পাহৰণিৰ গৰ্ভত ভৃগু কুমাৰ ফুকন বনাম  অসম চুক্তি

7249
  • প্ৰফুল্ল   কলিতা

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) ফটো ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে


 [ এক ]
 “বুৰঞ্জী লিখক জাতীয় গৌৰৱ  / কিবা চিন পাবা অসম দেশৰ ;
 যত  কবিকুল জাতি পদ্মফুল / লভিলে জনম ফলে কি পাপৰ..।” – অগ্নি কবি কমলাকান্ত ভট্টাচাৰ্য্য ।।
        আজি কিছুদিন ধৰি অসমৰ  আকাশ-বতাহ মুখৰিত হৈ আছে ‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী’ চমুকৈ ‘এন আৰ চি’ৰ শুদ্ধ প্ৰকাশ আৰু ‘নাগৰিকত্ব  সংশোধনী বিধেয়ক ২০১৬’ ( হিন্দু বাংলাদেশী সংস্থাপন  ) গ্ৰহণ কিম্বা বৰ্জনৰ বিষয় দুটাকলৈ  । দুয়োটা বিষয়েই অসম চুক্তিৰ গুৰুত্ব দ্বিগুণে  বৃদ্ধি কৰিছে । আৰু  চুক্তিখনৰ গ্ৰহণযোগ্যতা প্ৰায়ভাগ দল, সংগঠনৰ লগতে বিদেশী বহিস্কাৰ  আন্দোলনৰ বিৰোধিতা কৰা দল বা ব্যক্তিয়েও আওপকীয়াকৈ হ’লেও  মানি ল’বলৈ বাধ্য হৈছে  । লগে লগে অসম চুক্তিত স্বাক্ষৰ আৰু গ্ৰহণ কৰা মূহুৰ্তৰ  ১৯৮৫ চনৰ ১৫ আগষ্টৰ ছবি বৰ বৰ হৰফেৰে টি ভি পৰ্দাত আৰু বাতৰি কাকতৰ পৃষ্ঠাত উপৰ্যুপৰি  প্ৰকাশ হৈ আহিছে । অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত  কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ  প্ৰতিনিধি হিচাবে  ক্ৰমে-  ভাৰত চৰকাৰৰ গৃহ সচিব আৰ.ডি  প্ৰধান আৰু অসম চৰকাৰৰ  মুখ্য সচিব পি পি ত্ৰিৱেদী তথা সেই সময়ৰ  ভাৰতৰ প্ৰধান মন্ত্ৰী  ৰাজীৱ গান্ধী উপস্থিত আছিল । ভাৰত চৰকাৰৰ ( চৰকাৰী কৰ্তৃপক্ষৰ ) হাতত  অসমৰ চাৰিজনীয়া দল এটাৰ মাজৰে এগৰাকী নেতাই থিয়হৈ স্বাক্ষৰিত  চুক্তিখন হস্তান্তৰ কৰিছিল । সেই নয়নাভিৰাম  দৃশ্য কোনেনো বাৰু পাহৰিব পাৰে ? যি দৃশ্য ৩৩বছৰ পাছতো চৌদিশে সুলভ আৰু সুশোভিত হৈ আছে  প্ৰমাণিত দলিল হিচাবে  । অথচ অসমৰ সজাতি দলটোৰ হৈ আগভাগ লোৱা ( ছবিখনত থিয় হৈ থকা ) সেই ব্যক্তিজন যেন কালৰ সোঁতত  ক’ৰবাত হেৰাই গ’ল , অনেকৰে অলক্ষিতে । তাৰ মাজতে সকলো পক্ষই এতিয়া  ক’বলৈ লৈছে – শুদ্ধ ‘এন আৰ চি’ অসমীয়াৰ ( খিলঞ্জীয়াৰ ) ৰক্ষা কবচ । প্ৰশ্ন হয় অসম চুক্তিখন নাথাকিলে আজি এখন এন আৰ চি পোৱাৰ বাবে অসম যোগ্য হ’লোহেতেননে ? উচ্চতম ন্যায়ালয়ে চৰকাৰক শুদ্ধ ‘এন আৰ চি’ প্ৰকাশৰ হুকুম কিহৰ ভিত্তিত দিলে ? অসম চুক্তিৰ আধাৰত নহয়নে ? সেয়াই হৈছে আমাৰ বাবে এইমুহুৰ্তত এটি বৃহৎ প্ৰশ্ন ? সেয়েহে সকলো চালি-জাৰি চাই আমি ‘অসম চুক্তিখন’ক অসমীয়া জাতিৰ ৰক্ষা কবচ ‘এন আৰ চি’ৰ ঘাই শিপা ( লিগেচি দাতা ) বুলি ক’বলৈ কুণ্ঠাবোধ নকৰো । ‘এন আৰ চি’ত নাম ভৰ্তিৰ বাবে আমাক যিদৰে প্ৰত্যেকৰে বংশবৃক্ষ বা লিগেচি দাতাৰ প্ৰয়োজন আৰু সেই বংশবৃক্ষত পূৰ্বপুৰুষ নাম সন্নিবিষ্ট হৈ থকা যুগুত ; ঠিক তেনেদৰে  শিপাৰ সন্ধান কৰিলে দেখা যায় যে – ‘এন আৰ চি’ খনৰ বাবে উচ্ছতম ন্যায়ালয়ত লিগেচি দাতা স্বৰূপ হৈ পৰিল ‘অসম চুক্তি’। এই চুক্তিৰ আধাৰতে সৃষ্টিহ’ল ‘এন আৰ চি’ৰ । এতেকে সেই চুক্তিৰ আঁৰৰ ৮৫৫গৰাকী শ্বহীদ আৰু অসমৰ সংগ্ৰামী জণগনক সন্মান জনাবলৈ কৃপনালি কিহৰ ? কৃপনালি কৰাতো  বেদনাদায়কে নহয় অসন্মানজনকো । যদিওবা সমগ্ৰ বিষয়টোত কিছু খুত ৰৈ গৈছে ।
      [ দুই ]
এইখিনিতে আমি  মনত ৰখা ভাল যে  ইজনে সিজনৰ প্ৰতি  শ্ৰদ্ধাশীল আৰূ কৃতজ্ঞ জাতিয়েহে  পৃথিৱীত সম্ভ্ৰমেৰে এক শক্তিশালী জাতি হিচাপে  জীয়াই থাকে ।  এনে এক ধাৰণাৰে সমৃদ্ধ হৈ অগপৰ দৰে আঞ্চলিক জাতীয়তাবাদী দল সংগঠনে ভৃগু কুমাৰ ফুকনৰ দৰে নেতাৰ আদৰ্শক ৰাইজৰ ওচৰলৈ লৈ যোৱাটো যুগুত বুলি আমি ক’ব খোজো । অন্যথা তেওঁৰ দৰে আজিৰ নেতাসকলৰ অৱস্থা ভৱিষ্যতে  তাতোকৈ বেছি পুটৌজনক হৈ পৰাৰ সম্ভাৱনা সৰ্বাধিক । সময়ৰ সোঁতত নিঃচিহ্ন হৈ পৰিলেও তাত আচৰিত হ’ব লগা একো নাথাকিব । প্ৰশ্ন হয়-  বিদেশী বহিষ্কাৰৰ দাবীত অসম আন্দোলনত আগভাগ লোৱা সদৌ অসম ছাত্ৰ সন্থাৰ   এসময়ৰ প্ৰখ্যাত নেতা তথা অগপ  দলৰ  আগশাৰীৰ জননেতা , কাৰ্যকৰী সভাপতি  প্ৰয়াত ভৃগু কুমাৰ ফুকনক  অগপ দলে অথবা অসমৰ ছাত্ৰ শক্তিয়ে কিম্বা অসমৰ জাতীয়তাবাদী শিবিৰে বাৰু  পাহৰিলে নেকি ? অথচ  সদৌ অসম ছাত্ৰ সন্থাৰ পৰিচয় সমগ্ৰ বিশ্বত তুলি  ধৰা এসময়ৰ ছাত্ৰ সন্থাৰ  বলিষ্ঠ  সাধাৰণ  সম্পাদকগৰাকী আছিল ভৃগু ফুকন । তথচ তেওঁৰ ওচৰত যি ধৰণে দল, সংগঠন বা ব্যক্তি নিৰ্বিশেষে কৃতজ্ঞ হ’ব লাগিছিল বা  তেওঁক যি  ধৰণে স্মৰণ কৰিব লাগিছিল, সেই ধৰণৰ স্মৰণ বা কৃতজ্ঞতা প্ৰদৰ্শনত কৃপনালি কৰা দেখা গ’ল । অথচ অসমৰ বিদেশী বহিস্কাৰ আন্দোলন সমাপ্তিৰ ৩৩ বছৰ কাল পাৰহৈ যোৱাৰ পাছতো  কথাই কথাই একমাত্ৰ  ৮৫৫ গৰাকী অসম আন্দোলনৰ শ্বহীদৰ সংখ্যাল্লোখেৰে  একাংশই ৰাজনীতিৰ নামত কুন্ধচালি  কৰিবলৈ পাহৰা নাই । এনে  নেতা পালিনেতাসকলে  ৰাজনীতিৰ বৈতৰণী পাৰ হোৱাৰ পাং পাতে  শ্বহীদসকলৰ বাবে ঘৰিয়ালৰ চকুপানী টুকি  । শুদ্ধ  এন আৰ চি প্ৰকাশ  