ভাৰতীয় সেনাক গালি দিয়া নেতাই মনত কৰক মেজৰ সোমনাথ শৰ্মাক

2030

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


দেশ স্বাধীন হোৱাৰ মাত্ৰ তিনিটা মাহ পিছৰ ঘটনা । কাশ্মীৰ সীমান্ত । ২২ অক্টোবৰ ,১৯৪৭ দিনৰ ভাগত পাকিস্তানৰ আক্ৰমন প্ৰতিহত কৰাৰ বাবে ভাৰতীয় সেনাৰ এটা বেটালিয়ন কাশ্মীৰ  উপত্যকাতলৈ পঠোৱা হয় ।আৰু বেটালিয়ন আছিল সেনাৰ কুমাও ৰেজিমেন্ট । ৩১ অক্টোবৰৰ দিনাখন কুমাও  ৰেজিমেন্টৰ ৪ নং বেটালিয়নৰ ‘ ডি ‘ কোম্পানীটো সেনাৰ হেলিকপ্তাৰৰ সহায়ত শ্ৰীনগৰ চহৰ পায় । নেতৃত্বত আছিল সোমনাথ শৰ্মা । সোমনাথ শৰ্মা , মাত্ৰ কিছুদিন আগতে হকী খেলি থাকোতে হাতত আঘাত পাইছিল । ২২ অক্টোবৰত কাশ্মীৰলৈ যোৱা দিনটোলৈ কান্ধত প্লাষ্টৰ লগোৱা মেজৰ শৰ্মাই নিজৰ বেটেলিয়নৰ লগত যাবলৈ ওপৰৰ বিষয়াক অনুৰোধ কৰিলে । একমাত্ৰ উদ্দেশ্য দেশৰ শত্ৰুক উচিত শিক্ষা দিয়া । অবশেষত মেজত শৰ্মাৰ দেশ মাতৃক সেৱা কৰাৰ ইচ্ছা ওপৰত ভিত্তি কৰি বেটালিয়নৰ লগত কাশ্মীৰলৈ পঠায় ।

