পেহি -ভতিজা বনাম চাহ বিক্ৰেতা : 

1723

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২০১৪ লোকসভা নিৰ্বাচনত এখনো আসন নোপোৱা মায়াবতী  ২০১৯ ত অমিত শ্বাহৰ  মুৰ কামোৰণী  হোৱাটো নিশ্চিত । ২০১৪ ত বিজেপিয়ে উত্তৰ প্ৰদেশৰ পৰা পাইছিল ৭১ খন আসন , অৰ্থাৎ বিজেপিয়ে  পোৱা মুঠ আসনৰ ৪ ভাগৰ প্ৰায় ১ ভাগ । বিজেপিয়ে সমাজবাদী , বহুজন সমাজ পাৰ্টী ,কংগ্ৰেছ সকলোকে মোক্ষম আঘাত হানে । কিন্তু এতিয়া ২০১৪ ৰ পৰিবেশ  নাই । উত্তৰ প্ৰদেশত লোকসভাৰ উপনিৰ্বাচনত সমাজবাদী আৰু বহুজন সমাজ পাৰ্টীৰ মিত্ৰজোঁটে বিজেপি প্ৰাৰ্থীক পৰাস্ত কৰাৰ লগে লগে সমীকৰণে নতুন ৰূপ লৈছিল  আৰু তাৰ ফলশ্ৰুতিত অখিলেশ আৰু মায়াবতীয়ে লোকসভা নিৰ্বাচনত প্ৰাক নিৰ্বাচন মিত্ৰতা ঘোষণা কৰিলে । লক্ষ্যনীয় ভাবে এই মিত্ৰতাত কংগ্ৰেছক অন্তৰ্ভুক্ত নকৰিলে । এফালে মোদী – অমিত শ্বাহ আৰু আনফালে  মায়াবতী – অখিলেশ।  যিহেতু দেশৰ ৰাজনীতি উত্তৰ প্ৰদেশৰ ওপৰত নিৰ্ভৰশীল সেয়ে দেশৰ নেতৃত্ব  উ:প্ৰ:ৰ নেতাই লোৱাটো স্বাভাবিক । উত্তৰ প্ৰদেশত অবিজেপি নেতা বুলি ক’লে নাম আহে অখিলেশ যাদৱ আৰু মায়াবতীৰ । কিন্তু সমাজবাদী দল যিহেতু পৰিয়াল কেন্দ্ৰীক বিবাদত  জৰ্জৰিত সেয়ে অখিলেশ যাদৱে নেতৃত্ব  অৰ্পণ কৰিলে  বহুজন সমাজ পাৰ্টীৰ মায়াবতীক । দুৰ্ণীতিৰ গোচৰত অভিযুক্ত হ’লেও  মায়াবতীৰ দল যিহেতু জাতিবাদৰ আধাৰত গঠিত দল, সেয়ে এটা নিৰ্বাচনত ভাল ফলাফল নাপালেও কিন্তু ৰাইজৰ আৱেগ শেষ হৈ নাযায় ।  মায়াবতী আৰু অখিলেশৰ মিত্ৰতাৰ পৰিনাম কি হ’ব পাৰে তাৰ চমু আভাস বিজেপিয়ে উত্তৰ প্ৰদেশৰ উপনিৰ্বাচনত হাতে হাতে পাইছে ।  অখিলেশ যাদবৰ সমৰ্থকৰ সমৰ্থন যদি মায়াবতীয়ে পায় তেন্তে আগন্তুক লোকসভা নিৰ্বাচনত এচপি – বিএচপি- মিত্ৰজোঁটে ২০১৪ সাধাৰণ নিৰ্বাচনৰ আধাৰত প্ৰায় ৪০ % ভোট শ্বেয়াৰ পাবলৈ সক্ষম হ’ব । এইখিনিতেই উল্লেখ কৰিব লাগিব যে  অখিলেশ যাদবৰো ৰাজনৈতিক জীৱনৰ টাৰ্নিং পইন্ট হ’ব ২০‍১৯ ৰ নিৰ্বাচন । কাৰণ এবাৰ মায়াবতী প্ৰধানমন্ত্ৰী হব পাৰিলে উত্তৰ প্ৰদেশত সমাজবাদী দলৰ পৰা আগন্তুক বিধান সভাত অখিলেশ যাদবক মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰা হব । মুলত: পেহী আৰু ভতিজাৰ মিত্ৰতাই মোদী – অমিত শ্বাহৰ নিৰ্বাচনী চিন্তন কঠিন কৰিব আৰু ৰাহুল গান্ধীৰ প্ৰধান মন্ত্ৰীত্বৰ সপোনক বিপদত পেলাব ।