই মছজিদত ঔৰংগজেৱে দশম শিখ গুৰু টেগবাদুৰক নিৰ্মম ভাবে হত্যা কৰিছিল কিছু বছৰ আগত । ছত্ৰপতি শিৱাজী বা পেছৱাৰ সাম্ৰাজ্য মহাৰাষ্ট্ৰতেই সীমিত নাছিল । মোগলৰ সাম্ৰাজ্যতকৈ বিশাল আছিল পেছৱাৰ সাম্ৰাজ্য । কিন্তু পাঠ্যপুথিত ৰঞ্জিত সিং বা শিৱাজী মহাৰাজৰ কথা শিকোৱা নহয় । স্কুলৰ একজন ছাত্ৰই নেজানে যে বৰ্তমানৰ আফগানিস্তান অঞ্চলটো মাৰাঠা ছত্ৰপতিয়ে কৰ সংগ্ৰহ কৰিছিল ।

এইবাৰ আহিছো তৃতীয় জন মহাবীৰ যাক পাঠ্যক্ৰমত পঢ়োৱা নহয় । সেইজন হ’ল শিৱাজী মহাৰাজ আৰু মাৰাঠী ভাষী পেছোৱা সাম্ৰাজ্যৰ বিৰত্বৰ বৰ্ণনা । মহাৰাষ্ট্ৰৰ স্কুলৰ পাঠ্যক্ৰমত শিৱাজী বিস্তৃত বৰ্ণনা আজিৰ দিনটো যিমান হ’ব লাগিছিল সিমান হোৱা নাই । স্বাধীনতাৰ প্ৰথম পঞ্চাস বছৰত মহাৰাষ্ট্ৰৰ নতুন প্ৰজন্মই শিৱাজীক জানিব পাৰিছিল  শিলত খোদিত শিলালিপিৰ দ্বাৰা , বিভিন্ন ঠাইত ৰাজপ্ৰসাদৰ দ্বাৰা আৰু হিন্দু সাম্ৰাজ্য বিস্তাৰত ব্যৱহাৰ গেৰুৱা পতাকা খনৰ দ্বাৰা । শিবাজী আৰু মাৰাঠী সকলৰ দ্বাৰা বিস্তাৰিত সাম্ৰাজ্য অকল মহাৰাষ্ট্ৰ আৰু দক্ষীণ ভাৰততেই সীমিত নাছিল । মাৰাঠী ৰজাৰ ৰাজধানী আছিল পুনে আৰু সাম্ৰাজ্য আছিল বৰ্তমানৰ আফগানিস্তানৰ কান্দাহৰ পৰ্যন্ত । কিন্তু মোগল বন্দনাৰে পাঠ্যপুথি লিখা হ’ল আৰু মানুহৰ ধাৰণা হ’ল গোটেই ভাৰত বৰ্ষত একামাত্ৰ বিদেশী ইছলামিক আক্ৰমণকাৰী মোগলেই ৰাজত্ব চলাইছিল ।
ডিমাপুৰৰ ছাত্ৰজনে শুনা নাছিল শিৱাজী আৰু পেছৱাৰ কথা আৰু মহাৰষ্ট্ৰৰ ছাত্ৰ এজনে জনা নাছিল উত্তৰ পূৱ ভাৰতৰ মহাবীৰ লাচিত বৰফুকনৰ কথা । কিন্তু ভাৰতৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰতিটো অঞ্চলৰ মানুহে জানিছিল মোগলৰ প্ৰতিজন ৰজাৰ নাম আৰু তেওঁলোকৰ বংশানুক্ৰমো আছিল প্ৰতিটো প্ৰজন্মৰ ভাৰতীয়ৰ প্ৰাত:স্মৰণীয় বাক্য । এইখেনিতেই প্ৰতিজন ভাৰতীয় মানুহে মনত ৰখা প্ৰয়োজন যে স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল মৌলানা আবুল কালাম আজাদ (Abul Kalam Ghulam Muhiyuddin Ahmed bin Khairuddin Al-Hussaini Azad ) আৰু মৌলানা আজাদ  আছিল ছৌদি আৰৱৰ আৰু আজাদৰ জন্মও হৈছিল আৰৱতেই। আজিৰ ৰাজনৈতিক প্ৰেক্ষাপতত বহু সময়ত সাংসদ বা বিধায়কৰ নিম্নতম শিক্ষাগত অৰ্হতাৰ প্ৰশ্ন উত্থাপন হয় । কিন্তু আমি সকলোৱে মনত ৰখা ভাল যে স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আজাদৰ নাছিল কোনো আনুষ্ঠানিক শিক্ষা । ঘৰতেই তেওঁক পিতৃয়ে ধৰ্মীয় শিক্ষা প্ৰদান কৰিছিল । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনৰ আমেৰিকা ভ্ৰমণ কালত তেওঁৰ বক্তৃতাৰ মাজতে কৈছিল যে কাশ্মীৰৰ পৰা কণ্যাকুমাৰী আাৰু অটকৰ পৰা কটকলৈ প্ৰতিজন ভাৰতীয়ই নিজৰ জন্মভুমিৰ কাৰণে কাম কৰিবলৈ আগ্ৰহী আৰু প্ৰতিজন