৩ অক্টোবৰ ,১৯৪৭ চন কাশ্মীৰৰ ‘ বদগাম ‘ অঞ্চলত সেনাৰ তিনিটা কোম্পানীক পেট্ৰলিং ডিউটিত নিয়োগ কৰে , পাকিস্তানৰ সেনাৰ গতিবিধি লক্ষ কৰাৰ উদ্দেশ্যে । মুল লক্ষ আছিল শ্ৰীনগৰ চহৰৰ সুৰক্ষা । তেতিয়া দুপৰীয়া ২ বাজিছিল । পাকিস্তানী সেনাৰ কোনো গতিবিধি নথকাৰ ফলত ভাৰতীয় সেনাৰ তিনিটা কোম্পানীৰ ভিতৰত ২ কোম্পানীক ‘বদগাম’ ৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰা হয় , যদিও মেজৰ সোমনাথ শৰ্মাৰ নেতৃত্বত থকা ‘ ডি ‘ কোম্পানীক দুপৰীয়া ৩.২৫ বজালৈ সেই স্থানতে থাকিবলৈ নিৰ্দেশ দিয়া হয় । সময়  তেতিয়া দিনৰ ২.৩৫ । পোহৰ কমি আহিছে আৰু বৰফৰ বতাহৰ কোব বাঢ়ি গৈ আছে । স্থানীয় মানুহ এঘৰত আশ্ৰয় লৈ ধাৰাশাৰ গুলিবৰ্ষণ কৰিবলৈ ধৰে । স্থানীয় মানুহ হতাহতৰ পৰা ৰক্ষা পাবলৈ সেনাই গুলীৰ প্ৰত্যুত্তৰ দিয়া নাই । কিন্তু গুলীবৰ্ষণৰ চলি থাকোতেই গুলামাৰ্গৰ দিশৰ পৰা প্ৰায় ৭০০ জন সুসজ্জিত বন্দুক ধাৰী সেনাৰ ‘ ডি ‘ কোম্পানীক আগুৰি ধৰি মাৰ্টাৰেৰে আক্ৰমণ চলায় । এফালে ৭০০ পাকিস্তানী আৰু আন ফালে মাত্ৰ ১০০ জন সৈনিক । মেজৰ শৰ্মাই উপলব্ধি কৰিলে ‘ যদি এই পজিচন এৰি দিয়া যায় তেন্তে খুব কম সময়ৰ ভিতৰত শ্ৰীনগৰ চহৰ আৰু বিমানঘাটি পাকিস্তানীৰ দখলত যাব আৰু বিমানঘাটি দখলত যোৱা মানেই ভাৰতে চিৰদিনৰ
বাবে কাশ্মীৰ হেৰুৱাব লাগিব । তেওঁৰ কোম্পানীৰ প্ৰতিজন সৈনিকক জীৱনৰ সৰ্বোচ্য উজাৰি দিবলৈ আদেশ দিয়ে আৰু নিজে পাকিস্তানী সন্তাসবাদী আৰু সেনাৰ সন্মুখত বুকু ফিন্দাই যুদ্ধ আৰম্ভ কৰে । প্ৰায় ৭ গুণৰ অধিক পাকিস্তানীৰ  সন্মুখত বিৰদৰ্পে বহু সৈনিকে যুদ্ধ দি প্ৰাণ আহুতি দিয়ে ।
 লাইট মেচিনগানত তেওঁ নিজেই বাৰুদ ভৰায় পাকিস্তানী সেনাক প্ৰতিহত কৰি থাকে । এটা মুহুৰ্তত পাকিস্তানী সেনাৰ মৰ্টাৰ এটাই তেওঁক আঘাত কৰে । দেহত আঘাত লৈ ব্ৰিগেদ হেডকোৱাৰ্টলৈ বাৰ্তা পঠায় ।
” The enemies are only 50yards from us. We are heavily outnumbered. We are under devastating fire.I shall not withdraw an inch but will fight to our last man and our last round.
                                                 Major Somnath sarma , Battle Of Badgam.
ইয়াৰ পিছতেই কুমাও ৰেজিমেন্টৰ ১ম বেটালিয়নে মেজৰ শৰ্মাৰ পজিচন লয় । সেই সময় পৰ্যন্ত পাকিস্তানী পক্ষৰ প্ৰায় ২০০ জনৰ মৃত্যু হয় আৰু সন্ত্ৰাসবাদীৰ দলটোৱে শ্ৰীনগৰ দিশত অগ্ৰসৰ হোৱাত বাধা পায় । উক্তসময়ৰ সদ ব্যৱহাৰ কৰি ভাৰতীয় সেনাই শ্ৰীনগৰ বিমান ঘাটিত অৱতৰণ কৰে আৰু শ্ৰীনগৰত  প্ৰবেশ কৰিব পৰা গোটেই অঞ্চল বিলাক নিজৰ নিয়ন্ত্ৰণত আনে ।
এই যুদ্ধত শ্বহীদ হয় এজন কমিচনড বিষয়া আৰু ২০ ‘ ডি ‘ কোম্পনীৰ সেনা জোৱান । তিনিদিন পিছত মেজৰ সোমনাথ শৰ্মাৰ ক্ষত বিক্ষত দেহ উদ্ধাৰ হয় । শ্বহীদ মেজৰ শৰ্মাক চিনাক্ত কৰা হয় তেওঁ চাৰ্ভিচ ৰাইফলত লাগি থকা চামৰাৰ বেল্ট এটুকুৰা আৰু চোলাৰ পকেটত থকা ভগৱত গীতাৰ কেইখিলা মান পাতৰ পৰা ।২১ জুন ১৯৫০ চন , ভাৰতৰ প্ৰথম পৰম বীৰ চক্ৰ সন্মানেৰে মেজৰ সোমনাথ শৰ্মাক মৰণোত্তৰ ভাবে প্ৰদান কৰা হয় ।প্ৰতিটো নতুন প্ৰজন্মক মেজৰ সোমনাথ শৰ্মাৰ বীৰত্ব আৰু দেশভক্তীৰ জীয়া কাহিনীয়ে প্ৰেৰণা যোগায় আহিছে  আৰু সদায় প্ৰেৰণাৰ শ্ৰোট হৈ থাকিব ।