আৰু হিন্দু বাংলাদেশীক সংস্থাপনৰ বিষয়টোৱে দেশজুৰি হৈ চৈৰ সৃষ্টি কৰি অহাৰ সময়ত ভৃগু কুমাৰ ফুকনৰ দৰে  অকালতে হেৰাই যোৱা অনেকগৰাকী অসম  আন্দোলনৰ  জননেতালৈ সন্মান জনাই  জাতীয়তাবাদী আঞ্চলিক শিবিৰসমূহ যি ধৰণে সৰব হ’ব লাগিছিল, সেয়া অসম মুলুকত  হৈ নুঠিল । উঠা নাই । উঠা দেখা নগ’ল । সহজ অৰ্থত সেইসকলৰ আদৰ্শ গ্ৰহণেৰে ভাৰতবৰ্ষৰ দৰে গণতান্ত্ৰিক দেশখনত ৰাজনৈতিক ভাৱে সুবিধা আদায়ত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ আঞ্চলিকতাবাদ ।  অথচ অসম আন্দোলনৰ সময়তে হওক বা  ৮৫ চনৰ অসম বিধান সভাৰ  নিৰ্বাচনী  সভা সমিতিবোৰতে হওক ভৃগু কুমাৰ ফুকন বা আন জাতীয়তাবাদী নেতা উপস্থিত থাকিব নোৱাৰা সভা সমিতিবোৰত অগপই  তেওঁলোকৰ  বাণীবদ্ধ ভাষণ বজাই ৰাইজক উদ্বেলিত , আস্বস্ত কৰা দেখা গৈছিল । জনসাধাৰণৰ সমীহ আদায় কৰিছিল । ৰাইজৰ দল বুলি সততে দাবী কৰি অহা আঞ্চলিক দল অগপই ভৃগু কুমাৰ ফুকনৰ দৰে অকালতে হেৰাই যোৱা জনদৰদী নেতাসকলৰ কৰ্মৰাজিৰে ৰাইজৰ মাজত সুমাই পৰিব নোৱাৰাটো দলটোৰ অকৰ্মণ্যতাৰ পৰিচায়ক । যি কথা অনেকে ব্যকত কৰিছে । ব্যকত কৰিছে – তেনে নেতাৰ ভাৱনাৰে ৰাইজৰ মাজত উচ্চাসিত আলোড়ন সৃষ্টি কৰিব নোৱাৰাটো জাতীয়তাবাদী শিবিৰৰ বাবে চৰম দুৰ্বলতাৰ পৰিচায়ক বুলি । অথচ এনে নেতা কৰ্মী দক্ষিণ ভাৰত বা আন ঠাইত হোৱাহেঁতেন তেওঁলোকে তাক সঁচা আবেগ অনুভূতিৰে মাৰ্জিতভাৱে  সুসজ্জিত ৰূপত ৰাইজৰ মাজলৈ লৈ গ’লহেতেন । দলক উজলাই তুলিলেহেঁতেন । পৰিতাপৰ বিষয় , অসমীয়াৰ আবেগ অনুভূতি যিমান সোনকালে উঠলি উঠে,  সিমান সোনকালে পাহৰণিৰ গৰ্ভত হেৰাই যাই বোলা কথাষাৰ সত্যাসত্য প্ৰমাণিত হৈ আহিছে এনেবোৰ কৰ্ম কাণ্ডৰ বাবে । যাৰ বাবে আজি ভৃগু কুমাৰ ফুকনৰ দৰে এসময়ৰ উচ্চ পৰ্যায়ৰ বলিষ্ঠ নেতাই মৃত্যুৰ পিছতো পৰিচয়হীনতাত ভুগিব লগা হৈছে । পাঠকৰ ওচৰত  ক্ষমা প্ৰাৰ্থনাৰে আমি এই কথা ক’বলৈ কুণ্ঠাবোধ নকৰিম যে, আনকি সেই বিশেষ মূহুৰ্তৰ ফটোখন দেখি  তেওঁ কোন হয় বুলি চলিত দশকৰ নৱপ্ৰজন্মৰ বহুতেই এতিয়া  সুধিব লগীয়া এটা প্ৰশ্নত পৰিণত হৈছে ? আৰু আমি প্ৰয়াত শক্তিশালী নেতাগৰাকীৰ বিষয়ে আৰম্ভ কৰিব লগীয়া হৈছে এনেদৰে  –
     [ তিনি ]