মানুহৰ মন উৎসাহেৰে পৰিপুৰ্ণ । নৰেন্দ্ৰ মোদীৰ ভাষণৰ এইষাৰ বাক্য হয়টো ভাৰতৰ ৯০% মানুহে পোনপ্ৰথম বাৰৰ বাবে শুনিছিল আৰু হয়টো বুজিও  পোৱা নাছিল । ভাৰতীয়ই বুজি নোপোৱাটো সৰু কথা আছিল । কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এইষাৰ কথাক পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়া সমালোচনা কৰিলে তেতিয়াহে ভাৰতীয়ৰ চকু মেল খালে । ইনটাৰনেটৰ এক সুত্ৰৰ পৰা পোৱা তথ্যমতে ইমৰাণ খানৰ কটাক্ষৰ পিছত অটক শব্দটো গুগুলত বহু লাখ চাৰ্চ হৈছিল ।
ইমাৰণ খানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত ভাৰতৰ সাধাৰণ মানুহে বুজি পালে অটকৰ ৰহস্য । অটক পাকিস্তানৰ এখন ঠাই । এই অটকত আছে লালকিল্লাৰ দৰে এটা দুৰ্গ । ইয়াতেই মাৰাঠা পেছৱা বাজিৰাও এ  ১৭৫৮ চনত হিন্দুত্বৰ গেৰুৱা পতাকা উৰুৱাইছিল । আফাগানিস্তানৰ কাবুলৰ পৰা প্ৰায় দুশ মাইল দুৰত্বত অৱস্থিত অটকৰ পৰা মাৰাঠা পেছৱা( প্ৰধানমন্ত্ৰী)ই লাহোৰ, পেছৱাৰ , কান্দাহাৰ আদি ঠাই শাসন কৰিছিল । বৃটিছৰ হাতত মাৰাঠা সকল পৰাস্ত হোৱাৰ পিছত অটক ইংৰাজৰ দখলত যায় আৰু ভাৰত স্বাধীন হোৱাৰ আগলৈ কাশ্মীৰৰ পৰা কণ্যাকুমাৰী আৰু অটকৰ পৰা কটকলৈ এই বাক্য ফাঁকি ব্যৱহাৰ হৈ আছিল ।
ঔৰংগজেৱ আৰু আকবৰৰ যুদ্ধ জয়ৰ অধ্যায় পাঠ্যপুথিত সন্নিবিষ্ট কৰা হ’ল কিন্তু অটকৰ যুদ্ধৰ কথা ইতিহাসৰ পৰা মচি দিয়া হ’ল । ইতিহাস বিকৃত কৰা বা ইতিহাসৰ বিভিন্ন ঘটনাক গাপ দিয়াৰ উদ্ধেশ্য কি আছিল ? ভাৰতীয় বীৰ আৰু ভাৰতীয় সাম্ৰাজ্যৰ কথা গাপ দিয়াৰ প্ৰধান উদ্দেশ্য আছিল এটাই যে ভাৰতৰ নতুন প্ৰজন্মই ভাবিব লাগিব যে বিদেশীৰ হাতত স্বদেশী সদায় পৰাজিত হৈছিল আৰু ভাৰত খন সকলো সময়তে বিদেশীয়ে শাসন কৰিছিল ।
পুষ্টিহীনতাত ভোগা শিশুৰ যেনেকৈ মানসিক আৰু শাৰিৰীক ভাবে দুৰ্বল হয় , সেই একদৰে ইতিহাস বিকৃত কৰি প্ৰতিটো ভাৰতীয়ৰ প্ৰজন্মক আত্মবিশ্বাসহীন আৰু মানসিক ভাবে দুৰ্বল কৰি ৰখাৰ প্ৰয়াস ভাৰত স্বাধীন হোৱাৰ পিছটো এই চক্ৰান্ত চলি থাকিল । ইয়াৰ অৱসান নোহোৱা পৰ্যন্ত ভাৰতত সাম্প্ৰদায়িক বিদ্বেষ , জাত-পাতৰ বিদ্বেষ একেবাৰে শেষ হ’ব বুলি ভবাটো অমুলক ।প্ৰায় তিনিটা দশকৰ অন্তৰালত নৰেন্দ্ৰ মোদী চৰকাৰে ঘোষণা কৰা শিক্ষা নীতিক লৈ ভাৰতৰ সাধাৰণ জনতাই বহু আশা কৰিছে । এই নতুন নীতিৰ কাৰ্যকাৰীতাৰ ওপৰত নিৰ্ভৰ কৰিব ভাৰতৰ ভাৰতীয়ত্ব আৰু দেশদ্ৰোহীৰ অস্তিত্ব লোপ ।