পেট্ৰলৰ দাম ২০০ টকা হ’লেও যাৰ আপত্তি নাই

1081
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


গুৱাহাটী বিমান বন্দৰৰ পৰা উবেৰ কেব এখন লৈ ঘৰলৈ যাত্রা আৰম্ভ কৰিলো। ঘৰলৈ সময় লাগিব প্ৰায় ১ ঘন্টা। সাধাৰণতে মই এনে যাত্রাৰ সময়ত কানত হেডফোন লগাই বা ফোনত কথা পতাতকৈ ড্ৰাইভাৰৰ লগত কথা পাতো। এজন অসমীয়া যুবক। দৈনিক উপাৰ্জনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ কথা, ৰাজ্যৰ কথা, দেশৰ কথা বহুতো ভাবৰ আদান প্ৰদান হ’ল।
পেট্ৰলৰ দাম ১০০ টকা অতিক্ৰম কৰিছে, খাদ্য বস্তুৰ দাম বাঢ়িছে ,তোমালোকৰ মোদীৰ ওঁপৰত খং নুঠেনে?
চাৰ আগতে শিক্ষকৰ দৰমহা ১০ হাজাৰ আছিল আজি ৪০ হাজাৰ হ’ল,  সময় যোৱাৰ লগতে বস্তুৰ দাম বাঢ়িবই। পেট্ৰলৰ দাম ২০০ টকা হ’লেও মোৰ আপত্তি নাই। মোদীয়ে সকলো টকা দেশৰ উন্নতিত খৰছ কৰিছে, আগৰ চৰকাৰবোৰৰ নিচিনা চুৰি কৰা নাই।
কেব ড্ৰাইভাৰ জনৰ চিধা উত্তৰ। কেবল এই কেব ড্ৰাইভাৰ জনৰেই নহয় , দেশৰ বহু লোকৰ একে ধৰণৰ মতামত। কোনে বিশ্বাস কৰিব , এইখন দেশতেই পিয়াজৰ মূল্যবৃদ্ধিৰ বাবে তিনিখন ৰাজ্য চৰকাৰ নিৰ্বাচনত পৰাজিত হৈছিল। জনৰোষৰ ভয়ত পেট্ৰল- ডিজেলৰ দাম নৰসিংহ ৰাও চৰকাৰে প্ৰায় দুই বছৰ বৃদ্ধি কৰা নাছিল।  তেন্তে নৰেন্দ্ৰ মোদীয়ে এনে কি যাদু কৰিলে যে এই ব্যাপক মূল্যবৃদ্ধিৰ পিছতো ৰাইজে মোদীক ভোট দিয়ে। প্ৰথম কাৰণটো হ’ল বিজেপিৰ ৰাষ্ট্ৰবাদী চৰিত্র। ৰাইজে বিশ্বাস কৰে যে বেছি টকা দিব লগা হ’লেও সেয়া দেশ নিৰ্মানত ব্যবহৃত হৈছে। ঠিক সেই কেব ড্ৰাইভৰ জনে কোৱাৰ লেখিয়া। দ্বিতীয়তে বিজেপিৰ হিন্দুত্ববাদী চৰিত্রৰ বাবে কিছুমানে বিজেপিক দোষাৰোপ কৰিব নিবিচাৰে। দাম বাঢ়িলেও বিজেপিয়ে হিন্দুৰ বাবে কাম কৰি আছে_ একচামে এনেকৈ ভাবে। এই দুই চাম মানুহ সৃষ্টি কৰিব পৰাটো বিজেপিৰ বাবে চৰম প্ৰাপ্তি। দাম বৃদ্ধিৰ বাবে বিৰোধীয়ে হৈ চৈ কৰিলেও দলটো সৰকি যায়। কেব ড্ৰাইভাৰজনে কোৱাৰ দৰে পেট্ৰলৰ দাম ২০০ টকা হ’লেও বিজেপি বিপদত নপৰে।