  যি অসম চুক্তিৰ কথা আওৰাই বিভিন্ন দল, সংগঠনে বছৰৰ পিছত বছৰ  অসমৰ ৰাজনীতিৰ পানী ঘোলা কৰি আহিছে, সেইখন অসম চুক্তিত  স্বাক্ষৰকাৰী চাৰিজন ব্যক্তিৰ মাজৰে ভৃগু কুমাৰ ফুকন আছিল  অন্যতম ।  ভৃগু কুমাৰ ফুকনৰ জন্ম হৈছিল ১৯৫৬ চনৰ ২৫ এপ্ৰিল তাৰিখে, শিৱসাগৰত এটি সম্ভ্ৰান্ত পৰিয়ালত ।ভৃগু কুমাৰ ফুকনৰ পিতৃ অৰুণাচল প্ৰদেশৰ এখন জিলাৰ উপায়ুক্ত আছিল ।  তাত ডাঙৰ দীঘল হোৱা হেতুকে তেওঁৰ মানসিকতাত জনজাতীয় স্বচ্ছতা আৰু পোনপটীয়া আচৰণে বেছি প্ৰভাৱ পেলাইছিল ।  জনজাতীয় মূলৰ মানুহৰ মাজত তেওঁৰ আন্তৰিকতাই সহজে আস্থা আৰু বিশ্বাস উৎপাদন কৰিব পাৰিছিল  বুলি আনকি ড° হীৰেন গোহাঁইৰ দৰে বামপন্থী চিন্তাধাৰাৰে পুষ্ট  বুদ্ধিজীৱিয়ে তেওঁৰ ‘এক ট্ৰেজিক চৰিত্ৰ’ শীৰ্ষক  লেখাত  উল্লেখ কৰিছিল  । লেখাটোত ড° গোহাঁয়ে ইয়াকো উল্লেখ কৰিছে যে, ‘তেওঁৰ মানসিকতাৰ পৰিচয় ইয়াৰ পৰাই পোৱা যায় যে এবাৰ লোকসভা নিৰ্বাচনত ড° ভূপেন হাজৰিকাৰ লগত প্ৰতিদ্বন্দিতা কৰিবলগীয়া হোৱাত তেওঁ অতি বিব্ৰত হৈ থোকাথুকি মাতেৰে ৰাজহুৱা ভাষণত  ড° হাজৰিকাৰ ক্ষমা প্ৰাৰ্থনা কৰিছিল – কাৰণ ড° হাজৰিকা তেওঁৰ বিশেষ শ্ৰদ্ধা আৰু অনুৰাগৰ পাত্ৰ আছিল । নিৰ্বাচনী প্ৰচাৰৰতো তেওঁ বিশেষ মনোযোগ দিয়া নাছিল । দুয়ো কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত ঘাটি খাইছিল ।’ মনকৰিবলগীয়া যে – বিদেশী বহিষ্কাৰৰ  বাবে অসমত ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ চলা  অসম আন্দোলনৰ এজন গুৰি ধৰোঁতা তথা সেই  আন্দোলনৰ সবল নেতৃত্ব দিয়া নেতা আছিল ভৃগু কুমাৰ ফুকন ।  এসময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ।  ১৯৮৫ চনৰ ১৫ আগষ্টত সদৌ অসম ছাত্ৰসন্থাৰ নেতৃবৃন্দ আৰু সদৌ অসম  গণ সংগ্ৰাম পৰিষদৰ নেতৃবৃন্দৰ  লগতে  সেই সময়ৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত নতুন দিল্লীত অসম চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিত ভৃগু কুমাৰ ফুকনৰো স্বাক্ষৰ আছিল। তাৰ পিছতে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদ নামেৰে এটা নতুন ৰাজনৈতিক দলৰ জন্ম দিয়ে আৰু ১৯৮৫ চনৰ সাধাৰণ নিৰ্বাচনত এই দলে বিপুল ভোটত জয়লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। এই চৰকাৰৰ দিনত ভৃগু কুমাৰ ফুকনে অসমৰ গৃহমন্ত্ৰী  হিচাবে কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁ বৰ্তমানলৈ অসমৰ ইতিহাসৰ সৰ্বকনিষ্ঠ গৃহমন্ত্ৰী। ২৯ বছৰ বয়সতে তেওঁ গৃহমন্ত্ৰী হৈছিল। কিন্তু প্ৰফুল্ল কুমাৰ মহন্তৰ লগত মনোমালিন্য হোৱাৰ বাবে ১৯৮৯ চনত তেওঁ পদ তথা দল ত্যাগ কৰে আৰু বৃন্দাবন গোস্বামীৰ লগ হৈ ১৯৯১ চনত নতুন অসম গণ পৰিষদ নামেৰে এটা নতুন ৰাজনৈতিক দল গঠন কৰে।  অসম গণ পৰিষদ দলৰ বিভাজনৰ জৰিয়তে নতুন অসম গণ পৰিষদ চমুকৈ ন-অগপ দল গঠিত হৈছিল। পূৰ্বৰ সাংসদ আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী দীনেশ গোস্বামী আৰু অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত ন-অগপ গঠিত হৈছিল।  দীনেশ গোস্বামী আৰু ভৃগু কুমাৰ ফুকন সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত ১৯৮০ দশকৰ আৰম্ভনিতে আৰম্ভ হোৱা অসম আন্দোলনৰ অগ্ৰণী নেতা আছিল।ন-অগপ দলৰ অন্যান্য উল্লেখনীয় নেতাসকলৰ ভিতৰত অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামী আৰু অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱা অন্যতম । ১৯৯৪ চনত ন-অগপ   অগপ দলৰ সৈতে চামিল হয় । আৰু  ভৃগু কুমাৰ ফুকনক  অগপ দলৰ  কাৰ্যকৰী সভাপতি পদৰ দায়িত্ব দিয়া হয়। পিছলৈ সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী আৰু অসম গণ পৰিষদ দলৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে পুনৰবাৰ মতবিৰোধৰ হোৱা বাবে ফুকনক সেই পদৰ পৰা অপসাৰিত কৰাৰ লগতে শেষত ১৯৯৭ চনত দলৰ পৰা বহিস্কাৰ কৰা হৈছিল। ন-অগপ দলৰ অন্য এজন নেতা আৰু প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামী পিছলৈ অগপ দলৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।এনেদৰে অনেক উত্থান পতনৰ মাজেৰে ভৃগু কুমাৰ ফুকনৰ ৰাজনৈতিক জীৱন ভৰি আছে ।  উল্লেখ্য যে,  ১৯৮৫ চনৰপৰা একেৰাহে তিনিবাৰৰ বাবে জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈছিল ভৃগু কুমাৰ ফুকন  । আনকি এসময়ত  বিধানসভা নিৰ্বাচনত  সৰ্বাধিক  ভোট লাভৰ খ্যাতি আৰ্জন  কৰিবলৈ  সক্ষম  হৈছিল ভৃগু কুমাৰ ফুকনে ।  কিন্তু ২০০১ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাৰ হাতত পৰাজিত হ’বলগীয়া হয়। ২০০৪ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে অসম গণ পৰিষদলৈ ঘূৰি আহে । ২০০৫ চনৰ নিৰ্বাচনত তেওঁক অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হৈছিল যদিও শাৰীৰিক অসুস্থতাৰ  বাবে  মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিলে।সৰ্বশেষত ২০০৬ চনৰ ২০ মাৰ্চত নতুন দিল্লীৰ সদৌ ভাৰত চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (AIIMS)ত ভৃগু কুমাৰ ফুকনৰ  অকাল বিয়োগ ঘটে  ।■■  ■■ ■■